পকামিঠৈ – মনম্বী শর্মা
বিহুৰ বতৰা। বিহু বুলি গােটেই ঘৰখন উদুলি মুদুলি। এসপ্তাহৰ আগৰ পৰাই ৰুণজুনৰ গাত তত্ নাই। শৈশৱতে একেলগে খেলাধূলা কৰা বৰতাকৰ ছােৱালী মিঠু বিহু বুলি সিহঁতৰ ঘৰলৈ আহিব। ঘৰখনত সকলােৰে মন উদুলি মুদুলি। কিমান দিনৰ মূৰত যে তাই গাঁৱৰ ঘৰখনলৈ আহিব। পঢ়া-শুনাৰ ব্যস্ততাৰ বাবে মিঠু বহুত দিন গাঁৱৰ ঘৰখনলৈ আহিব পৰা নাই। চহৰত ডাঙৰ-দীঘল হােৱা মিঠুৰ আকৌ ৰুণজুনলৈ বৰ হেঁপাহ কিন্তু পঢ়া-শুনা, গান-নাচ এইবােৰে তাইক ব্যস্ত কৰি থােৱাৰ বাবে প্রায় দহ বছৰমান তাই গাঁৱৰ আপােন ঘৰখনলৈ আহিব পৰা নাই।
ককায়েকহঁত অহাৰ খবৰটো পাই ভায়েক, বােৱাৰীয়েকৰ গাতাে তত্ নাই। লাৰু, পিঠা, ম’হৰ দৈ, দোৱা ভজা চিৰা, মুৰি, সান্দহ আদিৰে পাকঘৰৰ ভাণ্ডাৰ ভৰ্তি কৰি থৈছে।বিহু বুলি কিবা খাবলৈ দিলেই হ’বনে উভতি যােৱাৰ পৰত পিঠাপনা দুবিধমান টোপােলা কৰিওতো দি পঠাব লাগিব। মাকৰ কষ্ট দেখি ৰুণজুনৰ মনটো বেয়াও লাগে। বিহু বুলি মাকৰ কমটি কষ্ট হয়নে। বাহিবন কৰি ভাত ৰান্ধি, ঢেঁকীত চিৰা, পিঠাগুৰি খুন্দাৰ উপৰিও ৰাতিলৈ আকৌ শ শ লাৰু, পিঠা পুৰি শুবলৈ যাওঁতে ৰাতি এপৰ হয়। ৰুণজুনেও অৱশ্যে দুই এটা কামত সহায় কৰি নিদিয়া নহয়। যি পাৰে তাই ইটো সিটো কৰি মাকক সহায় কৰি দিয়ে। ৰুণজুনে মনতে অলেখ কল্পনা কৰে। মিঠু বা আহিলে তাই কি কি কৰিব, বায়েকৰ লগত ফুৰিবলৈ ক’ত ক’ত যাব। মাকক তাই কৈ থৈছে সেইকেইদিন তাই আকৌ মাকৰ লগত নুশুৱে, মিঠুৰ লগত শুব। মনত পৰে ৰুণজুনৰ, আগতে যে সিহঁতৰ ঘৰলৈ বৰমাকহঁত আহিলে তাই আৰু মিঠুয়ে লগ হৈ দৰা কইনাৰ খেল, পুতলা খেল, নাৰিকলৰ কোৰােকাত ভাত ৰন্ধা খেল কিমান যে খেলিছিল। বৰমাকে দুপৰীয়া ভাত খােৱাৰ পিছত সিহঁতক শুবলৈ দিছিল। বৰমাক কোঠাটোত থকালৈকে দুয়ােজনীয়ে শোৱাৰ অভিনয় কৰি থাকিছিল আৰু যেতিয়াই বৰমাকে সিহঁত শুলে বুলি ভাবি উঠি গৈছিল দুয়ােজনীয়ে কথাৰ মহলা মাৰিছিল। কেতিয়াবা ধৰাও পৰিছিল।
দিনমতে মিঠুহঁত আহি ৰুণজুনহঁতৰ ঘৰ পালেহি। মুখ হাত ধােৱাৰ পিছত ৰুনণজুনে সকলােকে চাহ খাবলৈ মাতিলে। লাৰু, পিঠাৰে টেবুল ভর্তি হৈ গ’ল। মিঠুহঁত আহি টেবুলত বহিল। জলপান দিব নেকি সকলােকে ৰুণজুনৰ মাকে সুধিলে। সকলােৱে খােৱাৰ সন্মতি দিলে। ৰুণজুনে মিঠুৰ কাষতে বহি ল’লে। মিঠুৱে দুই এটা বস্তু আগৰ দৰে খােৱা নাই। বাচি বাচিহে খাইছে। তিলপিঠা দুটা খালে কিন্তু আগতে খাই ভালপােৱা বৰপিঠাটো নাখালে। ৰুমজুনে চিনি পােৱা নাই বুলি বায়েকক ক’লে-
: এইটো খােৱা মিঠু বা, তুমি যে আগতে খাই ভালপােৱা বৰপিঠাটোহে।
: ইমান ডাঙৰ ডাঙৰ মােৰ পেটত নােসােমাই পায়, পিছত খাম।
: তেন্তে নাৰিকলৰ লাৰু খােৱা, সৰু সেইটো।
: না ইমান মিঠা হয় সেইটো। চেনী খােৱাটো বেয়া।
: তেন্তে,পকামিঠৈ খাবা?
: ভালকৈ পকা যদি খাম দিয়া।
☆ ★ ☆ ★ ☆
9:00 pm
ঠিকেই …পকা মিঠৈ পকা নহ’লে কেনেকৈ হ’ব? ৰস পালোঁ
3:57 pm
ধন্যবাদ জনালোঁ
4:17 pm
মিঠৈ পকিলে নে নাই নাজানিলো কিন্তু!
9:49 pm
পকিলে পকিলে