ফটাঢোল

ফটালিমাৰিক- ধনজিৎ বৰুৱা

                     (ক) 

 

চন্দ্ৰতো খেনোৱে  মাটি ল’লে সেইবোৰ কিয় লাগে 

প্ৰতিবাৰে  ভৰদুপৰত কোৰ লৈ লৈ মাটি ঠেলে 

কৃষকৰ কোটাতো নাম 

বৃদ্ধ পেন্সনো মই পাম 

গালি পাৰে নেতাবোৰক ইহঁতে দেশ সমাজ খালে। 

 

                     (খ) 

 

পুৱাই এখন সুমুৱাই গুৱা নন্দৰজা  পথাৰমুৱা 

শুই উঠিয়ে কানাই ফোনত “ওঁ জান কোৱাচোন কোৱা” 

পথাৰো হৈছে গৰম 

নন্দৰাজৰ বৰ মৰম 

নাঙল থৈয়ে ছিঞৰিছে “হেৰা পোনাটিয়ে খালেনে নাই চোৱা।”

 

                      (গ) 

 

কৰণাৰ নামত গ’ল দুবছৰ ঘূৰাই নাপাওঁ দুনাই

মৰাৰ পাছত ওপৰৱালাক দিম ৰক্ত তালত শুনাই 

কম আছিলনে আন বিপদ 

লগত এইডাল লকডাউন আপদ 

বিপদবোৰ কিয় আহে প্ৰভু চিধাই  আমালৈ পোনাই

 

                     (ঘ) 

 

চিষ্টেমক গালি দিয়ে বাপু জ্ঞানত তেওঁ ফেণ্টাষ্টিক 

চাইজ চাই সুৰ মিলাই যেন সুন্দৰ ইলাষ্টিক

সকলো আঁচনিত নাম থাকে  

চলি থাকে ফাঁকে ফাঁকে

সুবিধাবোৰলৈ চেও ধৰি জঁপিয়াই খেলে জিমনাষ্টিক। 

 

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *