একা-বেঁকা সপোন – মাধুৰীমা ঘৰফলীয়া
টুলখন জোৰা দি কোনোমতে পাকঘৰৰ স্লেপখনৰ পৰা পকামিঠৈৰ টেমাটো নমাইছিলহে জুনুক জুনুককৈ বাজি উঠা শব্দটোত পখিলা চক খাই উঠিল ! টেমাটো আগৰ ঠাইতে থৈ টুলৰ পৰা নামে মানে জুনুক জুনুক শব্দটো কাষ পালেহি !
-অ’ আমাৰ আইদেউ মানে ইয়াত আছেহি ! নবৌ…
-মাক আক কিয় মাতিছা পেহী ?
পেহীয়েকৰ চিঞৰত পখিলা বিৰক্ত হৈ উঠিল ।
-নহ’লে পাছত মাৰে চিঞৰ-বাখৰ লগাব নহয় মিঠৈবোৰ কোনটো ভূতে খাই শেষ কৰিলে বুলি !
কৃত্ৰিম খঙেৰে পেহীয়েকো কোৱা কথাষাৰ শুনি পখিলা ভয় খাই গ’ল ।
-মই ইয়াত মিঠৈ বিচাৰি অহা নাই বুজিছা । কাম এটা কৰিবলৈ কটাৰী এখন বিচাৰি আহিছিলোঁ ।
-আয়ৈ আমাৰ কামিলা আইদেউজনী বুলি পেহীয়েকে টুপককৈ চুমা এটা খাই পখিলাক কোলাত লৈ পাকঘৰৰ পৰা ওলাই আহিল । পখিলাইও পেহীয়েকৰ আচৰণ সলনি হোৱা যেন দেখি শান্তিৰে উশাহ এটা লৈ পেহীয়েকৰ কান্ধত মূৰটো পেলাই দিলে । কিন্তু মনটো মিঠৈখিনিৰ মাজতে সোমাই থাকি গ’ল ।
এনে নহয় যে তাইক কোনেও মিঠৈ খাবলৈ দিয়া নাই । দিছিল । টেমাটো যিমানবাৰ খোল খাই সিমানবাৰেই তাইৰ ভাগত এটুকুৰা হলেও মিঠৈৰ পৰে । তথাপি তাইৰ হেঁপাহ পলোৱা নাই । আচলতে মিঠৈকেইটা পেহীয়েকে বনোৱা আৰু পেহীয়েকে বনোৱা মিঠৈ কেৱল তায়ে নহয় ঘৰৰ সকলোৱে খাই ভাল পায় । সেইবাবেই পুৱাৰে পৰা কেইবাৰো সুযোগ বুজি মিঠৈ দুটামান চুৰ কৰিবলৈ চেষ্টা কৰি আছিল । কিন্তু সফলহে হ’ব পৰা নাই !
-তুমি হোষ্টেললৈ কেতিয়াকৈ যাবা পেহী ?
পখিলাৰ চুলিত তেলৰে মালিচ কৰি থকা পেহীয়েক নমিতাৰ হাতদুখন ৰৈ গ’ল ।
-অ’ তই হবলা মিঠৈ খাবলৈ নাপায় মোক হোষ্টেললৈ খেদিবলৈ চেষ্টা কৰিছ !
-কি যে কথা কোৱা পেহী । তুমি হোষ্টেললৈ গলে মিঠৈ কোনে বনাব । মই এনেইহে সুধিছিলোঁ ।
হওতে পখিলাৰ বয়স ছবছৰ কিন্তু থাওকতে কথাৰ উত্তৰ দিয়াত তাইক কোনেও সহজে বলে নোৱাৰে । তাইৰ উত্তৰটো শুনি কাষতে তাঁতৰ পাতত বহি থকা মাক আৰু খুৰীয়েক হাঁহি উঠিল ।
-দুদিনমানৰ পাছত পেহীয়েৰে একেবাৰে যাবগৈ বুজিছা পখিলা ।
খুৰীয়েকে তাইক জোকোৱাৰ চলেৰে কলে ।
-পেহী হোষ্টেললৈ একেবাৰে যাবগৈ ?
-হেহ আঁকৰীজনী পেহীয়েৰে পেহাৰ ওচৰলৈ যাবগৈ ।
-পেহী আক পেহাৰ ওচৰলৈ কিয় যাব ?
-উৱা দেখা নাই জানো তোমাৰ মা আছে দেউতাৰ লগত ,মই তোমাৰ খুৰাৰ লগত আছোঁ তেনেকৈ পেহীও পেহাৰ ওচৰলৈ যাবগৈ ।
-অ’ হয়তোন ! মই ইমান দিনে এই কথাটো ভবাই নাছিলোঁ ।
পখিলাই বৰ ডাঙৰ কথা এটা বুজি পোৱাৰ দৰে উত্তৰ দিয়াত মাকহঁত হাঁহিত ঢলি পৰিল । পিছে তাই সেইবোৰলৈ কাণসাৰ নকৰি পুনৰ পেহীয়েকলৈ চাই সুধিলে
-পিছে তোমাৰ পেহাটো ক’ত আছে পেহী ?
পেহীয়েকে উত্তৰ দিবলৈ নাপালেই তাৰ আগতে খুৰীয়েকে মাত লগালে
-কিয় আমাৰ সেই নিপু অজলা সেইয়া তোমাৰ পেহা ।
-সঁচা ?
-মইনো তোমাক মিছা কমনে ।
-নবৌ কিযে কথাবোৰ কৈ থাকা নহয় । এইজনীয়ে এতিয়া তাকে সঁচা বুলি ভাবিব ।
খুৰীয়েক ভতিজাকৰ ধেমালিত নিপু অজলা সোমাই পৰাত নমিতাই অস্বস্তিৰে কলে । নমিতাৰ অস্বস্তিখিনি দুয়োজনীয়ে বৌয়েকে বাৰুকৈয়ে উপভোগ কৰিলে । মাথো পখিলাইহে বেলেগ কিবা ভাবি থাকিল ।
নিপু অজলা বুলি কলেই যিটো ছবি মনলৈ আহিব নিপু আচলতে তাৰ ঠিক বিপৰীত চৰিত্ৰ । সুন্দৰ স্বাস্থ্যপাতিৰে এটা পাহুৱাল ডেকা । ঘৰখনো গাঁৱৰ ভিতৰতে অৱস্থাপন্ন ঘৰ । নিপু পঢ়া-শুনাতো খুব ভাল আছিল । কিন্তু কলেজত পঢ়ি থাকোঁতেই ল’ৰাটোৰ কি জানো হ’ল প্ৰথমে ছমাহমান বন্ধু-বান্ধৱবোৰৰ পৰা আঁতৰি জুপুকা লাগি থাকিল । তাৰপাছত নিজকে চিনি নোপোৱাৰ দৰে হ’ল । ঘৰৰ মানুহে বহুত চিকিৎসা কৰাই কোনোমতে অকমান ভাল কৰিলে যদিও সি অজলাটোৰ দৰে হৈ থাকিল । কিছুমান মানুহে কয় তাক কোনোবা ছোৱালীয়ে ঠগিলে আনকোনোবাই কয় পঢ়ি পঢ়িয়েই ল’ৰাটো পগলা হ’ল । মানুহে যিয়ে নকওক কিয় চাফ-চিকুণ হৈ আন দহটা ডেকাৰ দৰেই ভদ্ৰভাৱে ঘুৰি ফুৰা নিপুৰ সৈতে কথা নপতালৈকে কোনেও ধৰিব নোৱাৰে সি যে অজলা । সেইটো নিপুৱেই প্ৰায়ে পখিলাহঁতৰ ঘৰলৈ আহে । প্ৰায়ে মানে পখিলাৰ খুৰীয়েকহঁতৰ মতে নমিতা হোষ্টেলৰ পৰা আহিলে সি বেচিকৈ আহে । সেইবাবেই তেওঁলোকে নমিতাক তাৰ সৈতে জোৰা দি ৰং চায় ।
-নবৌ ভালে আছে ?
নমিতাৰ ফুলি উঠা মুখখনৰ বাবে ধেমালিবোৰ বন্ধ হৈছিলহে তেনেতে সদায় কৰাৰ দৰে একেটা প্ৰশ্নকে কৰি নঙলা খুলি নিপু সোমাই আহিল । পখিলাৰ খুৰীয়েকে ফিচিককৈ হাঁহি এটা মাৰি নমিতাৰ ফালে চালে । তায়ো উপায়হীন মানুহৰ দৰে হুমুনিয়াহ এটা কাঢ়ি ভিতৰৰ পৰা চকী এখন আনি নিপুক বহিবলৈ দিলে । নিপুৱে লাজ লাজকৈ তাইলৈ চালে । আনদিনাৰ দৰে নমিতাই তালৈ চাই নাহাঁহিলে । তল মূৰ কৰি ভিতৰলৈ সোমাই গ’ল ।
নমিতাই আচলতে বহু কথাই জানে । আনে নজনা এই কথাবোৰে কেতিয়াবা তাইৰ মনৰ মাজত এজাক ভয়ংকৰ ধুমুহাৰ সৃষ্টি কৰি দিয়ে আৰু এটা সময়ত সেইবোৰ নিৰৱেই মাৰ যায় । এই যে নিপু নামৰ অজলা ডেকাটো সি অজলা হোৱাৰ আগতো তাইলৈ চাই তেনেকৈ হাঁহিছিল । মাথো সেই হাঁহিটোৰ কথা নমিতাৰ বাহিৰে কোনেও গম পোৱা নাছিল । সেই হাঁহিটোৱে নমিতাৰ কুমলীয়া বুকুত শিহৰণ তুলিছিল । শিহৰণৰ উৎসবোৰ হাঁহিৰ পৰা গৈ কথালৈ পৰিবৰ্তন হোৱাৰ আগতেই ল’ৰাটো জুপুকা লাগিল । নমিতাৰো শিহৰণবোৰ হেৰাই গ’ল । কিন্তু নিপুৰ হাঁহিটো একেই থাকিল । সেইবাবে চেষ্টা কৰিলেও নমিতাই তাক বেয়াকৈ একো ক’ব নোৱাৰে ।
-চাহ খাবা নিপুদা ।
নিপুৰ কাষত চাহকাপ থৈ নমিতাই বৌয়েহঁতক চাহ দিলেগৈ । অতপৰে পৰুৱা দুজনীমানৰ আলেখ-লেখ চাই থকা পখিলাই পেহীয়েকে দিয়া মিঠৈটো লৈ নিপুৰ মুখলৈ চালে । যেন প্ৰথমবাৰৰ বাবেহে দেখিছে ।
-তুমি জানানে নিপুখুৰা তুমি আমাৰ পেহীৰ পেহা হয় !
পখিলাৰ কথাত চাহ খাই থকা নমিতা চৰ্চৰণি খাই উঠিল । তাঁতৰ ছিগা সূতা জোৰা দি থকা পখিলাৰ খুৰীয়েকে মুখত হাতখন থৈ খিক-খিকাই হাঁহি উঠিল । পখিলাৰ মাকে তাইক ধমক এটা দি মাত বন্ধ কৰোঁ বুলি ভাবোঁতেই নিপুৱে মাত লগালে
-সঁচা !
-অতোন । তুমিহে নাজানা আমাৰ ঘৰৰ সকলোৱে জানে । আমাৰ খুৰীক খুৰাই আঙুঠি এটা পিন্ধাই ঘৰলৈ লৈ অহাৰ দৰে তুমিও পেহীক আঙুঠি পিন্ধাই লৈ যাবা দেই ।
নিপুৱে কিবা এটা কলেহেঁতেন চাগে কিন্তু পখিলাৰ মাকে আহি পখিলাক ফুল বছা কাঠী এডালেৰে চিটিপ চিটিপকৈ কোবোৱাত তাইৰ কান্দোনত পৰিবেশতো পুনৰ সলনি হৈ গ’ল । নিপু অজলা সেইদিনা কোনোমতে খুৰাৰ পৰা পেহা নহ’লগৈ ।
পিছদিনা নমিতা হোষ্টেললৈ গ’লগৈ । চিৰাচৰিত নিয়মৰ দৰে এদিন দুদিন অহাৰ পাছত নিপু পখিলাহঁতৰ ঘৰলৈ নহা হ’ল । এমাহৰ পাছত কলেজ বন্ধ থকাৰ বাবে নমিতা পুনৰ ঘৰলৈ আহিল । সেইবাৰ পিছে আগৰ দৰে পিছদিনাই নিপু নোলালহি । দুদিনমানৰ পাছত দুপৰীয়া নঙলাডাল খুলি সি সোমাই আহিল । ঘৰত সেইদিনা পখিলা আৰু নমিতাৰ বাহিৰে কোনো নাই । দুয়োজনীয়ে টিভিত চৌটা ভীম চাই আছিল তেনেতে বাহিৰত নিপুৰ নবৌ ভাল নে বুলি বাক্যষাৰ শুনি নমিতা বহাৰ পৰা উঠি গ’ল । পখিলাৰ চৌটা ভীমখন এৰি উঠি যাবলৈ মন নগ’ল যদিও বহাৰ পৰাই খিৰিকীৰে বাহিৰলৈ চালে । নিপু অজলাই কাষতে ঠিয় হৈ থকা পেহীয়েকক কিবা এটা দেখুৱাই কিবা কৈছে আৰু পেহীয়েকে একো নকৈ একে থৰে তালৈ চাই আছে ! অলপ সময় । তাৰপাছতে নিপুক তাতে এৰি ঘৰৰ মূল দুৱাৰখন ধাৰামকৈ মাৰি পেহীয়েক সোমাই আহিল । নিপু থকা ঠাইতে বহু সময় ৰৈ পাছত কিবা এটা ভুনভুনাই আঁতৰি গ’ল । ইতিমধ্যে টিভিত চৌটা ভীমৰ শত্ৰুৰ সৈতে যুদ্ধ আৰম্ভ হৈ গৈছিল বাবে পখিলাই ইফালে-সিফালে চাবলৈ এৰি টিভিত মন দিলে । কিন্তু এটা কথা অনুভৱ কৰিলে পেহীয়েক হঠাতে বৰ গহীন হৈ গ’ল ।
কেইদিনমানৰ পাছত পেহীয়েকৰ বাবে গোটেই ঘৰখনেই গহীন হৈ পৰিল । মাত্ৰ পখিলাৰ খুৰাক মাজে মাজে গৰজি থাকিল ।
-তাইক আমি বিয়া নিদিলোঁহেঁতেন নেকি ? তাই আমাক জনোৱা হলে তালৈকে দিলোঁহেঁতেন ! সি ল’ৰাটো ভাল বুলি জানো । ঘৰখনো ভাল । কিন্তু সেইবুলিয়েই সকলো কথা মানি ল’ব নোৱাৰি নহয় !
খুৰাকৰ খং দেখি পখিলা কুঁচি-মুচি মাকৰ বুকুত সোমাই আছে । কথাবোৰ তাই অলপ অলপ বুজি পাইছে সেইবাবে অলপ দুখো লাগিছে । কিন্তু আইতাকৰ দৰে কন্দা নাই । দুপৰীয়া কলেজৰ পৰা পেহীয়েকে ফোন কৰিছিল । পেহীয়েক হেনো পেহাকৰ লগত একেবাৰে গুচি গ’ল । পেহাকৰ ঘৰলৈ !
পখিলাই হিচাপ কৰি চালে এতিয়াৰ পৰা পেহীয়েকৰ কিমান বস্তুৰ গৰাকী তাই হ’ব-আইনাখন, প্ৰসাধন সামগ্ৰীবোৰ ,পেহীয়েকৰ জোতা চেণ্ডেল আৰু কাপোৰবোৰ ! ৱাহ এতিয়াৰ পৰা পেহীয়েকৰ গালি নোখোৱাকৈ তেওঁৰ কাপোৰবোৰ পিন্ধিব পাৰিব । তেওঁৰ প্ৰসাধন সামগ্ৰীবোৰ ব্যৱহাৰ কৰিব পাৰিব !
তাইৰ মনটো ভাল লাগি গ’ল ।
কিন্তু কেইদিনৰ বাবে ? অলপদিনৰ পাছতে পেহীয়েকৰ অভাৱত পখিলাৰ মনটো বেয়া লাগি থাকিবলৈ ধৰিলে । তেনেকুৱা এটা দিনতে
-নবৌ ভাল নে ?
নঙলা ঠেলি নিপু অজলা সোমাই আহিল । বাৰাণ্ডাত জুপুকা লাগি বহি থকা পখিলাই ইফালে-সিফালে ডিঙি ঘুৰাই চালে মাক-খুৰীয়েক কোনো কাষত নাই । মানে নিপু অজলাই তাইকে নবৌ বুলি মাতিছে ! সি আহি তাইৰ কাষতে বহিল । তাই মুখখন বোন্দা কৰি তালৈ চালে ।
-বুজিছা খুৰা তোমাৰ এই যে যাকে-তাকে নবৌ বোলা স্বভাৱটোৰ বাবেই পেহী বেলেগ এটা পেহাৰ ঘৰলৈ গুছি গ’ল ।
-এইটো চোৱা ।
নিপুৱে পখিলাৰ কথাষাৰ গুৰুত্ব নিদি হাতৰ মুঠিতে লুকুৱাই অনা আঙুঠি এটা তাইক দেখুৱালে ।
-ইমান ধুনীয়া !
-নমিতায়ো সিদিনা ধুনীয়া বুলি কৈছিল । মোৰ হাঁহিটোৰ দৰে ধুনীয়া বোলে । হাঁহিটো ল’লে কিন্তু আঙুঠিটো নল’লে ।
পখিলাই নিপুৰ চকুলৈ চালে । বেঙাটোৰ দৰে হাঁহি থকা নিপুৰ চকুজোৰ সজল হৈ আছে । পখিলাৰো চকুৰ কোণ দুটা জিলিকি উঠিল । নুবুজাকৈয়ে । একে ৰঙৰ চকুপানীৰে !!
★★★★