ফটাঢোল

আত্মলিপি-মাধুৰ্য্য গোস্বামী

“Aspire to inspire before we expire — Anonymous.

জীৱন বিভিন্ন ৰঙৰ সমাহাৰ। অথবা ক’ব পাৰি ভিন ভিন ৰঙৰ বিচিত্ৰতাই জীৱন। কল্পনা আৰু বাস্তৱৰ মাজত দোলায়িত ছন্দই জীৱন। ক্ষুদ্ৰাতিক্ষুদ্ৰ মানুহ বোলা সংজ্ঞায়িত প্ৰাণীৰ দেহৰ চাৰিসীমাৰপৰা মানৱীয়তালৈ উত্তৰণৰ বাবে জীৱন এটি প্ৰশস্ত পথ। কবিয়ে এনেয়ে কোৱা নাই ‘জীৱন জীৱন বৰ অনুপম।’

বাক্যকেইটা লিখি লৈ কপাল থূপ খুৱাই মাজে মাজে ওপৰলৈ চাই কিবা ভাবত বিভোৰ হৈ পুনঃ পাৰ্থিৱ পৃথিৱীলৈ ঘূৰি আহি শাৰীকেইটাত দৃষ্টি নিবদ্ধ কৰা বিৰূপাক্ষ ভূঞাৰ মুখ দেখি বুজা গ’ল তেওঁ মোটামোটি সন্তুষ্ট। অৱশ্যে এইটো একো সমস্যাও নহয়। পিছলৈ যদি ইয়াতকৈ ভাল কিবা আৰম্ভণি মনলৈ আহে তেন্তে সলাই দিব। আত্মজীৱনী এখন লিখাটো কম কথা জানো? ভালৰো ভাল চিন্তা, ভালৰো ভাল কৰ্মখিনি প্ৰতিবিম্বিত নহ’লে সেয়া কিহৰ আত্মজীৱনী। অন্ততঃ বহুত বাঘা বাঘা মানুহৰ আত্মজীৱনী পঢ়ি তেওঁ তাকেই বুজিছে। সকলোৰে জীৱনবোৰ কি যে উপন্যাসোপম! যেন জীৱন নহৈ উন্নতিৰ একোডাল সোপানহে, যি সাধাৰণ মানুহৰ সপোনৰো অগোচৰ। সাংঘাটিকভাৱে পৰিতৃপ্ত একোটা জীৱন তেওঁলোকৰ। অজস্ৰ কৰ্ম আৰু সাফল্যৰ খতিয়ানৰ একো একোখন দস্তাবেজ, যাৰ মাজে মাজে জীৱন, অৰ্থ, ক্ষমতা আদি যে ক্ষণভংগুৰ তাক বাৰে বাৰে সোঁৱৰাই দিয়া হয় পাঠকক। বাঃ যেন একো একোখন মানৱীয় প্ৰমূল্যবোধৰ চানেকি! তাৰ মাজে মাজে তেওঁলোকৰ দুই-এটা জীৱনৰ ‘মহাভুল’ (যি আমাৰ দৰে সাধাৰণ মানুহৰ বাবে ভুলতেই নপৰে), সামান্য ঈৰ্ষা বা দুপইচামান চুৰ কৰাৰো উল্লেখ থাকিব, যাতে পদে পদে তেওঁলোকে সোঁৱৰাই থাকিব পাৰে তেওঁলোকো অভ্ৰান্ত হৈ এই পৃথিৱীত জন্মা নাই। আৰু তাৰপিছত থাকিব সেই ‘অক্ষমণীয়’ ভুলবোৰৰপৰা শিক্ষা লৈ সততা, নীতি-আদৰ্শৰে বলীয়ান  হৈ মহৎ, সাধাৰণৰপৰা অসাধাৰণ, মনুষ্যত্বৰপৰা দেৱত্বলৈ উত্তৰণৰ স্বৰ্ণিল জয়যাত্ৰা। কম কথানে তেনে জীৱন এটা যাপন কৰাটো? নিশ্চয় সাধাৰণ কথা নহয়। হোৱাহেঁতেন সকলোৱেইতো মহান হ’লহেঁতেন। পাৰিবনে বিৰূপাক্ষ ভূঞাই এনে এখন আত্মজীৱনী লিখিব যিয়ে তেওঁক এজন অমৰ লেখক-সাহিত্যিক, সাংবাদিক হিচাপে প্ৰতিষ্ঠা কৰিব? পাৰিব পাৰিব। নোৱাৰাৰ কথাই নাই। কিয় নোৱাৰিব তেওঁ? যুগ যুগ ধৰি যিটো কাম মহান লোকসকলে কৰি আহিছে, সেইটো নোৱাৰাৰ কথাই নাই। তাতে তেওঁ অসমৰ মানুহ। এনে ধৰণৰ কাৰ্য্যৰ উদাহৰণ অসমত জানো কম? নিজক এজন সৎ, আপোচবিহীন, নিৰহংকাৰী ব্যক্তি হিচাপে প্ৰতিষ্ঠা আৰু প্ৰমাণ কৰাৰ ইয়াতকৈ উত্তম উপায় ক’ত?

প্ৰথম অধ্যায় লিখিবলৈ লৈ বিৰূপাক্ষ ভূঞা থমকিল। ক’ৰপৰা আৰম্ভ কৰা যায় ! শৈশৱৰ বোকা-পানী গচকি ডাঙৰ হোৱাৰপৰা বৰ্তমানৰ প্ৰাসাদোপম অট্টালিকাসদৃশ বাসভৱনলৈ ক্ৰ’ন’ল’জিকেল ষ্ট্ৰাক্‌চাৰত নে প্ৰথমেই নিজক জহাবপৰা কিবা এটাৰপৰা? ভূঞাই দ্বিতীয়টোকে উত্তম বুলি বিবেচনা কৰি অসম আন্দোলনৰ ভৰপক সময়ৰপৰা নিজৰ আত্মজীৱনীৰ পাতনি মেলিলে। অসম আন্দোলন বোলোতেই মনত পৰি গ’ল হাইৱেৰ কাষে কাষে থকা তেওঁৰ অজস্ৰ চৰকাৰী মাটি যিবোৰ তেওঁৰ বৰ্তমান ব্যক্তিগত সম্পত্তি। অগা-দেৱা কৰিবলৈ ধৰিলে দুই-তিনিজনী ছোৱালী-মহিলাৰ মুখ যিকেইজনীক আৰক্ষীৰপৰা বচাবলৈ আশ্ৰয় দিয়াৰ চলেৰে ধৰ্ষণ কৰিছিল। ‘স্বাধীন অসম’ৰ নামত সশস্ত্ৰ বাহিনীৰপৰা গোটোৱা বেহিচাব অজস্ৰ ধনৰ চিকমিকনিয়ে ভূঞাৰ চকু চাট্‌ মাৰি ধৰিলে। নাঃ লিখা নাযায় এইবোৰ। অসম্ভৱ অসম্ভৱ! ইমান সত্য কথা ইতিহাসতো নাই। তেন্তে? ভূঞাই লিখি গ’ল, “অসম আন্দোলনে মোৰ জীৱনক দিলে এক অনন্য গতি। স্বদেশ প্ৰেমেৰে বলীয়ান হৈ যি দুৰ্বাৰ গতিৰে আমি বিদেশী বিতাড়ন কাৰ্য্যসূচীত নামিছিলোঁ‌ সেয়া কোনো কল্প কাহিনীতকৈ কম নহয়।”

কোনে কয় আত্মজীৱনী এখন লিখাতো সহজ কাম? কদাপি নহয়। ইমানবোৰ সত্য আঁতৰাই বচা বচা সাধাৰণ ঘটনাৰাজিক কল্পনাৰ ৰহণ চৰাই পাঠক-ৰাইজক মোহাৱিষ্ট কৰি ৰখা সাধাৰণ কথা? জীৱনক কষ্‌টি শিলত ঘঁহাই কিছুমানে নিজক মহান কৰে, আৰু কিছুমানে নিজৰ ওপৰতেই মহত্ত্ব অৰ্পণ কৰি আদৰ্শ আৰু অনুপ্ৰেৰণাৰ উৎস হয়।

সুগৃহিণী পত্নী আৰু উচ্চশিক্ষিত পুত্ৰ-কন্যা যে কেৱল তেওঁৰ মূল্যবোধৰ নীতিত দীক্ষিত হৈ ইমানদূৰ আগবাঢ়িল তাক তেওঁ গৰ্বেৰে বৰ্ণনা কৰি গ’ল। তাৰ সমান্তৰালভাৱে তল পৰি গ’ল গাঁ‌ৱৰে এজনী ছোৱালীক নিজৰ কৰি অনাৰ প্ৰতিশ্ৰুতিৰে গৰ্ভৱতী কৰাৰ পিছত গাঁ‌ৱৰপৰা তেওঁৰ পলায়নৰ কথা। সৰ্বদা ‘সৎ, নিকা আৰু স্বচ্ছ’ জীৱনত বিশ্বাসী ভূঞাই প্ৰভাৱশালী মন্ত্ৰী-আমোলাৰ দূৰ্নীতি আৰু ব্যক্তিগত কথা প্ৰচাৰৰ ভাবুকিৰে সোঁৱে-বাৱে ঘটা ধনৰ কথা কিয় লিখিব? তেওঁ লিখিব ৰূপাৰ্ট মাৰ্ডোকে সাংবাদিকতাক কৰা বাণিজ্যিকৰণৰ কথা, ৱিলিয়াম ৰাণ্ডলফ্‌ হাৰ্ষ্টে আৰম্ভ কৰা হালধীয়া সাংবাদিকতাৰ কথা, Citizen Kane ৰ দৰে তেওঁৰ ‘প্ৰিয়’ ছবি আৰু অ’ৰছন ৱেলেছৰ দৰে তেওঁৰ প্ৰিয় অভিনেতাৰ কথা। তাৰ বিপৰীতে তেওঁ পিষ্ট কৰি যাব সাংবাদিক হ’বলৈ অহা অতি মেধাৱী প্ৰণয় মেধীক ছলে-বলে কৌশলে সশস্ত্ৰ বাহিনীৰ দ্বাৰা হত্যা কৰোৱাৰ কথা, নিজক অপ্ৰতিদ্বন্দ্বী সজাবলৈ বলে নোৱাৰাবোৰক তৈলমৰ্দন কৰি নিজৰ ফলীয়া কৰি ৰখা কূটনৈতিক কৌশলবোৰ। 

সত্তৰৰ দেওনা পাৰ হোৱাৰ পিছতো তেওঁ দুৰন্ত তৰুণ। হোৱাই-নোহোৱাই যিকোনো প্ৰতিবাদী মিচিলত তেওঁ যোগ দিয়ে। শাসকীয় পক্ষক যি সময়ত আনে অশ্ৰাব্য ভাষাৰে গালি-গালাজ কৰে, সেই সময়তো তেওঁ খুব সম্ভ্ৰম ৰক্ষা কৰি সমালোচনা কৰে। নিৰ্বাচনৰ সময়ত যেতিয়া ইটো দলে সিটো দললৈ বোকা চটিওৱা খেল খেলে, সেই সময়তো তেওঁ সুতীক্ষ্ণ বুদ্ধিজীৱীৰ ভাও লৈ নিজৰ ফলাফল ঘোষণা কৰে। এইবোৰ কম কথা নহয় ! হোৱাহেঁতেন ৰেঞ্জ ৰ’ভাৰ, অ’ডিৰে তেওঁৰ গ্ৰাউণ্ড ফ্ল’ৰ জকমকাই নাথাকে। কিন্তু তেওঁ এইবোৰ নিলিখে। নোৱাৰি লিখিব। বৰঞ্চ তেওঁ লিখিব বাৰ্ট্ৰাণ্ড ৰাছেলৰপৰা এই বয়সতো উদ্বুদ্ধ হৈ জাতি-মাটি আৰু ভেঁটি ৰক্ষাৰ্থে আন্দোলনত জঁ‌পিয়াই পৰাৰ কথা, কোনো পৰিস্থিতিতে আপোচ নকৰা ব্যক্তিত্বৰ কথা।

আত্মজীৱনী লিখনিৰ শেষৰ পৰ্বলৈ বিৰূপাক্ষ ভূঞাক যথেষ্ট সন্তুষ্ট দেখা গ’ল। জীৱনত তেওঁ কিমান বাৰে- ভচহু কথাকো সজাই-পৰাই ‘তথ্যসহ’ বিশ্বাসযোগ্যকৈ লিখি বাঃ বাঃ ল’লে, অথচ নিজৰ জীৱনীখন তেনে বিশ্বাসযোগ্য কৰিবলৈ তেওঁৰ যে কিমান কষ্ট হ’ল! আত্মলিপি নে আত্মজীৱনী? ওহো, এইবোৰ ভাবিবলৈ সময় নাই। সকলো বিখ্যাত লোকেই চাগে এনে কৰে, পাহৰণিত অকৰ্মবোৰ ঢাকি থৈ গৰিমামণ্ডিত জীৱনৰ কাহিনী লিখে; ভূঞাই নিজক সান্ত্বনা দিলে।

 পৰিশিষ্ট

১/ ভূঞাৰ আত্মজীৱনীখন সম্পূৰ্ণ হৈ উঠে। সৰ্বশেষত তেওঁ গ্ৰন্থখনৰ শিৰোনাম দিয়ে, “অনুপম জীৱনৰ ৰং।” অনুপমা! ভূঞাৰ গাটো জিকাৰ খাই উঠিল। কিমান বছৰৰ মূৰত যে এই নামটো মুখখনৰ সৈতে মনত পৰি গ’ল! কিমান বছৰ হ’ল নেদেখা? পঞ্চলিছ? ওহো-পঞ্চাশ বছৰৰ কম নহ’ব। ক’ত আছে তাই? ক’ত আছে? ফেইচবুকটো খুলি নাম-উপাধিৰে প্ৰায় আধাঘণ্টা চলাথ কৰিলে তেওঁ। নাই। আধাঘণ্টা চাইকেল চলাই ৰবিবাৰৰ আবেলিবোৰত পথাৰত কাবাডী খেলি থকা সেই মৰমলগা মুখৰ অনুপমা ক’ত? ক’ত হেৰাল? তাই জীৱনৰ ৰং সলালে নে হেৰুৱালে? আছেনে তাই ক’ৰবাত? মোবাইলটো খুচৰি খুচৰি হতাশ হৈ পৰিল তেওঁ। এৰা! তেৱোঁ জীৱনত কম ৰং সলোৱা নাই।

২/ ভূঞাৰ স্কুলীয়া বন্ধু প্ৰাণেশ্বৰ কাকতিয়ে আবেলি সময়ত গ্ৰন্থমেলাৰপৰা কিনি অনা ভূঞাৰ আত্মজীৱনীখন বাৰাণ্ডাত বহি পঢ়ি আছে। অৱসৰপ্ৰাপ্ত শিক্ষক তেওঁ। সেই সময়তে কাকতিৰ পুতেক প্ৰতীম অফিচৰপৰা আহি দেউতাকক দেখি সুধিলে কি কিতাপ পঢ়ি আছে। দেউতাকে ক’লে। নামটো শুনিয়েই ঘৃণাত নাক কোঁচাই প্ৰতীমে ক’লে, “সেই কুকুৰটোৰ কিতাপ কিনি পইচাকেইটা পানীত কিয় পেলালি? তাক আমি টিভিতেই নাচাও। নকল কৰিলে সি পৰীক্ষাত, ফঁচালে তোক। অথচ তোৰ তালৈ মৰমটো নকমিল যেন পাওঁ…।”

৩/ নগাঁ‌ও চহৰৰ আমোলাপট্টিৰ কোনোবা এটা বিল্ডিঙৰ চাদত আৰামী চকী এখনত বহি এগৰাকী প্ৰৌঢ়াই ভূঞাৰ আত্মজীৱনীখন দুহাতে মেলি লৈ পঢ়ি আছে। নাম তেওঁৰ অনুপমা..থাওক, উপাধিৰ প্ৰয়োজন নাই। পঢ়নৰ মাজতে এবাৰ চৰম বিতৃষ্ণাত কৈ উঠিল, “চালা অসভ্য! প্ৰেমৰ কথা লিখ! তোক চেণ্ডেল খুলি কোবাব পৰা হ’লে তোৰ প্ৰেমত পৰাৰ যিকণ ভুল কৰিছিলোঁ‌ তাৰ পৰাচিত হ’লহেঁতেন!”

☆ ★ ☆ ★ ☆

2 Comments

  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল মাধু। শেহৰ খিনি আৰু অলপ লাগিছিল যেন ভাৱ হ’ল।

    Reply
  • ডলী

    ভাল লাগিল মাধু। আগলৈ আৰু পঢ়িব পাম বুলি আশা ৰাখিলো তোৰ নতুন লেখা।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *