ফটাঢোল

যোগেন দাইটি- শিৱানী বৰা

আমাৰ যোগেন দাইটি খুব নীতি-নিয়ম মানি চলা মানুহ। যোৱা বছৰ কভিদৰ প্ৰথমটো ঢৌৱে আক্ৰমণ কৰাৰ সময়ৰ কথা। চৰকাৰী নিৰ্দেশ অনুসৰি কভিদ প্ৰতিৰোধৰ সকলো ব্যৱস্থা হাতত লৈছিল।

নঙলামুখতে পানী এবাল্টি আৰু লাক্স চাবোন এটুকুৰা থৈছে, যাতে সকলোৱে হাত ভৰি ধুই ভিতৰলৈ আহিব পাৰে। ঘৰৰ পদূলিতে আকৌ দাইটিৰ দোকানখন। দাইটিয়ে ফেচবুকৰ প্ৰতিটো খবৰ ৰখা মানুহ। আমাৰ দাইটিসকলৰ ভিতৰত যোগেন দাইটিয়ে লাইক কমেণ্ট সৰহকৈ পায়। বিভিন্ন সাহিত্য চৰ্চা গোটৰো সক্ৰিয় সদস্য। ফেচবুকতে আইডিয়া পাই দাইটিয়েও ব্যৱস্থা হাতত ল’লে।

তগৰ খুৰীৰ কাটিঙৰ দোকানৰ ব্লাউজৰ জোখ লোৱা ফিটাডালেৰে পূৰা এক মিটাৰৰ আঁতৰে আঁতৰে এটা এটাকৈ চূণেৰে বৃত্ত সাজিলে, যাতে বজাৰ কৰিবলৈ অহা মানুহখিনিৰ মাজত ব্যৱধান থাকে।

প্ৰথমতেই আহিল আমাৰ জীৱকাই। দোকানৰ মুখতে থকা পানী বাল্টিৰ পৰা হাত ভৰিত পানী এচলু তিয়াই চুলিতো পানী সানি কৃষ্ণ বুলি দোকানলৈ গৈ প্ৰথমটো বৃত্তত প্ৰৱেশ কৰিলে। পিছে পিছে আহি আছিল পুতলী পেহী। এনেকৈ ৰৈ থকাতকৈ নবৌৰ খবৰ এটাকে লৈ আহোঁ বুলি দাইটিহঁতৰ পাকঘৰলৈ গতি কৰিলে। কিন্তু যোৱাৰ আগত দস্তুৰমত চেণ্ডেলযোৰ বৃত্তৰ ভিতৰত থৈ গৈছে।

কাতিৰাম ককাই এখোজ দুখোজকৈ আহি বাল্টিৰ পৰা কৃষ্ণ বুলি পানী এচলু ছটিয়াই চেণ্ডেলযোৰ বাহিৰতে খুলি বৃত্তত প্ৰৱেশ কৰিলে।

যোগেন দাইটিৰ বস্তুবোৰ দিওঁতে অলপ সময়ো লাগিছে, কাৰণ ঘৰৰ লেট্ৰিন বনাবলৈ আনোতে থাকি যোৱা ডাঙৰ পাইপ এডালৰ L টো দাইটিৰ ফালে ৰাখি দীঘল অংশটো গ্ৰাহকৰ ফালে ৰাখিছে, যাতে বস্তু গৈ ডাইৰেক্ট গ্ৰাহকৰ মোনাত সোমাবগৈ পাৰে। অলপ সময় লাগিছে জীৱকাইক বস্তুবোৰ দিওঁতে, কিন্তু সুৰক্ষা মানিবই লাগিব।

জীৱকাইক বিদায় দি মূৰ দাঙি চাই দাইটি আচৰিত। সকলো বৃত্ত চেণ্ডেলেৰে ভৰা, কোনোবাটো আকৌ লাখুটিৰে ভৰা কিন্তু মানুহ নাই। ক’লৈ বা গ’ল? কিছু সময় গ্ৰাহকৰ কাৰণে ৰৈ ৰৈ আমনি লগাত তগৰজনীকে এপাক চাই আহোঁগৈ বুলি দাইটি ভিতৰলৈ গ’ল। তগৰ খুৰীৰ ওচৰলৈ যোৱাৰ আগত দস্তুৰমত দাইটিয়ে হাত ভৰি মুখ চাবোন মাৰি ভালকৈ ধুই ধূতিখনে গেঞ্জীটোৱে চোতালতে থৈ ডাৰ ডালতে শুকাই থকা ধূতি এখন পিন্ধি ভিতৰলৈ সোমাল।

বাৰাণ্ডাত ভৰি দিয়েই দাইটি অবাক, নিজৰ ঘৰেই নে? পাকঘৰ আৰু পিছফালৰ বাৰাণ্ডাৰ পৰা হাঁহিত ঘৰ উপচি পৰিছে। যেন দাইটিয়ে বিয়াহে পাতিছে। পিছফালৰ বাৰাণ্ডা পাই দাইটিৰ চকু কপালত। দাইটিৰ সুযোগ্য সন্তান পুতুকণে কেৰম বৰ্ড পাতিছে, লগত ওচৰৰ সাতটামান৷ গোটেইকেইটা দাইটিৰ দোকানৰ গ্ৰাহক।

এইবাৰ থৰক বৰক খোজেৰে দাইটিয়ে পাকঘৰলৈ খোজ ল’লে। কথোপকথন দাইটিৰ কাণত পৰিলহি-

পুতলী পেহী : অ’ নবৌ, চাহনো কেলৈ দিব লাগে? কাইদৌৱে চাগে জীৱক পঠিয়ালে। মই যাওঁ বুইছা। 

তগৰ খুৰী : পুতু নোখোৱাকে কিন্তু নোৱাৰা যাব। খাবই লাগিব। কালি মালপোৱা বনাইছিলোঁ, খাই যোৱা আকৌ এটা। 

পুতলী পেহী : ইমান জোৰ কৰিছা যেতিয়া নাতি দুটাক লৈ আবেলিকে খাই যামহি বাৰু। এতিয়া যাওঁ বুইছা।

তগৰ খুৰী : আবেলিলে আকৌ আহিবা এতিয়া এটা টেষ্ট কৰি যোৱা।

তেনেতে ভানু খুৰীয়ে মাত লগালে,

ভানু খুৰী : ঐ তগৰ মই আকৌ খাইহে যাম পাই।

তগৰ খুৰী : অ’ নবৌ কেলেনো নেখাব বাৰু? খাই বৈ লাহে ধীৰে যাব।

নগেন দাইটি : পুতু খাই যা অ’। আমাৰ তগৰ নবৌৱে পিঠা বৰ ধুনীয়া বনাই।

যাবলৈ ওলোৱা পুতলী পেহীক নগেন দাইটিয়ে জোৰ কৰি ৰখাইছে।

চিম্পী : অ’ খুৰী মোক চাহ লাহে লাহে দিলেও হ’ব। আমাৰ এখেত আজি ঘৰত আছে নহয়। ইহঁতকেইটাক ৰাখিব পাৰিব অলপ দেৰি। 

ভবেন দাইটি : তই ন-ছোৱালী৷ জলপানকে খাই যাবি লাহে ধীৰে। মোক নবৌ তামোল এখনকে দিয়ক। 

তগৰ খুৰী : সৱেই খাই যাব দেই। আমাৰ পুতুকণৰ লগৰকেইটাক ভাতকে খাই যাবলৈ কৈছোঁ। এই চৰকাৰখনৰ কাৰণে বেচেৰাহঁত এসপ্তাহ বাহিৰলৈ ওলায়েই যাবলৈ পোৱা নাই দেহি। আমি গাঁৱলীয়া মানুহ। প্ৰভূ ভগৱন্তৰ চৰণত সেইদিনা সৱেই কাঁহী বাতিও বজাই আহিলোঁগে। আমাৰ একো নহয়। পিচে আমাৰ মানুহটোক কোনে বুজাব? চুৱা হোৱা মাইকী মানুহৰ দৰে ইফাল সিফাল কৰি ফুৰে হেৰৌ গোটেইটো। অ’ ভৱেন ককায়েৰক বাৰু ৰঙালী বুঢ়ীৰ ওচৰত জৰা পানী অকণ খুৱাবহি নোৱাৰি নে?

তগৰ খুৰীৰ কথা শুনি নীতি-নিয়ম মানি চলা দাইটিৰ বুকুখন কিহবাই হেঁচা মাৰি ধৰা যেন লাগিছে। নিজৰ ঘৰতেই public gathering দেখি মূৰ ঘূৰাই ঢলি পৰিল যোগেন দাইটি। পুতুকণহঁতে আধা ঘণ্টা জোতা শুঙাই থকাৰ পিছতহে বোলে হুঁচ আহিছিল দাইটিৰ।

☆ ★ ☆ ★ ☆

3 Comments

  • অনামী

    বৰ ভাল লাগিল। আগলৈও এনেধৰণৰ লেখা পঢ়িবলৈ পাম বুলি আশা ৰাখিছোঁ।

    Reply
  • মুকুট শৰ্মা

    সুন্দৰ লিখনি। বৰ ভাল লাগিল পঢ়ি।

    Reply
  • জিতু

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *