ফটাঢোল

মাইনা তুমি জুই-জয়ন্ত দাস

: ছাৰ, ভিতৰলৈ সোমাব পাৰোঁনে?

অফিচৰ পিয়ন মোহিতৰ চিনাকি মাতটো শুনি প্ৰশান্তই ফাইলৰ পৰা চকু আঁতৰাই তেওঁলৈ চালে৷

: আহা আহা সোমাই আহা, বহা৷ কোৱা কেনে আছা?

: ভালেই আছোঁ ছাৰ৷ পিচে আপোনাৰ মোবাইলটো লগত আছেনে?

চোলা আৰু পেণ্টৰ জেপত মোবাইলটো বিচাৰি নাপাই প্ৰশান্তই মোহিতক ক’লে,

: ছেঃ গাড়ীতে এৰি থৈ আহিলোঁ নেকি, নহ’লেনো ক’ত যাব পাৰে!

: ছাৰ, আপুনি আজি মোবাইলটো অনাই নাই৷ ঘৰতেই এৰি আহিছে৷ এইমাত্ৰ বাইদেৱে মোক ফোন কৰি কথাটো আপোনাক জনাবলৈ কৈছে৷  

মিচিকিয়া হাঁহি মাৰি মোহিতে কথাখিনি ক’লে৷

: এঃ ভালেই কৰিলে হে বাইদেউৰাই কথাটো জনাই, নহ’লে মই ফোনটো অফিচতে ক’ৰবাত এৰা বুলি ইফালে-সিফালে বিচাৰি ফুৰিলোঁহেঁতেন৷

: বাৰু ছাৰ কথা এটা সোধোঁ?

: কি কথানো?

: আপোনাৰ মোবাইলটোত স্ক্ৰীণ লক আছেনে?

: কোনো লকেই নাই৷ পিচে কিয় সুধিলা কথাটো? 

প্ৰশান্তই  আচৰিত হৈ মোহিতক সুধিলে৷

: নহয় মানে স্ক্ৰীণ লক নাথাকিলে বাইদেৱে আপোনাৰ ফোনটো নাচাব জানো?

মোহিতে লাহেকৈ ক’লে৷

: অঁ চাব৷ তাতে কি হ’ল?

: আচলতে আমাৰ একাউণ্ট চেকশ্যনৰ যে বিকাশ, তেওঁৰ এনেকুৱা মোবাইলক লৈয়েই ডাঙৰ ঘটনা এটা ঘটি গৈছে৷ আপুনি চাগে গমেই নাপায়৷

: কি হৈছিলনো? 

উৎকণ্ঠাৰে প্ৰশান্তই সুধিলে?

: এনেকৈ এদিন তেওঁৰ ফোনটো ঘৈণীয়েকে পাই ফেচবুক, হোৱাটচএপ আদি চালে৷ তাৰপিছত দুয়োটাৰে ভীষণ কাজিয়া৷ আনকি ডিভোৰ্চ দিয়া পৰ্যায়লৈ আগবাঢ়িছিল৷ পিছত যেনিবা কোনোমতে সেইটো নহ’ল৷ তথাপিও এতিয়াও গিৰিয়েক ঘৈণীয়েকৰ মাজত সিমান ভাল সম্পৰ্ক নাই৷

: এনেকুৱা কি ঘটনা হৈছিলনো?  মইচোন একো গমেই নাপাওঁ৷ 

: হোৱাটচ এপত বোলে কোনোবা ছোৱালীক কিবা-কিবি মেচেজ দিছিল আৰু সেইটো বিষয় লৈয়েই তেওঁলোকৰ কাজিয়া হৈছিল৷ 

মোহিতে ক’লে৷

: এঃ মোৰ এইবোৰলৈ ভয় নাই দিয়া৷ মইনো ক’ত কিমান এইবোৰ ব্যৱহাৰ কৰোঁ৷ কেতিয়াবা দুই এটা বন্ধুৰ লগত মেচেজ কৰোঁ বা ফেচবুকত লাইক কমেণ্ট কৰোঁ৷

: ভালেই ছাৰ৷ একো নহ’লেই হ’ল৷ বাৰু আপুনি কামবোৰ কৰক৷ মই আহিছোঁ ছাৰ৷ 

মোহিত ওলাই যোৱাৰ ফালে চাই চাই প্ৰশান্তই  ভাবিবলৈ ধৰিলে কেতিয়াবা সিয়ো কাৰোবাক কিবা দিব নলগীয়া মেচেজ দিছিল নেকি? মোহিতৰ কথাখিনিয়ে প্ৰশান্তকো কিছু চিন্তিত কৰি তুলিলে৷ 

নাই-নাই একো ভয় নাই৷ প্ৰশান্তই নিজেই মনটোক প্ৰবোধ দিলে৷ তথাপিও  যেন অহেতুক চিন্তা এটাই খেদি ফুৰিছে তাক৷

অফিচৰ পৰা  ওলাই আহি সি ওচৰৰে চাহৰ দোকানখনত চাহ একাপ অৰ্ডাৰ দিলে৷ চাহ কাপ খাই খাই সি মোহিতে কোৱা কথাবোৰেই ভাবিবলৈ ধৰিলে, যদি বিকাশৰ দৰে দূৰ্ঘটনা  তাৰ জীৱনতো ঘটে!

মনটো ভাল লগা নাই প্ৰশান্তৰ৷ হাতঘড়ীটোলৈ চাই দেখে প্ৰায় ২ বাজিবৰ হৈছে৷ অফিচত আৰু কাম কৰিবলৈ মন নগ’ল তাৰ৷ ফাইল পত্ৰবোৰ আলমাৰীত ভৰাই সি ঘৰলৈকে যোৱাৰ সিদ্ধান্ত ল’লে৷

 : মই ঘৰলৈকে যাওঁ৷ তুমি ৰূমটো বন্ধ কৰিবা৷ 

মোহিতক কথাখিনি কৈ প্ৰশান্ত ৰূমৰ পৰা ওলাই আহিল৷

: হঠাতে ঘৰলৈ যাবলৈ ওলাল যে, মোবাইল এৰি আহি ভয় খালে নেকি ছাৰ? 

মোহিতৰ কথাষাৰে যেন কিবা বিপদৰহে আগজাননী দিলে৷ 

: এঠাইলৈ যাব লগা আছেহে, সেয়ে সোনকালে ওলালোঁ৷ 

মনৰ ভাব লুকুৱাই প্ৰশান্তই উত্তৰ দিলে৷

গাড়ীখন চলাই ঘৰলৈ আহি থাকোঁতেও প্ৰশান্তৰ বাৰে বাৰে মোহিতৰ কথাবোৰেই মনলৈ আহিবলৈ ধৰিলে৷

টিং… টং…. কলিং বে’লটো প্ৰশান্তই ভয়ে ভয়ে টিপিলে৷

ঘৈণীয়েক ৰীতাই দুৱাৰখন খুলি দিলে৷

প্ৰশান্তই  ভাবিছিল সোনকালে অফিচৰ পৰা গুচি অহা বাবে ৰীতাই হয়তো সুধিব,

 “অফিচৰ পৰা গুচি আহিল যে? শৰীৰ বেয়া নেকি?”

কিন্তু নাই, একো প্ৰশ্ন নুসুধিলে৷ বৰং মুখখনহে ফুলা লুচিৰ দৰে দেখিবলৈ পালে সি৷ বুজি উঠিল কিবা ঘটনা নিশ্চয় হৈছে৷

জোতাযোৰ খুলি ড্ৰয়িংৰূমত বহি প্ৰশান্তই  টিভিটো অন কৰি স্পৰ্টচ চেনেলটো লগাই দিলে৷ IPL ত মুম্বাই ইণ্ডিয়ান্স আৰু চানৰাইজ হাইদৰাবাদৰ খেল চলি আছে৷ ৰোহিত শৰ্মাই  ৰচিদখানৰ গুগুলী, অফ স্পীন, লেগকাটবোৰ খুব সাৱধানে খেলি আছে৷ বেছিভাগ বলেই সি এৰি দি বেয়া বলৰ অপেক্ষাত আছে৷

প্ৰশান্তয়ো এনেদৰে সুযোগৰ অপেক্ষাত চুপচাপ থকাই ভাল হ’ব বুলি বিবেচনা কৰিলে৷ কিন্তু কিমান সময় এনেদৰে থাকিব৷ ৰোহিতেও ইতিমধ্যে ষ্টেপআউট হৈ দুই-এটা বল বাউণ্ডাৰীৰ বাহিৰলৈ মাৰি পঠিয়াইছে৷

প্ৰশান্তৰো আৰু ধৈৰ্য্য নহ’ল৷

: হে’ৰা ক’ত গ’লা? পানী এগিলাছো নিদিয়া নেকি? 

সি চিঞৰি ঘৈণীয়েকক ক’লে৷

: হুঁ লওক পানী৷ কিন্তু তাৰ আগতে মোক উত্তৰ দিয়ক এই ডলী তালুকদাৰ কোন হয়?

পেট কামিন্সৰ বাউঞ্চাৰেহে যেন  প্ৰশান্তক আঘাত কৰিলে৷ 

: কিয়? কি হ’লনো?

: কি হ’ল মানে? আপুনি তাইৰ ফটোত মাইনা তুমি জুই, কলিজাজনী, ভগৱানৰ তুমি অপূৰ্ব সৃষ্টি আদি বুলি কিয় কমেণ্ট কৰিছিল?

 ৰীতাৰ চকুৰে যেন অগ্নি বৰষিছে৷

 কেইদিনমান আগতে ডলীৰ ফটোত তেনেকৈ কিবাকিবি কমেণ্ট কৰা তাৰ মনত পৰি গ’ল৷ কি কৰিব এতিয়া সি! 

: সৰু ছোৱালীহে তাই৷ এনেই ধেমালিতে  কেতিয়াবা তেনেকৈ লিখিছিলোঁ৷ ভয়ে ভয়ে প্ৰশান্তই ক’লে৷

:  সৰু ছোৱালী? দুজনী সন্তানৰ মাতৃও সৰু ছোৱালী?  আপোনাৰ লাজ নালাগে৷ নিজৰ ছোৱালীক দুদিন পিছত বিয়া দিবৰ হ’ব অথচ আপুনি অইনৰ পত্নীৰ লগত এইবোৰ কৰে? আজিলৈকে মই আপলোড কৰা কোনোবা ফটোত আপুনি লাইক কমেণ্ট কৰিছেনে? সুধিলে কয় ” মই ফেচবুক নাচাৱেই৷ অথচ সেইজনীৰ প্ৰত্যেকখন ফটোতে মাইনা তুমি জুই, কলিজাজনীকে আদি কৰি কিমান যে  কমেণ্ট৷ 

“ওহোঁ, এনেকে নহ’ব৷  অইন কাৰোবাৰ ওপৰত দোষ জাপি দি নিজকে ৰক্ষা কৰিব লাগিব৷” 

প্ৰশান্তই ভাবিলে৷

: আচলতে আমাৰ ইলেকট্ৰিক ডিপাৰ্টমেণ্টৰ যে প্ৰেমানন্দ কাকতি তেওঁ এনেকুৱা কমেণ্ট কৰেহে৷ তেওঁক দেখিয়েই মই দুই এটা তেনেকুৱা কমেণ্ট কৰিছিলোঁ৷

: খবৰদাৰ৷ সেইজন কলিৰ কৃষ্ণৰ নাম নল’ব৷ তেওঁৰ বিষয়ে মোৰ সকলো জনা আছে৷ মোৰ কেইজনীমান বান্ধৱীৰ ফ্ৰেণ্ড লিষ্টত তেওঁ আছে৷ ৰাতি ১১ টাৰ পিছতহে তেওঁ প্ৰকট হয়৷ সকলো মহিলাৰ ইনবক্সত পিটপিটাই ফুৰে৷ 

খঙত অগ্নিশৰ্মা হৈ ৰীতাই প্ৰায় চিঞৰিয়েই কথাখিনি ক’লে৷

কি কৰা যায়? তাতকৈ আত্মসমৰ্পণ কৰাই ভাল হ’ব বুলি সি থিৰাং কৰিলে৷

: বাৰু বাদ দিয়া এইবোৰ৷ সেই প্ৰেমানন্দৰ পাল্লাত পৰি মোৰ ভুল হৈ গ’ল৷ তুমি এইবোৰ গভীৰ ভাবে নল’বা৷ অঁ, তোমাক এটা কথা কোৱাই নাই৷ আজি অফিচলৈ যাওঁতে কল্পতৰুত সোমাই তোমাৰ দেউতাৰ বাবে দুটামান কুৰ্টা চাইছিলোঁ৷ তুমি লগত নাথাকিলা বাবে নল’লোঁ৷ লগতে বৰ ধুনীয়া ধুনীয়া মেখেলা-চাদৰো আহিছে৷ তোমাৰ আৰু মাৰাৰ বাবেও ল’ব পাৰিলোঁহেঁতেন, কিন্তু মোৰ পচন্দ যে ভাল নহয় সেয়ে নল’লোঁ৷ ব’লা নহ’লে ওলাই গৈ লৈ আহোঁ৷

প্ৰসংগ সলনি কৰি প্ৰশান্তই প্ৰস্তাৱটো দিলে৷

: নাই, নালাগে মোক কাপোৰ৷ ডলী তালুকদাৰকে দিয়ক৷ মই কোন হওঁ আপোনাৰ? 

ৰীতাৰ চকুৰে বাৰিষাৰ ঢল নামি আহিল৷

অহ বাচি গ’লোঁ৷ বৰফ যেতিয়া গলিছে আৰু ভয় নাই বুলি মুখেৰে ওলাব খোজা কথাষাৰ প্ৰশান্তই  কোনোমতে কণ্ট্ৰ’ল কৰি ৰীতাৰ কাষলৈ গৈ হাতখন গাত দি ক’লে,  

: একো নহয় দিয়া সোনকালে ওলোৱা৷ তাইনো মোৰ কি হয়? কিবা এটা হৈ গ’ল আৰু! 

কৰুণ দৃষ্টিৰে প্ৰশান্তৰ ফালে চাই ৰীতা আনটো কোঠালিত থকা গডৰেজৰ ওচৰ পালেগৈ৷ 

প্ৰথমটো গুগলীতে পত্নী বল্ড আউট হোৱাত নিজকে শ্বেন ৱাৰ্ণৰ দৰে অনুভৱ হ’ল প্ৰশান্তৰ৷

: চাহ একাপ দিওঁ নেকি? 

পাকঘৰৰ পৰা ৰীতাই সুধিলে৷

: নাই নালাগে, আহি খাম দিয়া৷ তুমি সোনকালে সাজু হোৱা৷  

স্বস্তিৰ নিশ্বাস এৰি সি উত্তৰ দিলে৷

টিভিৰ মেচখন বৰ ৰোমাঞ্চকৰ হৈ উঠিছে৷ ১০ অভাৰত দুটা উইকেট হেৰুৱাই ৬৩ ৰাণ কৰা মুম্বাই ইণ্ডিয়ান্স এতিয়া ১৭ অভাৰত ৩ উইকেটত ১৬৫ ৰাণ৷ ৰোহিত শৰ্মা ৯৪ ৰাণত নট আউট৷ প্ৰশান্তৰো ৰোহিত শৰ্মাৰ দৰে  ধৈৰ্য্যশীল ইনিংছ এটা খেলাৰ দৰে লাগিল ৷

: ব’লা৷ 

ৰীতাৰ মাতষাৰত টিভিটো বন্ধ কৰি সিহঁত কল্পতৰুৰ ফালে আগবাঢ়িল৷

: হেৰা, মই যে ৰাতিপুৱা কেইটামান কুৰ্টা চাই গৈছিলোঁ দেখুৱাচোন৷ 

কল্পতৰুত সোমায়েই  চেল্চমেনজনক উদ্দেশ্যি  প্ৰশান্তই ক’লে৷

: কি কুৰ্টা চাইছিল আপুনি? মোৰচোন মনতেই নপৰে৷ 

বেঙা-বেঙি ভাৱেৰে চেল্চমেনজনে ক’লে৷

: ধেই তোমালোকে একো হিচাব নাৰাখাহে৷ চাওঁ দিয়া কুৰ্টাবোৰ উলিয়াই আকৌ পচন্দ কৰোঁ৷ 

কোনোমতে কুৰ্টা পচন্দ কৰি থৈ যোৱা বুলি ফাঁকি মৰা কথাটো পত্নীৰ হাতত ধৰা নপৰাকৈ প্ৰশান্ত বাচিল৷ 

: আৎচ্ছা তুমি মেখেলা-চাদৰখিনি চোৱা৷ মই কুৰ্টাটো লওঁ৷ অলপ সোনকালে হ’ব তেতিয়া৷

 বাৰু বুলি শলাগি ৰীতাই মেখেলা-চাদৰ চোৱাত লাগিল৷

 কাপোৰ আৰু অলংকাৰৰ প্ৰতি যে নাৰীৰ সহজাত লোভ আছে প্ৰশান্তই  আজি পুনৰবাৰ উপলব্ধি কৰিলে৷ নহ’লে অলপ আগলৈকে জ্বালামুখী উদ্গীৰণ হৈ থকা ৰীতাই আনন্দ মনেৰে কাপোৰ পচন্দ নকৰিলেহেঁতেন!

: ছাৰ কাৰ্ড পেমেণ্ট কৰিব নে কেশ্ব? 

কেচিয়াৰজনে সুধিলে৷

: কাৰ্ড পেমেণ্টেই কৰিম বাৰু! কিমান হ’লনো?

: পোন্ধৰ হাজাৰ দুশ সত্তৰ টকা৷ 

‘কি’ বুলি এক অস্ফুট শব্দ প্ৰশান্তৰ  মুখেৰে ওলাই আহিল৷ কাৰ্ডখন কাউণ্টাৰৰ ফালে আগবঢ়াই দি সি  ভাবিবলৈ ধৰিলে মাত্ৰ দুই তিনিটামান বাক্যৰ বাবে আজি  ইমানবোৰ টকা খৰচ কৰিবলগীয়া হ’ল৷ এটা এটা বাক্যত প্ৰায় ৫ হাজাৰ মানকৈ খৰচ হ’ল৷ তাতকৈ মাইনা তুমি জুই বা আন কথাবোৰ  নিলিখাই ভাল আছিল।  মাইনাজনীৰ ওপৰতো তাৰ প্ৰচণ্ড খং উঠিল৷ ইমান জুই জুই ফটোনো বাৰু কিয় আপলোড কৰিব লাগে?

☆ ★ ☆ ★ ☆

5 Comments

  • ৰাজশ্ৰী শৰ্মা

    হয়তো আকৌ? কিয়নো জুই ফটো আপলোড কৰিব লাগে।

    Reply
  • ডলী

    হা হা। পালেনে মজাটো?

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    হাঃ হাঃ! কেনে মজা?

    Reply
  • বন্দিতা জৈন

    মৰা এতিয়া ক’ত মৰা। ??

    Reply
  • পূৰ্ণময়ী

    আৰু দিয়ক জুই ?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *