দৰা-সাজত মাৰ খাবলৈ লৈছিলোঁ-বিদ্যুত বিকাশ দত্ত
আমাৰ বিয়াখন হৈছিল বহু সংকট আৰু সংঘাতৰ মাজত। বাগদত্তাৰ লগত ২০০৭ চনতে কৰ্ট মেৰেজ হৈছিল। পিছলৈ ২০১০ চনত সামাজিকভাবে বিয়াখন অনুষ্ঠিত হৈছিল। তেতিয়া মই জাগীৰোডত এটা কোম্পানীৰ প্ৰশিক্ষণৰত বিষয়া পদত আছিলোঁ। পিচে কামটো দুখীয়াক টেঁটুচেপা দিয়া পৰ্যায়ৰ হোৱাৰ বাবে মই পদত্যাগ কৰি শিৱসাগৰলৈ ঘূৰি আহিছিলোঁ। ঠিক তেনে সময়তে শহুৰ দেউতাই মোলৈ ফোন কৰিলে,
: জেঠৰ পাঁচ তাৰিখে বিয়াৰ ভাল দিন এটা পাইছোঁ, তোমাৰ আপত্তি আছে নেকি?
মইনো নিজৰ ফুটনি এৰি বশ হোৱা মানুহনে! মই একেষাৰে ক’লোঁ,
: আপত্তি নাই।
অৱশ্যে হাতত কিছু জমাধন আছিল। কিন্তু ঘৰখনৰ সন্মতি নাই। ঘৰৰ কোনো লোকে সহযোগ নকৰোঁ বুলি স্পষ্টকৈ জনাই দিছিল। কিন্তু লগত আছিল মোৰ পূজনীয় দদাইদেউ। তেখেতে দেউতাকৰ কামখিনি একেষাৰে কৰি দিম বোলাত মই সাহ পালোঁ। গতিকে সামৰ্থ অনুসৰি মই বজাৰ সমাৰ কৰিলোঁ। সমাজৰ লগত আলোচনা কৰাত সকলোৱে পাৰ্যমানে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে। বহুকেইজনে শুনাৰ লগে লগে হাজাৰ-পাঁচশ টকা জেপত গুজিও দিলে। মুঠতে ধন হ’লগৈ একলাখ বাষষ্ঠি হাজাৰ দুশ ছয় টকা। মোৰ অতি সুহৃদ বন্ধু হেমন্ত শইকীয়াৰ চোতালত বিয়াৰ সামান্য ৰভাখন দিয়া হ’ল। (এখেতৰ বাবেই মই আজি মানুহ হ’ব পাৰিলোঁ বুলি ধাৰণা হয়) এটা নতুন ভাড়াঘৰো ল’লোঁ ন-কইনাৰ বাবে। তাৰপিছত মানুহ মতাৰ কাম। গাঁৱৰে বৰমা এগৰাকী বিয়াৰ প্ৰধান উদ্যোক্তা হ’ল। জাগীৰোডৰ পৰা সহপাঠী যুগল আৰু গৌৰীসাগৰৰ পৰা ৰিণ্টু সপৰিয়ালে আহিল। বাল্য বন্ধু ভদ্ৰ (যাৰ নামেৰে মোৰ ভদ্ৰদা নামৰ পৰিচিত চৰিত্ৰটো সৃষ্টি কৰিছিলোঁ) আৰু ফণী (অনুজ মহন্ত আহিল)। মুঠতে কোনো খুঁট নোহোৱাকৈ কামবোৰ চলি গ’ল।
জেঠৰ পাঁচ তাৰিখে বিয়া। ৪ তাৰিখে জোৰোণ। জোৰণ দিবলৈ মানুহ ওলাল। লিডাৰসকলৰ মাজত বৰমা। বৰমাই মোৰ ‘লীলা’ দেখি সোনকালে নাকী লগোৱাটো বিচাৰিছিল। যিকি নহওক, জোৰণ ভালকৈ হৈ গ’ল বুলি মই ফোনৰ যোগেৰে গম পালোঁ। পিচে জোৰণ দি আহি বৰমাই মোৰ পিছে- পিছে পুখুৰীৰ পাৰ পালেগৈ। পায়েই পুখুৰীৰ পাৰৰ পৰা পটা-গুটি এটা লৈ মোৰ মূৰত মাৰিবলৈ উদ্যত হ’ল। মই ঘটনাটোৰ বাবে প্ৰস্তুত নাছিলোঁ।
: কি হ’ল বৰমা?
বুলি মই সুধিবলৈহে পালোঁ, বৰমাই গাঁৱৰ সমস্ত গালি বৰশি ক’লে,
: জহনীমৰা, তই বিয়া পাতিবলে ছোৱালী নেপালি! তই দিয়া খাৰু ছোৱালীৰ হাতৰ ঠাৰিয়েদি সোমাই বাউসী পালেগৈ। আঙুঠি দুটা সুতাৰে বান্ধি নথ’লে সুলকি পৰিব। তোৰ দৰে শকত-আৱত ‘লুৰা’ এটাই এইজনী কি কেটেঙী পছন্দ কৰিলি?
বৰমাৰ মুখত কি মাত দিম! কথাটো সত্য যে। পিচে দূৰৰ পৰাই বুজাই-বঢ়াই বৰমাৰ পৰা মূৰটো বচালোঁ। এতিয়াও কথাটো মনত পৰে। হাঁহিও উঠে।
(সংযোগ: বিয়াৰ পিছত দুদিন আমাৰ লগত থাকি বৰমা গ’লগৈ। মই লক্ষ্য কৰি থাকিলোঁ, এওঁৰ কঁকালটো পৰি ভাগি যায় বুলি বৰমাই দুয়োদিন কাষে-কাষে থাকিল।)
☆ ★ ☆ ★ ☆
2:24 pm
ভাল লাগিল ৷