খতৰৌ কে খিলাড়ী – পদ্মলোচন ভৰদ্বাজ
আজিৰ দিনত এইবোৰ ধেমালি কৰিলে নিউজ চেনেলত ৰঙা বৃত্তৰ মাজত স্থান পোৱাৰে সম্ভাৱনা অধিক৷ আমাৰ সেইখিনি সময়ত বাতৰি, টক শ্ব’, বিচাৰ আদি সকলোবোৰ সাধাৰণতে বন্ধ কোঠাৰ এচাৰিৰ পিটনেই সামৰি লৈছিল৷ তেনে এটা ঘটনাৰ কথাই ক’বলৈ লৈছোঁ৷
পঞ্চম নে ষষ্ঠ মানত (সঠিককৈ পাহৰিছোঁ) পঢ়ি থাকোঁ। আমাৰ স্কুলৰ বাহিৰত বাবুলৰ আইচক্ৰিমৰ বাকচটোৰ ওচৰত গভট্ বয়জৰ গেটখনৰ সন্মুখত ৰাষ্টাৰ এইটো পাৰে এজোপা গছত এটা কদো বাহ আছিল৷ সৰু ল’ৰা-ছোৱালীৰ গাৰ্জেনবোৰো ঠিক সেইখিনিতে গছৰ ছাঁত লৰা-ছোৱালী নিবলৈ আহি ৰৈ থাকে। আমি কেইটামানে স্কুলৰ ভিতৰত দৌৰাদৌৰি কৰি নিজৰ মাজতে ব্যস্ত আছিলোঁ। তেনেতে কোনোবা এটাই, কংকণেই হ’ব চাগে, কদো বাহটোত কোনোবাই দলি মাৰি টিকাব পাৰিব নেকি বুলি খেল এটা ঘোষণা কৰিলে, কথাটো কৈ তাৰ শেষ হ’ল কি নহ’ল আমাৰ লগৰ জাহ্নৱী নন্দনে (এতিয়াৰ সুব্ৰত বৰা) ইটাগুটি এটা লৈ মাৰি পঠিয়ালে৷ আজিৰ দিনত হ’লে অলিম্পিক মেডেল পোৱাটো খাটাং আছিল৷ অব্যৰ্থ লক্ষ্য, তৎক্ষণাত বাহটো ভাঙি চূৰমাৰ৷ ইয়াৰ পিছত আৰু কদো ৰৈ থাকিবনে! ওলাই আহি ৰাষ্টাৰ দাঁতিত ৰৈ থকা গাৰ্জেন, ৰাষ্টাৰে চাইকেল, স্কুটাৰেৰে পাৰ হৈ যোৱা মানুহ যাকে পাই তাকে গুৰুলা-গুৰুলকৈ কামোৰা আৰম্ভ কৰি দিলে৷ মুহূৰ্ততে এক হৈ চৈ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ’ল৷ কোনেও কাকো চম্ভালিব নোৱাৰা অৱস্থা, কদোৰ চাৰ্জিকেল ষ্ট্ৰাইকত চেদেলি ভেদেলি হৈ গৈছে৷ মূল কালপ্ৰিত কিন্তু নিৰাপদ দূৰত্বত৷
কথাটো সিমানতে শেষ হোৱা হ’লে ভালেই আছিল, হুলস্থূল শুনি হাতীবৰুৱা চাৰে কি হৈছে চাবলৈ গৈ, কদোৰ হাতত বাৰুকৈয়ে আঘাতপ্ৰাপ্ত হ’ল। গাৰ্জেনৰো বাহিৰত উত্তপ্ত পৰিস্থিতি, চাৰে ধৰি নি জাহ্নৱী নন্দনক কমন ৰূমত মাধমাৰ দিলে লগতে আমাৰ ক্লাছটোও তাৰপিছত প্ৰায় দুদিনমানৰ কাৰণে তাৰ সেই কামৰ ছাইড এফেক্ট হিচাবে বিভিন্ন শাস্তিৰ (চাৰ, বাইদেউ, হিচাবে ভিন্ন ভিন্ন) সন্মুখীন হৈয়ে থাকিলোঁ।
জাহ্নৱী নন্দনে এতিয়াও বিশ্বাস কৰে তেতিয়াৰ কদোৰ কামোৰ খোৱা কোনোবা গাৰ্জেনে তাক পালে আজিও সুখেৰে নেৰিব কিন্তু ৷
☆ ★ ☆ ★ ☆
1:22 pm
কেনে অঘাইটং মানে।
1:35 pm
অঘাইতং চলি