ফটাঢোল

মোৰ তৃতীয়গৰাকী প্ৰেয়সীৰ লগত এসন্ধ্যা-দিগন্ত কুমাৰ ভট্টাচাৰ্য

শহুৰ-শাহু আজি পুৱাতে আহি আমাৰ ঘৰ পালে। লগত খুলশালী দুজনী। তেওঁলোক আহিব বুলি যোৱা কিছুদিনৰ পৰা শ্ৰীমতীৰ উলাহে নধৰা হিয়া।

লকডাউন, ক’ৰ’ণাৰ সন্ত্ৰাসৰ কাৰণে প্ৰায় এবছৰৰ মূৰত ঘৰৰপৰা ওলাইছে শহুৰ-শাহু। মই কালি ৰাতি ‘এতিয়াও ক’ৰ’ণা শেষ হৈ যোৱা নাই কিন্তু। বয়সীয়াল লোকৰ কাৰণে আৰু বেয়া এতিয়াও পৰিস্থিতি’ বুলি শেষ অস্ত্ৰপাত মাৰি চাইছিলোঁ কিন্তু কামত নাহিল।

আমাৰ দুটা কোঠাৰ ফ্লেটটো একেবাৰে ভৰি গ’ল। আধুনিক গুৱাহাটীয়া জীৱনৰ ফ্লেট, কেতিয়াবা এনেকুৱা লাগে মূল দুৱাৰেৰে সোমাই অহাৰ লগে লগে যেন শেষ হৈ থাকিল। কোনফালে যাওঁ, কেনেকৈ যাওঁ – ভৰি দুখনেও উৱাদিহ নোপোৱা হৈ যায়। বে’লক’নিলৈ গ’লেও সাবধান হোৱাটো অত্যন্ত জৰুৰী নহ’লে মূৰটো অলপ আগ-পিছ কৰিলেই ওপৰ মহলাৰ বেলক’নিত কোনোবাই ধুই মেলি দিয়া গেঞ্জী-অন্তৰ্বাসৰপৰা পৰি থকা পানীৰ টোপালে আহি গাল-মুখ চুমি যোৱাৰ সম্ভাৱনা থাকে। ভাল মুডত থাকিলে সেই টোপালেও অৱশ্যে কেতিয়াবা ‘ক’ৰ এজাক সপোন যেন বৰষুণ বৰষুণ’ গানৰ কলিটো মুখলৈ লৈ আহিব পাৰে!

আলহী আহিলে মই বেয়া নাপাওঁ কিন্তু ৰাতি কোনখন বিছনাত কাৰ লগত শুব লাগে, সেইটো ভাবি টেনছন আৰম্ভ হয়। এই টেনছনটো মোৰ সৰুকালৰে সংগী। সৰুতে আনৰ ঘৰলৈ বিয়া-সবাহলৈ গ’লে এইটো চিন্তাই মোৰ সকলো আনন্দ শেষ কৰি দিছিল। মায়ে কয়, ‘আমি তিৰোতা কেইজনী মাটিতে থাকিম, তই হেৰিৰ ভিনিহিয়েকৰ খুৰাকৰ শালপতিজনৰ লগতে বিচনাত থাকগৈ যা..’। সেই হেৰিৰ ভিনিহিয়েকৰ খুৰাককেই মই চিনি নাপাওঁ, তাতে আকৌ তেওঁৰো শালপতি! মই মুখ ফুলাওঁ, মায়ে বুজায় – ‘আনৰ ঘৰত আহিলে অলপতো এৰি-ধৰি চলিবই লাগিব!’ উপাইহীন হৈ মই সেই শালপতিৰ কাষতে বিচনাৰ চুক এটাত পৰি থাকোগৈ, টোপনি নাহে। এই ‘অলপ এৰা-ধৰা’টোৱে এতিয়া নতুনকৈ নাম পাইছে ‘এডজাষ্টমেন্ট’!

 ‘মই তেনেহ’লে এই তিনিদিন মাটিতেই তুলী পাৰি শুব লাগিবনে কি?’ – শ্ৰীমতীৰ পৰা যেতিয়া গম পাইছিলোঁ শহুৰহঁত তিনিদিন থাকিব, সুধিছিলোঁ কালি তেওঁক।

‘তিনিদিন হে মাত্ৰ। থাকিবা আৰু অলপ ‘এডজাষ্ট’ কৰি’

 ‘এই এডজাষ্ট কৰাটোতেই দিগদাৰ অলপ…’

 ‘কিয় নোৱাৰা? মই দেখোন তোমাৰ গাঁৱৰ ঘৰলৈ গ’লে থকা কেইদিন পুৱাৰে পৰা ৰাতিলৈ মেখেলা-চাদৰ পিন্ধি থাকোঁ। ৰাতিপুৱা পাঁচটাতেই উঠি গা ধোওঁ। মই এডজাষ্ট নকৰোঁ? তুমি দেখোন আমাৰ ঘৰলৈ গ’লে গেঞ্জীটো পেটৰ ওপৰলৈ টানি হাফ পেন্ট পিন্ধি বহি থাকা হে, আমি কিবা ক’বলৈ যাওঁ?

শ্ৰীমতীৰ কথাষাৰ মিছা নহয়। মই একো নামাতি মনে মনে থাকোঁ।

আমাৰ সৰু বে’ডৰুম দুটাত এখনকৈ বিচনা আছে। তাৰে এখনত শাহু আৰু শ্ৰীমতী, আৰু আনখনত খুলশালী দুজনী থাকিব। শহুৰ দেউতা দ্ৰয়িংৰুমৰ এজনীয়া বিচনাখনত আৰু মই তুলী এখন পাৰি দ্ৰয়িংৰুমৰ মজিয়াতে শুম – এনেকৈ অংকটো মিলোৱা হ’ল। এইটো মিলাওতেও কিছু দেৰি লাগিল, নিমিলেহে নিমিলে….যেন ক্লাছ ছিক্সত ৰত্ন ছাৰে কৰিবলৈ দিয়া ‘পুখুৰীত পানী সিঁচা’ অংকটোহে!

শহুৰ দেউতাই সদায় সন্ধিয়া দুই পেগকৈ খায়, সেয়া মই জানোঁ। সন্ধিয়া হঠাতে তেওঁ দুই-তিনিমিনিটৰ কাৰণে নোহোৱা হয়। সেই নোহোৱা হোৱা সময়খিনি একেবাৰে ‘ছৰ্ট ক’মাৰ্চিয়েল ব্ৰেক’ টাইপৰ বাবে কাৰো চকুত নপৰেই! গমকে নাপায় কোনেও। তাৰ পাছত আহি তেওঁ যেতিয়া ভিন্নস্বাদৰ কথা আৰম্ভ কৰে, জিভাখনে পাক ল’বলৈ ধৰে আৰু গাল-মুখে ৰঙচুৱা বৰণ ল’বলৈ চেষ্টা কৰে, তেতিয়াই মই গম পাই যাও যে তেওঁ কামফেৰা কৰি আহিলে! বটল-গ্লাছ আদি ক’ত ৰাখে সেয়া কোনেও গম নাপায়৷ তেওঁক দেখিলে মোৰো অলপ মন যায়। যাবই আৰু! ওচৰতে গোলাপী নিচাৰ আমেজ লৈ লৈ কথাৰ ফুলজাৰি মাৰিছে, আৰু মই শুকান ডিঙিটো লৈ সেই হজম নকৰিবলগীয়া কথাও উপায়হীন হৈ হজম কৰিব লগা হয়। আজি সন্ধিয়াৰ কথা। ইউৰো কাপৰ প্ৰি-কোৱাৰ্টাৰ আৰম্ভ হৈছে। ফ্ৰান্স আৰু ছুইজাৰলেণ্ডৰ।

শহুৰে ফুটবল চাই ভাল পায়। ফ্ৰান্স মোৰ ফেভৰিট। সেয়ে আজিৰ খেলখনৰ কাৰণে একেবাৰে এক্সাইটেড হৈ আছিলোঁ। ময়ো বিলাতী এবিধৰ সৰু বটল এটা কিনি আনিলোঁ বিলাতীৰ নিচাত খেলৰ আমেজ লওঁ বুলি। বে’ডৰুমৰ কাষতে থকা সৰু ষ্ট’ৰৰুমটোৰ পুৰণি আলমাৰিটোত থৈ দিলোঁ সযতনে।

শাহু আৰু এওঁ বেড’ৰুমত সোমাই আড্ডাত মগন। খুলশালী দুজনীয়ে ম’বাইল দুটাত মগন। মাজে মাজে ছেলফিও উঠে। কেতিয়াবা নিজে নিজে হাঁহে। ফ’টো উঠাৰ লগে লগে হাঁহিটোও শেষ হয়। মাইক্ৰ’ছেকেণ্ডৰ হাঁহি, সেই হাঁহিতে কিজানি কেইজন বলিয়া হ’ল!

শহুৰ দেউতাই ‘আজি বতৰটো বৰ ভাল হে’ বুলি চান্স বিচাৰি আছে। তেওঁক চান্সটো দি মই নিজেও মিহিকৈ চান্সটো লওঁ বুলি ষ্ট’ৰৰুমটোলৈ আহিলোঁ।

‘কি লাগে ষ্ট’ৰ ৰুমত?’-শ্ৰীমতীৰ প্ৰশ্ন৷

‘ফ্ৰান্সৰ জাৰ্ছিটোৰ দৰে অলপ নীলা ৰঙৰ টি ছাৰ্ট এটা আছিল। সেইটোকে পিন্ধি খেল চাম আজি…’

বটলটো আছে ষ্ট’ৰৰুমত। পানী-গিলাচ নাই। বটলটো লৈ ওলাবও নোৱাৰি, ওলালেই কাষৰ বে’ডৰুমটোৰপৰা শাহু আৰু শ্ৰীমতীৰ শেন দৃষ্টি পৰিব। উপায়হীন হৈ জুখি জুখি স্মল এপেগ মানে ত্ৰিশ মিলিলিটাৰ মান মুখত বাকিলোঁ। মুখ ডাকি যোৱা যেন লাগিল। সেইখিনি মুখত লৈ মুখ ফুলাই পাকঘৰ পালোঁ। সেই সময়ত কোনোবাই কথা সুধিলেও উত্তৰ দিব নোৱাৰিম। তাৰ ওপৰতে পানী এমুখ ঢালিলোঁ। কুল-কুলি কৰাৰ দৰে মুখখন জোঁকাৰি জোঁকাৰি মুখৰ ভিতৰতে সেইখিনি মিক্স কৰি এঢোক এঢোককৈ গিলি আমেজ ল’লোঁ।

পাঁচমিনিটমান পিছত এইবাৰ অনুমান কৰি এমুখতকৈ ত্ৰিশ মিলিলিটাৰমান কমকৈ পানী মুখত ভৰাই পুনৰ ষ্ট’ৰৰুমটোলৈ গ’লোঁ।

‘এইবাৰ আকৌ কি হ’ল?’ -আকৌ প্ৰশ্ন। দৌৰাদৌৰিকৈ মুখৰ পানীৰ ওপৰত বিলাতীবিধ অলপ ঢালি মিক্সিং কৰি গিলিলোঁ লগে লগে। বেছি দেৰি উত্তৰ নিদিলেও বিপদ! খাদ্যনলীডালেও কিজানি চিঞৰি উঠিছে-‘জহনীত যোৱা, গিল যদি পানী মিহলাই নিগিল কিয় বে? তোৰ গাত ইস্ত্ৰী কৰিলে যেনে পাবি, ময়ো তেনেই পাইছোঁ, নিধক!’

‘ফ্ৰান্সে কিজানি বগা ৰঙৰ জাৰ্চি পিন্ধি খেলিব আজি। বগা টি-ছাৰ্টটোকে পিন্ধোঁ ৰ’বা…’

এনেকৈ বেছ কিছুদেৰি গ’ল। শহুৰ দেউতাইও পুৰাদমে চলাই নিছে। ফুটবল খেল বুলি চাগে দুপেগ বেছি খালে তেওঁ। শাহু আৰু শ্ৰীমতীয়ে ভাত খাই আমালৈ ঢাকি থৈ শুবলৈ গ’ল। মই থিয় হৈ থাকিবলৈ অসুবিধা পাই শহুৰৰ কাষতে বহিলোঁগৈ। মোৰ ইতিমধ্যে পাঁচ-ছয়বাৰ মান কুলু-কুলু কৰা হৈ গৈছিল!

ফ্ৰান্স ৩-১ত জিকি আছে।

‘ছুইজাৰলেণ্ড বৰ ধুনীয়া ঠাই বুজিছা! – শহুৰে কৈছে।

‘হয় দিয়ক, যেন বাইহাটা চাৰিআলি হে, এশবাৰ মান গৈছে ন?’ – সুধিব খুজিছিলোঁ, নুসুধিলোঁ।

মই চকুকেইটা ডাঙৰকৈ মেলিবলৈ কষ্ট কৰিব লগা হ’ল।

‘জিদান..জিনেইদান জিদান নাই নেকি বাৰু ফ্ৰান্সত…’- মুখেৰে ওলাই গ’ল মোৰ।

‘নো নো.. হি ইজ নট জিদান। হি ইজ অলচ’ এ নাইচ প্লেয়াৰ’…- মুখেৰে ইংৰাজী কেনেকৈ ওলাই গ’ল পাত্তাই নাপালে হয়তো শহুৰ দেউতাই।

‘অ’কে অ’কে, ইয়েছ.. মাই মিষ্টেক! জিদান দেখোন কাহানিবাই ৰিটায়াৰমেন্ট ল’লে। আই এম ছ’ ফানী ন দেউতা?

‘ইয়াহ ইয়াহ…এইজন দেখাত অলপ আমাৰ নৰোত্তম ঠিকাদাৰৰ সৰু পুতেক কণটিৰ দৰে’- তেওঁও যিমান পাৰে ইংৰাজী কৈছে যেন পালোঁ।

ক্ষন্তেক নীৰৱতা…’কণটিয়েও যদি এদিন ভাৰতৰ হৈ ফুটবল খেলিলেহেঁতেন, আস! অসমীয়া এজনে এনেকৈ দেশী-বিদেশীৰ লগত খেলি থকা দেখিলে ইম’শ্যনেল হৈ গ’লোঁহেঁতেন…’- শহুৰৰ চকু চলচলীয়া হ’ল। এনে সময়ত চকুপানী দেখিলে ময়ো ইমোশ্যনেল হৈ যাওঁ।

‘আজিকালি কিন্তু অসমীয়া বহুতে টিভিত ওলায় বুজিছা। মানে নেছনেল টিভিৰ কথা কৈছোঁ। সেই যে দীঘল চুলিৰ পৰেশ, বাহ, সুন্দৰ গায়।’

‘পৰেশ? পৰেশ কোন নো? জুবিন গাৰ্গৰ কথা কৈছে নেকি?’ – সুধিলোঁ মই।

‘সেই যে মহন্ত..কাউৰী পৰে যে। তেওঁৰ পুতেকজন…’

‘আচ্ছা, পাপন!?’

‘অ’ পাপন! ভুল হৈ যায় হে। আমাৰ ঘৰৰ ওচৰৰ খগেনৰ পুতেকৰ নাম পৰেশ যে! মুখত সেইটো নামেই আহি গ’ল’ – হো-হোৱাই হাঁহিলে শহুৰ দেউতাই। কি বা ইমান ৰস পালে, মই বুজি নাপালোঁ।

‘কিন্তু কি জানা? অসমীয়া আজি জাতিটোৱে শেষ হোৱাৰ পথত। দুই-এজনে নাম কৰিছে। বাকী চব গেল্লাই গৈছে হে..বৰ দুখ মোৰ’ – শহুৰ দেউতাৰ চকু আৰু চলচলীয়া হ’ল।

‘আপুনি দুখ নকৰিব…’জান’ দিব পাৰোঁ মই আপোনাৰ কাৰণে। কি কৰিব লাগে কওঁক, এতিয়াই এই বাৰ বজাতো যাম মই…’।

এইবাৰ তেওঁ আৰু বেছি দুখী হৈ গ’ল।

‘এহ কি নো কৰিবা আৰু!’ – তেওঁ ক’লে।

‘সকলো কৰিম, এবাৰ মাত্ৰ কওঁক..এতিয়াই লাগি যাম হাতে-কামে। লকডাউন যদিও হোম দেলিভাৰীত অনাৰ ব্যৱস্থা কৰি দিম হে ফাদাৰ ইন ল’ – আমাৰ হোষ্টেলৰ ৰূপমক এনে এটা জোশতে কথা দি তাৰ হৈ দুজনীক প্ৰ’প’জ কৰি পোৱা কথাবোৰ মনত পৰি গ’ল মোৰ।

তেওঁ হঠাতে হাতেৰে মোৰ মূৰটো টানি কান্ধত লগাই দিলে- ‘নালাগে দিয়া..ছোৱালীজনী দি ‘জান’ এবাৰ লৈছোৱেই…’।

কিমান দেৰি পাৰ হ’ল নাজানোঁ কিন্তু হঠাতে এনে লাগিল কোনোবা এজনে হাৱাতে যেন বলটো উঠাই মাৰিছে…মই যেন হেড কৰিবলৈ দৌৰিছোঁ বলটোৰ পিছে পিছে, তলে তলে …হঠাতে বাগৰি পৰিলোঁ ফিল্ডতে…. মাটিৰ ঘাঁহ-বন দুডালমান মোৰ নাকে-মুখে সোমাইছে৷ জোৰেৰে হাঁচিয়াই চকু মেলি চাই দেখিলোঁ শহুৰ দেউতাৰ বুকুৰ ঈষৎ শুভ্ৰ নোম দুডালমান মোৰ নাকত! মূৰটো উঠালোঁ৷

টিভিটো গোটেই ৰাতি চলিয়েই আছে। কোনোবা ছেনেল এটাত ‘যোগাসন’ আৰম্ভ হৈছে।

‘যোগাসন কৰা ভাল কিন্তু…’- শহুৰ দেউতায়ো সাৰ পালে বোধহয়।

‘হয়, প্ৰাণায়াম কৰিলে ভাল লাগে..ক’ৰ’ণাও নহয় হেনো” – মই ক’লোঁ।

খেল চাগে কেতিয়াবাই শেষ হ’ল, ছেহ: কোন বা জিকিল! ফ্ৰান্সৰ বা কি হ’ল! জিদানে বা গ’ল কৰিলে নে নাই? ওহ, জিদান নহয়..কণটি, নৰোত্তম ঠিকাদাৰৰ পুতেক..ধুৰৰ…বেয়াকৈ হেং অভাৰ!

পুনশ্চ: লেখাটিৰ শিৰোনাম পৰিকল্পিত ভাবে তেনেকৈ দিয়া হৈছে, নহ’লে ‘শহুৰৰ লগত এসন্ধ্যা’ বুলি লিখিলে কোনেনো পঢ়িব!

☆ ★ ☆ ★ ☆

8 Comments

  • বহুত ভাল লাগিল৷

    Reply
  • বাগ্মিতা

    হাঃ হাঃ ! তামাম ভাল লাগিল পঢ়ি দিগন্তদা😍

    Reply
  • মুনীন্দ্ৰ মহন্ত

    ভালেই লাগিল দেই ৷
    আমাৰ কপালত ইমান ভাল শহুৰ নাপালো তাৰেহে আফচোচ ৰ’ল ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    এ মজা!

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ধেৎ তেৰি, হাঁহি মৰিলো। বঢ়িয়া লাগিল দিগন্ত দা

    Reply
  • Jayshree Puzari Sharma

    বাপৰে!! তৃতীয় গৰাকীৰ শুংসূত্ৰ পাবলৈকে জোটাই জোটাই পঢ়িলোঁ 😂😂

    Reply
  • Rimjhim Borthakur

    এনেকুৱা প্ৰেয়সী থাকিলে আৰু কি লাগে। মজা লাগিল

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.