আণ্টি-পাপৰি গোস্বামী
‘হেল্লো আণ্টি… ’
মহিলাগৰাকীয়ে চিৰি বগাই ওপৰলৈ আহি থাকোঁতেই কাষৰ ফ্লেটটোত থকা ল’ৰাটোৰ কথাত হতচকিত হৈ পৰিল। ল’ৰাটো যোৱাৰ পিছত বহুপৰ তেওঁৰ কাণত বাজিয়েই থাকিল,
আণ্টি…. আণ্টি…. আণ্টি….
আইনাৰ সন্মুখত তেওঁ নিজকে বহুপৰ চাই থাকিল। নিজকে বহুপৰ খুঁটিয়াই চালে। কাণৰ কাষৰ চুলিকেইডালে ৰূপালী বৰণ লৈছে। সেয়ে ল’ৰাটোৱে তেওঁক আণ্টি বুলি মাতিলে। সন্ধিয়া গিৰীয়েক অফিচৰ পৰা অাহি পোৱাত ‘আণ্টি’ৰ বিষয়টো উলিয়াই মানুহজনীয়ে দুখ প্ৰকাশ কৰিলে। গিৰীয়েকে লগে লগে উপায় হিচাপে গোডৰেজ হেয়াৰ কালাৰৰ পেকেট এটা উলিয়াই দিলে।
পিছদিনা পাৰ্টিলৈ বুলি দুয়ো ওলাওঁতে আগদিনা লগ পোৱা ঠাইতেই পুনৰ সেই ল’ৰাটোৰ মুখামুখি হ’ল। ল’ৰাটোৱে তেওঁলোকৰ মুখলৈ চাই সম্ভাষণ জনালে।
: হাই! অঞ্জলি দিদি…. হেল্লো, আংকল….
এইবাৰ গিৰীয়েক অবাক, ইপিনে অঞ্জলি বৰফ গলা দি গলি গ’ল।
এয়া আছিল টিভিত দেখা গোডৰেজ হেয়াৰ কালাৰৰ জনপ্ৰিয় এডটো। মনত পৰিছেনে…? পৰিছে নিশ্চয়। চুলিকেইডাল পকিবলৈ আৰম্ভ কৰা মানেই আণ্টি বুলি ক’লে জানো ভাল লাগে? নিশ্চয় নালাগে নহয়নে আৰু চুলি নৌপকোতেই যদি আপোনাক কোনোবাই আণ্টি বুলি মাতে, তাতে মতাজন যদি আপোনাতকৈ বয়সত ছয়-সাত বছৰ সৰু হয়, কেনে লাগিব বাৰু!
ইতিমধ্যেই, আপোনালোকৰো নিজ নিজ অভিজ্ঞতাবোৰ মনলৈ আহিল নিশ্চয়। কি যে দিগদাৰ নহয় এই আণ্টি শব্দটোৰ কাৰণে। মিছেচ শৰ্মাৰো তেনে হৈছে৷ পঢ়কচোন কিনো হৈছিল৷
যৌথ পৰিয়ালটোৰ দ্বিতীয় সন্তান আৰু জ্যেষ্ঠ কন্যা হিচাপে তলৰ আঠোটা ভাই-ভনী (খুড়াকহঁতৰ সন্তানকেইটি মিলি), পেহী, মাহী আৰু মামাহঁতৰ ল’ৰা-ছোৱালীবোৰৰ ভালেমানৰ বাবে মিছেচ শৰ্মা সদায় ‘পমি বা’। বিয়াৰ আগতে মাহী, পেহী কোৱা মানুহ নোলালেই। বিয়াৰ পিছতো শৰ্মাৰ পৰিয়ালটো মূল ঘৰখনৰ পৰা প্ৰায় দুশ কিলোমিটাৰ দূৰৈত হোৱা বাবে খুড়ী, মামী শব্দ দুটা বছৰেকত দুই-এবাৰমানহে শুনিবলৈ পায়। বেয়া নাপায় শৰ্মানীয়ে। যা হওক নবৌ সম্বোধনেৰে সম্বোধন কৰাবোৰ ঠিকেই আছে। কিন্তু খুড়ী, মামী বুলি ক’লে দেখোন নিজকে বয়সীয়াল যেন লাগে। হওঁতে বিয়াৰ সময়ত কোনোমতে পঁচিশটা বসন্ত গৰকিছিলেহে। এতিয়াই মামী, খুড়ী হ’বলৈ নোৱাৰি দেই। দুবছৰ পিছত মিমি কোলালৈ আহিল। ঘৰ সংসাৰ আৰু মিমিৰ যত্ন লওঁতে শৰ্মানীৰ লাহি দেহৰ চাৰিওফালে লাহে লাহে ঢৌ খেলিবলৈ ধৰিলে। দেহৰ যত্ন ল’বলৈও দেখোন এলাহ লগা হ’ল। সাতে-পাঁচে ওজন বাঢ়ি পয়ষষ্ঠিৰ কাষ পালে। তথাপি কিন্তু নিজকে খুড়ী, মামী আৰু আণ্টি বুলি সম্বোধন কৰাহঁতৰ পৰা তেওঁ দূৰে দূৰে থাকিল। মিমিয়েও এবাৰ মোমায়েকৰ ঘৰত দীঘলীয়াকৈ কিছুদিন থাকি আহি মাকক পমি বা আৰু পম্ বা বুলিয়েই মতা হ’ল।
মিমি স্কুললৈ যাবলৈ ধৰিলে। স্কুলত মিছে সোধে, ‘হোৱাট ইজ ইয়ৰ মাদাৰছ্ নেইম..?’ মিমিয়ে পটককৈ কয় ‘পমি বা’। এইবোৰ শুনি শৰ্মানীৰ ইয়ং ইয়ং ফিলিং হয়।
পাৰ হৈ যায় আৰু দুটা বছৰ। ত্ৰিশৰ দেওনা পাৰ হৈ আৰু দুটা বছৰ যাওঁ যাওঁ। শৰ্মাৰ পৰিয়াল লগৰেই কলিতাৰ পৰিয়ালৰ সৈতে দিল্লী, আগ্ৰা, মথুৰা ভ্ৰমণলৈ গ’ল। ডিচেম্বৰৰ শেষ। ভীষণ ঠাণ্ডা পৰিছে। সকলো ঠিকেই চলি আছিল। মথুৰা, বৃন্দাবন ঘূৰি ফুৰি আগ্ৰালৈ যোৱাটো ঠিক হ’ল। নিৰ্দিষ্ট দিনত পুৱাই পুৱাই যাত্ৰা আৰম্ভ হ’ল। তাজমহল দৰ্শণ কৰিম বুলি শৰ্মানীয়ে অনাৰকলি চুৰিদাৰ পিন্ধিছে। হাজাৰ হওক মমতাজ মমতাজ ফিলিং এটা আহিব লাগিব! তাজমহলৰ সন্মুখত শৰ্মাৰ লগত ৰোমাণ্টিক প’জত স্নেপ দুটামান ল’বলৈও শৰ্মানীয়ে ভাবি থৈছে। দহমান বজাত তেওঁলোক আগ্ৰা পালেগৈ। পিচে তেতিয়াও এই মহান প্ৰেমৰ প্ৰতীক তাজমহল দৰ্শণৰ বাবে খোলাই নাই। ভিতৰলৈ সোমোৱাৰ টিকট লোৱাৰ বাবে বিৰাট দীঘল লাইন। মানুহেই মানুহ চাৰিওফালে। প্ৰায় আধা ঘণ্টামান মানুহবোৰক চাওঁতেই গ’ল শৰ্মানী আৰু কলিতানীৰ। ফৰেইনাৰবোৰক চাওঁতে চাওঁতে মনত পৰিল ইহঁতৰ লগতেই ফটো একপি তোলা যাওক। শৰ্মাৰ উঠিল খং। কেৱল ফটো তোলাৰেই কথা চিন্তা কৰি আছে। শাৰীত থিয় হৈ নাথাকিলে টিকট পোৱাটো ডাঙৰ কথা হ’ব। ইমান ধন ভাঙি তাজমহল চাবলৈ আহিছে যেতিয়া নোচোৱাকৈ যাব নোৱাৰে। বহুপৰ তেনেকৈয়ে শাৰীৰ মাজত থিয় হৈ থাকিল। আগৰ মানুহবোৰৰ আগ বঢ়াৰ নাম-গোন্ধ নাই। প্ৰায় দুঘণ্টাৰ পিছত আক-তাক সুধি জানিবলৈ পোৱা গ’ল যে দুটা বজাৰ পিছতহে সাধাৰণ লোকৰ বাবে তাজমহল মুকলি কৰা হ’ব। কাৰণ বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে তাজমহলত পদাৰ্পণ কৰিব। তেওঁৰ প্ৰস্থানৰ পিছতহে টিকট দিয়া ষ্টাৰ্ট কৰিব।
“এই বাংলাদেশীয়ে আমাৰ পিছা নেৰাই হ’ল দেখোন। অসমতো জ্বলাই আছে। এতিয়া আগ্ৰাতো পিছ নেৰি ঝামেলাখন কৰিলে…”
ভোৰভোৰালে শৰ্মানীয়ে। এটা বাজিলেই। আৰু এঘণ্টা কোনোমতে পাৰ কৰিব লাগিব।
শেষত যেনিবা টিকট দিবলৈ ধৰিলে। লেডিজৰ লাইন বেলেগ। শৰ্মানীহঁতে কোনোমতে টিকটকেইটা লৈ এণ্ট্ৰি লাইনত সোমাল। তাতো তামাম ভীৰ। কাৰ গাত কোনে উঠে ঠিক নাই। তিনিটা বাজেই আৰু। দুঘণ্টাৰ পিছত বন্ধ কৰিব তাজমহল দৰ্শণ। গতিকে যিকোনো প্ৰকাৰে সোমাবই লাগিব। সাত বছৰীয়া মিমিক কলিতানী আৰু শৰ্মানীৰ মাজত সুমুৱাই লৈছে। যাতে তাইৰ ওপৰত কোনো হেঁচা নপৰে। শৰ্মানীৰ পিছফালে পঁচিশ-ছাব্বিছ বছৰীয়া ওখকৈ ধুনীয়া ছোৱালী এজনী। হাই, হেল্লোৰে পৰিচয় ল’লে। ধুনীয়া ছোৱালীজনীৰ সৈতেই ফটো একপি মাৰিবলৈ পোৱা হ’লে, আপলোড কৰিবলৈকে ভাল লাগিব। পিচে যিটোহে ঠেলা-হেঁচা। তথাপি, এখন হাতেৰে মিমিক ধৰি থাকি আনখন হাতে বেগৰ পৰা ফোনটো বিচাৰি আছে। ইতিমধ্যেই ঠেলা-ঠেলিৰ মাজেৰে মূল প্ৰৱেশদ্বাৰ পাইছেহি। শৰ্মানীয়ে মোবাইলটো পোৱাৰ লগে লগে ছোৱালীজনীয়ে কৈ উঠিল,
: থোড়া আগে যাইয়ে না আণ্টি। নেহীতো মুঝে আগে জানে দিজিয়ে… আপলোগোকে ৱজে সে ট্ৰেইন চ্যুত জায়েগী…
শৰ্মানীৰ হাতৰ পৰা ফোনটো বেগৰ ভিতৰতেই সৰি পৰিল। কৰ্ণপটত বাৰে বাৰে ধ্বনিত হৈ থাকিল আণ্টি… আণ্টি… আণ্টি…!
কলিতানীয়ে কথাখিনি শুনি ফিচিককৈ ওলোৱা হাঁহিটো কোনোমতে বন্ধ কৰিলে যদিও শৰ্মানীৰ চকুৰ পৰা সাৰি নগ’ল।
তাজমহলৰ ভিতৰত সোমাই শৰ্মাৰ সৈতে শৰ্মানীয়ে চাৰিওফালে ঘূৰিলে। ভালেমান ফটোও উঠিলে। ৰৈ থকা ফটোগ্ৰাফাৰৰ কেমেৰাত তাজমহলটোক হাতেৰে চুই থকাকৈ ফটো দুকপিমানো তুলিলে। কিন্তু, শৰ্মানীয়ে মনত শান্তি পোৱা নাই। হাজাৰ হওক আণ্টি বুলি ক’ব লগাকৈ তেওঁৰ বয়স হোৱাই নাই। শৰ্মানীৰ যে কিবা এটাই মনত অশান্তি দি আছে সেই কথাটো শৰ্মাৰ চকুত নপৰাকৈ নাথাকিল। সেইদিনা সন্ধিয়াই তেওঁলোক দিল্লীলৈ উভতিলে। ৰাতি বেছ ভালেখিনিয়েই হৈছিল। মিমি ভাগৰত শুই পৰিছে। শৰ্মাই বিছনাৰ এচুকত শৰ্মানীৰ কাৰণে ৰৈ আছে। হোটেলৰ ৰূমত মৰমবোৰ অলপ বেছিকৈয়ে জাগ্ৰত হয় শৰ্মাৰ। কিন্তু, শৰ্মানীয়ে তেতিয়াৰে পৰাই আইনাখনৰ সন্মুখত বিষন্নমনে নিজৰেই প্ৰতিচ্ছবি চাই আছে। শৰ্মাই বাৰে বাৰে সুধিছে, প্ৰেমৰ ইমান মহান প্ৰতীক দেখি অহাৰ পিছতো শৰ্মানীৰ মনত দুখ কিহৰ? নাই, শৰ্মানীৰ কোনো উত্তৰ নোলায় মুখেৰে। শেষত শৰ্মাই কাষলৈ আহি ক’লে,
: আজি তোমাক বৰ ধুনীয়া লাগিছিল দেই। আৰু হাঁহিটো যদি মুখত লাগি থাকিলেহেঁতেন মমতাজেও লাজ পালেহেঁতেন।
চকুৰ বাণেৰে তিতি গ’ল শৰ্মাৰ বুকু। ফেঁকুৰি ফেঁকুৰি শৰ্মানীয়ে কৈ গ’ল সকলো দুখৰ কথা। শৰ্মানীৰ দুখতে দুখী হৈ শৰ্মাই সান্তনা দিলে,
: অনাৰকলি চুৰিদাৰ, লগত স্পৰ্টছ শ্ব্যু, আঁঠুলৈকে পৰা চুৱেটাৰ আৰু মুৰত স্কাৰ্ফ। ইমানবোৰ পিন্ধাৰ পিছত তোমাৰ আচল ৰূপটো ক’তনো দেখিলে তাই। সেইকাৰণে কৈছে চাগৈ। দুখ নকৰিবাচোন, কাইলৈ মোৰ মতে পিন্ধিবা।
পিছদিনা সকলোৱে অলপ দেৰিকৈয়ে কুটুব মিনাৰ চাবলৈ ওলাল। এইবাৰ শৰ্মাৰ কথামতে শৰ্মানীয়ে ভনীয়েকে বেগত সুমুৱাই দিয়া জিন্স পেণ্টটো পিন্ধিলে। লগত সিদিনা কম দামতে পাই ভনীয়েকৰ কাৰণে কিনা জেকেটটো। যিমানেই ঠাণ্ডা নহওষক কিয় আজি আৰু মূৰত স্কাৰ্ফ নলয়। আটাইয়ে কাষৰেই মেট্ৰো ষ্টেচনৰ পৰা লাষ্ট ষ্টপেজ কুটুব মিনাৰলৈ টিকট কাটিলে। মেট্ৰোত যথেষ্ট ভীৰ। সিটো মূৰে থকা বেঞ্চ এখনৰ পৰা এজন পঁচিশ-ছাব্বিছ বছৰীয়া ল’ৰাই শৰ্মাক ক’লে,
: আংকল জী, দিদিকো য়হা বুলাইয়ে। বচ্ছিকে সাথ ব্যেথ সকেংগে।
শৰ্মাই ল’ৰাটোক সঁহাৰি এটা দি শৰ্মানীক মাতিবলৈ ঘূৰি চাই দেখিলে, শৰ্মানীয়ে মুখখন টিপি আছে যদিও হাঁহি এটা ফিচিক কৈ ওলাই পৰিল। ল’ৰাজনে হাঁহিৰ কাৰণ বুজি নাপাই তধা লাগি চাই থাকিল। শৰ্মানীৰ মুখখনত তেতিয়া পূৰ্ণিমাৰ জোন। পিচে শৰ্মাৰ কাণত বাজি থাকিল, আংকল… আংকল…. আংকল।
☆ ★ ☆ ★ ☆
9:13 am
হা হা। মজ্জা
3:49 pm
হয় হয়, এনেকুৱা হয়।