বেপাৰ- পার্থ প্ৰতীম শৰ্মা
ভূমিকম্প অহা দেখি দৌৰাদৌৰিকৈ চকীখন পাৰি কিতাপ মেলি বহি ল’লোঁ। মই বোলো কোনোবাই মোক “ওলাই আহ, ভূমিকম্প আহিছে” বুলি মাতিবলৈ আহিব, মই ক’ম,
: বহিবলৈ দেচোন। গৈ আছোঁ।
তাৰপিছত, একো কষ্ট নকৰাকৈ মানুহে মোক মোক জুনিয়ৰ সন্দিকৈ নাম দি দিব। মোৰ কথা বাতৰিকাকতত ওলাব, ফটো সহকাৰে।
প্ৰত্যেকটো নিউজ চেনেলে বাতৰি পঢ়িব,
“চাওক, এই অধ্যয়নপিপাসু যুৱকজনলৈ, কিদৰে ভূমিকম্পয়ো কাঢ়ি নিব পৰা নাই তেওঁৰ মনোযোগ, এক্সক্লিউচিভলি আমাৰ চেনেলত…”
ইণ্টাৰভিউত মোক সোধা হ’ব,
: সেই সময়ত তোমাৰ অনুভৱ কেনে আছিল?
মই মিছাকৈ এক্টিং কৰি আছিলোঁ নে সঁচাকৈয়ে পঢ়ি আছিলোঁ বুলি এটা টকা শ্ব’ চৰি টক শ্ব’ হ’ব!
ইলেক্সনৰ আগে আগে চৰকাৰী পক্ষই মোক কিবা এটা পুৰস্কাৰ দিব। চৰকাৰে লোৱা এই সিদ্ধান্তৰ বিৰোধ কৰি এটা ৰাজনৈতিক দল গঠিত হ’ব।
পৰৱৰ্তী ৰাজ্যিক ইলেক্সনৰ মই হ’ম মূল ইচ্ছ্যু! মোক লৈ সকলোৰে টনা-আজোৰা চলিব।
কিমান যে ভাল লাগিলহেঁতেন!
কিন্তু সৱ পানী হৈ গ’ল। মোক কোনেও “ওলাই আহ, ভূমিকম্প আহিছে” বুলি মাতিবলৈ নাহিল। সম্ভাৱনাবোৰ কেনেকৈ নিঃশেষ হৈ যায় দেখিছেনে?
☆ ★ ☆ ★ ☆
10:19 am
হা হা। মজা
1:37 pm
বঢ়িয়া৷