ফটাঢোল

যাবলৈ দিয়া কোৱাইটি বৰহোলা বাছ-জয়শ্ৰী শৰ্মা

এখন সৰু অথচ মনোৰম ঠাই। অসম নাগালেণ্ড সীমান্তৱৰ্তী, সুন্দৰ সেউজীয়া নিৰিবিলি ঠাই হৈছে বৰহোলা। যোৰহাট সদৰৰ পৰা পূবে ৩৬ কিঃমিঃ দূৰত্বত, গোলাঘাট জিলাৰ বুৰঞ্জী প্ৰসিদ্ধ আঠখেলীয়া নামঘৰৰ পৰা পূবে ৫ কিঃমিঃ দূৰত অৱস্থিত প্ৰধানতঃ জনগোষ্ঠীয় বসতি প্ৰধান অঞ্চল হ’ল বৰহোলা।

এই সৰু চহৰখনৰ পৰা উচ্চ শিক্ষাৰ বাবে ওলাই গৈয়েই সন্মুখীন হৈছিলোঁ উক্ত বাক্য শাৰীৰ। ঘৰ ক’ত ইত্যাদি চিনা পৰিচয় হ’লেই চিনিয়ৰ (বিশেষকৈ ল’ৰাবিলাকে) কৈছিল, “অ’, বৰহোলা বাছ!”  নিজৰ জন্মঠাইখনৰ ওপৰত ইতিকিংসূচক মন্তব্য কোনেও ভাল নাপায়। কোনোবাই তেনেকৈ ক’লেই গহীন গম্ভীৰ সুৰত কৈছিলোঁ, আচলতে বৰহোলাৰ প্ৰাকৃতিক পৰিৱেশৰ কথা বহুতে নাজানেই। টাউনৰ পৰা চাৰি কিলোমিটাৰ নিলগত অৱস্থিত শিলডুবি নামৰ এখন বৰ ধুনীয়া ঠাই আছে, সৰু জলপ্ৰপাতেৰে এটা নান্দনিক পৰিবেশ আছে, কেতিয়াবা সময় উলিয়াই যাব চাবলৈ।

আচলতে আজিৰ পৰা প্ৰায় ২০ বছৰৰ আগৰ সময়ছোৱাত সেই ঠাইসমূহৰ যাতায়ত সুচল নাছিল। ৰাস্তা-ঘাটৰ অৱস্থা বেয়া আছিল। সেই সময়ত যাতায়তৰ বাবে লাইন বাছবিলাকেই আছিল মানুহৰ ভাৰষা। যোৰহাট, তিতাবৰ, বৰহোলা, নগাবাট নাম লিখা প্ৰায় ২০ খনমান লাইনবাছ দৈনিক অহা-যোৱা কৰিছিল। এই বাছবিলাকেই ৰিজাৰ্ভত কেতিয়াবা গুৱাহাটীলৈকো গৈছিল। আগফালে লিখি থোৱা বৰহোলা নামটোৱেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। এনেকৈয়ে বৰহোলা বাছ উজনিৰ পৰা নামনিলৈ বিখ্যাত হৈ পৰিছিল। বাছবিলাকত আকৌ ৰবৰেৰে বনোৱা হাতেৰে টিপা হৰ্ণ আছিল। অসম্ভৱ বেয়া ৰাস্তাবোৰত আকৌ এই বিকট শব্দ কৰা হৰ্ণ বজাইহে গৰু-ছাগলী ৰাস্তাৰ পৰা আঁতৰাব পাৰিছিল। আকৌ ৰাস্তাতে বেয়া হৈ ৰৈ যোৱা কোনোখন বাছত কণ্ডাক্টৰে বোলে চিঞৰি কয়, বচ কোৱাইটি মানুহ মাতা.. লগে লগে যাত্ৰীসকলৰ কিছুমানে বাছখন ঠেলি ষ্টাৰ্ট কৰিছিল।

“বচ কোৱাইটি যাবলৈ দিয়া বৰহোলা বাছ..” 

বাক্যশাৰী চাৰিওফালে বিখ্যাত হৈ পৰিছিল।

এই বাছত যাত্ৰা কৰা এটা মজাৰ কাহিনী মই দেউতাৰ মুখত শুনিছিলোঁ। কৃষিজীৱী মানুহ বিলাকে যোৰহাট টাউনলৈকে বজাৰলৈ বুলি পোহনীয়া হাঁহ, পাৰ ইত্যাদিবিলাক বিক্ৰীৰ বাবে বাছত উঠাই লৈ গৈছিল। এদিন তেনেকৈ বজাৰত বিক্ৰীৰ বাবে মোনাত ভৰাই লৈ যোৱা হাঁহবোৰে পেক-পেকাই চিঞৰি থকাৰ লগতে মলত্যাগ কৰি লেতেৰা কৰিছিল। কোনো কোনোৱে গোন্ধত অতিষ্ঠ হৈ মানুহজনক গালি শপনিও পাৰিছিল। লাহে লাহে পৰিবেশ শান্ত হ’ল, পিছে উৰহী গছৰ ওৰ ওলাল তেতিয়াহে, যেতিয়া মানুহজনৰ লগত যোৱা অকণমানি ছোৱালীজনীয়ে মোৰ পেন বুলি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। দেউতাকে বোলে মানুহৰ বকনিত উপায়ন্তৰ হৈ ছোৱালীজনীৰ পিন্ধি থকা পেণ্টিটোকেই খুলি হাঁহক পিন্ধাই দিছিল।

           

☆ ★ ☆ ★ ☆

5 Comments

  • Anonymous

    সুন্দৰ

    Reply
  • Jayshree

    ধন্যবাদ ?

    Reply
  • ৰাজশ্ৰী শৰ্মা

    যাবলৈ মন যায় দেই সঁচাকৈয়ে

    Reply
  • পঙ্কজ বৰুৱা

    ভাল লাগিল ৷
    এতিয়া কিন্তু বৰহোলাৰ ৰাস্তাপথ ভাল হ’ল ৷ যোৰহাটতকৈ গোলাঘাটলৈহে আগতে বেছি আহিছিল বৰহোলাৰ মানুহ ৷ গোলাঘাট চহৰলৈ বহুকেইখন বাছ আহিছিল বিংশ শতিকাৰ শেষৰ দশক কেইটাত ৷

    Reply
  • ৰামানুজ জি

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *