ফটাঢোল

আকস্মিক-চবিনা ইয়াছমিন

ঘটনাটো সৌ সিদিনাখনৰ৷ মানে মে’ মাহৰ প্ৰথমটো দিনৰ কথা৷ ক’ভিড বিশ্বমাৰীৰ ভয়াবহ পৰিস্থিতিয়ে মোক চৌদিশৰ পৰা চেপি পেলাইছিল৷ ইমান অনিশ্চয়তাই বুকুত ঘৰ কৰিছিলহি যে খোৱা-বোৱাৰ ক্ষেত্ৰতো মই অৱহেলা কৰিবলৈ লৈছিলোঁ৷ মানুহজন ঘৰৰ পৰা ওলাই গ’লেই বকোঁ বোলো, “যাব নালাগে এনেকুৱা দিনত৷ ঘৰতে থাকা৷” এওঁ বোলে, “মই ঘৰত বহি থাকিলে খাবা কি? একো নহয় যিখিনি সাৱধানতা ল’ব লাগে লৈছোঁ৷ তুমি ভয় কৰি নাথাকিবা ইমান৷” এওঁৰ বুজনিলৈ মই কাণসাৰ কৰা নাই৷ ভেকচিন ল’বলৈ দিনে ৰাতিয়ে তিনিদিন ধৰি বেয়াকৈ কামুৰিছোঁ৷ এওঁ মোৰ উৎপাতত তত নোপোৱা হ’ল৷ বোলে, “ৰ’বা বিচাৰি আছোঁ ল’বলৈ৷ পিচে ইমান ভীৰত ল’ম কেনেকৈ?”

তেনেতে আকৌ তিতাবৰৰ পৰা সেইদিনা ৰাতিপুৱা দহমান বজাত বাইদেৱে এওঁক ফোন কৰিলে বোলে, “মই বেজী ল’বলৈ আহিছোঁ৷ তয়ো গুচি আহ লৈ ল’বি৷” এওঁ তেতিয়া কামত আছিল৷ মোক ফোন কৰি ক’লে বাইদেৱে মাতিছে বুলি৷ মই বোলো, “ময়ো যাম৷ তুমি অকলে গাড়ী চলাই ঘূৰি আহিবা বেজী লৈ৷ মোৰ ভয় লাগে৷” এওঁ উপায় নাপাই বোলে, “ব’লা তেনে ওলোৱা সোনকালে৷” দৌৰাদৌৰিকৈ ওলায় তললৈ নামি আহি গাড়ীত বহিলোঁহি৷ তিতাবৰৰ অসামৰিক চিকিৎসালয়ৰ নাৰ্ছিং কলেজখনত ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে৷ ইতিমধ্যে বাইদেউ আৰু ভিনদেউ বেজী লৈ উলটি আহিল ঘৰলৈ৷ আমি তেওঁলোকক আধাবাটতে পালোঁ৷ ভিতৰলৈ সোমাই গৈ দেখিলোঁ মানুহৰ দীঘলীয়া শাৰী৷ কমেও তিনিঘণ্টামান ৰ’ব লাগিব৷ বহিবলৈ কোনো ব্যৱস্থা নাই৷ ইফালে মই গৈছোঁ ৰোজা ৰাখি৷ মানে আমাৰ ৰমজান মাহ চলি আছিল৷ মোৰ দেখিয়েই মূৰটো ঘূৰোৱা যেন লাগি গ’ল যদিও ধৈৰ্য্য ধৰিলোঁ৷ নাইবা এওঁ পিছত ল’ম বুলি ঘূৰিয়েই দিব৷ কাৰণ লাইনত ৰোৱা কামটো এওঁৰ বাবে অত্যন্ত অসহ্যকৰ৷ যেনেতেনে এওঁক ফুচুলাই মেলি মই ৰখালোঁ৷ এওঁৰ লাইন পাতিবলৈ পায় মূৰ গৰম হৈ গৈছে৷ মই কথাটো গম পায় বাহিৰৰ আলেখ-লেখবোৰ চাই ইফালে-সিফালে ঘূৰি ফুৰিছোঁ৷ এবাৰ পুনৰ আহি কাষতে থিয় দিছোঁ৷ সেইখন কৰি আছোঁ৷

আমি ৰৈ থকাৰ প্ৰায় আধাঘণ্টাৰ পিছত ল’ৰা এজনে লগত মানুহ এগৰাকী লৈ আহি কোঠাটোৰ মহিলাৰ শাৰীটোত থিয় দিলেহি৷ খুবসম্ভৱ মাক হ’ব৷ দেখাত ২৫/২৬ বছৰীয়া যেন লাগিল ল’ৰাটো৷ মই এওঁৰ কাষত আৰু ল’ৰাটো মানুহগৰাকীৰ কাষত ৰৈ থাকিল৷ মানুহে শাৰী পতা কোঠাটোৰ পৰা অলপ আগত যিটো কোঠাত মানুহবোৰক বেজী দিছে সেই কোঠাটোত এখন খিৰিকী আছে৷ বাহিৰৰ কৰিড’ৰৰ দৰে ঠাই এটুকুৰাত ৰৈ সেই বেজী দিয়াবোৰ চাই থাকিব পাৰি৷ মোৰ এওঁৰ লগত কোঠাটোত ৰৈ ৰৈ আমনি লাগিছে৷ বাহিৰলৈ ওলাই আহি কৰিড’ৰটোৰ খিৰিকীৰ কাষত ৰ’লোঁহি৷ ফিৰফিৰীয়া বতাহ এচাটি নিৰন্তৰ বৈ আছে৷ ভিতৰৰ ফেনৰ বতাহতকৈ বহু আৰাম লাগিছে গাটো তাত থিয় হোৱাৰ পিছত৷ কংক্ৰিটৰ বেৰখনত এখন ভৰি ভেঁজা দি আনখন ভৰিত ভৰ দি গাটো হাওলাই থিয় হৈ আছোঁ খিৰিকীখনৰ সন্মুখত৷ ইজনৰ পিছত সিজনক বেজী দি আছে হেড নাৰ্ছ গৰাকীয়ে৷ চাই চাই বহু সময় পাৰ হ’ল৷ মাজে মাজে এওঁক চাবলৈ যাওঁ৷ আমন-জিমনকৈ লাইনত থিয় হৈ আছে৷ বুজিছোঁঁ মোৰ কথা পেলাব পৰা হ’লে এওঁ কোনোপধ্যেই এইখন লাইন পাতিবলৈ নাহে৷ আকৌ ওলাই আহি বেৰখনত হেলান দি ৰ’লোঁহি৷ এইবাৰ বতাহজাক অলপ বেছি খৰকৈ বলিছে৷ চুলিবোৰ আউলি-বাউলি হোৱা দেখি মূৰত উৰণাখনকে মেৰিয়াই ল’লোঁ৷ হঠাৎ মন কৰিলোঁ সেই ২৫/২৬ বছৰীয়া ল’ৰাজন মোৰ আগেদি দুই তিনিবাৰ খৰধৰকৈ অহা-যোৱা কৰি আছে৷ ফোনত খুব খঙত কাৰোবাৰ লগত কথা পাতিছে৷ কৈছে- “সেইবাবেই একো উন্নতি নাই৷ সৱতেই অন্যায়৷ কেনেকৈ হ’ব এনেকৈ….” কি নো হ’ল ভূ ল’বলৈ বুলি ময়ো ল’ৰাজনৰ পিছে পিছে আগফালে ওলাই আহিলোঁ৷ দেখিলোঁ আগ দুৱাৰেদি কিছুমান মানুহক সুমুৱাই কৰ্তৃপক্ষই বেজী দি আছে৷ মই বুজিলোঁ হয়তো কোনোবা চিনাকি মানুহক তেওঁলোকে এইদৰে আগতীয়াকৈ সুবিধা দিছে৷ আৰু সেইবাবেই ডেকা তেজ গৰম হৈছে৷ মই পুনৰ উভতি আহি খিৰিকীখনৰ সন্মুখত ৰ’লোঁহি৷ কিছু সময়ৰ পিছত দেখিলোঁ খঙে-ৰাগে ফোঁপাই-জোপাই ল’ৰাজন আহি মোৰ কাষতে খিৰিকীখনৰ সন্মুখত ৰ’লহি আৰু হেড নাৰ্ছ গৰাকীক ক’লে, “বাইদেউ এইদৰে যে আগ দুৱাৰেদি মানুহবোৰ সোমাই সোমাই বেজী লৈ গৈছে আপোনালোকে জানে নে পিছফালে বহুকেইজন বয়সস্থ আৰু শাৰীৰিকভাৱে অসমৰ্থলোকে ঘণ্টাজুৰি শাৰী পাতি আছে৷ কিয় কৰিছে এইবোৰ?” হেড নাৰ্ছ গৰাকীৰ কাঢ়া উত্তৰ, “ক’ত সোমাইছে? কোন মানুহ? আমাক কৈছে যে আমি সুমুৱাইছোঁ নেকি? আমি বেজী দিয়া মানুহ বেজী দিছোঁ৷ য’ত দেখিছে তাত কওকগৈ৷” এইদৰে কিছুসময় কথাৰ কটাকটি চলা দেখি মই আগবাঢ়ি গৈ ক’লোঁ, “বাদ দিয়ক বুইছে৷ এইবোৰ কৈ লাভ নাই৷ সকলোতে এইবোৰ আছেই৷ অকলে কাৰ কাৰ স’তে যুঁজিব? মই আপোনাতকৈ আগৰ পৰাই দেখি আছোঁ এইবোৰ কাণ্ড৷ বহুকেইজন লোকে এতিয়ালৈ এইদৰে বেজী লৈ গ’লেই৷” ল’ৰাজনে মোকে উলটি ধৰিলে, “তেনে কোৱা নাই কিয় আপুনি? মই এইবোৰ সহ্য নকৰোঁ৷” বুলি ফুঁ-ফুঁৱাই আগফালে গ’ল ক’বলৈ৷ পিছে পিছে ময়ো আহিলোঁ৷ ল’ৰাজনে আগ দুৱাৰৰ সমুখত ৰৈ থকা চিকিউৰিটিজনক ক’লে, “এইফালেদি কিয় মানুহ ভৰাই আছে? পিছফালে যে মানুহবোৰে শাৰী পাতি আছে, কিয় পাতিছে তেনে?” চিকিউৰিটিজনে অস্বীকাৰ কৰিলে যে সেইফালেদি মানুহ সোমোৱা নাই৷ তাতো অলপ সময় কথাৰ কটাকটি চলিল৷ ল’ৰাজন ৰৈ থাকিল তাতে৷ ময়ো অলপ আঁতৰত ৰৈ আলেখ-লেখবোৰ চাই থাকিলোঁ৷ মনতে ভাবিছোঁ ল’ৰাজনে সঠিক কথাই কৈছে৷ পিচে শুনিব জানো কোনোবাই তেওঁৰ কথা! আমাৰ সমাজখন জানো ইমান নিকা! তথাপিও যদি দৰকাৰ হয় মই তেওঁৰ পক্ষত থিয় হ’ম বুলি থিৰাং কৰিলোঁ৷

অলপ সময়ৰ পিছত ভিতৰৰ পৰা এজন ভব্যগব্য ব্যক্তি আৰু লগতে দুজনমান পালিপহৰীয়া ওলাই আহিল আগ দুৱাৰেদি৷ ল’ৰাজনে পিছে পিছে খৰধৰকৈ গৈ কিবাকিবি ক’লে৷ মই নুশুনিলোঁ৷ অনুমান কৰিলোঁ হয়তো আগ দুৱাৰেদি সোমাই সেইদৰে বেজী লৈ যোৱা কথাটো যে বেয়া হৈছে তাকে ক’লে৷ তাৰ পিছত আমি আগফালেই ৰৈ থাকিলোঁ৷ অলপ পিছত পুলিচ এজন ৰাখি দিয়া হ’ল আগ দুৱাৰৰ সন্মুখত যাতে সেইফালে আৰু মানুহ সোমাব নোৱাৰে৷ দেখি ল’ৰাজনৰ মুখত এক সন্তুষ্টিৰ ভাব স্পষ্টকৈ জিলিকি উঠিল৷ আমাৰ যুৱসমাজত এতিয়াও সমাজসচেতনতা লোপ পোৱা নাই৷ কথাবোৰ জানি ভাল লাগিল৷ লাহে লাহে আমি দুই এটা কথা পাতিলোঁ৷ কেনেকৈ ১৮ বছৰৰ ওপৰৰ মানুহখিনিয়ে ভেকচিন ল’বলৈ অনলাইন বুকিং কৰিব লাগিব, সময়সূচী কি দৰে নিৰ্ধাৰিত কৰিব লাগিব এইধৰণৰ বিভিন্ন কথা৷ মই ক’লোঁ,

: বেয়া নাপায় যদি মোক Co-Win ত বুকিং কৰাৰ লিংকটো Whatsaap-ত দিব নেকি?

: নিশ্চয়৷ আপোনাৰ নম্বৰটো দিয়ক৷ এতিয়াই দেখুৱাই দিছোঁ মই৷

নম্বৰটো দিলোঁ৷ লগে লগে নম্বৰটো লৈ কি বুলি চেভ কৰিম সুধি মোৰ নম্বৰত লিংকটো দি দিলে তেওঁ৷ পিচে লিংক খোল খোৱা নাই৷ মোৰ নেট একেবাৰে শ্ল’৷ 

ল’ৰাজনে ক’লে,

: মোৰ ৱাইফাই লৈ খুলি চাওক এবাৰ৷ খুলিব পাৰে৷

পাছৱৰ্ডটো ক’লত গম পালোঁ নিশ্চয় তেওঁৰ নামেই হ’ব৷ “অবিনাশ….”৷ নেট চলিল যেনিবা৷ কথাখিনি সুন্দৰ আৰু সহজকৈ বুজাই দিলে৷ কথা পাতি থাকোঁতে কিমান সময়নো পাৰ হৈ গ’ল গ’মেই নাপালোঁ৷ আমি পুনৰ কৰিড’ৰৰফালে গ’লোঁ৷ মই আগৰ সেই খিৰিকীখনৰ সমুখতে ৰ’লোঁ আৰু ল’ৰাজন গুচি গ’ল পিছফালৰ সেই কোঠাটোলৈ, য’ত মানুহবোৰে শাৰী পাতি আছিল৷ গা-মন জুৰ পেলাই যোৱা এচাটি কোমল বতাহ নিৰন্তৰ বলি থাকিল৷ এইবাৰ কিন্তু বতাহজাকত মিহলি হৈ অহা এক ফুৰফুৰীয়া সুগন্ধি নাকত লাগি মন পুলকিত কৰি তুলিলে৷ হয়তো ল’ৰাজনে কিবা সুগন্ধি ব্যৱহাৰ কৰিছিল আৰু বতাহৰ দিশেই গতি কৰিছিল যাৰ বাবে বতাহজাকেও বহন কৰিছিল এক মন মোহি নিয়া সুগন্ধ৷ তেওঁ চিৰিটোত থিয় হৈ মোৰফালে চাই ইংগিত দিলে যে তাত আৰু মানুহে শাৰী পাতি থকা নাই ইতিমধ্যে সকলোবোৰ মানুহ বেজী লোৱা কোঠাটোত হয়তো সোমাল৷ মোৰ আগেদি তেওঁ পাৰ হৈ গ’ল পুনৰ আগফালে৷ তেতিয়ালৈ তেওঁৰ মাকৰ হয়তো বেজী লোৱা হৈ গৈছিল৷ মই খিৰিকীয়েদি চাই থাকিলোঁ এওঁক বেজী লোৱা৷ এওঁ অলপ পিছত আগ দুৱাৰেদি ওলাই আহিল৷ আমি ঘূৰি আহিবলৈ সাজু হ’লোঁ৷ এপাক চাৰিওপিনে চকু ফুৰালোঁ৷ নাই ল’ৰাজনে মাকক লৈ হয়তো উভতিল৷ আমি ঘৰ পালোঁহি৷ মই ঘূৰি আহি থাকোঁতে এওঁক ল’ৰাজনৰ কথা কৈ আহিলোঁ৷

সেইদিনা ভাবি থাকিলোঁ ভেকচিন লোৱাৰ দৰে কামটোতও দুইনম্বৰী চলে আৰু অবিনাশৰ দৰে মানুহো আছে যি এই অন্যায়ৰ বিৰূদ্ধে যুঁজিবলৈ ভয় নকৰে৷ ভাল ল’ৰা৷ এনে এখন যুৱসমাজেই বৰ্তমান আমাৰ বাবে প্ৰয়োজন৷ ল’ৰাজনৰ এখন সুন্দৰ প্ৰতিচ্ছবি মনত সঞ্চিত হৈ ৰ’ল৷ ভাল কথা ভাল কামবোৰে বুকুত ঘৰো কৰে৷ সেইদিনা ৰাতিলৈ যোৱাটো মাহৰ আমাৰ আলোচনীৰ লেখা এটাৰ লিংক whatsapp-ৰ ষ্টেটাচত কপি কৰি আপলোড কৰিছিলোঁ৷ ছাত্ৰী কেইগৰাকীমানে পঢ়িব খুজিছিল৷

পিছদিনাখন দিনৰ এঘাৰমান বজাত Whatsaap-ত নটিফিকেচন এটা পালোঁ৷ অবিনাশৰ মেচেজ,

: শ্ব’ ইউ ৰাইট…অ’ছম ব্লগ বাই দ্যা ৱে৷

মই ধন্যবাদ জনালোঁ৷ লগে লগেই পুনৰ বাৰ্তা আহিল৷

: কালি কেতিয়া ভেকচিন লৈ হ’ল তোমাৰ?

: তেতিয়াই অলপ পিছতেই হ’ল৷ মানে তোমাৰ প্ৰায় একেলগেই হ’ল৷

সাধাৰণতে মই তুমি বুলি পটকৈ সম্বোধন নকৰোঁ৷ একেবাৰে সৰু হ’লে কথাটো সুকীয়া৷ এইবাৰ অবিনাশ দেখাতেই সৰু ল’ৰা আছিল৷ তদুপৰি তেওঁ মোক তুমি বুলি কোৱাত ময়ো তুমি বুলিবলৈ অসুবিধা নাপালোঁ৷ ইটো-সিটোকৈ বহুত কথাই পতা হ’ল সেইদিনা৷ অবিনাশো যোৰহাটৰেই বাসিন্দা৷ কথাবোৰ খুব জুখিমাখি কয় ল’ৰাজনে৷ বেচ অমায়িক আৰু ভদ্ৰ ল’ৰা৷ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ষোল্ল চনত উত্তীৰ্ণ হৈ পুনেত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে শিক্ষা গ্ৰহণ কৰি আছে বৰ্তমান৷ দুদিন এদিনৰ পিছে পিছে আমাৰ প্ৰায়ে কথা হয়৷ এবাৰ আমাৰ ভেকচিনৰ বাবে শ্ল’ট বুক কৰাৰ সময় আহিল৷ বহুবাৰ চেষ্টা কৰিও শ্ল’ট ল’ব পৰা নাই৷ এনেতে এদিন অবিনাশে ক’লে, “মই শ্ল’ট পালোঁ৷” মই পিচে পোৱা নাছিলোঁ তেতিয়ালৈ৷ তাৰপিছত মোৰ বাবেও অবিনাশে চেষ্টা কৰিবলৈ ধৰিলে৷ মোৰ কিবা আমনি লাগি গৈছিল কিন্তু শ্ল’ট খোলাৰ লগে লগে প্ৰতিদিনে অবিনাশে মোক খবৰ দিবলৈ ধৰিলে৷ ময়ো বহুবাৰ চেষ্টা কৰিও ব্যৰ্থ হ’লোঁ৷ শেষত যেনিবা ভাগিনটোৱে বুকিং কৰি দিলে৷ এই সময়ছোৱাত আমাৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠিল৷

এদিন অবিনাশৰ স’তে গতানুগতিক কথা-বতৰাই চলি আছিল৷ হঠাতে প্ৰশ্ন কৰিলে,

: আৰু কোৱা৷ তোমাৰ বয় ফ্ৰেণ্ড আছে নে নাই?

মই বোলো,

: স্কুল, কলেজত আছিল৷

অবিনাশে হাঁহি মাৰি ক’লে,

: তেতিয়াৰ পিছত এতিয়ালৈ নায়েই নেকি?

মই ৰৈ গ’লোঁ৷ মানে ইমান দিনে অবিনাশে মোক কিবাকৈ সৰু ছোৱালী বুলি ভাবি আছে নেকি? মানে অবিবাহিত বুলিয়েই….এক বুজাব নোৱাৰা পৰিস্থিতি! পোন্ধৰ বিশদিনে অবিনাশৰ লগত কথা পাতি থকা হৈছে৷ অথচ আমাৰ ব্যক্তিগত জীৱনৰ কোনো কথাই পতা হোৱা নাছিল৷ যি কথা পতা হয় কাৰেণ্ট এফেয়াৰছ বা কভিডৰ বিষয়ে নাইবা ৰাজনীতিৰ দুই এটা কথা৷ ময়ো ভবা নাছিলোঁ যে অবিনাশে মোক সৰু ছোৱালী বুলি ভাবি আছে৷ কাৰণ মোক লগো পাইছে৷ কিয় বা ভাবিলে নাজানো৷ মই উত্তৰ দিলোঁ,

: তুমি বাৰু মোক কেনেবাকৈ সৰু ছোৱালী বুলি ভাবি আছা নেকি?

: মানে? বিয়া হ’লা নেকি?

: বিয়া মানে? ল’ৰা কলেজ পালে গৈ৷

তাৰ পিছত আৰু কত যে প্ৰমাণ দিব লগা হ’ল অবিনাশক মই যে বিয়া হোৱা বুলি৷ ল’ৰা মোৰ আৰু মানুহজনৰ গ্ৰুপ ফটোও দিলোঁ৷ নাই বিশ্বাস নকৰে৷ শেষত ক’লোঁ বোলো,

: বাৰ্থ চাৰ্টিফিকেট দেখুৱাব লাগে যদি কোৱা৷

অবিনাশে তথাপি বিশ্বাস নকৰে৷ বোলে,

: সেইদিনা তেনে বেজী কোনে ল’ব গৈছিল?

মই বোলো,

: মোৰ মানুহজনে৷

: তোমাৰ মানুহজনৰ কি পঞ্চলিশ পাৰ হ’ল? তোমাৰ বয়স কিমান তেনে? কোন চনত মেট্ৰিক পাছ কৰিলা?

মুঠতে বহুত প্ৰশ্ন অবিনাশৰ৷ শেষত যেনিবা বিশ্বাস কৰিলে দেই৷ উত্তেজনাত সেইদিনা কিবা অশ্লীল শব্দ এটাও লিখিলে৷ মোৰ খং নুঠিল৷ হাঁহিহে উঠিছিল৷ ক’লোঁ,

: তুমি ঠগ খাই গ’লা৷

: অঁ ৰে৷ ভাল মেইনটেইন কৰিছা কিন্তু৷ এতিয়া মোৰ ‘তুমি’ সম্বোধনটো ‘আপুনি’লৈ পৰিৱৰ্তন কৰিব লাগিব৷ কি ভাবি আছিলোঁ তোমাক কি উলাইছা! মই ভাবি আছোঁ তুমি মোতকৈ চাৰি বা পাঁচ বছৰ ডাঙৰ হ’বা আৰু তুমি ওলাইছা Boomer, gen X. ধেই লাজ পাইছোঁ৷

তাৰ পিছত হাঁহি ফূৰ্তি কৰি বহু সময় কথা পাতিলোঁ আমি৷ মই ভাবিছিলোঁ বয়সৰ কথা জানি অবিনাশে বা বন্ধুত্বৰ সম্পৰ্ক একেই ৰাখিব নে নাই! পিচে আজিও আমাৰ সম্পৰ্ক একেই আছে৷ জীৱনত কেতিয়াবা কিছুমান মানুহ এটি পলৰ বাবে লগ পালেও সম্পৰ্কবোৰ গভীৰ হয় পৰে৷ জীৱন সঁচাই অনুপম৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *