ফটাঢোল

চেং চৰাই-জয়ন্ত গগৈ

ব’হাগ বিহুৰ পিছতে নগঞা (নগাঁও) মজুমদাৰ পেহা-পেহী ওলালহি। পেহা-পেহী বহু দিনৰ মূৰত ফুৰিবলৈ আহিছে। পেহাই অৰুণাচলৰ খাৰচাঙত কেইবাবছৰে কাঠৰ ব্যৱসায় সূত্ৰে আছিল আৰু তেনেকৈয়ে আমাৰ পৰিয়ালৰ সৰুগৰাকী পেহীৰ লগত সংসাৰ আৰম্ভ কৰিলে। এনেদৰেই নগাঁও আৰু নাহৰকটীয়া- এই দুই ঠাইৰ মিতিৰৰ সম্বন্ধ এটি গঢ় লৈ উঠিল। ঠাই ভেদে থকা ৰীতি-নীতিৰ বাবেই প্ৰথমে দুই ঠাইৰ মিতিৰৰ মাজত অলপমান অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল। বিশেষকৈ দুই-এক বিশেষ খাদ্যাভাসৰ অলপ অচৰপ অমিল আছিল। যাৰ বাবেই পেহাহঁতৰ নগঞা কোনো মিতিৰ ফুৰিবলৈ আহিলে সেই বিশেষ কিছুমান খাদ্যাভাস লুক-ধাক কৰিবলগীয়া হৈছিল বা সেইকেইদিনত পৰিয়ালৰ সকলোৱে সংযমেৰে পালনো কৰিব লগা হৈছিল। পেহীৰো প্ৰথম অৱস্থাত অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল। মুখৰ পৰা যাতে কোনোপধ্যেই মাকৰ ঘৰৰ ফালে প্ৰচলিত বিশেষ কিছুমান খাদ্যাভ্যাসৰ কথা ওলাই নাযায়, তাৰ প্ৰতি সদা সচেতন হৈ ৰ’ব লগা হৈছিল। পেহীয়েও ন-কইনা হৈ নগাঁৱৰ ঘৰখনলৈ যোৱাৰ পিছত প্ৰথমবাৰ মাকৰ ঘৰলৈ আহোঁ‌তে নগঞা মিতিৰৰ মানুহ আহিলে কি কি কৰিব লাগিব? কি কি লুকুৱাই ৰাখিব লাগিব পৰিয়ালৰ সকলোকে সকীয়াই থৈ গৈছিল। পেহী আহোম বংশৰ ছোৱালী বুলি জানি প্ৰথমতে নগাঁৱৰ ঘৰখনে সহজভাৱে ল’বলৈ অসুবিধাত পৰিছিল। অৱশ্যে পেহীৰ সকলোৰে লগত হাঁহি স্ফূৰ্তিৰে মিলি যাব পৰা গুণ, কথা-কাম-বন আৰু ধেমেলীয়া কথাৰে আনক হঁ‌হুৱাই পেটৰ নাড়ী পকাই দিব পৰা আদি গুণৰ বাবেই নগাঁৱৰ ঘৰখনে, চুবুৰীয়া সকলোৱে গ্ৰহণ কৰিবলৈ বেছি দিন নালাগিলেই। বিয়া-সবাহ আদিত পেহীক নাহৰকটীয়ানী, আহোমনী বুলিহে মতা হ’লগৈ। ব্যৱসায় বন্ধ হৈ পৰা বাবেই পেহা নগাঁৱৰ ঘৰলৈ গৈ কুঁহিয়াৰ, মৰাপাটৰ খেতিত ধৰিলেগৈ।

পেহা ব্যৱসায়িক সূত্ৰে অৰুণাচল, নাগালেণ্ড আদি বিভিন্ন ঠাইত ঘূৰি ফুৰা বাবেই হয়তো খোৱা-বোৱা কিছুমানত সিমান এটা বাচ-বিচাৰ নাছিল। সেয়ে পেহা আহিলে আমাৰো কিছুমান লুক-ধাক কৰিব লগা নহৈছিল। বিশেষকৈ লেটা-পলু, আমৰলি টোপ, গাহৰি মাংস, মাছৰ শুকতি, ঘৰুৱা সাঁজপানীয় আদি পেহা আহিলে আমাৰ খাদ্য তালিকাৰ পৰা আঁতৰাই ৰখা হয়। অৱশ্যে পেহাই এই খাদ্যকেইবিধ গ্ৰহণ নকৰে যদিও ঘৰুৱা সাঁজ-পানীৰ ৰহি অলপ খাবলৈ বিচাৰে। সেয়ে পেহা আহিব বুলি জানিলে পৰিয়ালৰ দুই এঘৰে পেহালৈ বুলি আচুতীয়াকৈ অলপ থয়। এইবাৰো পেহা আহিছে বুলি জানি কাষৰে গাঁ‌ৱৰ সিদ্ধি ককাইদেউৰ বৌয়ে পেহাক তেখেতলোকৰ ঘৰলৈ নিমন্ত্ৰণী  দি গ’ল। পেহাৰ ব্যৱসায়ৰ ভাল থকা দিনত সেই ককাইদেউৰ কাঠ কঢ়িওৱা ফ’ৰ হুইলাৰ ট্ৰাক গাড়ীখন বহুবাৰ ব্যৱহাৰ কৰিছিলগৈ। সেয়ে ককাইদেউহঁতৰ ঘৰখনৰ লগত পেহাৰ পুৰণি এক আপোন আত্মীয়তা আছিল।

ব’হাগ মাহ শেষ হ’বলৈ আৰু কেইটামান দিনহে বাকী আছেগৈ। বৰুণ দেৱতাইও ধৰণীত এইকেইদিন মুষলধাৰে বৰষুণ পেলাইছে। সেয়ে ন-পানী পাই সন্ধিয়াৰ পৰা দুভাগ নিশালৈকে পথাৰত ভেকুলীৰ মাতে টোৰটোৰাই আছে। মাজে-সময়ে ডাঙৰ ডাঙৰ বামুণ ভেকুলাৰ ডাঙৰ ডাঙৰ মাতবোৰেও পৰিৱেশটোৰ সুৰ-সঞ্চাৰত সুকীয়া ধ্বনি তুলিছে। এইকেইদিনতে জাকৈত উঠা পথাৰৰ ডৰিকণা, পুঠী, খলিহনা আদি মাছৰ সোৱাদো গাঁৱৰ দুই এঘৰে লৈছে। দিনৰ দিনটো বৰষুণজাকৰ বাবেই পেহাক ককাদেউহঁতৰ ঘৰলৈ লৈ যাব পৰা নাছিলোঁ। সন্ধিয়াৰ সাজ লগাৰ অলপ আগেয়ে বৰষুণজাক এৰিলত পেহাৰ লগত ককাইদেউহঁতৰ ঘৰ ওলালোগৈ। চাহ-জলপানৰ পৰ্ব শেষ হোৱাৰ পিছতে বৌৱে পেহাক ঘৰুৱা সাঁজৰ ৰহি অলপ ল’ব নেকি বুলি সোধাত, পেহাই পোনতেই সন্মতি জনাই বৌক ক’বলৈ ধৰিলে-

: বৌ, সেয়া আপুনি সুধিব লাগেনে? ইমান দিনৰ মুৰত নগঞা দেৱৰজন আহিছোঁ সুদামুখে পঠিয়াবনে ! আনক আনক যি আছে সকলো উলিয়াই আনক।

: নহয় অ’ পেহাক। আপুনি আজি-কালি নগঞা হ’ল নহয়। কেনেবাকৈ ৰহি-চহিবোৰ এৰি দিছে বুলিহে সুধিলোঁ।

: নাই নাই বৌ, সেই পাহাৰীয়াটোৱেই হৈ আছোঁ, সম্পূৰ্ণ নগঞা হৈ যোৱা নাই।

বৌৱে ডাইনিং টেবুলত খোৱাৰ যতনবোৰ লগাই সকলোটিকে মাতিলে। বৰা চাউলৰ চেৰা দি থোৱা সাঁজৰ ৰহিৰ চোকত পেহাৰ  বগা গোঁসাই বৰণীয়া উজ্জ্বল ছালৰ গাল আৰু কপালৰ ৰং লাহে লাহে ৰঙচুৱা বৰণলৈ সলনি হ’বলৈ ধৰিলে। ব্যৱসায় দিনৰ পুৰণি কথাবোৰ পাতি ককাইদেউৰ লগত সেই দিনবোৰৰ কথা সুঁ‌ৱৰি কিমান যে কথা উলিয়াইছে। পেহাৰ কথাবোৰ অলপ নাগামিজ ৰূপলৈ আহিবলৈ ধৰিলে। পেহাৰ নিচা ধৰিলেই এই নাগামিজ শব্দবোৰ ওলাই অহাৰ প্ৰমাণ দিয়ে। পুৰণি অভ্যাস, তাতে বহুদিন ধৰি অৰুণাচলী আৰু নগা মানুহৰ লগতেই কটালে। পাহাৰীয়া মানুহখিনিৰ লগত নাগামিজ ভাষাৰে পাতিব লাগে। প্লেটত কুকুৰা মাংসৰ আঞ্জা কমি অহাৰ বাবেই ককাইদেৱে বৌক আৰু অলপমান দিব যাবলৈ ক’লে। বৌৱেও পাকঘৰৰ ভিতৰৰ পৰাই সেই জাতীয় তৰকাৰী আৰু নাই নহয় বুলি জনালে। তেতিয়াই ককাইদেৱে হঠাতে পেহাক সুধিয়ে পেলালে,

: বৈনাই, চেং চৰাইৰ মাংসৰ ফ্ৰাই পিচ্ অলপ আছে। চলিব নে?

: চেং চৰাই! এহ হ’ব দিয়ক বৌ। চলিব চলিব।
বৌৱে ককাইদেউ আৰু মোৰ ফালে কেৰাহিকৈ চাই শুকানকৈ ফ্ৰাই কৰা মাংসৰ লেগপিচ্ কেইটামান প্লেটত দি গ’ল। পেহাই প্লেটৰ পৰা মাংসৰ লেগপিচ্ এটি লৈ পৰম আগ্ৰহেৰে চোবাই শেষ কৰি ক’বলৈ ধৰিলে,
: মাংসৰ সোৱাদ কিছু আছে দেই। ঠিক কুকুৰাৰ দৰেই। নাম নক’লে খাওতাই গমকে নাপাব কিন্তু ! ইমানদিনে পাহাৰে -ভৈয়ামে ঘুৰি ফুৰিছিলোঁ যদিও, মই এই চেং চৰাইজনীৰ কথা ক’তো শুনাও নাছিলোঁ। আজিহে শুনিলোঁ আৰু তাৰ জুতিও পালোঁ। মোৰ ভাগ্যহে বুলি ক’লোঁ‌ দেই বৌ।
: ও, হয় হয় পেহাক।
:  ক’ত ধৰিলেনো বৌ চেং চৰাইবোৰ? আৰু ক’তনো থাকে?
: এঃ! পেহাক অ’, পথাৰতে চৰি ফুৰে, পানী হ’লে। তেতিয়াই ধৰা হয়।
: হয় নেকি। এই চেং চৰাইজনী কেতিয়াবা চাবহে লাগিব। চিনাকি কৰি দিব দেই।
(আপোনালোকক কাণে কাণে কৈ থ’লোঁ‌, পেহাই নজনাকৈ। চেং চৰাই, ককাইদেৱে সেইদিনা তাৎক্ষণিকভাৱে সৃষ্টি কৰা এটি নামহে। উজনিৰ কিছুলোকে ব’হাগৰ বাৰিষা বতৰত পথাৰত ডাঙৰ ডাঙৰকৈ চিঞৰি থকা ডাঙৰ ডাঙৰ বামুণ ভেকুলাবোৰ ধৰি তপিনা অংশ কাটি মাংস হিচাপে খায়। পেহাকো সেইদিনা এই বামুণ ভেকুলাৰ তপিনা অংশকে চেং চৰাইৰ মাংস বুলি জেঠেৰীয়েকে খোৱালে। ৰাইজ ভুল নধৰিব দেই !)

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *