মৰিশালিৰ চকীদাৰৰ বিলৈ-বিনয় দাস
মই মৰিশালিৰ চকীদাৰ যদিও দিনত শিক্ষকতা কৰোঁ এখন বিদ্যালয়ত৷ সমাজৰ দৃষ্টিত মোৰ বিয়াৰ বয়সো হৈছে বাবে বিদ্যালয়ৰ সকলোৱে মোক বিয়াৰ বাবে জোৰ দিয়ে৷ সকলোৰে এটাই কথা, মই বিয়া পাতিব লাগে৷ মোৰ বিয়াত সকলো জোৰোণতো যাব, দৰাৰ লগতো যাব৷ নতুন কাপোৰ ল’ব৷ এইবোৰ শুনি মই বাহিৰত হাঁহো, আৰু ভিতৰি ভাৱো, মইতো বিয়া পতাৰ কথা ভৱাই নাই, এওঁলোক কাৰ জোৰোণ, বৰযাত্ৰীত যাব? বিয়া বুলিলেই আজিকালি কমেও ছয়ৰপৰা আঠ লাখ টকাৰ খৰচ৷ মোৰ একাউণ্টত বিশ হাজাৰমানহে আছে৷ বাকীখিনি ক’ৰ পৰা আহিব, কেতিয়া আহিব! আৰু ধাৰ কৰি বিয়া পাতি জোৰাটাপলি মাৰি সংসাৰ চলোৱাত মই বিশ্বাসী নহয়৷ লাগিলে বৰলা ভাতেই খাম আজীৱন, কিন্তু ঋণমুক্ত জীৱন কটাম৷ গতিকে বিয়া কেঞ্চেল আৰু অগত্যা কেনেবাকৈ পাতিবলগীয়া হ’লেও সৰুকৈ দুখন ঘৰৰ মাজতে নিয়মটোহে কৰি থ’ম৷ তেনেকুৱা বিয়াততো জোৰোণ বৰযাত্ৰী নাথাকে৷ এওঁলোক কেনেকৈ জোৰোণ, বৰযাত্ৰীৰ লগত যাব! হে ভগৱান, এইখন কি হ’বগৈ মানে! বাংলাদেশৰ ফিফা ৱৰ্ল্ডকাপ জয়ৰ সপোনৰ দৰেই কল্পনাতেই ৰ’বগৈ নেকি!
ইপিনে লগৰবোৰেও লগ পালে কয়, বিয়ালৈ মাতিবি৷ তোৰ বিয়াত থকাকৈ যাম।
“থকাকৈ, মোৰ ঘৰততো এক্সট্ৰা ৰূম নাই, আৰু হোটেলত ৰাখিবলৈ মোৰ সামৰ্থ্য নাই৷ ক’ত ৰাখিম তহঁতক!” খুলি নকওঁ যদিও মনটোৱে এয়াই কয়৷ অংকবোৰ কোনোফালেই নিমিলে৷ মানুহবোৰৰ আশাত গৰমপানী ঢালিবও মন নাযায়, ইপিনে মোৰ অৱস্থাটোও লাওলোৱা৷ কেনেকৈ মিলাও কি মিলাও ভাৱি পাৰ নাপাওঁ৷
একেই সমস্যাৰ সন্মুখীন হ’লোঁ এইবাৰ ফটাঢোলত৷
ফটাঢোলত সোমোৱা আঢ়ৈবছৰেই হ’ল যদিও লিখিব নাজানো বাবেই প’ষ্ট তেনেকৈ দিয়া নহয় আৰু “এদিনতো মৰিমেই, কমেণ্ট দি নো কি লাভ হ’ব” এই ভাৱতে কমেণ্টো দিয়া নহয় কিন্তু এইবাৰ জেং এটা হৈ গ’ল৷ নীলাক্ষীবা সম্পাদক হ’ল৷ বাৰ লগত ফে’চবুকৰ বাহিৰতো চিনাকি আছে, বাৰ বিদ্যালয়খনতে মই ইলেকশ্যন ডিউটিও কৰি আহিছোঁ এবাৰ৷ বায়ে এদিন মেচেঞ্জাৰত মেচেজ এটা দিলে, আলোচনীৰ বাবে লেখা এটা দিব লাগে৷ মোৰ লগে লগেই মানৱ জাতিৰ ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠতম সেই আইকনিক লাইনটোলৈ মনত পৰি গ’ল,
“Khatam ta ta bye bye good bye gaya.”
লেখা ক’ৰপৰা দিওঁ এতিয়া! মইটো লেখা দিয়া টাইপৰ মানুহ নহয়৷ আলোচনীত আজিলৈকে লিখিয়ে পোৱা নাই৷ ফে’চবুকত নিজৰ ৱালতহে লিখোঁ৷ তাৰো বেছিভাগেই হলৌ উঠিল টকৌ গছত জাতীয় প’ষ্ট৷ তেনেকুৱা লেখাতো ব্যংগ আলোচনীত দিব নোৱাৰি৷
ইপিনে নিদিলেও নীলাক্ষী বায়ে খুবেই বেয়া পাব৷ কেনেকৈ মিলোৱা যায়৷ কি লিখা যায়৷ মহা জেং৷
“তোমাক সোমাই অহা দেখি
মোৰ মৰিশালিৰ জপনা খুলি,
নিচাত ফিটিং হৈ নাচি থকা
ভুতবোৰ পলাল ৱাল পাৰ হৈ৷”
এনেকুৱা জমনি কবিতা এটাকে দিওঁ নেকি! কিন্তু এই দুশাৰীৰ পাছত দেখোন একোৱেই নহা হ’ল মনলৈ আৰু ফটাঢোলৰ দৰে আলোচনীৰ বাবে লেখা বিচাৰোঁতে দুটি শাৰীৰ কবিতা এটা দিয়া, আৰু কাৰোবাক দুপৰীয়া ভাত খাবলৈ মাতি চিংৰা কিনি আনি তাৰ ভাজিৰে ভাত খুৱাই পঠিওৱা, একেই কথা৷
তেন্তে সেই হলিউডৰ ক্যানু ৰীভছ যে আমাৰ ওদালগুৰিৰ ভেৰগাঁৱৰ কানু ৰাভাহে বা ডাচ কেপিটেলখন যে আমাৰ দাস(Das) বংশৰ বুৰঞ্জীহে, এনেকুৱা গোপন তথ্যসমৃদ্ধ লেখা এটা দিওঁ নেকি! কিন্তু এয়াতো বেছি চিৰিয়াছ হৈ যাব৷ চিৰিয়াছ লেখা পঢ়িব জানো ৰাইজে আৰু এইবোৰতো মই গোপন অনুসন্ধান কৰি উলিওৱা সত্যহে, ইণ্টাৰনেটততো ইয়াৰ উল্লেখ নাই৷ ৰাইজে প্ৰমাণ বিচাৰিলে ক’ৰপৰা দিম!
নাই, কোনোফালেই নিমিলে৷ ইপিনে মই কাকো না ক’বও নোৱাৰোঁ৷ কোনোবাই বিয়ালৈ মাতিলে যাব নোৱাৰোঁ বুলি জানিলেও যাব নোৱাৰিম বুলি নকওঁ৷ “নিমন্ত্ৰণৰ বাবে অশেষ ধন্যবাদ, চেষ্টা কৰিম” বুলিহে কওঁ৷ এতিয়া বাকো না ক’বলৈ বেয়া লাগিছে৷ নাজানো আৰু কি মিলেগৈ৷ শেষত উপায় নাপালে এইখিনিকে দি দিম৷ বাক ক’ম, ৱেইটিং লিষ্টত ৰাখিব লেখাটো৷ পৃষ্ঠা ভৰ্তি হ’লে নালাগে প্ৰকাশ কৰিব৷ ঠাই খালী ৰৈ গ’লে দি দিব৷
☆ ★ ☆ ★ ☆
10:41 am
সুন্দৰ