ফটাঢোল

ঠেলাৰ নাম বাবাজী-ড° লক্ষ্যজ্যোতি বৰঠাকুৰ

নিস্তব্ধ, নিতাল, ক’তো কোনো হাই-উৰুমি নাই। দূৰৰ কৰবাৰ পৰা ৰৈ ৰৈ ভাঁহি আহিছে এটা জিলীৰ মাত। পূৰ্ণিমা নহয় যদিও শুক্লপক্ষৰ শশধৰে উদাৰচিত্তে পোহৰ বিলাইছে। একেবাৰে ফৰিংফুটা নহ’লেও জোনাক। ইটানগৰ আৰু লক্ষীমপুৰৰ পৰা অহা নাইট চুপাৰবোৰে ইতিমধ্যে এইখিনি জেগা অতিক্ৰম কৰিছে, গুৱাহাটীৰ ফালৰবোৰ শেষৰাতি বা দোকমোকালি সময়তহে পাইহি। সেয়ে এতিয়া ৰাজপথো প্ৰায় শূন্য। ভাগৰুৱা দিন এটাৰ শেষত মানুহবোৰে নিদ্ৰা দেৱীৰ কোলাত আশ্ৰয় লৈছে। এনে এক নিৰ্জন পৰিবেশৰ বুকু বিদিৰ্ণ কৰি হঠাৎ এক ভয়াৰ্ত চিঞৰ ভাঁহি আহিল,

“আয়ৌ খালে অ’, মৰিলোঁ অ’। হে…ৰি… শুনিছেনে? বেগেতে বাহিৰলৈ আহকচোন। আগফালৰ কাঞ্চনডালত কিবা এটা উলমি আছে। বেগেতে আহক, বেগেতে আহক।”

বলাই মিস্ত্ৰী তেতিয়া গভীৰ টোপনিত। দিনৰ দিনটো কঁঠাল কাঠত ৰান্দা মাৰি মানুহটো ভাগৰি  পৰিছিল। ঘৈণীয়েকৰ টেঁটুফলা চিঞৰত সাৰ পালে যদিও চিঞৰটো কি, কাৰ, ক’ৰ পৰা আহিছে এই সকলোবোৰ সঠিকভাৱে এনালাইচিছ কৰিব পৰাকৈ মগজটো তেতিয়াও সক্ৰিয় হোৱাগৈ নাছিল। সপোন নে দিঠক ভাবি থাকোঁতেই ঘৈণীয়েকে মৰা দ্বিতীয়টো চিঞৰত বলাইৰ টোপনিৰ জাল দুফাল হ’ল, একেজাঁপে আঠুৱাৰ বাহিৰ ওলাই এহাতেৰে গাঁঠি খোলা লুঙিখন ধৰি ধৰি “ক’ত কি আছে” বুলি দৌৰ মাৰি আহি বাহিৰ পালেহি। বাৰাণ্ডাত মানুহজনী বেঙে মুতা গৰুৰ দৰে থক্‌থক্‌কে কঁপি কঁপি থিয় হৈ আছিল। ভয়ে ভয়ে মিস্ত্ৰীৰ বাহুটোত খামুচি ধৰি ঘৈণীয়েকে সিহঁতৰ ঘৰৰ সন্মুখৰ কাঞ্চন ফুলজোপালৈ আঙুলিয়াই দেখুৱালে। বগা দীঘল কিবা এটা গছডালৰ ডাল এটাৰ পৰা ওলমি থকা যেন দেখিলে বলায়ে।

ইতিমধ্যে বলাইৰ ঘৰৰ চিঞৰ-বাখৰত ওচৰ চুবুৰীয়া দুই তিনি ঘৰে সাৰ পাই বাহিৰলৈ ওলাই আহিছিল, একেলগে কেইবাটাও তিনি-বেটেৰীয়া টৰ্চৰ পোহৰ আহি বলাইহঁতৰ চোতালত পৰিলেহি। “কি হ’ল অ’ বলাই?” কাষৰ ঘৰৰ খগেনে ৰিং মাৰি সুধিলে। “কিবা এটা কাঞ্চনজোপাৰ ডালত ওলমি থকা যেন লাগিছে। আহচোন এপাক চাওঁ।” জেওৰাখন পাৰহৈ খগেন আহি বলাইৰ চোতাল পালেহি। দুয়োটাই এখোজ দোখজকৈ কাঞ্চনজোপাৰ তললৈ গ’ল আৰু খগেনে ওপৰলৈ টৰ্চটো মাৰি পঠিয়ালে। গছডালৰ ওপৰৰফালৰ ডাল এটাত মানুহ এটা ওলমি ধৰফৰাই আছে। দৃশ্যটো দেখি দুয়োটাৰে জীৱ উৰি গ’ল। ভয়ত, আতংকত বলাইৰ মুখেৰে গেঙনিৰ দৰে শব্দ এটা হ’ল। খগেন পিছুৱাই দৌৰ মাৰিব ধৰোঁতে জেওৰাত ধুতিখন লাগি জোঁট-পোট খাই পৰিলে।

: ভয় কৰিব নালাগে। মই মৰা নাই। ওপৰলৈ উঠি আহি ৰচীডাল কাটি দেহি।

তেতিয়ালৈ বলাইৰ অলপ হুঁচ আহিছিল। মাতটো চিনাকি চিনাকি লাগিছিল যদিও সুধিলে,

: কোন তই?

: মই ৰণ্টু। তোৰ ভায়েৰ৷

বলাইৰ খঙে চুলিৰ আগ পালেগৈ। কাম-বন নোহোৱা ভায়েকটোক পুহি পুহি তাৰ এনেয়ো অতিষ্ঠ লাগিছিল। কামৰ নামত কুটা এডাল দুটুকুৰা নকৰা অলগৰ্ধ, এতিয়া ফাঁচ লাগি দেখুৱাই ৰাইজখনৰ আগত ঘৰখনৰ মান-সন্মান শেষ কৰিলে। নিধকটো কটা, লাগিছিলি যদি মৰিয়েই থাকিব লাগিছিল, এতিয়া আধামৰা হৈ আৰু শেষ কৰিলে। অপদাৰ্থ কৰবাৰ, ভালকৈ ফাঁচ লাগিবও নোৱাৰ। ইতিমধ্যে এজন দুজনকৈ কেইবাজনো ওচৰ-চুবুৰীয়া গোট খাইছিল। ৰণ্টু অৰ্ধমৃত অৱস্থাত ওলমি আছে বুলি ভাবি সকলোৰে হুৱা-দুৱা লাগিল। কি কৰিব, কি নকৰিব ভাবি নাৰ্ভাচহৈ সকলোৱে দৌৰাদৌৰি কৰি লম্ফ-জম্ফখন কৰি থকা যেন দেখি ৰণ্টুৱে ওলমি থকাৰ পৰাই চিঞৰি ক’লে,

: ভয় খাব নালাগে। মোৰ ডিঙিত ফাঁচ লাগি থকা নাই। মই তেনেকৈ দুখো পোৱা নাই। ডালটো চনকা আছিল নেকি আধা ভাঙি গ’ল চাগৈ। মোৰ চোঁচা গাঁঠিটো দিওঁতেও কিবা ভুল হ’ব পাৰে। কোনোবা এজনে কিবা দা-কটাৰি এখন আনি মোক ওচৰৰ বেলেগ ডাল এটাত যেনেতেনে বহুৱাই ৰচিডাল কাটি দিলেই হ’ব। আপোনালোক নাৰ্ভাচ নহ’ব।

: নাৰ্ভাচ নহ’ব! কথা ক’বলে আহিছে।

বলাইৰ খঙটো তিঙিচকে মাৰিলে।

: ফাঁচ লাগি মৰিবলৈ যাবলৈ কিহে পাইছিল? এই মাজৰাতিখন গছত আধা ওলমি আছ, লাজ লগা নাই কটা নিধক। বেলেগক নাৰ্ভাচ নহ’বলে ক’বলৈ আহ। ফাঁচ লাগি নমৰিলি নাই, এতিয়াই গছলৈ উঠি তোক দুচেওকৈ কাটিম।

বলাইৰ অকৰা খং এটা আছে বুলি সকলোৱে জানে। এনেই মানুহটো ভাল, কিন্তু খং উঠিলে একদম যমকাল। খগেনে সাহ কৰি খঙত চোতালত পাইচাৰি কৰি থকা বলাইৰ ওচৰলৈ গৈ ক’লে,

: এতিয়া এইবোৰ থচোন। দেৰি কৰি থাকিলে মানুহ আৰু বাঢ়ি গৈ থাকিব। দাখন আন, দুয়োটা উঠি গৈ তাক নমাই আনোগৈ ব’ল। সকলোৱে দেখি থকাতে কিবা অঘটন ঘটিলে ডাঙৰ কথা হ’ব।

: মই যোৱাত নাই (অশ্লীল)। যি হয় হৈ থাকক। মই গছত উঠিবলে হ’লে তাক ওপৰতে দুচেও কৰিম।

: হেই নাপায়। তোৰ আৰু মোৰ বাহিৰে গছত উঠিব পৰা মানুহ আন কোনো নাই ইয়াত। খং চং পিছতো কৰিবি, প্ৰথমতে তাক নমাই লওঁ ব’ল।

খগেনৰ কথাত বলাই কিছু সৈমান হ’ল। দাখন আনিবলৈ ভিতৰলৈ যাবলৈ বুলি দৰজাৰ ওচৰ পাইছিলগৈ যদিও বাৰাণ্ডাত ঘৈণীয়েকক দেখি হঠাৎ কিবা এটা মনত পৰাৰ নিচিনা কৰি উভটি আহি মানুহজনীৰ সন্মুখ পালেহি। এবাৰ ওপৰৰ পৰা তললৈ গোটেই মানুহজনীক ভালকৈ চাই সি সুধিলে,

: এই মাজৰাতিখন তই বাহিৰত কি কৰিছিলি?

সৰুপানী চুবলৈ বুলি ওলাই আহিছিলোঁ।

ঘৈণীয়েকে ভয়ে ভয়ে উত্তৰ দিলে।

: যিজনী মানুহে ফুট-গধূলিতে অকলে বাহিৰলৈ আহিব নোৱাৰ, ৰাতিৰ চুৱাকেইটা ধোওঁতে মই পৰ দি থাকিব লাগে, সেইজনী মানুহ মাজৰাতিখন অকলে উঠি আহিছ বাহিৰলে! হ’বই নোৱাৰে। সঁচা কথা ক, মোক কিয় নজগোৱাকে আহিছিলি বাহিৰলৈ।

: মিছা ক’বলৈ কি আছে। দিনটো আপুনি ইমান কষ্ট কৰি আহিছে, ৰাতিখন জগাবলৈ সত নগ’ল৷

: হাৰামজাদী মাজৰাতিহে পয়েৰলৈ মৰমটো জাগিলে তোৰ। তইতো আগতে বহুদিন ৰাতি ৰাতি চৰিয়া আনি থৱ, আজিহে তোৰ মৰসাহটো জাগিলে। সঁচা কথা ক। কোনোটো পয়েৰক লগ কৰিবলৈ এই ৰাতিখন উঠি আহিছিলি।

: কি কথাবোৰ কৈ আছে জানো। ভায়েকটোক সোনকালে নমাই নানে কিয়?

: ঐ খেকাৰখাতী, ঐ নাটেশৰী; কথা নুঘূৰাবি। দেওৰলৈ তোৰ মৰমটো জনা আছে মোৰ। সঁচা কথা ক কিয় উঠিছিলি তই এই ৰাতিখন?

বলাইৰ কথাত ঘৈণীয়েকে তল মূৰ কৰিলে। বলাই নথকা সময়ত দলনিচুকৰ কণপাই দাইটিৰ ল’ৰাটো তাৰ ঘৰলৈ আহে বুলি কোনোবাই কোনোবাই তাক কৈছিল যদিও কথাটোত সি ইমান গুৰুত্ব দিয়া নাছিল। ঘৈণীয়েকক সুধিছিল যদিও তাই এদিন এনেয়ে আহিছিল বুলি কৈ থ’লে কিন্তু আজি সি সকলো বুজি পাইছে। কেনেকৈ ক’ৰ পৰা ঘৈণীয়েকৰ হিমানী পাউদাৰৰ টেমাটো আগতকৈ বেছি দিন যোৱা হৈছে, ক’ৰ পৰা তাইৰ বাকচৰ তলৰ পৰা ঘপহকৈ নতুন ব্লাইজ চোলা ওলাইছে। খঙত একো নাইহৈ সি ঘৈণীয়েকৰ চুলি কোচাত ধৰি চোতাললৈ চোঁচৰাই আনিলে,

: সঁচা কথা ক হাৰামজাদী। নহ’লে এতিয়াই ৰান্দা মাৰি মূৰ ফালি দিম।

ঘটনাৰ আকস্মিকতাত খগেনে থত্‌মত্‌ খালে। “হেই এতিয়া এইবোৰ থ” বুলি সি বলাইৰ ওচৰলৈ দৌৰ মাৰোঁতেই চোতালৰ কাষৰ কচুৱনিখিনিৰ তলৰ পৰা কোনোবা এটা বিম্বাশৱদে ৰাস্তাৰফাললৈ দৌৰ মাৰিলে। খগেনে টৰ্চটো মাৰি দেখিলে হয় ৰাস্তাৰ সিটো পাৰ পাওঁ পাওঁ অৱস্থাত সেইটো দলনিচুকৰ হৰকান্তই হয়। মুহূৰ্তৰ বাবে খগেন, বলাই সকলো আচৰিত হৈ উঠিলে। তাৰ সন্দেহ সঁচা প্ৰমাণিত হোৱাত বলায়ে গতা মাৰি ঘৈণীয়েকক মাটিত পেলাই দিলে।

: চাল্লা, তেজখাতী, এইটো পয়েৰৰ খক পুৰাবলে মাজৰাতিখন বাহিৰ ফুৰাৰ চখ হৈছে তোৰ। এনেকুৱা ফেঁটীসাপ মই আৰু নাৰাখোঁ। আজি তোক মই দুটুকুৰা কৰিম।

কথা বিষম যেন দেখি খগেনে প্ৰমাদ গণিলে। তথাপি মনত সাহস গোটাই সি বলাইক উদ্দেশ্য কৰি ক’লে,

: তই এতিয়া এইবোৰ এৰ। ভায়েৰক প্ৰথমতে নমাই ল। সেইটো আৰু বেছি দেৰি তেনেকৈ থাকিলে কিবা অঘটন ঘটিব যে খাটাং। তেতিয়া আমি সৱেই ৰঙা ঘৰৰ ভাত খাব লাগিব।

: নাই, নাই, নাই, এইক আজি কাটিহে এৰিম মই৷

বলেনেও সমান উষ্মাৰে ক’লে।

: তেনেহ’লে তই যি কৰ কৰি থাক, আমি সৱ যাওঁগৈ৷

ৰাইজৰ মাজৰ পৰা আন কোনোবা এজনে ক’লে।

কথা বেলেগফালে যোৱা যেন দেখি বলায়ে, “তোৰ বিচাৰ মই পিছত কৰি আছোঁ” বুলি ঘৈণীয়েকক তাতে এৰি দাখনলৈ কাঞ্চনজোপাৰ তল পালেহি, পিছে পিছে খগেন। কঁকালৰ খোচনীত দাখন ভৰাইলৈ আগে আগে বলাই আৰু তাৰ পিছে পিছে খগেন গছৰ ওপৰলৈ উঠি গ’ল। ভায়েকৰ ওচৰ পাই বলায়ে ৰণ্টুক ক’লে,

: ভালে ভালে সঁচা কথা ক, তই কিয় ফাঁচ লাগিব খুজিছিলি? তাকে নকৰিলে চিধা ৰচী কাটিম, চুঁচৰি গৈ একেবাৰে তলত পৰিবি, হাত ভৰি কি ভাগিব ঠিকনা নহ’ব।

: ইমান দেৰি এনেকৈ আছোঁ, আৰু কথা কোৱাৰ ধৈৰ্য্য নাই। প্ৰথমতে ভালকে নমাই ল, এইবোৰ কথা পিছতো ক’ব পাৰিম।

ৰণ্টুৱে সেহাই সেহাই ক’লে।

: নাই, নাই তোক জনা আছে, সাতটা শিয়াল মৰি তই জন্ম হৈছ। পিছত যে তই নকৱ সেইটো খাটাং। ক’লে ক, নহ’লে মই ৰচী কাটিম এতিয়া।

: হেই কি সৰু ল’ৰাৰ নিচিনা কৰিছ। প্ৰথমতে তাক নমাই ল। এইবিলাক পিছত সুধি থাকিবি।

এইবাৰ খগেনে মাত লগালে।

: মই মৰা মা-বোপাইৰ শপত খাই কৈছোঁ, মই সঁচা কথা ক’ম। এতিয়া মোক নমাই দে, নহ’লে ইয়াতে শেষ হ’ম৷

বলাই আৰু খগেনে ধৰি মেলি ৰণ্টুক আন এটা ডালত বহুৱাই, ৰচীডাল কাটি যেনেতেনে আনি তল পোৱালেহি। ইতিমধ্যে সৰহভাগ মানুহ গৈছিলেগৈ। ৰণ্টু বাৰাণ্ডাৰ বেঞ্চখনতে বহিলে। বলাইৰ ঘৈণীয়েকে পানী এগিলাছ আনি দিলে, তাৰ চকুলৈ চাবলৈ ঘৈণীয়েক বা ৰণ্টু কাৰোৰে সাহস হোৱা নাছিল। বলাই ইমান সময় জেওৰাখনত ধৰি থিয় দি আছিল, ওচৰতে খগেন। ভায়েকৰ পানী গিলাছ খাই হোৱাৰ পিছতে সি চোঁচা মাৰি গৈ সুধিলে,

: কি কাৰণে তই ফাঁচ লাগিবলৈ গৈছিলি? সঁচা কথা ক (অশ্লীল)৷

: জীৱনৰ প্ৰতি মোৰ বিতৃষ্ণা আহিছিল। তোৰ উপাৰ্জনৰ ওপৰত কিমান চলিম আৰু বুলি ভাবি নিজক শেষ কৰি দিব খুজিছিলোঁ।

: হয়নে শিয়াল, কথা ক’বলে আহিছে। আজি মোৰ একেবাৰে একাদশত বৃহস্পতি। এজনীয়ে মোৰ টোপনি খটি হোৱাৰ দুখত মাজৰাতি অকলে বাহিৰলৈ আহিছে আৰু এটাই মোৰ কষ্ট দেখি ফাঁচ লাগি মৰিব খুজিছে। তোক জানিবলৈ মোৰ বাকী নাই। ইফালৰ বনডাল সিফাল নকৰা, বেলি দুপৰলে ফোঁচ মেলি শুই থকা ধোদৰ জাত, তই কাক কথা কৈছ? কিমানবাৰ ক’লোঁ বোলো মোৰ লগতে যোগালী কৰি দিবি ওলা, নাই তাৰ কাণ-সাৰ নাই, দিনৰ দিনটো লোকৰ পদূলি শুঙি ফুৰ, আজি ঘপহকৰে তাৰ মোৰ কষ্টৰ কথা মনলে আহি একেবাৰে ফাঁচ লাগিলেগৈ। সঁচা কথা ক, নহ’লে এতিয়াই ৰান্দা মাৰি মূৰ ফালি দিম।

ককায়েকৰ মূৰ্তি দেখি ৰণ্টুৱে তলমূৰ কৰিলে। 

: ক বুলি কৈছোঁ নহয়।

বলাইৰ ধমকিত উপায় নাপাই ৰণ্টুৱে আৰম্ভ কৰিলে,

: তোৰ সৰু খুলশালিজনীৰ লগত মোৰ ভালপোৱা আছিল, আজি ছমাহমানৰ পৰা। মোলৈ আহিম বুলিও কৈছিলে কিন্তু যোৱা পৰহি তোকে তাইকে নবৌ নথকা সময়ত বেয়াকে দেখিলোঁ। ইয়াৰ পিছত তয়ে কচোন মই জীয়াই থাকি কি কৰিম?

বলায়ে এইবাৰ ৰান্দা অনাৰ ধমকি নিদিলে। খগেনৰ মুখৰেহে খুক কৈ হাঁহি এটা ওলাল। সি জেওৰাখন পাৰহৈ বলেনক ক’লে,

: শুই থাকগৈ যা। ৰাতিপুৱাবলৈ বেছি দেৰি নাই আৰু।

☆ ★ ☆ ★ ☆

5 Comments

  • দিবাকৰ বৰদলৈ

    বহুত ধুনীয়া হৈছে লক্ষ্য দা । লিখি থাকিব।

    Reply
  • Rupa Saikia

    বৰ ভাল লাগিল ৰুবুল দা ।

    Reply
  • Anonymous

    ভাল লাগিল। সকলো ওস্তাদ ?এনালাইচিছটো ঠাইত ভাবিব লিখিলেহে ভাল আছিল।

    Reply
  • হেমন্ত কাকতি

    তামাম লাগিল এইটো৷

    Reply
  • Lakhya

    সকলোকে ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *