অভয়াৰণ্যৰ অভিজ্ঞতা- নবজিৎ বৰ্মন
চক্ৰশীলা অভয়াৰণ্য, ২০১৫ চনৰ নৱেম্বৰ মাহ৷ নাহিদ দা (Nahid Ahmed) আৰু ছোনিয়াৰ (Sonia Naznin) লগত মোৰ চক্ৰশীলা কেম্পৰ প্ৰথম দিন। আমি আগনিশা ১০ মান বজাত আহি পাইছিলোঁ বাবে গাঁৱৰ ওচৰতে কেম্প পাতিছিলোঁ।
ৰাতিৰ আন্ধাৰত কেম্পৰ ওচৰত কি কি আছে বিশেষ গম নাপালোঁ যদিও আমাৰ ঠিক মূৰৰ ওপৰত যে এটা সোণালী বান্দৰৰ জাক আছে সেইটো বুজিছিলোঁ।
পুৱা সোনকালেই সাৰ পালোঁ। নৱেম্বৰ মাহ, কিছু ঠাণ্ডা পৰিছিল। মই ওচৰে-পাজৰে পৰি থকা খৰি বিচৰাত লাগি গ’লোঁ। কিছু সময়ৰ পিছত নাহিদ দায়ো সহযোগ কৰিলে। দুয়ো মিলি কেম্পৰ ওচৰতে জুই ধৰিলোঁ। তেতিয়ালৈ বাংকু দাই (বাংকু ৰাভা, আমাৰ স্থানীয় সহায়ক) কেম্পৰ ওচৰত থকা কুঁৱাটোৰ পৰা পানী এবাল্টি আনি দিলে আৰু আমাৰ ফেচেলিটি মেন মানে নাহিদ দা লাগি গ’ল কফি বনোৱাত। কফি হোৱালৈ আমাৰ মাজত থকা অবলা নাৰী গৰাকীও আমাক কৃপা কৰি চকু মোহাৰি মোহাৰি টেণ্টৰ চেইন খুলি ওলাই আহিল আৰু জুইৰ কাষত নিজৰ আসন গ্ৰহণ কৰিলে।
জুইৰ উম লৈ চকীত বহি বহি কফিৰ আমেজ লৈ আছোঁ। আমাৰ কেম্পৰ ওচৰৰ গছডালত ৰাতি থকা সোণালী বান্দৰ কেইটাও তেতিয়ালৈ সাৰ পাইছে আৰু ৰ’দ পুৱাই আছে, পোৱালি দুটাই তাৰ মাজতে খেলি আছে। তেতিয়ালৈ ছোনিয়া বোলা অবলা নাৰীগৰাকীৰ কফি মেকিং (যদিও মেকিঙত তেওঁৰ কোনো হাত নাছিল) আৰু ড্ৰিংকিঙৰ বিভিন্ন কৌণিক ১০০মান চে’লফি তোলা হৈ গ’ল।
আমাৰ সকলোৰে কফি শেষ হওঁ হওঁ৷ ঠিক সেই সময়তে বান্দৰকেইটাই গিজাৰ (geyser) অন কৰি দিলে, মানে সমূহীয়া মূত্ৰ বিসৰ্জন। তাকো আমি কফি যিটো কুঁৱাৰ পানীৰে বনাইছোঁ ঠিক তাৰ ওপৰতে।
হে হৰি! তাৰমানে আমি খোৱা কফি… আমাৰ মুখেৰে ফিচকাৰী ওলাই গ’ল, আৰু ছোনিয়াই বহাঠাইতে ওকালিয়াবলৈ ধৰিলে।
টোকা :
* নাহিদ অকল ছোৱালীৰ নাম নহয় ল’ৰাৰ নামও থাকে।
* ছোনিয়া বোলাজনী অবলাৰ ভাও ধৰি বেলেগৰ সুবিধা আদায় কৰে।
☆ ★ ☆ ★ ☆