কৰ’না, ভেক্চিন, হাজৰিকা খুড়া আৰু বিকাশ – ঋতুপৰ্ণ শৰ্মা
সাপ্তাহিক বজাৰৰ ভৰ্তি মোনা দুখন লৈ বাইকেৰে ঘৰলৈ উভতি আহি থাকোঁতে বিকাশে দেখিলে যে হাজৰিকা খুড়া পদূলি মুখতে ৰৈ আছে। হাজৰিকা খুড়াহঁতৰ ঘৰ পাৰ হৈ হে বিকাশহঁতৰ ঘৰ। হাজৰিকা খুড়া হয়তো এতিয়া চিকাৰৰ সন্ধানত আছে। চিকাৰ মানেনো আৰু কি! বাটেৰে গৈ থকা কোনোবা এজনক মাতি আনি কথাৰ মহলা মৰা। কথা অৱশ্যে তেখেতেহে ক’ব। আনজনে শুনিব লাগিব। সন্মুখত থকাজনক কথা কোৱাৰ কোনো সুযোগেই নিদিয়ে তেখেতে।
বাইকখন ব্ৰেক মাৰি ৰখালে বিকাশে। এইমুহূৰ্তত হাজৰিকা খুড়াৰ সন্মুখেৰে যোৱা মানে আধাঘণ্টা সময় বৰবাদ কৰা। তাতকৈ সি ভাবিলে যে ওচৰতে থকা পান দোকানখনতে পান এটা খোৱা যাওক আৰু আঁৰ চকুৰে খুড়াক লক্ষ্য কৰা যাওক। বেলেগ এটা চিকাৰ ধৰি তেওঁ ব্যস্ত হ’লেই ঠাইখিনি পাৰ হৈ যাব লাগিব।
হাজৰিকা খুড়াৰ লগত কথা পাতি বিকাশে বেয়া নাপায়। পিচে যোৱা বছৰৰ পৰা তাৰ কামৰ ইমানেই হেঁচা পৰিছে যে এতিয়া আৰু আগৰ দৰে কথা পাতি সময় পাৰ কৰিব নোৱাৰে সি।
স্বাস্থ্য বিভাগৰ এম্ পি ডব্লিউ(MPW)ৰ চাকৰি তাৰ। সম্পূর্ণকৈ ক’লে হ’ব মাল্টি পাৰ্পচ উৱৰ্কাৰ(Multi Purpose Worker) অৰ্থাৎ গাঁও পৰ্যায়ত স্বাস্থ্য বিভাগৰ বিভিন্ন কাম-কাজ সমাপন কৰিব লাগে সিহঁতে। কৰ’ণা মহামাৰী আৰম্ভ হোৱাৰ আগতে বৰ বেছি কষ্ট হোৱা নাছিল তাৰ। পিচে কৰ’ণা মহামাৰী আৰম্ভ হোৱাৰে পৰা বাৰ বাজি গৈছে তাৰ। ঘৰৰ একমাত্ৰ সন্তান হোৱাৰ বাবে ঘৰৰ সকলোবোৰ কামো তাৰ ভাগতেই পৰে। কিছুদিন আগতে কৰ’ণাৰ প্ৰকোপ কিছু হ্ৰাস পোৱাত অলপ সকাহ পাইছিল যদিও এতিয়া আকৌ প্ৰকোপ বৃদ্ধি পোৱাত চকুৰে সৰিয়হ ফুল দেখি গৈছে সি।
ঘৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ হয় তাৰ কৰ্মস্থলীলৈ। প্ৰথমবাৰ লকডাউন দিওঁতে সকলোৱে যেতিয়া ঘৰতে সময় পাৰ কৰিছিল তেতিয়া সি বাইকেৰে কৰ্মস্থানলৈ ৰাওনা হৈছিল পুৱা প্ৰায় আঠ বজাতেই। চিকিৎসা সেৱা মানেই মানৱ সেৱা। সিয়ো আনন্দিত হৈছিল এই মানৱ সেৱা প্ৰদান কৰি। পিচে মাজে সময়ে ভাগৰি পৰিছিল সি। এনে লাগিছিল যেন কিছু জিৰণিৰ প্ৰয়োজন তাৰ। কৰ্মস্থানলৈ যাওঁতে যেতিয়া সি দেখিছিল কিছুমান বাইক,গাড়ী আদিক পুলিচে ধমকি দি উভতাই পঠিয়াইছিল, তাৰ এনে লাগিছিল যেন তাকো যদি এনেকৈ পুলিচে ঘৰলৈ উভতাই পঠিয়ালেহেঁতেন! পিচে নাই, ডিঙিত ওলমি থকা তাৰ পৰিচয় পত্ৰখন চাই যাব দিয়ে তাক। দায়িত্বৰ পৰা উভতি আহি সি যেতিয়া ঘৰ পাবৰ হয়হি, দোকান পোহাৰ তেতিয়া সম্পূর্ণৰূপে বন্ধ হৈ পৰে।ফলত দোকান বজাৰ কৰাটোও তাৰ বাবে জটিল হৈ পৰে।
কথাবোৰ ভাবি ভাবি সি পুনৰ হাজৰিকা খুড়াহঁতৰ পদূলিমুখলৈ চালে। হাজৰিকা খুড়াই কাৰোবাৰ সৈতে কথা পাতিব লৈছে। এই সুযোগতে পথছোৱা সাউত্কৈ পাৰ হ’ব পাৰিলে ৰক্ষা পাই সি। দৌৰাদৌৰিকৈ পাণৰ পইচা দি সি বাইকখন ষ্টাৰ্ট দিলে। পিচে বিকাশৰ দিন বেয়া আছিল। কাৰণ সি সেইখিনি গৈ পোৱাৰ অলপ আগতে খুড়াৰ পৰা বিদায় লৈ সেই মানুহজন যাবলৈ লৈছিল আৰু সি ঠিক খুড়াৰ সন্মুখতে ওলাইছিলগৈ। পলোৱাৰ কোনো সুযোগেই নাপালে সি।
: কি হে, ডেকা ল’ৰা! বজাৰ কৰিলা হ’বলা। দুয়োটা মোনাতে একেবাৰে দোকানখনকে উঠাই আনিলা যেন পাইছোঁ।
স্বভাবসিদ্ধ ভংগিমাৰে খুড়াই কৈ উঠিল।
: হয় দিয়ক খুড়া। উপায় নাই যে, আজি সুবিধা পাওঁতেই মাহেকীয়া বজাৰভাগ কৰি আজৰি হ’লোঁ আৰু। আপুনি পিচে এই মহামাৰীৰ দিনত পদূলিমুখত কি কৰি আছে? অলপ পিছতেই সান্ধ্য আইন আৰম্ভ হ’বই। আকৌ আপুনি দেখোন মাস্কখনো মুখত মাৰিবলৈ এৰি থুতৰিত হে মাৰিছে।ভেকচিন পিচে ল’লেনে নাই?
: ল’লোঁ অ’ ভেকচিন। মোৰ পিচে এইবোৰ ল’বৰ ইচ্ছা নাছিল। ল’ৰাটোৱে জোৰকৈ নি দিয়ালে। কি যে ৰেহৰূপ ঐ, এই ভেকচিন দিয়াৰ। একেবাৰে দেখোন ভোট দিয়াৰ নিচিনাকৈ লাইন ধৰিব লাগে। ভেকচিনৰ কথা ওলালেই মোৰ তাহানিৰ কথা মনত পৰে। ইস্কুলত পঢ়ি থাকোঁতে ভেকচিন দিবলৈ আহে। মই আৰু থোলোক সদায় খিড়িকী পাৰ হৈ পলাওঁ। এইবাৰহে পিচে ল’ব লগা হ’ল।
ভেকচিন দিয়াৰ পক্ৰিয়াটো ভোটদান কাৰ্যৰ লগত মিলোৱাত বিকাশৰ সিদিনাৰ কথা এটা মনত পৰিল। তাৰ লগৰ গৌৰৱে সিদিনা ভেকচিন লৈ উঠি কৈছিল-
তাৰ কথা শুনি বিকাশে হাঁহি মাৰি কৈছিল
: কি হ’ল হে ডেকা ল’ৰা? একেবাৰে থৰ লাগিলা যে!
হাজৰিকা খুড়াৰ কথাতহে বিকাশ বাস্তৱলৈ ঘূৰি আহিল। পিচে সেয়া প্ৰকাশ নকৰি সি ক’লে-
: নাই খুড়া, আপোনাৰ কথাইহে ভাবি আছিলোঁ। যাওক যাওক, ঘৰলৈ যাওক। বাটে পথে বৰকৈ ঘূৰি নুফুৰিব। সময় বৰ বেয়া। আৰু মাস্কখন শুদ্ধকৈ মাৰিব।
: হয় দিয়া বোপাই, ঠিকেই কৈছা! ঘৰতেই সোমাই থাকিম। পিচে আৰু কিমান দিন! সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব নোৱাৰা আমিবোৰে কিজানি জীৱনৰ বাকী সময়ছোৱা গৃহবন্দী হৈয়ে থাকিব লাগিব।
কথাখিনি কৈ কৈ খুড়া ঘৰৰ ভিতৰলৈ সোমাই গ’ল বিষণ্ণ মনেৰে।
☆ ★ ☆ ★ ☆