ফটাঢোল

কুলাগুটি আৰু খোকাৰ কাহিনী-পদ্মজা বৰুৱা মহন

: অঁ। পইচাবোৰ ঢাৰিৰ তলত থ’লেও লৈ যায় পুতেক নাতিয়েকহঁতে, বাকচত থ’লেও মনে মনে লৈ যায়।

ইখন দোকানৰ পৰা সিখন দোকান ঘূৰি ফুৰোঁতেও কৈ থাকিল খোকাই।

সেয়ে কুলাগুটিয়ে এবাৰ বুধি পাঙিলে, তেওঁ পলিথিন এটাত পইচাখিনি বান্ধি ঘৰৰ বাৰাণ্ডাৰ চালিখনত খোঁচ মাৰি থৈ দিলে আৰু কোনেও নেদেখিব বুলি তেওঁ গহীন হৈ থাকিল। পিচে মানুহে নেদেখিলে কি হ’ব, দেখাই দেখিলে নহয়। এদিন সেই থোৱা জেগাতে নাইকিয়া হ’ল কুলাগুটিৰ পইচা থোৱা পলিথিনটো।

শালিকী চৰাইবোৰে আকৌ বাহ সাজিবলৈ পলিথিন, কাগজ আদি বৰ বিচাৰি ফুৰে। এদিন শালিকী এজনীয়ে মুখৰ আগৰ পৰাই পলিথিনটো লৈ গৈ তামোল গছৰ ওপৰ পোৱালেগৈ।দুখে-বেজাৰে কুলাগুটিৰ হাঁহো নে কান্দো অৱস্থা। সদায় তামোল গছকেইজোপাৰ ফালে চাই হুমুনিয়াহ কাঢ়ি থাকে।হতচিৰী শালিকীজনীয়ে কোনজোপা গছত বা থ’লেগৈ।

ভাগ্য ভাল এদিন জোৰকৈ ধুমুহা বতাহ বলিল। বতাহ-বৰষুণত তামোল গছৰ পৰা শালিকী চৰাইৰ বাহ ভাগি পৰিল। বাহৰ ভিতৰত ওলাল কুলাগুটিৰ পইচা বান্ধি থোৱা পলিথিনটো।

: হাঃ হাঃ হাঃ। তাৰ পিছত…

গাড়ীখন ষ্টাৰ্ট দি সুধিলে বুবুলে।

তাৰ পিছত.. …বুবুলৰ কাষৰ চিটটোত আৰামেৰে বহি দুৱাৰখন ধাৰামকৈ জপাই পুনৰ আৰম্ভ কৰিলে খোকাই,

এদিন সিহঁতৰ ঘৰ চাইছে। নৰাৰে ছোৱা ঘৰ। পুৰণি নৰাবোৰ গুচাই নতুন নৰা মেলিছে। চালবোৰ চাই শেষ হ’ল এতিয়া মূধচ মেলিব লাগে। কুলাগুটিয়ে  মূধচ চাই গৈ আছে গৈ আছে। পিছলৈ ঘূৰি চোৱা নাই। মূধচ মেলি মেলি গৈ চালখন শেষ হ’ল, তাৰ খবৰ নাই। পিছুৱাই গৈ থাকোঁতে গৈ থাকোঁতে শেষত চালৰ পৰা ধুমকৈ মাটিত সৰি পৰিল। হাত এখন ভাগিল। কঁকালটোও কচকা খালে বেচেৰাৰ। তেতিয়াৰ পৰা কাম-বন কৰিবলৈ ওলাব নোৱাৰা হ’ল।

: ইচচ্…

: অঁ আৰু এবাৰ শুন। চকু এটাত আচিনাই উঠিল তেওঁৰ।খুউব খেচখেচাই,খজুৱাই। কোনোবা এজনে বুধি দিলে বোলে হেৰি নহয়, তই এটা কাম কৰিবি বুইছ। চকুত চেঙা তেল মাৰি দিবি। চেঙা তেল মাৰি দিলে তোৰ চকুৰ খজুৱতি একেদিনাই ভাল হৈ যাব আৰু অঁকৰা কুলাগুটিটো, দিলে পেলাই চকুত সঁচাসঁচিকৈ চেঙা তেলৰ টোপাল দুটামান।

: অঁ তাৰপিছত…

গৰু এটা আগতে ওলাইছিল, সাৱধানে চাইড কাটি গাড়ীখন আগবঢ়াই সুধিলে বুবুলে।

: তাৰপিছত কি হ’ব আও। চকুটো কণা হৈ থাকিল। চেঙা তেল দিলে সেইটো চকু চকু হৈ থাকিব নে!

: ইমানেই অঁকৰা মানে।

বুবুলে হাঁহি হাঁহি হোটেলৰ এখনৰ সমুখত গাড়ীখন ৰখাই দিলে।

বুবুল আহিছে সিহঁতৰ গাঁৱৰ সম্বন্ধীয় ভায়েক খোকাৰ লগত কিছু বজাৰ-সমাৰ কৰিবলৈ। খোকাৰ বিয়া ঠিক হৈছে।সেইগতিকে কিছু কাপোৰ-কানি, আলনা-বিছনা কিবাকিবি কিনিব। খোকাই লগতে বুবুলকো লৈ আহিছে বস্তুখিনি তাৰ গাড়ীখনতে লৈ যাব আৰু সি খোকাক বজাৰ কৰাতো কিছু সহায় কৰি দিব।

ঘৰতে কৈছিল খোকাই, 

: বুইছ বুবুল। ইমান ডাঙৰ হ’লোঁ আজিলৈকে ডাঙৰ হোটেলত  খাই পোৱা নাই। আজি সোমোৱাই দিবিচোন। দকচি এসাঁজ খাই আহিম। পইচাটো বাৰু ময়েই দিম।

: হ’ব বাৰু। ময়েই খুৱাম আজি তোক ভাল হোটেলত। দৰা ভাত বুলি ধৰিবি।

হাঁহি মাৰি বুবুলে শলাগ লৈছিল আৰু সেইমতেই এই হোটেলখনত সোমাইছেহি দুয়ো।

কৰ’ণাকালৰ বাবেই হয়তো হোটেলত গ্ৰাহক নায়েই। সিহঁত দুয়ো হোটেলৰ আচুতীয়াকৈ থকা আহল-বহল কোঠা এটাত বহি ল’লেগৈ।

খোকা আকৌ কথা কোৱাত ওস্তাদ। কথা কৈ থাকিলে কৈয়েই থাকে। আজিও কি কথাত জানো সিহঁতৰ গাঁৱৰ মস্ত কৰাইচ আৰু অজলা মানুহ কুলাগুটিৰ বিষয়ে ওলাল। তেতিয়াৰ পৰা খোকাই কুলাগুটিৰ কথাকে কৈ আছে।

: বুবুল, তামোল এখন খাবি নেকি? ভাত আহে মানে এখন পকতিয়াই লওঁ।

জেপৰ পৰা তামোলৰ টোপোলা উলিয়াই খোকাই সুধিলে।

: নেখাওঁ। ৰ। মই অৰ্ডাৰটো দি লওঁ। কি খাবি চিকেন নে পৰ্ক, মানে কুকুৰা মাংস নে গাহৰি। ভাত নে ৰুটি।

মেন্যুখন চাই বুবুলে ক’লে।

: হ’ব হ’ব। তই যি খাৱ ময়ো সেয়াই খাম।

: আটচা।

পৰিষ্কাৰ সাজপাৰ পিন্ধা ল’ৰা এজনে আহি কি খাব সুধিবলৈ আহি  ৰৈ আছিল। বুবুলেই অৰ্ডাৰ দিলে, ভাত লগত গাহৰিৰ মাংস।

পুনৰ আৰম্ভ কৰিলে খোকাই।

: আৰু মানুহটো অঁকৰা যি অঁকৰা, মুঠতে বৌম অঁকৰা। বিয়া পতাৰ পিছত ঘৈণীয়েকে লগত কাপোৰ-কানি, বাচন-বৰ্তন, আলনা-বিছনা আদিৰ লগতে আঁঠুৱা এখনো আনিছে।কুলাগুটিয়ে জীৱনত আঁঠুৱাৰ তলত শোৱাটো দূৰৰে কথা আঁঠুৱা দেখাই নাই। বিয়াৰ পিছদিনা ৰাতি শুবলৈ গৈ বিছনাত আঁঠুৱা তৰি থোৱা দেখি সি অবাক। এইখন আকৌ কি আঁৰি থৈছে বিছনাত। শুবলৈ কেনি সোমাব।

ইফালে সিফালে চাই সোমোৱাৰ বাট নেদেখি  সি বৰ বিমোৰত পৰিল। ইফালে ন-কইনাজনীক সুধিবলৈও লাজ লাগিছে। কি কৰে এতিয়া, এনেকৈ থিয়ৈ থিয়ৈ কিমান দেৰি থাকিব।

শেষত উপায় নেপাই বেচেৰাই আঁঠুৱাৰ ওপৰতে জপিয়াই দিলেগৈ। লগে লগে আঁঠুৱা চিগি খুঁটিৰে সৈতে বাগৰি পৰি কুলাগুটি মাটিত‌।

: হাঃ হাঃ হাঃ…। সঁচাকৈ ইমান অঁকৰা মানুহ আছিল নে ঐ?

বুবুলে হাঁহি উঠিল।

: সেইটোৰ নিচিনা অঁকৰা মই জীৱনত দেখা নাই বুইছ। আৰু আছে কাহিনী। ৰ। ক’ম।

মুখ ভৰ্তি তামোলৰ পিকেৰে কথা কোৱাত অসুবিধা পাই খোকা চকীৰপৰা উঠি ৰূমটোৰ চুকৰ ফালে আগবাঢ়িল।

: ক’লৈ যাৱ খোকা?

বুবুলে চিঞৰি উঠিল।

:পিকখিনি পেলাই আহোঁ।

সি ইংগিতেৰে দেখুৱালে।

: সেইফালে কেলৈ গৈছ? বাহিৰলৈ এইফালে যায়।

বুবুলে দুৱাৰখন ফালে দেখুৱাই আকৌ চিঞৰিলে।

: এ একো নহয়, বাহিৰলৈ নেযাওঁ আৰু। খিৰিকীয়েদি পেলাই দিওঁ।

: হেঁ…

খোকাৰ কথাত চক খাই উঠিল বুবুল। ই বেটাই ক’ত খিৰিকী দেখিলে। কেনেবাকৈ সি খিৰিকীৰ দৰে আকৃতিৰ ৱালৰ 3D পেইণ্টিংখনকে খিৰিকী বুলি ভুল কৰা নাইতো! বুবুলে লগে লগে চকীৰপৰা উঠি খোকাক বুজাই দিবলৈ লৰ ধৰিলে।

: খোকা… খোকা… শুনচোন।

কিন্তু খোকাই ক’ত শুনে,

ফেৰেক…

অতিশয় পৰিচ্ছন্ন ৱালখনত আঁকি থোৱা আহল-বহল খিৰিকীৰ দৰে পেইণ্টিংখন খোকাৰ তামোলৰ পিকেৰে মূহূৰ্ততে ৰাঙলী হৈ পৰিল।

কোনোদিনে ডাঙৰ হোটেলত সোমাই নোপোৱা 3D পেইণ্টিং সম্পৰ্কে ধাৰণা নথকা খোকাই পেইণ্টিংখনকে খিৰিকী বুলি ভুল কৰি পিকাই পেলালে।

বঢ়া ভাত এৰি থৈ, হোটেল কৰ্তৃপক্ষৰ হাতত দুহেজাৰ টকা জৰিমনা ভৰি তলমূৰকৈ ওলাই আহোঁতে খোকা আৰু বুবুলৰ নিজকে কুলাগুটিতকৈ অঁকৰা অজলা যেন অনুভৱ হ’ল।

☆ ★ ☆ ★ ☆

2 Comments

  • Prodip Borah

    কাকনো বুলিবা ককা ?

    Reply
  • Usha Mahanta

    পঢ়ি ভাল পালোঁ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *