বন্দুক চলাবলৈ শিকি আত্মৰক্ষা কৰোঁ আহক-কমলা দাস
অসম আন্দোলনৰ সময় আছিল সেয়া। মই তেতিয়া ক্লাছ এইটত পঢ়োঁ। আন্দোলনৰ তীব্ৰতাই স্কুল কলেজ সকলোতে প্ৰভাৱ পেলাইছিল। দলে-বলে সকলোৱে আন্দোলনত জঁপিয়াই পৰিছিলোঁ। ঠায়ে ঠায়ে পুলিচ মিলিটেৰিৰ অত্যাচাৰো চলিছিল। পিকেটিং, প্ৰচেশ্যন আদিত আমি অংশগ্ৰহণ কৰিছিলোঁ। পিকেটিং কৰিবলৈ গ’লে, সাময়িক জেলত দিনটো ৰাখি থৈছিল আমাক। সেইখিনি সময়ত ছাত্ৰসন্থাৰ ফালৰ পৰা কেঁচা নাইবা সিজোৱা বুট এমুঠিমানকৈ খাবলৈ দিছিল আমাক।
সেই আন্দোলন চলি থকা সময়তে এবাৰ ঢৌ আহিল আত্মৰক্ষাৰ বাবে প্ৰশিক্ষণ দিয়া। আমাৰ স্কুলবিলাকত সকলো ছাত্ৰ ছাত্ৰীকে “এন চি চি” প্ৰশিক্ষণ দিবলৈ আহিল। প্ৰশিক্ষণ দিবলৈ অহাবোৰ পুলিচেই আছিল নে আৰ্মিয়েই আছিল পাহৰিলোঁ। নতুন কিবা এটা শিকিবলৈ পাই আমাৰ সাংঘাতিক উৎসাহ আহিল। তাতে আত্মৰক্ষাৰ কথা আহি পৰিছে যেতিয়াতো কথাই নাই! ল’ৰা হাইস্কুল, ছোৱালী হাইস্কুল সকলোতে পেৰেডৰ আখৰা চলিবলৈ ধৰিলে।
আন্দোলনৰ সময়ত স্কুলৰ পিৰিয়ডবোৰ সম্পূৰ্ণকৈ নহৈছিলেই। প্ৰচেশ্যন নাইবা পিকেটিঙলৈ যাব লগা হ’লে, এটা ক্লাছ কৰিয়েই চুটি দিছিল। এন চি চি প্ৰশিক্ষণ চলি থকাৰ সময়তো জিৰণিলৈকেহে নাইবা তাৰো আগতে দুটামান ক্লাছ কৰাৰ পাছতেই স্কুলৰ খেল পথাৰত কুচ কাৱাজ আৰম্ভ হৈছিল।
স্বা…ব ধা…ন
বি…শ্ৰা…ম
দায়ে এএএ, মোৰো!
এক, দো, তিন, এক্ক!
আগে…স্বলো…
লেফ্ট ৰাইট, লেফ্ট ৰাইট, লেফ্ট ৰাইট,
পিচ্চে…এএ…মোৰো…! এক, দো, তিন, এক্ক!
আগে…স্বলো…। লেফ্ট ৰাইট, লেফ্ট ৰাইট!
স্বা…ব…ধা…ন,
বি…শ্ৰা…ম!
পুৰাদমে আমি প্ৰশিক্ষণ লৈ আছোঁ প্ৰায় এমাহ জুৰি। পোন্ধৰ দিনমান যোৱাৰ পাছত আমাক বন্দুক চলোৱাৰো শিক্ষা দিছিল। বন্দুক চলোৱাৰ প্ৰথম পাঠ হিচাবে প্ৰথম দিনা আমাক, থোৱা ঠাইৰ পৰা শিকি থকা থলীলৈ বন্দুকবোৰ দাঙি লৈ আহিবলৈ দিছিল। যিয়েই বন্দুক দাঙি আনিব পাৰিব, সিয়েই বন্দুক চলোৱা শিকিব পাৰিব বুলি কোৱাত, আমি ফূৰ্তিতে দৌৰি দৌৰি বন্দুক আনিবলৈ গৈছিলোঁ। পিচে বন্দুক দাঙিব খোজোঁতেহে আমাৰ হেকো বাহিৰ হৈ যোৱা যেন অবস্থা হ’ল। ইমান ওজন! কান্ধত ওলোমাই লোৱাৰ লগে লগে বন্দুকে আমাক তললৈ টানিবলৈ ধৰিলে। সেই সময়ত আমাৰ প্ৰায়বোৰৰেই স্বাস্থ্যৰ অবস্থা তথৈবচ। ধুমুহা বতাহত কথমপি হে উৰি নোযোৱাকৈ থকা আমিবোৰে, আমাতকৈও ওজন থকা বন্দুকবোৰ কেকোঁ-জেকোঁকৈ দুইখন হাতেৰে কোনোমতেহে দাঙি আনিছিলোঁ, শিকিবলৈ নেপাম বুলি!
বন্দুকৰ বিষয়ে আমি ভালদৰেই শিকিলোঁ। বন্দুকৰ অংশবোৰ খুলি-মেলি, চাফা কৰি, পুনৰ জোৰা লগাই গুলী ভৰোৱা আৰু উলিওৱাৰ পৰা, গুলীওৱা লৈকে সকলোবোৰ খৰচি মাৰি আমাক শিকাইছিল। শিকা হোৱাৰ পাছত আমাক পৰীক্ষামূলক ফায়াৰিং কৰিবলৈ কাটাঝাৰ নামৰ ঠাই এখনলৈ লৈ গৈছিল। তাত প্ৰকাণ্ড বালিৰ দ’ম এটাত গুলিয়াবলৈ দিছিল। আমি আটায়ে শাৰী পাতি মাটিত উবুৰি হৈ পৰি, মূৰটো দাঙি, বাওঁ কান্ধৰ ওচৰত চিধাকৈ বন্দুকটো মাটিত থৈ ট্ৰিগাৰ টানিছিলোঁ। (একেবাৰে চিনেমাত দেখুৱাৰ নিচিনাকৈ) গুলীটো ওলাই যোৱাৰ পাছত, বন্দুকে পিছফালে জোৰেৰে মাৰি দিয়াৰ ফলত আমাৰ কান্ধৰ হাড় ভাগি যাব যেন লাগিছিল। বৰ দুখ পাইছিলোঁ।
পেৰেড আৰু বন্দুক পৰ্ব শিকা হৈ যোৱাৰ পাছত এইবাৰ আহিল আত্মৰক্ষাৰ কৌশল শিকাবলৈ। ল’ৰাবোৰক আত্মৰক্ষাৰ পাঠ কেনেকৈ শিকাইছিল গম নেপালোঁ। যিহেতু ল’ৰা ছোৱালীৰ প্ৰশিক্ষণ বেলেগে বেলেগে হৈছিল। আমাক শিকাবলৈ বাইদেউ এগৰাকী আহিছিল। ছোৱালীবোৰক বিশেষকৈ পুৰুষৰ আক্ৰমণৰ পৰা কেনেকৈ বাচিব পাৰি, তাৰেই বেছিকৈ শিক্ষা দিছিল। বাইদেৱে কেইবাটাও কৌশল শিকাইছিল আমাক। পুৰুষে সন্মুখৰ পৰা আক্ৰমণ কৰিলে আত্মৰক্ষাৰ বাবে কেনেকুৱা কৌশল প্ৰয়োগ কৰিব লাগে, পিছৰ পৰা আক্ৰমণ কৰিলে কোনটো মুদ্ৰাৰে প্ৰতিআক্ৰমণ কৰিব লাগিব ইত্যাদি বহুতো কলা-কৌশল শিকাইছিল। আমিও পৰম উৎসাহেৰে শিকিছিলোঁ।
আত্মৰক্ষাৰ কৌশল কিছুমান আছিল এনেকুৱা ধৰণৰ। যেনে ধৰক- আপুনি তলমূৰ হৈ আছিল! ঠিক তেনেতে বেয়া মানসেৰে কোনোবা শত্ৰুৱে আপোনাক পিছৰ পৰা সাৱটি ধৰিব খুজিছে! সেইটো কেনেদৰে ৰোধ কৰিব! আপুনি শত্ৰুৰ স্থিতি অনুমান কৰি, ছেকেণ্ডত মূৰ ওপৰ কৰি থিয় হৈ শত্ৰুৰ থুতৰিত খুন্দিয়াই ছিটিকাই দিয়ক! তাৰ পাছত শত্ৰুৱে হাত মেলি আহিলে, আপোনাৰ দুয়োখন হাতেৰে প’জ লৈ শত্ৰুৰ হাতৰ মনিবন্ধৰ পৰা কিলাকুটিৰ মাজৰ ঠাই ডোখৰত সৰ্বশক্তিৰে হাত চিধা কৰি আঘাত কৰক! তাৰ পাছত আপুনি বিজুলী গতিৰে সোঁ ভৰিখন নব্বৈ ডিগ্ৰী ওপৰলৈ দাঙি শত্ৰুৰ আচল জেগাত প্ৰচণ্ড জোৰেৰে গোৰ মাৰক।
আন এটা কৌশল আছিল- ধৰক আপুনি থিয় হৈ আছিল। পিছফালৰ পৰা শত্ৰুৱে আক্রমণ কৰিবলৈ আহিল! আপুনি তুৰন্তে ঘূৰি ভৰিখন দাঙি ঘণ্টাত এশ কিলোমিটাৰ বেগেৰে ভৰিখনেৰে শত্ৰুৰ আচল জেগাত গোৰ মাৰি দিয়ক! পৰি যোৱা শত্ৰুৱে উঠিবলৈ নৌপাওঁতেই পুনৰ আক্ৰমণ কৰক বাৰে বাৰে, শত্ৰু কাহিল হৈ নোযোৱালৈকে।
বাইদেৱে যেতিয়া আমাক কৌশলবোৰ শিকাইছিল, তেতিয়া আমাৰ ছোৱালীবোৰক দুজনী দুজনীকৈ ভাগ কৰি লৈছিল। মানে এজনী প্ৰতীকী শত্ৰু আৰু আনজনী আত্মৰক্ষাকাৰী। মই আৰু মোৰ বান্ধৱীজনীয়ে যোৰা হৈছিলোঁ।
সেইদিনাও আমি দুইজনীয়ে যোৰা হৈ পৰম উৎসাহেৰে অনুশীলন কৰি আছোঁ। পেৰেড কৰিবলৈ আৰু বন্দুক চলাবলৈ জনা হোৱাৰ পাছত এনেয়ো আমাৰ আত্মবিশ্বাসে একেবাৰে হিমালয়ৰ তুঙ্গত অৱধাৰণ কৰিছিল!
সিদিনা আমি দুইজনীৰ, তাই হৈছিল প্ৰতীকী শত্ৰু আৰু মই আক্ৰমণ প্ৰতিৰোধকাৰী! অৱশ্যে আঘাত কৰাৰ সময়ত প্ৰতীকী শত্ৰুজনীয়ে পিছুৱাই দিব লাগে, যাতে আঘাত নাপায়।
সুন্দৰকৈয়ে আমি কৌশলবোৰ অনুশীলন কৰি আছিলোঁ! খুব মনোযোগেৰে অনুশীলন কৰি থাকোঁতে এবাৰ তাই আহিল নহয় শত্ৰুৰ ৰূপত মোক পিছফালৰ পৰা সাৱটি ধৰিবলৈ! ময়ো পুৰা জৌশত, ছেকেণ্ডত ঘূৰি দি ঘণ্টাত এশ কিলোমিটাৰ বেগেৰে প্ৰচণ্ড জোৰত শত্ৰুৰ আচল জেগাত গোৰ মাৰি প্ৰতিআক্ৰমণ কৰি দিলোঁ! লগে লগে শত্ৰুৱে, আয়ৌ, মল্লুদে বুলি হাতেৰে ধৰি বহি পৰিল! মোক আক্ৰমণ কৰি, আঁতৰি দিবলৈ সুবিধাই নাপালে বেচেৰীয়ে!
সেই সময়ত মই যেনেকুৱা কেটেঙি আছিলোঁ, তায়ো একেই আছিল। সেয়ে মোৰ বিজুলী বাঁহৰ নিচিনা কেটেঙা ভৰিখনেৰে মৰা গোৰটোত তাই চাগৈ বহুত দুখ পাইছিল!
তাৰপাছত তাই মোক তিনিমাহমান মাতা নাছিল, মই জানি-শুনি তাইক আঘাত কৰা বুলি ভাবি!
☆ ★ ☆ ★ ☆