আচল-নকল-কৰৱী দেৱী
শীত মাহ। প্ৰচণ্ড ঠাণ্ডা। নগেনে জুইত হাত-ভৰি সেকিও তৎ পোৱা নাই। একেবাৰে হাড়লৈকে কঁপাবলৈ ধৰে। অৱশেষত গাটো গৰম কৰাৰ উদ্দেশ্যে ৰাওনা হ’ল সি চুলাই ঘাটিলৈ।
পিচে উভতি আহোঁতেহে লাগিল হাঁহাকাৰ।
মদৰ নিচাত ঠিকনাবিহীন পথিকৰ দৰে অৱস্থা নগেনৰ। কেনি গৈছে, ক’ত সুমাইছে একোৱেই তলকিব পৰা নাই বেচেৰাই। অৱশেষত জংঘলীয়া লুঙলুঙীয়া পথটোৰে সি ঢলং-পলং খোজেৰে গৈ থাকে, গৈ থাকে, গৈয়েই থাকে।
কোমল দলিচা যেন লগা ঘাঁহ-বনবোৰতে গাটো এৰি দিয়ে সি আৰু নাক বজাবলৈ ধৰে। ৰাতিপুৱা সাৰ পাই দেখে নগেনে, চকৰী ফেঁটী এডালে তাক খুঁটিবলৈ লৈছে। গাত যি অকণমান নিছাই কেলেপ কেলেপ কৰি আছিল, চকৰী ফেঁটীৰ দৰ্শনত সেইকণো নিমিষতে ক’ৰবাত ছিটিকি পৰিল। লগে লগে নগেন সতৰ্ক হৈ পৰে। অলপো পলম নকৰি নগেনে তাৰ সোঁ ভৰিখন চকৰীটোৰ সন্মুখত দিলে আগবঢ়ায়।
: ল’, খুঁটিয়া। যিমান পাৰ খুঁটিয়া।
সাপটোৱে প্ৰচণ্ড খঙত দিলে খুঁটিয়াই। নগেনে পুনৰ গদগদ সুৰেৰে ক’বলৈ ধৰে-
: কিয় ৰ’লি, কিয় ৰ’লি! মাৰ আকৌ, মাৰ, খুঁট মাৰ।
এইবাৰ সাপটোৰ ধৈৰ্যৰ বান্ধ ছিঙি গ’ল একেলেথাৰিয়ে দিলে পুনৰ চাৰি বাৰমান খুঁটিয়াই, কিন্তু নগেনে সেইবোৰ কেৰেপ নকৰি বাৰে বাৰে ভৰিখন আগবঢ়াই দিবলৈ ধৰে চকৰীৰ মুখৰ আগত। অৱশেষত সাপটোৱে জিভাখন এহাতলৈকে উলিয়াই পেলালে। নগেনৰ ভৰিত খুঁটিয়াই খুঁটিয়াই ভাগৰি পৰিল বেচেৰা চকৰী ফেঁটী। অৱশেষত লেবেজান চকৰীয়ে বিদায় সভা পাতিলে। আঁতৰি গ’ল সেইখিনিৰ পৰা।
আনহাতে, খৰিকটীয়া এজনে গছ এডালৰ ওপৰত বহি লক্ষ্য কৰি আছিল দৃশ্যটো। গছৰ পৰা জঁপিয়াই সি তাল-ফালকৈ চিঞৰিবলৈ ধৰিলে-
: ভূত ভূত…. চকৰী ফেঁটীয়ে বাৰে বাৰে খুঁটাৰ পিছতো নমৰিল যেতিয়া এইডাল খাটাং ভূত।
খৰিকটীয়াৰ চিঞৰ শুনি নগেনেও প্ৰচণ্ড জোৰত চিঞৰি উঠিল….
: আব্বে চুপ, কোনে কৈছে মই ভূত বুলি। ময়ো তোৰ দৰে আচল মানুহেই। মাথোঁ মোৰ সোঁভৰিখনহে নকল……বুজিলি।
নগেনৰ কথা শুনি বেচেৰা খৰিকটীয়াটো এইবাৰ বেহুঁচ।
☆ ★ ☆ ★ ☆
7:06 pm
হাঃ হাঃ মজ্জা লাগিল??
9:07 pm
??তামাম।
3:52 pm
মজা!