ফটাঢোল

বিয়াৰ নিমন্ত্ৰণ-পংকজ কুমাৰ নেওগ

কৃপাল দাইটিৰ দৰে কটকিনা মানুহ বৰ কমেই দেখিবলৈ পোৱা যায়। তেওঁ  ঘৰত সবাহ বা নাম আদি পাতি চুবুৰীয়াক খাবলৈ মতা কোনেও আজিলৈকে দেখা নাই কিন্তু কোনোবাই যদি তেওঁক খাবলৈ মাতে, তেনেহ’লে সপৰিবাৰে নিমন্ত্ৰণ ৰক্ষা কৰা তেওঁৰ পৰম ধৰ্ম। অকল নিমন্ত্ৰণ ৰক্ষাই নহয়, মানুহজনে সাংঘাতিক খাবও পাৰে। তেওঁৰ খোৱা দেখিলে ভাৱ হয় এসপ্তাহৰ ভোজন তেওঁ যেন এদিনতে উদৰস্থ কৰিব। দাইটিৰ ল’ৰা ছোৱালী দুটা – বাণ্টি আৰু বুলি। গোটেই বছৰটো সিহঁতহালে ঘৰত নিসনি ভাত আৰু লগতে শাক-পাত দুডালমান খাবলৈ পায়। ক’ৰবাত নিমন্ত্ৰণ থকা বুলি শুনিলে সিহঁতেও আনন্দত জঁপিয়াই উঠে।

যিদিনা নিমন্ত্ৰণ থাকে সেইদিনা দাইটিহঁতৰ ঘৰত সকলোৰে উপবাস। কৃপাল দাইটিৰ মতে পেট ভৰ্তি ৰাখি খাবলৈ যোৱা অনুচিত আৰু ই এটা ডাঙৰ অপৰাধ। গোটেই দিনটো লঘোণে থাকি ভোকটো পৰিপক্ক হ’বলৈ দিব লাগে যাতে নিমন্ত্ৰণ ঘৰত উপস্থিত হোৱাৰ লগে লগে খোৱা বস্তুৰ গোন্ধত পেটটোৱে ‘কোত্ কোত্’কৈ কেইবাবাৰো মাত দিয়ে। এনে অৱস্থাত খাবলৈ বহিলেহে ভাত-দাইল ইত্যাদিৰ পৰা আৰম্ভ কৰি দৈ, মিঠাই সকলোবোৰলৈকে উপভোগ কৰিব পাৰি।

মানুহক ডেস্ক-বেঞ্চত বহাই খাবলৈ দিলে দাইটিয়ে ল’ৰা-ছোৱালীহালক লৈ চুক এটাত বহি লয় আৰু দুই তিনিটা খেপৰ মানুহে খোৱা শেষ কৰিলেহে তেওঁলোক উঠে। ল’ৰা-ছোৱালী দুটাই যিমান খাব পাৰে ঠেলি-হেঁচি দুগুণ খুৱায়। ছোৱালীজনী সৰু, নিজে খাবলৈ দিলে লেতেক-পেতেককৈ খোৱাবস্তুবোৰ নষ্ট কৰে। দেউতাকে নিজে মাছ বাচি আৰু হাড়ৰ পৰা মাংস এৰুৱাই ভাত সানি জীয়েকক খুৱায়। অৱশ্যে আজিকালি ‘বুফে চিষ্টেম’ হৈ বৰ ভাল হ’ল। নিজৰ প্লেটখন লৈ যিমান ইচ্ছা বহি বহি খাই থাক, মাত্ৰ ল’ৰাটোক অলপ মন কৰিলেই হ’ল; বেঙাটোৱে মাছ-মাংস ইত্যাদি ভাল বস্তুবোৰ নাখাই লুচি-বুটৰ দাইলেৰে পেট ভৰাব খোজে।

ভোজন হ’ল এটা আৰ্ট বা কলা; কোনটো বস্তু কিমান পৰিমাণ বা কিমান সময় খাব লাগে তাৰ সম্যক জ্ঞান থকা দৰকাৰ। আৰম্ভণিতে বিলাই যোৱা খোৱা বস্তুবোৰ গো-গ্ৰাসে গিলিলে পিছলৈ ভাল বস্তুবোৰ খাবলৈ পেটত ঠাই নোহোৱা হয়। এইটো কাৰণে খোৱাৰ ‘মেনু’খন আগতে এবাৰ চাই ল’ব পাৰিলে বৰ ভাল। তেতিয়া কোনটো বস্তু খাবলৈ পেটৰ কিমানখিনি ঠাই এৰিব লাগে তাৰ এটা সুবিবেচনা কৰিব পাৰি। চালাদ-চাটনি, আইচক্ৰীম ইত্যাদিবোৰৰ বাবে পেটত ঠাই এৰাৰ দৰকাৰ নাই। মাছ, মাংস দুয়োবিধ থাকিলে মাছডোখৰ লৈ জোল নল’লেই হ’ল যাতে মাংস খাবলৈ ঠাই থাকে ইত্যাদি ইত্যাদি।

কৃপাল দাইটিৰ শালপতিৰ জীয়েকৰ বিয়া। শালপতি বৰ ধনী মানুহ, গুৱাহাটীত ডাঙৰ ব্যৱসায় আছে। একমাত্ৰ জীয়ৰীৰ বিয়া, সেয়েহে বৰ ৰাজষিক কাৰবাৰ! বিয়া আৰু বিয়াৰ পাৰ্টী গুৱাহাটীৰ এখন বিখ্যাত পঞ্চতাৰকা হোটেলত অনুষ্ঠিত হ’ব। শুনিবলৈ পাইছে কলিকতা নে মুম্বাইৰ ‘চেফ্’ আহি খানা প্ৰস্তুত কৰিব। বিয়াঘৰত ৰং-ধেমালি আৰম্ভ হৈছে, বিয়াৰ আগতেই সৰু-সুৰা কেইবাটাও পাৰ্টি। কৃপাল দাইটিয়ে চহৰৰ মাৰোৱাৰী গোলাখনলৈ গৈ ‘ডাবল বেড-শ্বিট আৰু পিল’ ক’ভাৰৰ ছেট এটা পচন্দ কৰি কিনি আনিলে। খুড়ীয়ে আকৌ ভাগিনীজনীক এডাল সোণৰ চেইনকে দিম বুলি ভাবিছিল কিন্তু দাইটিৰ ভেকাহি খাই মনে মনে থাকিল। মানুহজন যি হে জবৰজং কেনেবাকৈ বিয়ালৈ ‘তুমিয়েই যোৱা মই নাযাওঁ’ বুলিলে দৈবাসন তল যাব।

বিয়াৰ দিনা পুৱাই গুৱাহাটীলৈ যাবলৈ কৃপাল দাইটিহঁত ওলাল। গাঁৱৰ ঘৰৰ পৰা ৰেল ষ্টেশ্যনলৈ প্ৰথমে বাছ ধৰিব লাগিব। ঘৰৰ পৰা সাজি-কাচি ওলাওঁতে অলপ পলমেই হ’ল। ৰেল ষ্টেশ্যনত টিকট কৰিবলৈ গৈ গম পালে যে গুৱাহাটীলৈ যোৱা গাড়ী দুঘণ্টা দেৰিকৈ আহি পাব। দুপৰীয়া ২-৩ বজাৰ আগেয়ে গুৱাহাটী গৈ নাপায়।

ৰেল ষ্টেশ্যনত বহি থকাৰ বাহিৰে এতিয়া একো উপায় নাই। ৰাতিপুৱাৰে পৰা কোনেও একো এটা মুখত দিয়া নাই, ইফালে বেলি লাহে লাহে ওপৰলৈ উঠিছে। বুলিয়ে হঠাৎ টেঙা-পানী এসোপা বমি কৰি মাকৰ কোলাত লেবেজান হৈ পৰি গ’ল। খুড়ীৰ টিঙিচকৈ খংটো উঠিল,

: হেৰি, আপোনাৰ বাবে ছোৱালীজনীয়ে ৰাতিপুৱাৰ পৰা একো খাবলৈ পোৱা নাই। কিবা এটা আনি তাইক খুৱাওক।

: ৰ’বা, ৰ’বা, এতিয়াই কিবা এটা কিনি আনিছোঁ। 

দাইটিয়ে ইফালে সিফালে কি পাই চাবলৈ ধৰিলে।

ষ্টেশ্যনত দোকানী এজনে কমলা লজেন্স বেছি আছিল; দেখি দাইটিৰ চকু, মুখ উজ্জ্বল হৈ উঠিল। এইটোৱেই আটাইতকৈ ভাল বস্তু। কমলা লজেন্স মুখত লৈ থাকিলে বুলিয়ে অলপ সকাহ পাব অথচ তাইৰ পেটো নভৰে। দাইটিয়ে পাঁচটকাৰে কেইটামান লজেন্স কিনিলে।

: বুলি আইজনী, হোঁ, এই লজেন্স এটা মুখত লৈ লাহে লাহে চুহি থাকচোন। কমলাটেঙাৰ দৰে সোৱাদ। লাহে লাহে চুহি থাকিলে গাটো ভাল পাবি, পিয়াহো নালাগে। সেইবুলি দাঁতেৰে চোবাই নেপেলাবি আকৌ! জাননে, লজেন্স খোৱাৰো এটা ষ্টাইল আছে।

অৱশেষত ট্ৰে’ন আহি পোৱাত টালি-টোপোলা লৈ কৃপাল দাইটিহঁত ট্ৰে’নত উঠিল। কমলা লজেন্সৰ কৃপাতেই হওক বা ভাল ভাল বস্তু খাবলৈ পোৱাৰ আশাতেই হওক, কোনো অঘটন নঘটাকৈ সকলোবোৰ বিয়া ঘৰ পালেহি। কইনাৰ মাক বাহিৰলৈ ওলাই আহিল। 

: কি হ’ল তহঁত ইমান পলমকৈ পালিহি যে?

: কি কৰিবি আৰু? ট্ৰেন লে’ট আছিল। খুড়ীয়ে মাত লগালে।

: ঠিক আছে, তহঁতে মুখ হাত ধুই খোৱা বোৱা কৰি ল।

লুচি-তৰকাৰী, মিঠাই সকলোবোৰ খোৱা হ’ল। খোৱাৰ সময়ত ল’ৰা-ছোৱালীকেইটাক কৃপাল দাইটিয়ে ফুচফুচাই ক’লে,

: পেট ভৰাই নাখাবি, এয়া আচল খানা নহয়, ৰাতিলৈহে আচল খানা!

খাই বৈ দাইটিয়ে সকলোকে অলপ জিৰণি ল’বলৈ ক’লে। এতিয়া জিৰণি ল’লেহে ৰাতি ভালকৈ ভোজন কৰিব পাৰিব। খোৱা-বোৱাৰ ক্ষেত্ৰত তেওঁ সদায় চিৰিয়াচ। উপহাৰ কিনোতে যিমান খৰছ কৰিছে তাৰ দুগুণ আদায় কৰিব নোৱাৰিলে কিহৰ নিমন্ত্ৰণ খোৱা? তদুপৰি বাছ, ট্ৰে’ন, ৰিক্সাৰ ভাড়া আদিৰ খৰছটো আছেই।

দাইটিয়ে বিছনাত অলপ বাগৰ দিলে যদিও বাকীবোৰে বিয়াঘৰত কথা-বতৰা পাতি সময় কটালে।ল’ৰা-ছোৱালীকেইটাই লগৰ বন্ধু-বান্ধৱী পাই খেলা-ধূলাত ব্যস্ত হৈ ৰ’ল। কইনাক লৈ কইনাঘৰৰ এটা পাৰ্টি আগতীয়াকৈ হোটেল পালেগৈ। কৃপাল দাইটিহঁতৰ পাৰ্টিটো থাৰ্ড ট্ৰিপতহে হোটেল পালেগৈ। এক বিশাল আয়োজন। বিয়াৰ বাবে গোটেই হোটেলখনেই জাকজমককৈ সজোৱা হৈছে। দৰাঘৰ হেনো সাংঘাতিক মডাৰ্ন; বহুত ডাঙৰ আৰু ধনী মানুহ। দৰা সুদূৰ আমেৰিকাত থাকে। সেয়েহে বিয়াখনত ইমান বিলাসী ব্যৱস্থা।

দৰাপাৰ্টি সোনকালেই আহি পালেহি। দৰা আহিছে এখন ডাঙৰ বিলাসী গাড়ীত। কইনাই পিন্ধিছে লেহেঙ্গা-চ’লি আৰু দৰাই পিন্ধিছে কুৰ্তা-পায়জামা।

বিয়াখনৰ লগ্ন সোনকালেই আছিল। হোটেলৰ ‘হল’ এটাত পুৰোহিতে বিয়াখন আৰম্ভ কৰাৰ লগে লগেই বিয়াৰ খোৱা ক’ত যোগাৰ কৰা হৈছে চাবলৈ কৃপাল দাইটি ওলাই আহিল। হোটেলৰ দুটা ডাঙৰ কোঠাত খোৱাৰ ব্যৱস্থা কৰা হৈছে – এটাত বহি খাব পাৰি আৰু আনটোত বুফে।

: দুই ধৰণৰ বেলেগ বেলেগ ব্যৱস্থা যে, কিয়? দাইটিয়ে কেটেৰাৰক সুধিলে।

: অ’, আপুনি গমেই নাপাই বোধকৰো! এইফালে হ’ল ‘সাধাৰণ খানা’, আপুনি বহি খাব পাৰিব। আচল খানা সিফালেহে। দৰাৰ লগৰ ঢেৰ বিদেশী বন্ধু-বান্ধৱী আহিছে। তেওঁলোকৰ বাবে স্পেচিয়েল খানা।

কৃপাল দাইটিয়ে লগে লগে ঠিক কৰিলে, তেওঁ আজি স্পেচিয়েল খানা খাইহে এৰিব। বিয়াৰ গিফ্টৰ বাবে আৰু অহা-যোৱা সকলো মিলাই তেওঁ ভালকৈয়ে খৰছ কৰিছে। সাধাৰণ খানা তেওঁ কেতিয়াও নাখায়। প্ৰায় আঠমান বজাত প্ৰথম দলটোৱে খাবলৈ সাজু হ’ল। কৃপাল দাইটিয়ে ল’ৰা-ছোৱালী দুটা লৈ স্পেচিয়েল ‘ডাইনিং হল’ত বৰযাত্ৰীসকলৰ লাইনত থিয় হ’ল। তেওঁৰ মনত এটা অভূতপূৰ্ব আনন্দৰ অনুভূতি জাগি উঠিল, কি যে অনবদ্য আৰু সুস্বাদু ব্যঞ্জন তেওঁৰ বাবে ৰৈ আছে! চীনামাটিৰ চকচকীয়া প্লেটবোৰ শাৰী শাৰীকৈ সজাই থোৱা হৈছে। বিদেশী অতিথিসকলে নিম্ন কণ্ঠস্বৰত কথা পাতি  ধুনীয়াকৈ শাৰী পাতি খোৱাবস্তুবোৰ লৈছে আৰু হাঁহি হাঁহি কাটা চামুচেৰে খাবলৈ ধৰিছে। কোঠাটোত মাত্ৰ মৃদু গুণগুণনি, কোনো চিঞৰ-বাখৰ নাই।

কৃপাল দাইটিয়ে নিৰ্দিষ্ট ঠাইৰ পৰা প্লেট এখন লৈ অভ্যাস অনুসৰি লগাই থোৱা মেনুখনৰ ওচৰলৈ গ’ল।

Appetizers: Crispy Lettuce Salad topped with Kashkaval Cheese and Balsamic Vinaigrette, Smoked Salmon with Crispy Sweet Potato Napoleon and Creamed Parsley, Breadcrumb Goat Cheese Medallions on Vegetable Tartar in a Basil Sauce, Stuffed Mushrooms with Ricotta Cheese served with Spinach and Leek Sauce. 

Main Course: Fillet of Le-Bract with Vegetables, Couscous in Leek Sauce, Fillet of Dennis with sautéed Radish and Beetroot in Shallots Sauce, Fettuccini with Cream Sauce, White Wine sautéed Salmon and Cauliflower.

Desserts: Tiramisu, Ginger Ice Cream with Zabaglione.

বগা ফুলচাৰ্টৰ ওপৰত ক’লা টাক্সিড’ আৰু ক’লা ব’ পিন্ধা সুদৰ্শন পৰিবেশনকাৰীসকলে দাইটিক দেখিয়েই মাত লগালে,

: Yes Sir, May I help you?

লাজৰ কোবত দাইটিয়ে খোৱাবস্তুৰ নামবোৰৰ অৰ্থ কাকো সুধিব নোৱাৰিলে। ছেঃ, গোটেইবোৰ  খৰছ দেখোন এনেই গ’ল। দাইটিক যেন বুকুৰ বাওঁফালে কিবা এটাই খোঁচ মাৰি ধৰিলে। শালপতিৰ কথা মনত পৰি দাইটিৰ টিঙিচকৈ খং এটা উঠি আহিল। সন্ধিয়া বেলা হাঁহি হাঁহি যিহে কৈছিল,

: কৃপাল, মই কইনা সম্প্ৰদানৰ বাবে হোমৰ গুৰিতে থাকিব লাগিব, তুমি কিন্তু বেয়া নাপাবা আৰু ভালকৈ পেট ভৰাই খাবা। 

এতিয়া খা ভীমকলটো! আৰম্ভণিৰ পৰা শেষলৈকে এটাও খোৱাবস্তু চিনি নাপাওঁ! অগত্যা উপায় নাপাই সকলোৰে অলক্ষ্যে আগৰ ঠাইতে প্লেটখন থৈ ল’ৰা-ছোৱালীক হাতত ধৰি কৃপাল দাইটি ওলাই আহিল। কাষৰ কোঠাতে ‘সাধাৰণ খানা’ পৰিবেশন কৰি আছে; আজি তাতেই খোৱাৰ ভাগ্য! কেটাৰৰ বৰ্মণে দাইটিক দেখি বত্ৰিছটা দাঁত উলিয়াই হাঁহি মাৰি ক’লে,

: দাদা বহি যাওক সোনকালে। আজিৰ স্পেচিয়েল ভাপত দিয়া ইলিছ, ৰৌ মাছ ভজা আৰু খাহী মাংস। 

অৱশেষত দাইটিয়ে যেন হাতেৰে আকাশ ঢুকি পালে। বোলো, এইয়াহে খানা!

“হেৰা, কোন আছা? মোক সেই চুকৰ ফালে এখন টেবুল দিয়াচোন”! 

এক গভীৰ প্ৰশান্তি আৰু উৎসাহত ল’ৰা-ছোৱালীহালক লগত লৈ দাইটি খাবলৈ বহিল। 

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *