ফটাঢোল

ব্যংগ সাহিত্য : এক আলোকপাত – সোণটো ৰঞ্জন বৰুৱা

সাহিত্যৰ ৰসসমূহৰ অন্যতম ৰস হ’ল ব্যংগ৷ মানুহে নিজৰ ঘৰখনৰ পৰা আৰম্ভ কৰি সমাজখনৰ বিভিন্ন ক্ষেত্ৰত নানান ত্ৰুটিৰ সন্মুখীন হয়৷ এই ত্ৰুটিসমূহৰ বিৰুদ্ধে যি বক্ৰোক্তিপূৰ্ণ তীক্ষ্ণ অনুভূতি তাকে ব্যংগ বুলি কোৱা হয়৷ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, ধৰ্মীয় আদি সমাজৰ বিভিন্ন ক্ষেত্ৰসমূহতো নানান অসমানতা প্ৰত্যক্ষ কৰা হয়৷ অন্যায়, অনৈতিকতা, সুবিধাবাদ, দুমুখীয়া নীতি, নিৰ্লজ্জতা আদিৰে ভৰপুৰ এই ৰোগাক্ৰান্ত সমাজৰ তিক্ত সোৱাদ সমাজৰ প্ৰায় সকলোৱেই কম বা বেছি পৰিমাণে লাভ কৰে৷ এই তিক্ততাবোৰ যদি জীৱনৰ সৈতে সাক্ষাত্কাৰ বুলি ধৰা হয় তেন্তে এই ৰোগাক্ৰান্ত সমাজব্যৱস্থাৰ বিৰুদ্ধে বক্ৰোক্তিপূৰ্ণ ভাষাৰ যুঁজকেই ব্যংগ বুলি কব পাৰি৷

মানুহৰ নিজৰ জীৱন তথা চৌপাশৰ সামাজিক পৰিস্থিতিত চলি থকা নানান অন্তঃবিৰোধক নিজৰ বুলি লৈ যিসমূহ তেওঁক যিকোনো বিষয় সুন্দৰ তথা শুদ্ধ ভাবে পোৱাত বাধা দিছে সেই অন্তবিৰোধসমূহক তীক্ষ্ণ প্ৰহাৰেই ব্যংগ৷ ব্যক্তি আৰু সমাজজীৱনৰ হিত ভাবনা লৈ কৰা গভীৰ প্ৰহাৰেই ব্যংগ৷ মিথ্যাচাৰ, অসত্য, উপেক্ষা, অনৈতিক, দুৰ্নীতি আদিৰ তিক্ত সোৱাদে জীৱনলৈ অসন্তোষ কঢ়িয়াই আনে৷ ক্ৰমান্বয়ে এই অসন্তোষ খঙলৈ ৰূপান্তৰ হয়৷ এই খঙ যেতিয়াই অভিব্যক্তিৰ দ্বাৰা লিখিত ৰূপত প্ৰকাশ পায় যেতিয়াই ব্যংগৰ জন্ম হয়৷ ভাৰতীয় তথা পাশ্চাত্যৰ সাহিত্যজগতত ব্যংগ বহুল ভাবে ব্যৱহাৰ হয়৷ কিন্তু সকলোৱেই ব্যংগৰ ব্যাখা ভিন ভিন ৰূপত দিবলৈ চেষ্টা কৰে৷ ব্যংগ মুলত ক্ৰোধ, দুখ, অসমানতাৰ গ্লানি, অসন্তোষ, কোনো ত্ৰুটিৰ বিৰুদ্ধে বিদ্ৰোহ আদি বিভিন্ন বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি ৰচনা হোৱাৰ বাবে ই ভিন ভিন ৰূপত প্ৰকাশ পায়৷ ব্যংগ সাধাৰণতে বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা হাস্যকৰ, কেতিয়াবা কৰুণাত্মক, কেতিয়াবা কঠোৰ অনুভূতিৰূপেও প্ৰকাশ হয়৷ ব্যংগৰ পৰিভাষাসমূহৰ বিশ্লেষণ কৰিলে দেখা যায় যে ব্যংগই বাস্তৱতাক এৰিব নোৱাৰে৷ মানৱজীৱনত লাভ কৰা বাস্তবিক অন্তবিৰোধ আৰু সামাজিক তিক্ততাৰ দাপোন ব্যংগ৷

ব্যংগৰ সাধাৰণ বিশেষত্ববোৰ এনেধৰণৰঃ
১) ব্যংগ সমাজধৰ্মী
২) ব্যংগৰ মুখ্য উদেশ্য মনোৰঞ্জন নহয়৷
৩) ব্যংগৰ মুখ্য উদ্দেশ্য সংস্কাৰ
৪) ব্যংগ নৈতিকতাৰ সমৰ্থক
৫) ব্যংগ মানসিকভাৱে উদ্ভৱ হোৱা এক বিশিষ্ট প্ৰকাশভংগীমা
৬) ব্যংগৰ দৃষ্টি বিশ্বদৃষ্টি

উপৰোক্ত বিশেষত্বসমূহ চালে ব্যংগৰ পৰিভাষা এনেদৰে দিব পাৰি – ‘ব্যংগ বিশ্বদৃষ্টিযুক্ত লেখকৰ বাস্তৱবাদী, সমাজধৰ্মী আৰু বিশেষ প্ৰকাশ ভংগীমাযুক্ত এনে এক অস্ত্ৰ, যি অস্ত্ৰৰ প্ৰয়োগ সমাজকল্যাণৰ বাবে লেখকে সমাজৰ বিসংগতিসমূহ নাশ কৰিবলৈ ব্যৱহাৰ কৰে৷ ’

হাস্য আৰু ব্যংগৰ মাজত বহুত প্ৰভেদ থাকে৷ দুয়োটাৰে প্ৰয়োগৰ ক্ষেত্ৰ বেলেগ বেলেগ৷ হাস্যৰ কাম হল পাঠকক মনোৰঞ্জন প্ৰদান কৰা, হঁহুওৱা৷ আনহাতে ব্যংগৰ কাম হল সমাজৰ বিভিন্ন স্তৰত ঘটি থকা কেৰোণসমূহৰ গুৰি বিচাৰ কৰি তাত আঘাত কৰা৷ হাস্য ৰচনাৰ সমাপ্তিত পাঠকে খিলখিলাই হাঁহিব পাৰে, কিন্তু ব্যংগ ৰচনাৰ শেষত পাঠকসকলে সেই কেৰোণসমূহৰ বিৰুদ্ধে মন্তব্য কৰা দেখা যায়৷ হাস্য আৰু ব্যংগৰ পাঠকৰ মাজতো প্ৰভেদ থাকে৷ হাস্য লেখাৰ পাঠক যিকোনো লোকেই হব পাৰে৷ কিন্তু গহীন ব্যংগৰ পাঠকসকল সাধাৰণতে গম্ভীৰ প্ৰকৃতিৰ হয়৷ যি সকলে ব্যংগ লেখাৰ কথা, আক্ৰমকতা আৰু ব্যংগটোৰ দ্বাৰা দিব বিচৰা বাৰ্তা সঠিকভাবে বিচাৰি লব পাৰে৷ কিছু পাঠকে ব্যংগৰ দ্বাৰা দিব বিচৰা বাৰ্তাক সঠিককৈ নুবুজি সহজভাবে নোলোৱাৰ বাবে লেখকে গালি-গালাজৰ সন্মুখীন হোৱাটো সাধাৰণ কথা৷ হাস্য আৰু ব্যংগ লেখাৰ অৱলম্বন প্ৰায় একেই যদিও ব্যৱহাৰ ভিন্ন ভিন্ন ভাবে কৰা হয়৷

ধৰা হ’ল কোনো এজন শকত পেটুৱা ব্যক্তিক লৈ লেখা এটা লিখা হৈছে৷ সেই ব্যক্তিজনৰ চাল চলন, খোৱা বোৱা, পিন্ধা উৰা আদিক লৈ হাস্যৰস উৎপন্ন কৰিবলৈ চেষ্টা কৰা হয়৷ কিন্তু ব্যংগ লেখাত এই শকত ব্যক্তিজনক পৃথকভাবে ব্যৱহাৰ কৰা হয়৷ যদি সেই ব্যক্তিজন কোনো ভ্ৰষ্ট ৰাজনৈতিক নেতা বা চৰকাৰী চাকৰিয়াল হয় তেতিয়া ব্যংগ লেখকে সেই শকত হোৱাৰ কাৰণসমূহ এটা এটাকৈ খুলিবলৈ চায়৷ ব্যংগ লেখকে সেই পেটত কিমান টন ফাইল, কেলেংকাৰী, ঘোচ সোমাই আছে এনেবোৰ কথা কবলৈ চেষ্টা কৰে৷ লেখকে এই সকলো বিৱৰণ ভাষাৰ চাতুৰ্যতাৰে সমাজৰ চকুত এনেদৰে দাঙি ধৰে যে হাস্যৰস সৃষ্টি কৰিবলৈ যেন লগা লেখাটো শেষত তীক্ষ্ণ আৰু কটু ব্যংগত পৰিণত হয়গৈ৷ কিছু লোকৰ মতে হাস্য আৰু ব্যংগৰ মাজত প্ৰভেদ এনেকুৱা, এপাহ গোলাপ চিঙি তাৰ সুন্দৰ গোন্ধৰ আনন্দ লোৱাটো হাস্য আৰু ব্যংগ হৈছে সেই একেজোপা গছৰে কাইঁটে বিন্ধিলে হোৱা বিষৰ অনুভৱ৷
( ড্ৰাইডন , জৰ্জ মেৰেডিয়’ , জেমছ চেদাৰলেণ্ড , হৰিশংকৰ পৰচাই, আচাৰ্য হৰি প্ৰসাদ দ্বিবেদী আদি লেখকসকলৰ ব্যংগৰ পৰিভাষাৰ সহায় লৈ । )

★★★★

One comment

  • Gitika Saikia

    ভাল লাগিল পঢ়ি। বিস্তাৰিত অধ্যয়ণৰ ফচল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *