ফটাঢোল

গাঁৱলীয়া লাল চাহ -প্ৰণৱ সিংহ

২০১৬ চনৰ কথা। আৰোহন মাইক্ৰ ফাইনেঞ্চত ৫ মাহ কাম কৰিছিলোঁ। মালিগাঁৱৰ ট্ৰেইন গেটখনেদি ডিউটিলৈ যাওঁতে সদায় ছোৱালী এজনীৰ সৈতে দেখাদেখি হয়। প্ৰথমে চকুৱে চকুৱে তাৰ পাছত হাঁহিৰে, একেবাৰে শেষত কথা-বতৰাৰে চা-চিনাকি হ’ল। এমাহমানৰ পাছত কথা হ’ল যে ক’ৰবাত লগ কৰিম। দেওবাৰ আছিল। গুৱাহাটীখনত দেওবাৰ হ’লে অলপ হ’লেও ব্যস্ততা কমে। গুৱাহাটীখন এনেই খেলিমেলি পাওঁ কোনফালে গ’লে কোনফালে ওলাম বহুতক সুধিব লাগে। তাতে লগত ছোৱালী, অপ্ৰস্তুত হ’মেই।  চিঙৰা, পৰঠা, ঘুগুনীৰ বাদে একো চিনি নোপোৱাজন যেতিয়া ৰেষ্টুৰেণ্টলৈ যায় মোৰ কি গতি হ’ব ভাবি চাওক আপোনালোকে। মোৰ ভাগ্য ভাল, প্ৰথম তায়েই ক’লে চাহ একাপকে খাই লও‍ঁ। বৰ সুখ পালোঁ শুনি। কথা-বতৰা আৰম্ভ হ’ল। কিছু সময়ৰ পাছত দুকাপ চাহ ল’ৰা এজনে দি গ’লহি।

ধুনীয়াকৈ কাপটো লৈ খাই চাইছোঁ, দেখোন একো সোৱাদ নালাগে। ধেইট বুলি কিবা এটা বেয়া শব্দ মুখৰ পৰা ওলাইছিলেই। কাপটোৰ পিনে চাই দেখোঁ কিবা এটা ওলোমাই থোৱা আছে। ছোৱালীজনীলৈ চালোঁ, তাই সেই টোপোলাটো কাপটোত জুবিৰাই আছে। ধেইট এইসোপা আকৌ কি আপদ! বেঙা বেঙাকৈ ময়ো টোপোলাটো দাঙি চাই দেখোঁ অ’ সেইসোপা দেখোন চাহপাতহে। কম অলগদ্ধ ৰেষ্টুৰেণ্টনে চাহপাতখিনিও মিলাই নিদিয়ে। মিলাই হোৱাৰ পাছত দেখিলোঁ ছোৱালীজনীয়ে আকৌ চেনি এচামুচ পাত্ৰ এটাৰ পৰা মিলাই লৈছে চাহখিনিত।

কি মানে ছোৱালীৰ লগত ডেটিঙত আহিছোঁনে চাহ বনাই খাবলে আহিছোঁ। সাউতকৈ মেনুখনৰ ফালে চালোঁ চাহকাপৰ দাম ত্ৰিশটকা।

হে হৰি! চাহপাত মিলাই ল’ম মই, চেনি মিলাই ল’ম মই।  দাম দিব লাগিব তথাপি মই ত্ৰিশটকা।

গাঁৱৰ তিনিটকাৰ লাল চাহকাপলৈ মনত পৰি গ’ল। ইমান ধুনীয়াকৈ যে চাহ-চেনী মিলাই দিয়ে। ভাল পালে আদাও দুপিচ দি দিয়ে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *