ফটাঢোল

প্ৰতিশ্ৰুতি – প্ৰদীপ পাটগিৰি

যোৱা ব’হাগত ধুম-ধামেৰে বিয়াখন পাতিলো৷ চেনেহী পদুমীয়ে প্ৰেয়সীৰ পৰা পত্নীৰ মৰ্যাদা পালে৷ প্ৰেয়সীক পত্নীৰূপে লাভ কৰাৰ সুখ-মাদকতা অতুলনীয়৷ মোৰ বুকুখন অনাবিল সুখ, আনন্দ আৰু সোণালী সপোনেৰে উপচি পৰিল৷ তিনি বছৰ জোৰা আমাৰ প্ৰেম আছিল৷ বিয়াৰ পূৰ্বে পদুমীয়ে মোক প্ৰতিশ্ৰুতি দিছিল-

“বিয়াৰ পিছত ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব মোৰ৷ ঘৰখন মই সুন্দৰকৈ চম্ভালি লম৷”

পদুমীৰ এই প্ৰতিশ্ৰুতিয়ে মোক বহুত সুখী কৰিছিল৷ আনন্দ দিছিল৷ তাইৰ প্ৰতি এবুকু কৃতজ্ঞতাত অন্তৰ ভৰিছিল৷ মই কৈছিলো, “মা-দেউতাৰ মই জ্যেষ্ঠ সন্তান৷ পৰিয়ালৰ ডাঙৰ বোৱাৰী হিচাপে তুমি বহুত দায়িত্ব কান্ধ পাতি ল’ব লাগিব৷ তেতিয়াহে আমাৰ ঘৰখন ঘৰ হৈ থাকিব৷ মা-দেউতাক সেৱা-শুশ্ৰূষা কৰিবা৷ ভাইটি- ভণ্টিক মৰম-স্নেহ কৰিবা৷ ভণ্টিতো আৰু বেছি দিন আমাৰ লগত নাথাকে৷ কলেজ পাছ কৰাৰ পিছতে ভাল ল’ৰা পালে তাইক বিয়া দি দিম৷ ভাইটি পঢ়াত ভাল৷ বিশ্ববিদ্যালয়ৰ পৰা ওলাই অহাৰ পিছত তাৰো নিশ্চয় ক’ৰবাত গতি এটা লাগিব৷”

কিমান আশা, হেঁপাহ, সপোন আৰু আনন্দেৰে যে যুগ্ম জীৱনৰ পাতনি মেলিছিলো…৷ মা-দেউতা, ভাইটি-ভণ্টি বহুত সুখী হৈছিল মোৰ বিয়াত৷ তেওঁলোকে কিমান যে আনন্দ-স্ফূৰ্তি কৰিছিল৷ তেনেদৰে তেওঁলোকৰ শাৰীৰিক কষ্ট আৰু পৰিশ্ৰমো হৈছিল দেধাৰ৷ অতিথি নিমন্ত্ৰণ, ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰা, ৰভা দিয়া, বজাৰ কৰা, খৰি ফলা, শুকোৱা… কিমান যে কাম৷

নিৰ্বাচনৰ পিছত জনপ্ৰতিনিধিয়ে জনগণ বিৰোধী পদক্ষেপ লোৱাৰ দৰে পদুমীয়ো বিয়াৰ পিছত আমাৰ ঘৰ-পৰিয়াল বিৰোধী কাম কৰিবলৈ ল’লে৷ মা-দেউতাক সেৱা-শুশ্ৰূষা নকৰে৷ নকৰে শ্ৰদ্ধা৷ ভাইটি-ভণ্টিকো দেখিব নোৱাৰে৷ মা আৰু ভণ্টিৰ লগত দুদিনমান মৌখিক ৰণতো অৱতীৰ্ণ হ’ল৷

ভাইটি আৰু ভণ্টিক হাত খৰচৰ বাবে মই টকা দিব নোৱাৰা হ’লোঁ৷ আনি দিব নোৱাৰা হ’লোঁ দেউতাক মধুমেহ ৰোগৰ ঔষধ৷ মাক প্ৰেচাৰৰ পিল৷ দিলেই পদুমীৰ লগত নিউজ চেনেলৰ নিশা আঠ বজাৰ টক শ্ব’ৰ মহাৰণ৷ মুখ ওফোন্দাই তাইৰ গালি-গালাজ, চকুপানী, ধৰ্মঘট, অনশন ৷ মোৰ এ টি এম কাৰ্ডখন তাই বাজেয়াপ্ত কৰিলে৷ জানি ল’লে গোপন নম্বৰ৷

পদুমীয়ে এতিয়া মাহে মাহে ভায়েক-ভনীয়েকলৈ মোৰ দৰমহাৰ টকা পঠায়৷ মোৰ দৰমহাৰ টকা খৰচ কৰি তাইৰ মাক-দেউতাকৰ কাপোৰ-কানিৰ যোগান ধৰে৷ আমাৰ বংশ-পৰিয়ালত মোৰ আৰু পদুমীৰ দুৰ্নাম৷ পদুমী যখিনী৷ মই তিৰোতাসেৰুৱা৷ পৰিৱৰ্তে শহুৰৰ ঘৰত মোৰ আৰু পদুমীৰ সুনাম৷ জী-জোঁৱাই এনেহেনহে হ’ব লাগে! বৃদ্ধ মা-দেউতাই অন্তৰত বহুত দুখ পাইছে পদুমীৰ এই ব্যৱহাৰত৷ মোৰ অসহায় আচৰণত৷ ভাইটি-ভণ্টিৰ অন্তৰত মোৰ প্ৰতি এতিয়া অকণো শ্ৰদ্ধা ভাব নাই৷ আছে মাথোঁ ঘৃণাৰ সাগৰ৷

এদিন মই বুকুত সাহস গোটালো৷ মনৰ মাজত প্ৰচণ্ড খং যদিও সেয়া প্ৰকাশ নকৰি পদুমীক মৰমেৰে সুধিলো,

“বিয়াৰ পিছত ঘৰখন ভালদৰে চম্ভালিম বুলি তুমি প্ৰতিশ্ৰুতি দিছিলা৷ কিন্তু এতিয়া তুমিচোন পৰিৱৰ্তন হ’লা৷ মা-দেউতাক মৰম-শ্ৰদ্ধা, সেৱা-শুশ্ৰূষা নকৰা৷ ভাইটি-ভণ্টিক শত্ৰুজ্ঞান কৰা৷ মোকো তেওঁলোকক আদৰ-যত্ন, মৰম-স্নেহ কৰিবলৈ নিদিয়া৷ ভাইটি-ভণ্টিক টকা দিলেও তুমি সহিব নোৱাৰা৷ খং কৰা৷ মোৰ লগত কাজিয়া কৰা৷ তুমি ইমান সলনি কিয় হ’লা, পদুমী? বিবাহৰ পূৰ্বৰ প্ৰতিশ্ৰুতি তুমি কিয় পাহৰিলা?”

মোৰ কথা শুনি পদুমী জাঙুৰ খাই উঠিল ৷ তাই খং ভাৱেৰে ভোৰভোৰালে-

“মই একো সলনি হোৱা নাই৷ বিবাহৰ পূৰ্বৰ প্ৰতিশ্ৰুতিও পাহৰা নাই”৷

“তেনেহ’লে তোমাৰ এই আচৰণ কিয়? আমাৰ পৰিয়াল বিৰোধী ব্যৱহাৰ, মানসিকতা কিয়?”

“তোমাৰ বুজাত ভুল হৈছিল আৰু এতিয়াও তুমি ভুলকৈ ভাবি আছা৷ মই তোমালোকৰ ঘৰখন চম্ভালাৰ কথা কোৱা নাছিলো৷ মোৰ পিতৃগৃহৰ কথাহে কৈছিলো৷”

কথাখিনি কৈ পদুমী নৰ’ল৷ উচাৎ মাৰি আনটো ৰূমলৈ গুচি গ’ল৷ শূন্য ৰাণত ক্লীন ব’ল্ড হোৱা বেটচমেনৰ দৰে মই ঠাইতে কিছুপৰ হতভম্ব হৈ ৰ’লো৷

★★★★

One comment

  • চাহিন জাফ্ৰি

    সুন্দৰ..এখন বাস্তৱ ছবি…। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *