ৰঙীণ সপোন ধূলিয়ৰি দিঠক-দীক্ষিতা বৰা
এখন দেশত এজনী ছোৱালী আছিল। তাই এটা ডাঙৰ সপোন দেখিছিল, উচ্চ পদস্থ এগৰাকী বিষয়া হোৱাৰ সপোন। অৱশ্যে এয়া এসময়ৰ কথা নহয়, আজিৰ সময়ৰে কথা । ছোৱালীজনী এতিয়াও আছে, এগৰাকী উচ্চ প্ৰশাসনিক বিষয়া হোৱাৰ সপোনটোৰ সৈতে। ড° কালাম মহাশয়ে কোৱাৰ দৰে, ‘যি সপোনে শুবলৈ নিদিয়ে’, এইটো তাইৰ বাবে ঠিক তেনেকুৱা সপোন হয় নে নহয় কোনেও নাজানে। কিন্তু তাইৰ ৱাটচএপ ষ্টেটাছত দেখা পোৱা উচ্চ পদস্থ কোনোবা বিষয়াৰ ৱেডিং ফটোশ্বুট, কাৰোবাৰ আৰ্ণিং এণ্ড লাইফ ষ্টাইল সম্পৰ্কীয় ভিডিঅ’বোৰৰ পৰা সকলোৱে এই কথাটো বুজি পাই যে তেনে এটা বিলাসী জীৱনৰ আশা তায়ো কৰে।
কৰকচোন তাই আশা, দেখকচোন তাই সপোন। সৰু ঠাইখনৰ পৰা যে তাই বিশাল আকাশ এখন চোৱাৰ সপোন দেখিছে, মানুহবোৰ তাতে বৰ প্ৰসন্ন হৈ পৰে। তাইৰ সপোনটো, তাইৰ পৰিকল্পনাবোৰ বহুতেই জানে। সেই সপোন পূৰণৰ বাবেই যে তাই কেইমাহমান দূৰত থাকি পঢ়া শুনা কৰি আহিলে, সেয়াও জানে। চুবুৰীয়া, সম্বন্ধীয়ৰ পৰা মৰম – শুভাশিষবোৰ আহি থাকে। সৰু ঠাইখনত তাই এটা চিনাকি নাম হৈ পৰে, তাইৰ সপোনটোৰ বাবে। কম বয়সীয়া ল’ৰা ছোৱালীহঁতৰ আগত তাই এটা উদাহৰণ হৈ পৰে। অন্যায় অনীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ, সমাজত মানসিকতাৰ উত্তৰণ ঘটাবলৈকে যে তাই এইখন ক্ষেত্ৰলৈ আগবাঢ়িছে, সেই কথা কৈ তাই কণমানিহঁতক প্ৰেৰণা যোগায়।
অনাগত ভৱিষ্যতত সমাজক দক্ষতাৰে নেতৃত্ব দিয়াৰ পথত তাই। সচেতন হ’বতো লাগিবই। সমাজ, জাতি – সংস্কৃতিৰ বিষয়বোৰক লৈ তাই যথেষ্ট সচেতন। সামাজিক মাধ্যমৰ জড়িয়তে বিভিন্ন বিষয়ত মাত মাতে। অৱশ্যে নেতাৰ ভাষণ, উন্নয়ন কিম্বা ৰাজনীতিৰ বিষয়বোৰক লৈ তাই মূৰ ঘমাই নাথাকে। এইবোৰত তাইৰ ৰাপ নাই। কিন্তু বাকীবোৰ…, বাকী কথা কিছুমানক লৈ তাই বৰ সচেতন হৈ পৰে দিনে দিনে। গাঁৱৰ কাষৰ নৈখনত কাপোৰ ধুবলৈ গৈ সাঁতুৰি থকা, মাছ ধৰিবলৈ গৈ গছৰ তলত বহি ধেমালি কৰি থকা জীয়ৰী বোৱাৰী কেইজনীৰ সামাজিক দায়িত্ববোধত তাইৰ চিন্তা হয়, এনেকৈনো পাতল মনৰ মানুহৰ দৰে সিহঁতে হাঁহি খিকিন্দালি কৰি ফুৰিব লাগেনে ? চিঞৰি হোমৰ গুৰিলৈ কইনা মতা দৰাবোৰ যে, তাকো জ্যেষ্ঠজনৰ আগতে! ভিডিঅ’ কৰিবৰ বাবেই ইমান অত্যুৎসাহী। সংস্কাৰ নোহোৱা হ’ল, সংস্কৃতিত কি কি যে প্ৰভাৱ পৰিল! সচেতন ছোৱালীজনীৰ সহ্য নহ’ল। “কম বয়সীয়া ধুনীয়া কইনা পালে চিঞৰি মাতিবই”, কেপচনটো তাইৰ ষ্টেটাছত জিলিকিল আৰু বেঁকা হাঁহিটো ওঁঠত। ফোনটো থৈ তাই বিয়া এখনলৈ যাবলৈ বুলি সাজু হ’ল। এইবাৰ বিহুত লোৱা ‘লেহেংগা’জোৰ পিন্ধি বিয়াখনত উঠা তাইৰ ফটোবোৰে ফেচবুকত প্ৰচুৰ সমাদৰ পালে। অপসংস্কৃতি, প্ৰাদুৰ্ভাৱ, অন্ধ অনুকৰণ… এনে শব্দবোৰ তেতিয়া ক’ৰবাত টোপনি গৈছিল।
আজি বিশ্ব পৰিৱেশ দিৱস। ছোৱালী জনীয়ে ইণ্টাৰনেটৰপৰা গছপুলি ৰোপনৰ ফটো ডাউনল’ড কৰি তাৰ লগত শুভেচ্ছা বাৰ্তা লিখি মানুহলৈ পঠিয়াই আছে। তাৰ মাজতে বান্ধৱী এজনীৰ ষ্টেটাছত দেখা পালে সৰু গছ এজোপাৰ সৈতে উঠা এখন ফটো। কিবা বিশেষ আছে নেকি এই ফটোখনত, তাইৰ জানিবৰ মন গ’ল। মেছেজ টাইপ কৰিলে-
: ইমান ডাঙৰ পুলিটো ৰুইছনে ?
: আজি ৰোৱা নহয় অ’। কলেজৰ ফ্ৰী এডমিছনৰ কাৰণে যে গছপুলি ৰুই তাৰ লগত ফটো উঠিবলৈ দিছিল, তেতিয়া ৰুইছিলোঁ। জামুকৰ পুলি এইটো। বেলেগৰ ঘৰৰ পৰা আনি ৰোৱা। চাচোন কিমান ডাঙৰ হ’ল চকুৰ আগতে।
: অ’ তই একেবাৰে বিচাৰি বিচাৰি আনি ৰুইছিলি নেকি ? মইতো কিবা গছৰ ডাল এটাকে পুতি লৈছিলোঁ ঘৰৰ কাষতে।
সিমূৰে বান্ধৱীজনী হয়তো আচৰিত হ’ল। সুধিলে,
: তোৰ ফ্ৰী এডমিছন আছিল নেকি ? কেনেকৈ ?
: গাঁওবুঢ়াৰ পৰা অনা ইনকাম চাৰ্টিফিকেট দিছিলোঁ আকৌ। আমাৰ যে গাঁওবুঢ়াটোৱে যে ইমান দুই নম্বৰী কৰে । তিনিশ টকা ল’লে সেই কাগজখন দিওঁতেই।
“ককাৰ পেঞ্চন, মা দেউতাৰ চাকৰি, তাৰ পিছতো তই ফ্ৰী এডমিছনৰ কাৰণে চাৰ্টিফিকেট উলিয়াই লোৱাটো জানো দুই নম্বৰী নহ’ল ?” এই কথাখিনি ক’ম নে নক’ম ভাবোঁতেই হয়তো লগৰজনীক কিছু সময় লাগিল। কিছুপৰৰ মূৰত ৰিপ্লাই আহিল,
: অ বুজিছোঁ।
নতুনকৈ ষ্ট্ৰেইট কৰোৱা চুলিকেইডাল ফিৰফিৰকৈ বতাহত উৰাই নতুন স্কুটী লৈ কলেজলৈ যোৱা সেই সপোন দেখা ছোৱালীজনীৰ ৰূপটো বান্ধৱীজনীয়ে চাগৈ মনতে পাগুলি থাকিল কিছুপৰ। কিন্তু ছোৱালীজনীয়ে সেইবোৰ একো ভবা নাই। পিছ চোতালৰ ফালৰ পৰা অহা কেঁকনি আৰু কথা কিছুমানে তাইৰ কামত ব্যাঘাত জন্মালে। বিৰক্তিৰে তাই উঠি আহিল।
: পোৱালি, পোৱালি..
চিঞৰি চিঞৰি ওলাই আহিল তাই।
“আজি গছপুলি হে ৰুব, স্কুল নগ’লেও হ’ব থ।” ভিতৰুৱা গাঁও এখনৰ পৰা পঢ়াবলৈ বুলি আনি ঘৰত ৰখা বাৰ বছৰীয়া ল’ৰাটোক ৰাতিপুৱাতে কৈ থৈছিল তাই। সি যোৱা কেইদিনৰ দৰে বাৰীত কোৰ মাৰি আছে। তাইৰ মাকহঁত ইতিমধ্যে ভাগে ভাগে গ’ল। মুখেৰে ভোৰভোৰাই তাই পাকঘৰলৈ গৈ কাঁহী এখনত ভাত কেইটামান বাঢ়িলে।
: ৰাতিপুৱাৰ পৰাই বুঢ়াৰ চিঞৰ আৰম্ভ হ’লেই। কিমান নো খাওঁ খাওঁ কৰি থাকে।
পিছফালে চোতালৰ একাষে থকা কোঠাটোত শুই থকা ককাকৰ কেঁকনিবোৰে তাইক সদায় বিৰক্ত কৰে। ‘পোৱালি’ৰ হাততে তাই কাঁহীখন দি পঠিয়ালে। সেই লেতেৰা ঠাইবোৰলৈ যাবলৈ অশান্তি লাগে তাইৰ। আজৰি হৈ তাই আকৌ কোঠালৈ সোমাই গ’ল। দুদিনমানৰ পিছৰ ৱেবিনাৰ এখনৰ বাবে তাই অলপ পঢ়া-শুনা কৰিব, সৰুকৈ ভাষণ এটা দিব লাগিব। বিষয় ‘সামাজিক সংস্কাৰ আৰু আমাৰ কৰণীয়।’ পঢ়া শুনা কৰি থকা, সচেতন নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে তাইক নিৰ্বাচন কৰা হৈছে।
☆ ★ ☆ ★ ☆
2:02 pm
ভাল লাগিল৷
2:10 pm
ভাল লিখিছা এইটো । এনেকৈয়ে কিছুমান মুখাপিন্ধা জীৱন চলি আছে ।
5:01 pm
ভাল লাগিল।