ফটাঢোল

মনৰ কৌপাত খুলি-অৱন্তী গোস্বামী

আজি কিছুদিনৰ পৰা বিয়াৰ নিমন্ত্ৰণ বুলি ক’লে আগৰ দৰে মনত উৎসাহ নোহোৱা হৈছে। এতিয়াতো এই মহামাৰী বুলিয়েই এৰাই চলিব লগা হৈছে, কিন্তু তাৰ আগতেও বিয়াৰ প্ৰতি মানুহৰ যি এটা সাংঘাতিক টান আছিল, আজিকালি সেইটো প্ৰায় নোহোৱাৰ দৰে হৈছে। অৱশ্যে মোৰ আজি বহু বছৰ বিয়া বুলি ক’লে গৃহস্থই বেয়া পাব বুলি কথাষাৰ ৰাখিবলৈহে যোৱা আৰু খোৱা হয়৷ বেয়াও নালাগে। পাৰিলে মোৰ খাদ্যৰ হিচাব-নিকাচ নিজে কৰি চাইহে ডায়নিং হললৈ গতি কৰো‍ঁ! আমাৰ গৃহস্থইতো বিয়াত উপস্থিত হৈ কৰণীয়খিনি কৰি দাঁত খৰকিয়াই যি ৰভাৰ বাহিৰ হ’ব, সেইকোবতে ঘৰলৈ খোজ লয়! বাৰু যি নহওক আমি সেই পুৰণিকলীয়া নীতি-নিয়মবোৰ খামুচি ধৰি থাকিলেও নতুন চামে ভাল নাপাব! গতিকে সকলোকে সন্তুষ্ট কৰিবলৈ কিবা ল’লে কিবা এৰিবও লাগিব৷ আজিকালি বিয়া বুলিলে খৰচ কৰিব পৰা সকলেতো এসপ্তাহ মানৰপৰা মাছে, মাংসই, পানীয়ই একেবাৰে ফূৰ্তিয়েই ফূৰ্তি। খোৱাই খায়, নোচোৱাই চায়। খৰচৰ পথ এটা উলিয়াই লৈও ভাল পায়! মানে খাদ্যৰ বিভিন্ন ৰকমৰ তৈয়াৰ কৰে বাবে সেই অনুপাতে বহু ঠাইৰো প্ৰয়োজন হয়! খাদ্য খাই যিমান ততোধিক পেলায়! মানে পেটে আঁতিলেও চকুৱে নাটে। কিছুৱে গো-গ্ৰাসে বহু দিনলৈ খাই লয়! ভালেই কৰে গৃহস্থই গোটাই যেতিয়া খোৱাৰ কিহৰ চিন্তা! এইখিনিতে এষাৰ কথা কওঁ, বহু খৰচ কৰি ১৫/২০ টা আইটেম ৰান্ধি মিছাতে লোকক দেখুৱায়ো একো লাভ নাই। কাৰণ মানুহে পাছত সৱ পাহৰি পেলায়। আপোনাক কোনোবাখনত গৃহস্থই মাত দিবও পাৰে নিদিবও পাৰে গতিকে বেয়া পায়োতো একো নোম লৰাব নোৱাৰে, গতিকে এইখিনিতে থুলমূলকৈ বিয়াৰ কথা কেইটামান লিখিলোঁ!

আগতে গাঁৱত বিয়া এখন হোৱা মানে সেইখন গোটেই গাঁওখনৰে বিয়া বুলি গণিত কৰে! সেইমতে একেবাৰে চোতাল চিকুনোৱাৰ পৰা ৰভা পৰলা দি কাৰ ঘৰৰ বাৰীত কেইদাল মৰা তামোল আছে, কাৰ ঘৰত পুৰণি টিন পাত সাত চলা আছে, কাৰ ঘৰত চকী মেজ আছে খুৰা ভগা হ’লেও কথা নাই কেইখন আছে। মানে হিচাবৰ অন্ত নাই। গেটখন সাজিবলৈ ক’ৰ পৰা খাজুৰী পাত কেইখিলা গোটাব! ক’ৰপৰা ৰঙা নীলা কাগজ গোটাব সেই লৈ গৃহস্থৰ চিন্তা নাই৷ বনোৱাটোৱে গোটাই-পিটাই ল’ব আকৌ আৰু ক’ত ম’হৰ ভাল গাখীৰ কেইমোন লগাব? ক’ত কোমল চাউলৰ যোগাৰ কৰিব মানে হিচাবৰ উপৰি ৰাইজখন বিয়া ঘৰত গোট খাই এমাহৰ আগৰ পৰা উথপ-থপ! গৃহস্থই গোট খোৱা মানুহক গুৰ এলদাই গাখীৰ চাহকণ দিলেও আপত্তি নাই, নিদিলেও কোনেও বদনাম নাগায়! মুঠৰ ওপৰত দম্বৰু কাইৰ জীয়েকৰ বিয়াখন হাতে-পাতে হ’ব লাগে৷ আকৌ চিৰাধান, বকুলবৰা ধানৰ ৫/৬ টিং তিয়াই গাঁৱৰ কোনোবা এটাক কাণখন চোৱালেই হ’ল, সময়ত খুৰী, পেহী, মাহীসকলে আহি চিৰাখুন্দি হাঁহি-ধেমালিৰে ভাত-পানী খাই ঘৰাঘৰি যাবগৈ। আকৌ ঢেঁকী দি থাকোঁতে কোনে কি কি বিয়ানাম গাব সেইবোৰ জাত-জাতকৈ গাই থাকিব! তাৰ মাজতে এজনীয়ে আকৌ ক’ব, “ঐ আমাৰ উত্তৰ পৰীয়া ন-বৌক দৰা-কইনাক জুৰি গাবলৈ ক’বি!” ন-বৌৱে বিয়ানাম গালে একেবাৰে মানুহৰ চকুলোৰে বাট নেদেখা হয়! বৰ মোলায়েমকৈ গায় অ’৷ আকৌ জোৰোণৰ দুদিন আগত ৫/৬খন চাইকেলত বাঁহ বান্ধি গাখীৰ আনিবলৈ গ’লেই জাঁজীমুখ বা দিখৌমুখলৈ৷ ডেকাহঁতে ঘৰত দৈ পহুচাই দি ক’ব, “দাইটি আমাৰ গাখীৰৰ দায়িত্ব শেষ দেই৷” দুটামান চেঙেলীয়া ল’ৰা গোট খাই পাৰিলে গৰু গাড়ী এখন চোঁচৰাই লৈ গৈ ঘৰে ঘৰে ভকত বহিবলৈ কঠ, ঢাৰি, টৌ, হেঁতা, বাল্টি আনি দিবহি৷ “বৰবৌ আমি অনা বস্তুবোৰ চমজি লোৱা!” আকৌ বিয়া ভগাৰ পিছত বস্তু দিবলৈ গৃহস্থৰ চিন্তা নাই৷ ভাগে ভাগে দিবগৈ। পানী তুলিবলৈ যাবলৈ আকৌ গায়েন বায়েনৰ খোলৰ চাব ভাল বিহুৱাৰ দল লৈ একেবাৰে হেন্দোলদোপ! মানে পাৰভগা উৎসাহৰ অন্ত  নাই। বিয়া ঘৰৰ গৃহস্থই খোৱাৰ ঠাইলৈ গৈ অতিথিক হাতযোৰ কৰি ক’ব, “যেনেকৈ দুখী দুখী অৱস্থাৰে আপোনালোকক অপ্যায়ন কৰিছোঁ, বেয়া-চেয়া নাপাই যেন!” প্ৰতিজন অতিথি তেওঁলোকে ভগৱান হেন জ্ঞান কৰে, অন্ততঃ সেইদিনটোত আৰু অভ্যাগতই যি আনক দৰকাৰ নাই কিন্তু হিয়া উজাৰি আশীৰ্বাদ দিব ‘হৰ-গৌৰী বসতি হওক’ বুলি৷ এইবোৰ মনত আহি থকা ভাবৰ হেন্দোলনি! কোনে কি খুৱাইছে ন’ মতলব মাথো অমুকাৰ বিয়া হাত উজান দি উদ্ধাৰ কৰা৷ সেইমতে অধিক নমনীয় হোৱাৰ বাবে অতি অভাৱী মাক-বাপেকে ৬/৭ জনী ছোৱালী এনেকৈয়ে বিয়া দিছিল! এতিয়া সেই ৰামো নাই অয্যোধাও নাই! গতিকে সমাজে আমাক য’লৈ নিছে আমি তালৈকে চকু মুদি গৈ আছো‍ঁ৷ অতীতক যোৱাহে পাহৰি, নতুনক লোৱাহে আদৰি!    

সেই তাহানিৰ বিয়াৰ মাদকতাৰ কথা মনত পৰিলে আজিও মনবোৰ সাতখন আঠখন হয়! তাৰোপৰি বিয়া বন্দৱস্ত হোৱাৰ দুদিন পিছতে কোনে কি কি দি গৃহস্থক উদ্ধাৰ কৰিব সেই লৈয়ো আলচ। কোনোৱে ক’ব, মোমাইদেউ মই আৰু এই আলোচনা কৰি ধাৰে বান্ধে দৰাবৰণৰ সাজটোকে দিম বুলি ভাৱিছোঁ৷ গতিকে আপুনি মোমাইদেউ সেইটোক লৈ চিন্তা কৰিব নালাগে। ইপিনে ওচৰৰ নৰনাথ মহৰীয়ে মাইকৰ ভাৰ গাত ল’লেই৷ বোলে, “ঐ মাজু তোৰ জীয়েৰৰ বিয়াত   মাইকটো ময়ে দিম।”

বিয়াৰ দিনা উপজি পুৱাতে মাইক বাজিলেই,

“আলি ঢাকি পৰিলে শালিকীনো চৰাইজাক পথাৰ ঢাকি ভৰিলে ধান”।  

দিনটোলৈ আৰু মন পৰশা কেছেট মাইকত বাজি থাকিব! তাতে আকৌ সৰু দুটামানে মাজে মাজে মাইকৰ বাঁহডাল ঘূৰাই ঘূৰাই থাকিব। “ৰ’বি অকণমান আমাৰ ঘৰৰফালে দি লওঁ।” লিখি থাকিলেও শেষ নহয়৷ যেন এখন ভাৰষ্টহে।

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী

    ভাল লাগিল পঢ়ি

    Reply
    • অবন্তী গোস্বামী

      ধন্যবাদ ? ডলী

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *