চৰকাৰ-গীতালী চক্ৰৱৰ্তী
মানুহজন দেখাত একদম আমাৰ ককাৰ দৰে। মূৰটো তপা, দুই চাৰিডাল কঁহুৱা বনৰ দৰে চুলিয়ে ঢৌ খেলাদি খেলি থাকে। দাঁত প্ৰায়কেইটা নায়েই। দেহৰ ছালো সোঁতোৰা-সোঁতোৰি হৈ ওলমি পৰিছে। লাখুটিডালত ভৰ দিহে খোজ কাঢ়ি ফুৰে।
পিচে আজি বজাৰত মানুহজনক দেখি মোৰ মনত ইমানদিনে দোলা দি থকা প্ৰশ্ন টো নুসুধি নোৱাৰিলোঁ।
“অ ককা,ৰ’বচোন ৰ’ব। মই এটা কথা সুধোঁ আপোনাক।”
ককাই সেঁহাই সেঁহাই মাত লগালে, “এ বাপা,।কি সোধা সোধ সোনকালে। কালি আৰু বৰেৰ পুৱাই এখান নিৰ্বাচনী ৰেলীত যাবা লাগব।”
এতিয়া মই ক’লোঁ, “অঁ ককা, মোৰ সেইটোৱেই প্ৰশ্ন।আপোনাক দেখোন সকলো দলৰে ৰেলীয়েই হওক, মেল মিটিঙেই হওক একেবাৰে সন্মুখত দেখা পাওঁ। সিদিনা টিভিতো দেখিলো এপাক।”
টিভিত দেখা বুলি কোৱাৰ লগে লগে সোলা বুঢ়াই একেবাৰে খেক-খেককৈ হাঁহিব ধৰিলে।
“টিভিত দেখছা! হয়না? কুনখান বা সভাত আছলু! পাহেছু দে”
“পিছে ককা আপুনি কোনটো দলৰ চৰকাৰ হোৱাটো বিচাৰে?” ককাই ক’লে ,”কুনবা এখান হলিয়ে হ’ল।”
মই আচৰিত হৈ ক’লোঁ,” মানে?”
ককাই ক’লে, “আমি চৰকাৰৰ, চৰকাৰ আমাৰ।”
মই ঠিক বুজিব নোৱাৰি আকৌ সুধিলোঁ, ” মানে?”
“বাপু, তই একদম ভেবা ঔ। কিয়া নাজনা নেকি? পাঁচে সাতেও বাৰ,আকো সাতে পাঁচেও বাৰ। আমি ইতা আমাৰ আতা পিতাহাঁতৰ দৰে বুৰ্বক হৈ থাকা নাই নহয়। আমাক কাই চৰকাৰ গঠন কৰছি সেটো নালগে নহয়, চৰকাৰৰ পে কি পাছু সেটোহে দৰকাৰী।”
মই ভেবা লাগি ককাৰ পিনে চাই থাকিলোঁ। তেওঁ নিজ মনে বলকিয়েই আছিল।
“এইকেটা দিনে আমাৰ দিন। মিটিংমাখাত কি ভাবছা এনায়ে যাওঁ? চবমাখাতে এখান এখান নুট পাওঁ বুঝছা?”
মই বুজিলোঁ ককাই নোটৰ কথা কৈছে।
“আৰু টিভিৰ মানুহৰ আগত কিবা কবা লাগলি সেটো আৰু এক্সটাৰা।”
“তেনেহ’লে এইকেইদিন আপোনাৰ তামাম ইনকাম!” – মই চাঞ্চ পাই মাত লগালোঁ।
ককাই একো নামাতি সেঃ সেঃ কৈ হাঁহিলে কেৱল।
“পিচে ককা,আপুনি কোনটো দলক ভোট দিবনো?”
“এহ বাপু, ঘূৰে পাকে তয়ো সেটোহে সোধা। চকু মুদি টিপাটো য’তে পৰে তাতে পৰবো আৰ। অ বৈৰীহাঁতকো কৈ থছু, তহঁত চবে চকু মুদিহে ভোট দিবি।”
ককাৰ নিৰ্বাচনী কৌশল দেখি স্বতঃস্ফূৰ্তভাৱে কৈয়ে পেলালোঁ, “বাপ্পাও বাপ।”
☆ ★ ☆ ★ ☆
8:31 am
বৰ ভাল লাগিল গীতালী।
1:29 pm
Thanks