পঞ্চপদী- হেমেন ডেকা
(১)
ফে’চবুকো যে কেনে এক বিচিত্ৰ জগত
আমিও তাৰে বাসিন্দা, যেন হৰিভকত
আছে ইয়াৰ গৰিমা
বন্ধুৰো দেখোঁ মহিমা
কাজিয়া কৰিলেহে বেজাৰ লাগে মনত৷
(২)
বেসুৰা জীৱনৰ গান, নাই যে সুৰৰ মূৰ্ছনা
মষিমূৰ কত সপোন, নিৰাশাই আঁকে আল্পনা
ভাগৰুৱা দেহ-মন
চৌদিশে গহন বন
বাঘৰ পেটত সোমাল নেকি আশা আৰু কল্পনা?
(৩)
ক্ষমতাই য’ত মূলমন্ত্ৰ
সকলোতে চলে ধনতন্ত্ৰ
দুৰ্বল জনতা
বেপাৰী বিধাতা
ধন্য ধন্য প্ৰশাসন যন্ত্ৰ৷
(৪)
অপদাৰ্থক দিওঁ নেতৃত্ব সঁপি
দুৰ্দশাক মানি লওঁ বিধিলিপি
প্ৰতিশ্ৰুতিত ভোল যাওঁ
মিছা আশাত মজি ৰওঁ
গধূলি গধূলি খাওঁ সেইটুপি৷
(৫)
অতীতক পাহৰি যোৱাই চাগৈ ভাল
মিছাতে কিয় বাৰু লগাওঁ তালফাল
বৈ যায় সময় নৈ
কৰিলোঁ কত হৈ-চৈ
এতিয়াহে বুজিলোঁ আমি যে পঁচা মাল৷
(৬)
পূৰ্বপুৰুষে শৰাইঘাটত শত্ৰুক নিছিল মহটিয়াই
এতিয়া উত্তৰপুৰুষক দেখোন যিয়ে-তিয়ে আহি কিলাই
খাৰখোৱা আমি খিলঞ্জীয়া
স্বাভিমান প্ৰায় নাইকিয়া
আগ্ৰাসনকাৰীৰে হিয়া দিয়া নিয়া কৰি হ’ল কেনে বিলাই!
☆ ★ ☆ ★ ☆
8:48 pm
সুন্দৰ ডেকা দা