ফটাঢোল

হৰেশ্বৰ চৰিত-অৰবিন্দ গোস্বামী

হৰেশ্বৰ মানুহজন একেবাৰে সহজ-সৰল। জীৱনত বহু বেয়া আৰু ভাল দিন পাৰ কৰি আহি আজি হৰেশ্বৰে কিছু শান্তিৰে জীৱনটো কটাই আছে। দুজনী ছোৱালীক বিয়া দিও আজৰি হ’ল। এতিয়া ল’ৰাটোৰ বাবে বিয়াখন পাতিব পাৰিলেই হৰেশ্বৰ দায়িত্বৰপৰা মুক্ত হ’ব।

পিচে হৰেশ্বৰ মানুহজন আনৰ দৰে টেঙৰ একেবাৰে নহয়। আজিকালি কাণেৰেও অলপ কম শুনা হৈছে।সত্যত থকা আৰু কষ্টৰে জীৱন আৰম্ভ কৰা হৰেশ্বৰ বহু কথাত অজলা। মানে কথাবোৰ বুজিয়েই নাপায়।উদাহৰণস্বৰূপে জীয়েকহঁতৰ মাহেকীয়া হ’লে যদি দেউতাকে কয়,

: মাজনী, মোক পানী এগিলাচ আনি দেচোন।

জীয়েকে কয়,

: দেউতা মই আজি পানী আনি দিব নোৱাৰোঁ।

বচ। হৰেশ্বৰ খঙত ফাটি পৰে।

: অঁ তহঁতে মোক পানী এগিলাচো আনি দিব নোৱৰা হ’লি। তহঁত ইমান ডাঙৰ মানুহ হ’লি যে মোক পানী এগিলাচো  আনি দিব নোৱাৰোঁ বুলি ক’ব পৰা হ’লি।তহঁত……….।

উঃ! হৰেশ্বৰক এতিয়া বুজাব কোনে! হৰেশ্বৰৰ পত্নী, পুত্ৰ, জী সকলোৱে প্ৰমাদ গণে। ইফালে হৰেশ্বৰৰ মুখ বন্ধ নহয়। কোনোবাই কিবা এটা ক’লেও কাণেৰে নুশুনেই। গতিকে জীয়েক, মাক, পুতেক সকলোকে সাঙুৰি গালি পাৰিয়েই থাকিব।

শেষত  হৰেশ্বৰৰ পত্নীয়ে আহি কাণৰ ওচৰতে চিঞৰিবহি

: হেৰি নহয়! মিছাতে তাল-আফালখন লগাইছে কেলৈ? মই যে ভাত বনাই দিব নোৱাৰা হওঁ, তাই তেনেকুৱা নোৱাৰা হৈছে।

হৰেশ্বৰে তেতিয়া দোষী দোষী ভাবেৰে কয়,

: অ…হয়নেকি! মোক তহঁতে কোৱাই নাই দেখোন?নক’লে মই কেনেকৈ জানিম।

হৰেশ্বৰৰ পত্নীয়ে এইবাৰ লাহেকৈ জীয়েকলৈ চাই ভোৰভোৰাব,

: ইস্! সময় দিছেহে যেনিবা ক’বলৈ।

বহু বাধা বিঘিনি অতিক্ৰম কৰি হৰেশ্বৰে এখন বাছ লৈছিল। বাছখন তেওঁ নিজে চলাইছিল আৰু পিছলৈ তেনেকুৱা আৰু তিনিখন বাছ লোৱাত হৰেশ্বৰৰ এসময়ত জয়জয়-ময়ময় অৱস্থা হৈছিল। আয় যথেষ্ট পৰিমাণে হৈছিল আৰু সেয়ে যেতিয়াই কিবা বস্তু কিনিছিল বহু বেছি পৰিমাণে কিনিছিল। পিচে সেয়া কেৱল ঘৰৰ মানুহকেইটাৰ বাবে নহয়। ৰাস্তাত সেইবোৰ চিনাকি যাকে পাই তাকে বিলাই আহিছিল।কেতিয়াবা ঘৰলৈ বুলি একো নৰৈছিলগৈ।

জাতিলাউ, কোমোৰা কিনিছিল ডাঙৰৰ ডাঙৰটো আৰু সেইটো আনি ওচৰতে থকা ভাই-ককাই আটাইকেইটালৈ পঠিয়াইছিল। এনে কৰিবলৈ যাওঁতে প্ৰায়ে হৰেশ্বৰে বুঢ়া জাতিলাউ এটা আনি পত্নীৰ ওচৰত ডাংকোপ মাৰেহি, 

“দেখিছা, কিমান ডাঙৰ জাতিলাউ আনিছোঁ‌।”

ইয়াৰ পিছত হৰেশ্বৰৰ পত্নীৰ সৈতে এক দীঘলীয়া যুক্তি তৰ্ক। কিন্তু হৰেশ্বৰ তল নপৰে। বেছিকৈ কিবা ক’লে পিছদিনাখন তেনেকুৱা আৰু পাঁচ ছয়টামান জাতিলাউ আনি পত্নীৰ সন্মুখত থেকেচা মাৰি দিবহি।

মাছো আনিছিল ডাঙৰৰ ডাঙৰটো আৰু আনি ঘৰলৈ অকণমান ৰাখি বাকীবোৰ ককাই-ভাইৰ মাজত বিলাই দিছিল। কেইবাজনো যুৱকে হৰেশ্বৰৰ বাবেই কৰ্মসংস্থাপন লাভ কৰিছিল।

কিন্তু সময় বাগৰিল আৰু এসময়ত বাছবোৰ নচলা হ’ল। বাছৰ ঠাই ল’লে সৰু সৰু গাড়ীবোৰে। পিচে হৰেশ্বৰে ইতিমধ্যে জীৱনটো কষ্ট নোপোৱাকৈ খাই বৈ থাকিবলৈ, দুজনী ছোৱালী বিয়া দিবলৈ, পুতেকক সংস্থাপন দিব পৰাকৈ সকলোখিনি গোটাই লৈছিল।খেতি-বাতিও আছিল। গতিকে জীয়াই থাকিবলৈ হৰেশ্বৰৰ চিন্তা নাই।

এই হৰেশ্বৰ চলিহাৰ গৰুপ্ৰীতিৰ কথা নক’লে আকৌ লেখাটো আধৰুৱা হৈ ৰ’ব। তাহানি সৰুকালতে পঢ়া সাধুকথাৰ চৰিত্ৰ কিছুমানৰ প্ৰাণটো আকৌ অন্য ঠাইত সোমাই থাকে। ঠিক তেনেদৰে হৰেশ্বৰৰো প্ৰাণটো যেন ঘৰত আদৰেৰে পোহা গৰুকেইটাৰ মাজতহে সোমাই থাকে।

ঠাণ্ডাৰ দিনত তিনি বাজিল কি নাবাজিল, হৰেশ্বৰ শোৱাৰপৰা উঠে। পিতৃভক্ত পুত্ৰই পিতাৰ লগতে উঠে কাৰণ নহ’লে তেওঁ গৰম পানী বিচাৰি পত্নী নাইবা জীয়েককেইজনীৰ শোৱাৰ মুদা মাৰিব। গৰম পানীৰে গা ধুই হৰেশ্বৰ গোঁহালিত সোমাব। শেষ ৰাতি জলমিয়াই থকা গৰুকেইটা হৰেশ্বৰে মিহিকৈ ঢকিয়াই মৰমেৰে উঠাব। ইফালে গৰু ইমান পুৱাই ক’ৰপৰা উঠে! তথাপি হৰেশ্বৰে নেৰে। টানি আঁজুৰি সিহঁতক উঠাই পঘাকেইডাল জঁ‌পটিয়াই গৰুক টানিব পথাৰলৈ।গৰুৱেও পুৱাই পুৱাই ত্ৰিভুবন দেখি শেষত পথাৰ পায়গৈ। হৰেশ্বৰে গৰু পথাৰত এৰাল দি ঘূৰি আহি চাহপানী এবাটি খাই এইবাৰ বাৰীৰ কাম কৰিব। পিচে ইমান পুৱাই গৰুৱেনো পথাৰত কি কৰিব? মুকলি আকাশৰ তলত বহি গৰুৱে পুৱা নোহোৱালৈকে টোপনীয়াই থাকে।

ন নজাত গৰুক হৰেশ্বৰে পানী খুৱায়গৈ। ঘূৰি আহি বাহিৰৰ বেঞ্চখনতে বহি পুতেকক গৰুৰ বাবে ক’ত পথাৰত ভাল ঘাঁহ আছে, তাৰ বৰ্ণনা দিবহি। এয়া তেওঁৰ দৈনিক কৰ্ম। তাৰপিছত কাগজ কলম বিচাৰি শাক-পাচলিৰ দীঘল তালিকা এখন বনাই পুতেকক ক’ব,

: এইকেইটা অাজি বজাৰৰপৰা আনিবিগৈ।

দেউতাকৰপৰা সৰু জীয়েকে তালিকাখন থাপ মাৰি লৈ ককায়েকক পঢ়ি শুনাব

: লাউ, বেঙেনা, বিট, ওলকবি, বন্ধাকবি, মটৰ………………….অ’ দেউতা, পাঁচটা মানুহৰ বাবে ইমানসোপা শাক-পাচলি কিয় লাগে?

হৰেশ্বৰে ভেঁ‌কাহি মাৰি উঠে,

: হেই এইজনী ! এয়া গৰুৰ কাৰণেহে আনিবলৈ দিছোঁ‌।

হৰেশ্বৰৰ এই গৰুপ্ৰীতি দেখি ঘৈণীয়েকে চিঞৰিব,

: হয়নে! গৰুকেইটা টেঁটুত ওলোমাই নলয়নো কেলৈ?অকল গৰু গৰু গৰু! সপোনতো গৰুকেইটাই দেখি থাকে চাগৈ।

এইবাৰ হৰেশ্বৰৰ খং উঠিব আৰু চিঞৰিব,

: মোৰ মূৰটো খাই নাথাকিবি। মাৰৰ ঘৰলৈ যাগৈ যা।সদায় খেদি থাকোঁ, এদিনো নাযাৱ। গৰুক দেখিব নোৱাৰ যদি ইয়াত থাকিব নোৱাৰ। আজিয়েই যাগৈ মাৰৰ ঘৰলৈ।

খঙতে হৰেশ্বৰৰ ঘৈণীয়েক ঘৰৰপৰা হৰেশ্বৰে নেদেখাকৈ পিছদুৱাৰেদি ওলাই যাব। ওচৰতে ননদকেইটাৰ ঘৰ আছেই। নাতি-পুতিবোৰ আছেই, কিহৰ চিন্তা? টাইম অলপ পাছ কৰিব।

ইফালে হৰেশ্বৰে বহু সময় ঘৈণীয়েকক নেদেখি এবাৰ পাকঘৰত, এবাৰ বাথৰুমৰফালে জুমাজুমি কৰি থাকিব।

ডাঙৰ জীয়েকে আহি হৰেশ্বৰক সোধে,

: দেউতা, কি লাগেনো?

হৰেশ্বৰৰ উত্তৰ,

: ভালেমান পৰ মাৰক দেখা নাই। ক’লৈ গ’লনো?

জীয়েকৰ উত্তৰ,

: কেলৈ! আপুনি মাক মামাৰ ঘৰলৈ খেদি দিয়া নাছিল জানো? গ’লগৈ।

হৰেশ্বৰ,

: এহ! বৰ বেয়া কথা হ’ল।

কাকো নোকোৱাকৈ হৰেশ্বৰে গা-পা ধুই ধুনীয়াকৈ সাজ-পোছাক পিন্ধিবহি।

হৰেশ্বৰৰ পুতেকে উচপ্ খাই দেউতাকক সুধিব,

: অ’ দেউতা, এই দুপৰীয়াখন ক’লৈ যায়নো?

: মাৰে মোমায়েৰৰ ঘৰ পালেগৈ। লৈ আহোঁগৈ।

এনেতে হৰেশ্বৰে দেখে যে ঘৈণীয়েকে সেলেঙী বোৱাই ঘৰত প্ৰৱেশ কৰিছেহি। এইবাৰ হৰেশ্বৰে একো নামাতে। পত্নীয়ে ৰান্ধি দিয়া ভাতকেইটা আটোমটোকাৰিকৈ খাই ঘুমটি মাৰিব।

কোনোবাদিনা হৰেশ্বৰ ঘৰত নাথাকিলে পুতেকক দিহা-পৰামৰ্শ দি যায়, গৰুকেইটা কেনেকৈ দিনটো যত্ন ল’ব লাগিব। আহি পায়েই হৰেশ্বৰে গৰুকেইটা চাবহি আৰু ক’ব,

: আজি গৰুকেইটা ক’ত দিলিগৈ? কোনোবা শুকান মৰুভূমিত দিলিগৈ নেকি? পেটটো শুকাই একেবাৰে চেপেটা লাগি আহিছে।

পিছদিনা আকৌ সন্ধিয়া হৰেশ্বৰে পুতেকক মাতি আনিব আৰু গৰুৰ পেটটো মৰমেৰে মোহাৰি ক’ব,

: কালি গৰু শুকান মৰুভূমিত দিলি। আজি চা, পেট একেবাৰে টুলটুলীয়া হৈ আছে।

কোনোবা এবাৰ কোনোবা কেইটামান পিলিঙা ডেকাৰ ছলাহী কথাত ভোল গৈ হৰেশ্বৰে নিৰ্দলীয় হিচাপে ইলেকশ্যনত নমিনেশ্যনেই দি দিলে। পিচে হৰেশ্বৰ ইলেকশ্যনত হাৰিল। মুঠ ভোট পালে তিনিশ এটা।ৰিজাল্ট দিয়াৰ দিনা হৰেশ্বৰ ঘৰলৈ উধাতু খাই আহিল,

: হেৰা, শুনিছানে? মই তিনিশ এটা ভোট পালোঁ‌। বাঃ!মই ভবাই নাছিলোঁ‌ যে মোক তিনিশ এটা মানুহে ভাল পাব পাৰে। মনটোৱেই ভাল লাগি গ’ল।

মুঠতে হৰেশ্বৰৰ কথা কৈ থাকিলে শেষ নহয়। কিন্তু এইষাৰ কথা সত্য যে হৰেশ্বৰ এজন সঁচা মানুহ, সৰল মানুহ। এনে সহজ সৰল মানুহ আজিৰ যুগত আছে বুলিলে বহু মানুহে বিশ্বাসেই নকৰিব।

☆ ★ ☆ ★ ☆

3 Comments

  • প্ৰদীপ বৰা

    সুন্দৰ

    Reply
  • ডলী

    বাপৰে! হৰেশ্বৰ আখ্যান দেখোন কৈ থাকিলে ওৰকে নপৰিব। ভাল লাগিল বহুত।

    Reply
  • বন্দিতা জৈন

    সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *