ফটাঢোল

দুৰ্ঘটনা : জ্যোতিৰেখা ৰাজখোৱা

দুৰ্ঘটনা শব্দটো শুনি বাৰু ভয় খাব নালাগে কাৰণ ক’বলৈ লোৱা ঘটনাটো আচলতে এটা দুৰ্ঘটনা আছিল নে লটিঘটি আছিল সেইটো মই নিজেই থিৰাং কৰিব পৰা নাই।

জাগীৰোড কলেজত বি.এ পঢ়ি থকা সময়ৰ কথা। কলেজৰ কিবা এটা বন্ধত মৰিগাঁও চহৰত থকা আমাৰ পেহীৰ ঘৰলৈ দুদিনমান থকাকৈ গৈছোঁ। সেইখিনি সময়ত আকৌ মোৰ এজন ল’ৰাৰ লগত দুৰ্ঘোৰ প্ৰেম চলি আছিল। আমি কলেজত পঢ়ি থকা সময়ত জাগীৰোডৰ দৰে সৰু চহৰত প্ৰেম কিমান বাধা-বিঘিণিৰ মাজেৰে কৰিব লাগে সেয়া সকলোৱে অনুমান কৰিব পাৰেই! যিফালে চোৱা যায়, সেইফালেই চিনাকি মানুহ, ঘৰৰ মানুহ। চিনাকি মানুহৰ চকুৰ আঁৰ লৈ প্ৰেমিকক লগ কৰাটো আছিল দুঃসাধ্য কাম।মৰিগাঁৱৰ পেহীৰ ঘৰৰ ওচৰতে মোৰ বান্ধৱী এজনীৰো ঘৰ। তেতিয়া মোবাইলৰ কথা নাছিলেই। কেনেবাকৈ লেণ্ডলাইন ফোনত যোগাযোগ কৰি আমাৰ শ্ৰীমান প্ৰেমিকৰ লগত কথা পাতি মৰিগাঁৱৰ ক’ৰবাত লগ হোৱাৰ কথা ঠিক কৰা হ’ল। সেই বান্ধৱীৰো ভালপোৱা ল’ৰা এজন আছিল আৰু আমাৰজনৰ লগত তেওঁৰো বন্ধুত্ব আছিল।

যি কি নহওক, সময় ঠিক কৰা মতেই আমি দুজনী পেহীৰ ঘৰৰ ওচৰৰ পৰা ৰিক্সা এখনত উঠি টাউনৰফালে আহি আছোঁ। খুব সম্ভৱ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ ওচৰত আমি লগ হোৱাৰ কথা আছিল। মৰিগাঁও হায়াৰ চেকেণ্ডাৰী স্কুলৰ সন্মুখ পাওঁতেই কেনেকৈ জানো হঠাৎ আমি দুজনী উঠি যোৱা ৰিক্সাখনৰ চকা এটা খুলি গ’ল আৰু আমি কিবা টলকিব পৰাৰ আগতেই ৰিক্সাখন লুটি খাই ৰাস্তাৰ কাষতে থকা এটা সৰু গেলা খালত গৈ বাগৰি পৰিল।

দৃশ্যটো আপোনালোকে কল্পনা কৰিব পাৰিছে নে নাই নাজানো কিন্তু প্ৰেমিকক লগ কৰিবলৈ সাজি-কাচি যোৱা দুজনী আটক ধুনীয়া গাভৰু মৰিগাঁও চহৰৰ মাজমজিয়াৰ এটা গেলা খালত বোকাৰে লুতুৰি-পুতুৰি। আমাৰ সৌভাগ্য নে কি নাজানো সেইখিনি সময়ত এতিয়াৰ দৰে নিউজ চেনেল নাছিল বাৰু, নহ’লে কি হ’লহেঁ‌তেন এতিয়া ভাবিলেই বুকু কঁপি উঠে! নিউজ চেনেল নাথাকিলেও চহৰৰ মাজমজিয়াত সেই দৃশ্যটো চাবলৈ দৰ্শকৰ অভাৱ হোৱা নাছিল। লগৰজনীয়ে কি ভাবিছিল নাজানো কিন্তু মই ভাবিছিলোঁ সেই গেলা খালটো এতিয়াও কিয় মোক লৈ আৰু তললৈ বহি যোৱা নাই! মাটিৰ তললৈ মই কিয় সোমাই যোৱা নাই!

কাহিনীটোত এটা টুইষ্ট তেতিয়া আহিল যেতিয়া আমাৰ দুয়োজন প্ৰেমিকো ঠিক সেইখিনি সময়তে স্কুটাৰেৰে আহি সেই ঠাইখিনি পালেহি। মোৰজনৰ সেইখিনি সময়ত সেউজীয়া ৰঙৰ স্কুটাৰ এখন আছিল। তেওঁলোক দুয়ো আহি হতভম্ব। দুয়োজনে ভাবিছে এই দুজনী কোন ছোৱালী বোকাৰ মাজত সোমাল! বেলেগ মানুহৰ লগতে তেওঁলোকেও প্ৰথমে ৰং চাবলৈকে ৰৈছিল। পিচে যেতিয়া দেখিলে নিজৰ-নিজৰ দুজনীয়ে, তেতিয়া মোৰ বান্ধৱীৰ প্ৰেমিক পুখুৰীত নামি গ’ল আৰু দুইজনীকে পাৰলৈ আনি পানী অলপ আনি চাফা হ’বলৈ দিলে আৰু বেলেগ এখন ৰিক্সাত উঠাই ঘৰলৈ পঠিয়াই দিলে।

মোৰজন নিৰ্বিকাৰ! এনেকুৱা দেখুৱাইছে যেন তেওঁ আমাক চিনিয়েই নাপায়।

পাছত এদিন সুধিলোঁ,

: মোক উঠাই আনিবলৈ তুমি কিয় পুখুৰীলৈ নামি নগ’লা?

তেওঁৰ একেই নিৰ্বিকাৰ উত্তৰ,

: ধেই, চিনেমা নেকি?

চহৰৰ মাজমজিয়াৰ গেলা পুখুৰীৰ পৰা নিজৰ প্ৰেমিকাক চিনেমাত দেখাৰ দৰে উদ্ধাৰ কৰিবলৈ লাজ পোৱা মোৰ সেই প্ৰেমিকজন অৱশ্যে এতিয়া মোৰ ৰিয়েল লাইফৰ হিৰ’, মোৰ এঘাৰ বছৰীয়া পুত্ৰক এতিয়াও তেওঁ মৰিগাঁও চহৰৰ মাজেৰে গ’লে সেই পুখুৰীটো থকা ঠাইখিনি দেখুৱাই ক’বলৈ নেৰে, “সেই গেলা পুখুৰীটোত মাৰে এদিন চিনেমাৰ শ্বুটিং কৰিছিল, গোটেই মৰিগাঁৱৰ মানুহে ঘেৰি ধৰি চাইছিল।”

☆ ★ ☆ ★ ☆

2 Comments

  • ৰাজশ্ৰী শৰ্মা

    আকৌ পঢ়িলোঁ, আকৌ হাঁহিলো বৌ।

    Reply
  • Utpala Bhuyan

    গেলা পুখুৰীৰ দুৰ্গন্ধ কিমান দিন লৈ থাকিল বাৰু।??

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *