ফটাঢোল

এটা কোঠা, এজুম ছাত্র-ছাত্রী আৰু এজন ভিলেইন –  শ্রী খনিন্দ্র ভূষণ মহন্ত

কলেজখনৰ প্রথম মহলাত থকা এই বিশেষ কোঠাটো নির্দিষ্ট কিছুমান সকামতহে ব্যৱহাৰ হয়। এই ধৰক নৱাগত আদৰণি সভা, শিক্ষক দিৱস, বিদায় সভা, কুইজ প্রতিযোগিতা ইত্যাদি ইত্যাদি! এজনীয়া টেবুল-চকীৰপৰা আৰম্ভ কৰি বর্তমান যুগত বহুল ব্যৱহৃত ডিজিটেল ক্লাচৰূমৰ প্রয়োজনীয় প্রায় সকলো সামগ্রীৰে কোঠাটো সুসজ্জিত। এতিয়া আপুনি ভাবিছে, ইমানবোৰ সুবিধা থকাৰ পিছতো তাত কিয় ক্লাচ কৰোৱা নহয়? হওঁতে কলেজখনৰ আটাইতকৈ আহল-বহল কোঠা বুলিলে সেইটোৰ কথাই সকলোৰে মনলৈ আহে। কিন্তু একোটা শ্রেণীত থকা ছাত্র-ছাত্রীৰ সংখ্যাৰ তুলনাত কোঠাটো ইমানেই ডাঙৰ যে, এক চতুর্থাংশও যে পূৰ হ’ব – তাত সন্দেহ আছে। কাজেই, তাত অনুষ্ঠান জাতীয় কার্যবোৰহে সমাপন হয়। 

ওপৰত উল্লেখ কৰা অনুষ্ঠানবোৰৰ উপৰিও বছৰটোত দুবাৰকৈ তাত এক দীঘলীয়া কার্যসূচী পৰিচালনা কৰা হয়। কি শিক্ষকবৃন্দ, কি কার্যালয় পৰিচালকসকল, কি ছাত্র-ছাত্রী – সকলোৱে সেই কোঠাটোক একেটা নামেৰেই জানে। Exam Hall! 

এজনীয়া টেবুল-চকীবোৰ চাৰি শাৰীকৈ পাৰি দিয়া হয়। প্রতিটো শাৰীৰ মাজত এক উচিত ব্যৱধান, যাতে নিৰীক্ষকজনে সূচাৰুৰূপে নিজৰ কামখিনি কৰিব পাৰে। লগতে ইমূৰৰপৰা সিমূৰলৈ অহা-যোৱা কৰিবলৈয়ো সুবিধা হয়। সাধাৰণতে এটাতকৈ বেছি ষাণ্মাসিকৰ পৰীক্ষা একে সময়তে থাকিলেহে বেলেগ কোঠা নির্বাচন কৰা হয়। গতিকে ছাত্র-ছাত্রীসকলেও মানসিক প্রস্তুতি এটা চলাবলৈ সুবিধা পায়। 

পৰীক্ষাৰ ৰুটিনখনে ‘নটিচ ব’র্ড’ শুৱনি কৰা মাত্রকে ছাত্র-ছাত্রীসকলৰ মাজত গুণ-গুণনি এটা উঠে। সেই যে বাতৰি দিওঁতাই কয় – চেপা উত্তেজনা, সেইটোৰ দৰে। একো অস্বাভাৱিক কথা নহয় বাৰু। এচাইনমেণ্ট, প্রেজেণ্টেচন, ক্লাচ টেষ্টৰ ধুমুহাজাক শেষ হয়হে, জার্ণেল, ভাইভাৰ দৰে বিয়াগোম শব্দবোৰৰ লগত মোকাবিলা কৰিবলৈ সাজু হ’বৰ হয়েই! ‘থিয়’ৰি’ পৰীক্ষাতো বাৰু এনেও ভয়ংকৰেই। তাত নতুনত্ব একো নাই।

কলেজখনত শিক্ষক এজন আছে। জনৈক মহন্ত। নামটো শুনিলে পঞ্চাশোর্দ্ধৰ, হাই পাৱৰ চশমা এযোৰেৰে, হলৌ চোলা পিন্ধা ‘ৰাফ এণ্ড টাফ’ মানুহ এজনৰ ছবিহে মনলৈ আহে। বাস্তৱত তাৰ ওলোটা ৰূপ এটা লৈ মহন্ত বিৰাজমান হৈ থাকে। নিজকে Dashing dynamite বুলিয়ে ভাবে হ’বলা! ‘চিৰিয়াচনেচ’ বোলা শব্দটোৰ পৰা দুই কিঃমিঃ দূৰত থাকে। ক’ৰ কি কামত কেনেকৈ ব্যস্ত হৈ যায় সেই বিষয়ে একো ঠিকেই নাই। আটাইতকৈ বেছিকৈ বাৰু ‘লেকচাৰ’ দিয়া কামটোত ব্যস্ত থাকে (সেইটো বেলেগ কথা)। ইকাণ-সিকাণ বাগৰি তেওঁ পোৱা খবৰ অনুসৰি ছাত্র-ছাত্রীয়ে তেওঁক দিয়া এটা ‘নিক-নেম’ হৈছে ‘লেকচাৰ’। নিদিবনো কিয়? ক্লাচত বৈষয়িক কথাবোৰো সহজ উদাহৰণ দি বুজাবলৈ গৈ প্রায়েই বকলা মেলাৰ নজিৰো বিদ্যমান। ‘এবাৰ মানে কি হ’ল!’- এইটো ডাইলগ মুখতে থাকি বুলিব পাৰে।

এইবাৰৰ ষাণ্মাসিক পৰীক্ষাৰ কথা। কলেজৰ বেছিসংখ্যক শিক্ষক নির্বাচনী দায়িত্বৰ আওতাত পৰিছে। গতিকে, সেই দায়িত্বৰপৰা মুক্ত যিকেইজনৰ ওপৰতেই পৰীক্ষাটো চলাই নিয়াৰ ভাৰ পৰিল তাৰে এজন এই লেকচাৰ মহন্ত। উফৰি ফুৰি ভালপোৱা মহন্তক আৰু কোনে পায়?

প্রথমদিনা জ্যেষ্ঠ এজনৰ লগত সহযোগী হিচাপে Exam Hallলৈ গ’ল। যিটো শ্রেণীৰ পৰীক্ষা আছিল, সিহঁতক মহন্তই পঢ়াবলৈ পোৱা নাই এথোন। গতিকে কোন কিমান শান্ত, কোন ইমান উৎপতীয়া – এইবোৰৰ বিষয়ে শূন্য ধাৰণা এটা লৈয়েই তেওঁ কোঠাটোত সোমালগৈ। চিনাকি যদিও অচিনাকি যেন লগা মুখবোৰেৰে কোঠাটো ভৰি আছে। একেদৰে মহন্ত ছাৰকো সিহঁতে সভা-সমতি, মহাবিদ্যালয় সপ্তাহ আদিত পৰিচালক হিচাপে পাইছে যদিও শ্রেণীকোঠাৰ ভিতৰৰ মানুহজনক পোৱা নাই। 

প্রথম পোন্ধৰ মিনিটমান আও-ভাও চাই ল’লে মহন্তই। এনেও সুবিধা পালেই নিজকে ‘মানুহ পঢ়ি ভালপাওঁ’ বুলি ফালি থকাত সেইজন ওস্তাদ। জ্যেষ্ঠজনে মহন্তক মনে-মনে ক’লে, ‘ধমকি দিব আপুনি। আপোনালৈ ভয় কৰিব ইহঁতে।’ ভয় কৰিব! তাকো মহন্তলৈ! নিজেই আচৰিত হ’ল তেওঁ। বেয়া নালাগিল বাৰু। ‘Angry Young Man’ হিচাপে কল্পনা কৰি নিজকে বাঃবাঃ দুটামানো দি ল’লে।

অলপ সময় তেনেকৈ পাৰ হোৱাৰ পাছত তেওঁ নিজৰ ‘ৰং’ দেখুৱাবলৈ আৰম্ভ কৰিলে। অত সময়ে ইফাল-সিফাল কৰি থাকি শত্রুপক্ষ মানে পৰীক্ষাহলৰ শান্তিপূর্ণ পৰিস্থিতিত ব্যাঘাত জন্মাবপৰা কাৰকবোৰ ইতিমধ্যে তেওঁ চিনাক্ত কৰি পেলাইছে। এতিয়া হাতে-কামে লগাহে কথা। 

জ্যেষ্ঠ শিক্ষকজনে বহীবোৰত চহী কৰিবলৈ আৰম্ভ কৰিলে। মহন্তৰ চকু দ্র’ণ কেমেৰাৰ দৰে ইফালৰপৰা সিফাললৈ ভ্রমিবলৈ ল’লে। কোঠাটো যিহেতু যথেষ্ট ডাঙৰ, তাতে এজন ৰোল নং, বিষয় আদিৰ পৰীক্ষণত ব্যস্ত, গতিকে তাৰ পৰীক্ষার্থীসকলে সম্পূর্ণ সুবিধা আদায় কৰিবলৈ লৈছে। যেন আটাইবোৰৰ মাজত মৌ-মাখীৰ আত্মাইহে প্রৱেশ কৰিলে! ভুন-ভুন, ভুন-ভুন…!

‘কিহৰ ইমান কথা’, ‘এই কথা নাপাতিবা’ জাতীয় বাক্যবোৰ বতাহত ভ্রমি থাকিল যদিও বৰ এটা প্রভাৱ দেখা পোৱা নগ’ল। পৰিস্থিতি বিষম দেখি এই Dashing Dynamic ছাৰে প্রথমখন ‘ত্রাম কার্ড’ খেলিলে। একেবাৰে সন্মুখতে এখন টেবুল আছিল। আচলতে সেইখন অতিৰিক্ত প্রশ্ন-কাকত, অতিৰিক্ত বহীৰ পৃষ্ঠা ইত্যাদি থ’বলৈ দিছিল। তাতে চকী এখন দি স্ব-দম্ভে ঘোষণা দি দিলে, “এইখন Hot Seat দেই। যাকেই কথা পতা দেখোঁ ইয়ালৈ উঠাই আনিম।”

কি আচৰিত কথা!

মিনিটতে পট পৰিৱর্তন হৈ গ’ল। অতপৰে গুঞ্জৰিত হৈ থকা কোঠাটো হঠাতে তাপ মাৰিলে। পাছৰ সময়খিনিত বৰ এটা বু-বু, বা-বা নোহোৱাকৈ সেই দিনটো পাৰ হ’ল। মহন্তক ইজন ছাৰে কাণে-কাণে ক’লে, “ঔষধে কামত দিলে বুজিছে!”

দুদিন পিছৰ কথা। একেটা ষাণ্মাসিকৰ পৰীক্ষা। নিৰীক্ষক হিচাপে মহন্ত অকলে। সিদিনা দুজন থাকোঁতেই যি গতি, অকলে কিমান নিয়ন্ত্রণ কৰিবলৈ যে কষ্ট হ’ব সেয়া তেওঁ ভালকৈয়ে উপলব্ধি কৰিছে। গতিকে তেওঁ আনদিনাতকৈ আৰু অলপ গহীন হৈ কোঠাত সোমালগৈ। 

প্রথম দিনাৰ অভিজ্ঞতা ব্যৱহাৰ কৰি ‘লেকচাৰ’ ছাৰে নীৰৱতা ভংগ হ’ব পৰা ঠাইবোৰ চিনাক্ত কৰি ল’লে। সাৱধান বাণী নিদিয়াকৈয়ে পৰিৱেশ ঠাণ্ডা। ‘হট চিট’খন তেতিয়াও অক্ষত অৱস্থাত আছে। অৱশ্যে সেইদিনা আগৰ বিখ্যাত সংলাপটো দোহাৰিব লগা নহ’ল। কিন্তু কিমান সময়? ছাৰে চহী কৰিবলৈ আৰম্ভ কৰিছিলহে, অত সময়ে সুপ্ত হৈ থকা মৌ-মাখিবোৰ জাগ্রত হৈ উঠিল। তাতে সকলোৰে মুখত মাস্ক! মূৰ তুলি চালে ধৰিবই নোৱাৰি শব্দৰ উৎস ক’ত! শ্রেণীকোঠাত হ’লে কথাটো বেলেগ। কিন্তু পৰীক্ষা হলত উচ্চ-স্বৰত কথা কোৱাটো যুক্তিসংগত নহয় বুলি তেওঁ জানে। 

চহী কৰা পর্ব সমাপ্ত হ’ল। এতিয়া ছাৰৰ মাথোঁ এটাই কাম। এহাতত অতিৰিক্ত বহী-পাত আৰু আনটো হাতত কলম লৈ কোঠাটোত তহল দি থাকিব লাগে। 

এপাকত এগৰাকীয়ে নিজৰ বহীখন অলপ হেলনীয়াকৈ দাঙি পাছফালৰজনক সহায় কৰি থকা ছাৰৰ চকুত পৰিল। সিহঁতে ভাবিছে ছাৰে নাই দেখা। কিন্তু ছাৰে ‘ফাইনেল’ পৰীক্ষাত সেইবোৰ কৰা নাছিল যদিও ‘মিড-টার্ম’ত তেনেকুৱা সহায়ৰ দ্বাৰাহে প্রথম পৃষ্ঠা পূৰ কৰিছিল। সেয়ে প্রয়োগ হ’ব পৰা উপায়বোৰ তেওঁৰ নখ-দর্পনত। 

: Social service বন্ধ কৰা। অন্যথা..! –ছাৰৰ বাক্যটো শেষ নহওঁতেই বহীখন সামৰি ল’লে ছাত্রীয়ে। ‘হট চিট’ত বহিবলৈনো কাৰ মন যায়?

আলেঙে-আলেঙে থাকি ৰেহ-ৰূপ চাই আছে মহন্তই। সময়ো গৈ আছে। মাজতে এজনে প্রশ্ন এটা বুজাত অসুবিধা পোৱাত তেওঁ সেইটো বুজাই দিবলৈ ওচৰ চাপিল। সেই সুবিধাতে ৰাইজে কথা পাতিবলৈ আৰম্ভ কৰি দিলে। আঁৰ চকুৰে চাওঁতে ছাৰৰ চকুত দুজনমান পৰিল। 

: নির্বাচন হোৱাই নাই, তোমালোকে ‘মিলি-জুলি চৰকাৰ’ কৰিবলৈ ল’লাই যে!

ওচৰ চাপি গৈ কোৱা কথাষাৰে ছাত্র-ছাত্রীয়েও হাঁহিবলৈ ধৰিলে।

সেইদিনা ওচৰৰ কাৰোবাক কিবা এটা সোধোঁতে কেইবাজনো ছাত্র-ছাত্রী ছাৰৰ চকুৱে- চকুৱে পৰিছে। কোনোৱে মূৰ তল কৰি আকৌ লিখাত লাগিছে, কোনোৱে প্রশ্নখনকে লুটিয়াইছে, কোনোৱে আকৌ অভিনয়ৰ সমস্ত সীমা পাৰ কৰি এনেকুৱা বুজাবলৈ গৈছে যেন কিবা এটা মুখস্থ লিখি আছিল, হঠাৎ যেন পাহৰিলেহে! 

এইবোৰ দেখি হাঁহি উঠিলেও হাঁহিটো কিবাকৈ সামৰি পুনৰ তহল দিবলৈ লয় মহন্তই। ঘুনুক-ঘানাক শব্দ শুনিলেই বেটাৰী ৰিক্সাখনৰ দৰে মহন্ত ছাৰ গৈ ওলায় আৰু এনেকুৱা বাক্য দুই-এটা কৈ আহে যে ছাত্র-ছাত্রীয়েও পিছত কথা পাতিবলৈ দুবাৰ ভাবে।

তৃতীয় দিনাৰপৰা মহন্ত নিৰীক্ষক হিচাপে থাকিলে Exam Hall ইমানেই শান্তই হৈ থকা হ’ল যে, তাত পৰীক্ষা হৈয়েই আছে নে কোনো নায়েই চাই নগ’লে ধৰিবই নোৱাৰি। অৱশ্যে তেওঁ বহী-প্রশ্নকাকত আদি লৈ সোমাই আহোঁতেই ‘উ হ’লেই’, ‘ই শেষেই’ জাতীয় বাক্যই দুৱাৰমুখ আৱৰি ৰাখে। 

মুঠৰ ওপৰত Exam Hallৰ ছাত্র-ছাত্রীৰ মাজত মহন্ত ছাৰ এতিয়া সন্ত্রাসৰ অন্য নাম। এটা শব্দত ‘ভিলেইন’। তেওঁনো কি কৰিব? দায়িত্ব যে!

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *