বিষফল : ৰিমঝিম বৰঠাকুৰ
: বাবু আজি তুমি আকাশ নীলা টি-চাৰ্টটো পিন্ধাচোন৷
: না, মোৰ মন নাই সেইটো পিন্ধিবলৈ।
: মই কৈছোঁনে নাই সেইটো পিন্ধিবলৈ, পিন্ধা বুলি কৈছোঁ নহয়।
এইবাৰ পূৰৱীয়ে অলপ মাতটো হুটা কৰিয়েই পুতেক অনুভৱক অৰ্থাৎ তেওঁলোকৰ মৰমৰ বাবুক ক’লে।
: তাৰ যদি মন নাই, ইমান জোৰ কিয় কৰি আছানো?
ইমান সময় মাক-পুতেকৰ কথাৰে লাগি থকা ৰণখন শুনি শেষত হাজৰিকা মানে অনন্ত হাজৰিকাই মাত লগালে।
: তুমিতো মনে মনেই থাকা। পুতেৰাৰ যি স্বভাৱ হৈছে সৱ তোমাৰ কাৰণেই। মৰম কৰি কৰি পুতেৰাক মূৰত উঠাই থৈছা।
এইবাৰ পুতেকৰ লগত যুদ্ধ কৰিবলৈ এৰি পূৰৱীয়ে গিৰিয়েক অনন্তলৈ চোঁচা ল’লে।
: তুমি ওলাইছা ন, মই উলিয়াই থোৱা চাৰ্টটো পিন্ধি খাবলৈ আহি যোৱা।
পূৰৱীয়ে গিৰিয়েকক কথাকেইটা কৈ চকুৰ ইংগিতেৰে পুতেকক তেওঁ দি থৈ যোৱা টি-চাৰ্টটো পিন্ধিবলৈ কৈ সেই ঠাইৰ পৰা প্ৰস্থান কৰিলে।
এয়া অনন্ত আৰু পূৰৱী হাজৰিকাৰ ঘৰৰ নতুন দৃশ্য নহয়। দৈনন্দিন ঘটি থকা ঘটনাবোৰৰ এটাই বুলি ক’ব পাৰি। আজিকালি পূৰৱীয়ে “তোমালোকে কি পিন্ধিবা, মই উলিয়াই থৈছোঁ”- বুলি ক’লেই বাপেক-পুতেক দুয়োৰে ভয়তে হাত-ভৰি লুকায়। তথাপি যৌ আজ্ঞা পত্নী ঔৰ মাতাশ্ৰী কা হৌ, ৱৌ তৌ নিভানা হী পড়েগা।
অনন্তই পূৰৱী ওলাই যোৱালৈ চাই পুতেকৰ ওচৰলৈ দৌৰি আহি এক বিশেষ ভংগীমাত হাতখন কপালত থৈ ক’লে,
: ক্যা মে মৰ যাঔ!
: ডেডী মুঝে ভী চাথ লেকে চ’ল’।
ছয়বছৰীয়া অনুভৱে দেউতাকৰ বোকোচাত জাঁপ মাৰি উঠিল। পুতেকক বোকোচাত উঠাই অনন্তই ঘৈণীয়েকেনো কোনটো চাৰ্ট পিন্ধিবলৈ উলিয়াই থৈছে চাবলৈকে তেওঁৰ নিজৰ কাম-কাজৰ কাৰণে একাষৰীয়াকৈ ঠিক কৰি লোৱা ৰূমটোলৈ গ’ল। ৰূমটোৰ বিছনাখনত উলিয়াই পেলাই থোৱা চাৰ্টটো দেখি অনন্তৰ জীৱ ওলাই যোৱা যেন লাগিল। টিকটিকিয়া কমলা ৰঙৰ এটা চাৰ্ট, ওচৰতে পৰি আছে এটা চিঞাহী ৰঙৰ লংপেণ্ট। তেওঁৰ সেইকেইটা দেখি বুজিবলৈ বাকী নাথাকিল যে আজি তেওঁক সকলোৰে আগত নাকটো কাটিবলৈ সেইকেইটা কাপোৰে দাঁত নিকটাই পৰি আছে।
: হেৰা, মোক তুমি চাৰ্কাছৰ জ’কাৰ সাজিব খুজিছানে বৌলবোমত ডাঙৰকৈ ডেক বজাই গাড়ীত লটকিয়াই শুই থকা মানুহৰ কাণ ঘোলা কৰিবলৈ বিচৰাকেইটা সাজিব বিচাৰিছা?
মানুহটোৰ চিঞৰকেইটা পাকঘৰত থকা পূৰৱীয়ে একেবাৰতে শুনিলে যদিও একো কেট-কুট নকৰিলে। তাইৰ জনা আছিল এনেকুৱা কিবা এটা শুনিব লাগিব। সেইকাৰণে নিজকে প্ৰস্তুত কৰি একদম নিজৰ উতলি আহিবলৈ ধৰা মগজটোক নৱৰত্ন তেল দি ঠাণ্ডা কৰাৰ দৰে নিজকে নিজেই বুজাই ঠাণ্ডা কৰি ৰাখিছে।
: হেৰা শুনিছানে, মই কি কৈছোঁ?
অনন্তই পুতেকক য’তে আছিল তাতেই বোকোচাৰ পৰা নমাই ঘৈণীয়েকৰ ওচৰলৈ খৰখেদাকৈ আহিল।
: হেৰা শুনিছা।
: অঁ অঁ কিবা কৈছিলা?
তাৱাত ৰুটীখন ওলোটাই পোলোটাই থকা পূৰৱীয়ে গিৰিয়েক অনন্তলৈ নোচোৱাকৈয়ে মাত দিলে।
: তোমাৰ সদায় সদায় এইবোৰ কি নাটকহে?
: কোনবোৰ?
আগতকৈও অলপ বেছি গহীন কৰি পূৰৱীয়ে মাতটো উলিয়ালে।
: আজি বোলে এইটো পিন্ধা, কাইলৈ বোলে এইটো। কি মানে এইবোৰ।
অনন্তৰ কথাত পূৰৱীয়ে গম পালে যে আজি অনন্তৰ সঁচাকৈয়ে খং উঠিছে। নহ’লে সি কেতিয়াও এনেকৈ তাইক ক’বলৈ সাহস নকৰে। পূৰৱীয়ে যি কয় বেয়া হওক, ভাল হওক সি মানি যায়। আটাইতকৈ বেয়া পোৱা হালধীয়া ৰঙৰ টি-চাৰ্টটো সেইদিনা পূৰৱীয়ে পিন্ধিবলৈ কোৱাৰ পিছত অনন্তৰ পিন্ধিবলৈ মন নথকা স্বত্বেও পিন্ধি তাৰ লগৰ এটাৰ ঘৰলৈ গৈছিল। তাত লগৰটোৰ পৰা টিপ্পনী মৰা কথা শুনি আহিছিল যদিও অনন্ত নিৰৱ আছিল। পিচে, আজি কথাটো ওলোটা। অনন্তৰ সহ্যৰ সীমা বাহিৰ হৈ গৈছে। অনন্তৰ ডাঙৰ মাত শুনি পুতেকো চুচুক-চামাককৈ আহি সিহঁতৰ ওচৰ পাই মাত লগালে,
: মায়ে যিটি কালাৰবোৰ পিন্ধিবলৈ দি মোক হাৰাছমেণ্ট কৰে দেতা।
পুতেকৰ মাতটো শুনিবলৈ পালেহে পূৰৱীয়ে উৰহৰ খং ভগা ঢাৰিক কোবোৱাৰ দৰে,
: চাওঁ চাওঁ কোন সেইটো!
এই পিটিকলি ল’ৰাটোৰ মুখত হাৰাছমেণ্টৰ কথা বুলি পূৰৱীয়ে ৰুটি ওলোটাবলৈ ব্যৱহাৰ কৰি থকা হেতাখন লৈ যেই উভতি ধৰিলে৷ পুতেকে অহাৰ ভাঁজেই আকৌ দৌৰ দিলে আগৰ জেগালৈ।
: তাক বাৰু ভয় দেখুৱাই খেদিলা। মোকতো নোৱাৰা। মই আজি মুঠতে তোমাৰ পচন্দৰ সেই ৰঙডাল পিন্ধি গোটেইটো সুমথিৰা টেঙা হৈ অফিচ যাব নোৱাৰোঁ নহয়। অ’ আচ্ছা, সুমথিৰা সজাবলৈকে যদি মন আছে, নীলা পেণ্টটোৰ ঠাইত ডাঠ সেউজীয়া পেণ্ট এটা নথ’লা কিয়, একেবাৰে ডালে-পাতে গোটেই সুমথিৰাৰ গছডাল হৈ যাব পাৰিলোঁহেঁতেন।
গিৰিয়েকে উশাহ নসলোৱাকৈ কৈ যোৱা কথাখিনি শুনি এইবাৰ পূৰৱীয়ে গম পালে যে ব্ৰহ্মাস্ত্ৰপাত এতিয়া ব্যৱহাৰ কৰাৰ সময় আহিল। নহ’লে অনন্ত যে আৰু মূৰত উঠিবগৈ তাই ভালদৰে বুজি পালে। পূৰৱীয়ে অনন্তলৈ এপাক চাই হেতাখন আগৰ ঠাইত থৈ আহি এইবাৰ ওচৰতে থকা ডাইনিং টেবুলখনৰ পৰা চকী এখন চোঁচৰাই আনি যিমান পাৰি নাটক কৰাত লাগিল।
: যিমান ঘৰখনৰ কথা চিন্তা কৰোঁ, সিমান মানুহৰ লগত বেয়া হওঁ।
: —
কাষতে ৰৈ থকা অনন্তই যেন একো শুনাই নাই সেই ভাবত গেছৰ ওচৰৰ পৰা ৰুটি দুখন নিজৰ প্লেটত লৈ ডাইনিঙলৈ আহিল। অনন্তই পাত্তা নিদিয়া যেন লগাত এইবাৰ পূৰৱীয়ে যিমান পাৰি টানি আঁজুৰি নাকটোৰ আগলৈ অলপ পানী আনিবলৈ চেষ্টা কৰি সোঁত-সোঁতাবলৈ ধৰিলে।
: কি হ’ল কান্দিবলৈ ধৰিলা যে?
ৰুটি এখনত কামোৰ মাৰিবলৈ ধৰি কাষতে বহি নাকৰে ফোঁচ-ফোঁচ মাৰি থকা পূৰৱীক সুধিবলৈ একো মন নাছিল যদিও অনন্তই মাত দিলে।
: একো হোৱা নাই।
অনন্তৰ প্ৰশ্নই যে আৰু অলপ পূৰৱীক অভিমানী কৰি তুলিলে তাইৰ উত্তৰতে সি গম পাই গ’ল।
: চোৱা পূৰৱী, সদায় সদায় কাৰোবাক বহুৱা বনাই বহুৱালি কৰি থাকিলে জানো সহ্য কৰি থাকিব?
এইবাৰ আৰু পূৰৱী ৰৈ থাকিব নোৱাৰিলে। সৰু চৌবাচ্চা এটাত লগাতকৈ বেছি পানী ধৰি আৱদ্ধ কৰি থৈ হঠাৎ পানী মুকলি কৰি দিলে যি গতিত পানীবোৰ ওলাই যায় ঠিক সেইদৰেই পূৰৱীৰ নাকৰ পানী, চকুৰ পানী সমানে একাকাৰ হৈ ওলাই আহিবলৈ ধৰিলে। কিবা এটা ক’বলৈ ধৰোঁতেই নাকেৰে বেলুনো ফুলি গ’ল তাইৰ। অনন্তই তাইৰ ৰূপটো দেখি কোনোমতে হাঁহিটো ৰখাই টেবুলতে থকা টিচ্ছু পেপাৰ এখন তাইলৈ আগবঢ়াই দিলে। পূৰৱীয়ে সেইখন লৈ নাক মুখ মোহাৰি মোহাৰি ক’বলৈ ধৰিলে,
: যেতিয়া কাৰোবাৰ ভালৰ কাৰণে চিন্তা কৰোঁ, সদায় গৈ কাল হয়।
: মানে?
অনন্তই ৰুটি চোবাই চোবাই সুধিলে।
: মায়ে মোৰ বিয়াতেই শিকাই পঠিয়াইছিল যে সেইখন ঘৰ এতিয়া তোৰ নিজৰ। সকলোৰে হিত চিন্তা কৰিবি। বিশেষকৈ অনন্তৰ সকলোবোৰ দায়িত্ব তোৰ ওপৰত। তাৰ ভালেই তোৰ ভাল…
: অ’কে বুজিলোঁ বাৰু সিমানখিনিলৈ। কিন্তু কাপোৰৰ ৰঙৰ কথাটোহে…
অনন্তৰ কথাখিনি সম্পূৰ্ণ কৰিবলৈ নিদি পূৰৱীয়ে মাত দিলে,
: আজি এমাহমানৰ পৰা তোমাৰ ইটো, সিটো হৈয়ে আছে। বাবুৰো ইটো সিটো হৈয়ে আছে। তাকে চিন্তা কৰি ‘অমুক’ বাইদেউৰ লগত কথাটো আলোচনা কৰোঁতে ক’লে কিবা গ্ৰহ-গতিৰ দোষো থাকিব পাৰে। সিহঁত দুয়োটাৰে ৰাশিফলকেইটা চাবিচোন। সেই বাইদেউৰ কথা শুনিয়েই মই আজি এমাহ ধৰি ‘ফিউজ24’ নিউজ চেনেলৰ ৰাতিপুৱা দিয়া ৰাশিফলটো চাওঁ আৰু তাত যি ৰঙৰ কাপোৰ পিন্ধিবলৈ দিয়ে, দিনটোত যি খাবলৈ দিয়ে সেইবোৰ তোমালোকক খুৱাওঁ।
: আচ্ছা!
পূৰৱীৰ কথাবোৰ শুনি অনন্তই গহীনত উত্তৰ দিলে।
: কিন্তু তুমি যি ৰঙৰ চাৰ্ট এইকেইদিন মোক পিন্ধাই আছা সেইকেইটা দেখোন মোৰ নাছিলেই।
অনন্তই আচৰিত সুৰত পূৰৱী সুধিলে।
: দুদিনমান ৰাশিফল চাই গম পালোঁ যে তোমাক গোটেইকেইটা ৰঙৰ দৰকাৰ হ’ব। সেইকাৰণে ৰামধেনুৰ সাতৰঙৰ চাৰ্ট কেইটামান এমাজনত অৰ্ডাৰ দি আনি থৈছিলোঁ।
পূৰৱীয়ে সোঁত-সোঁতাই কৈ থকা কথাকেইটা শুনি এইবাৰ অনন্ত বহি নাথাকিল। লাহেকৈ উঠি গৈ ইটো ৰূমৰ পৰা পাৰ্চটো লৈ আহি পাৰ্চটোত কিবা এটা চোৱাৰ দৰে কৰি,
: সেইকাৰণে এইকেইদিন মোৰ…
: ওমম তোমাৰ পাৰ্চৰ পৰাই লৈ এই পাৰ্চেলবোৰৰ পেমেণ্টবোৰ কৰি আছোঁ।
অনন্তৰ কথাটো পূৰৱীয়ে সম্পূৰ্ণ কৰি দিলে।
পূৰৱীয়ে কথাটো সম্পূৰ্ণ কৰাৰ পিছত সেই স্থানত অলপ সময়ৰ কাৰণে নীৰৱতাই বিৰাজ কৰিলে। নাটকত দেখুওৱাৰ দৰে সকলোবোৰ ক্ষন্তেকৰ বাবে স্থৱিৰ হৈ পৰিল। লাহে লাহে অনন্ত টোপনিৰ জালৰ পৰা উঠাৰ দৰে হাতত লৈ থকা পাৰ্চটো পেণ্টৰ পকেটত ভৰাই পূৰৱীৰ ওচৰলৈ এখোজ দুখোজকৈ আগবাঢ়ি আহিল। পূৰৱীয়ে তেতিয়া তললৈ মুখ কৰি বাওঁ হাতৰ নখৰ পৰা আধা এৰাই যোৱা নেইলপলিচখিনি ইখন হাতৰ নখকেইটা কচৰৎ কৰি কৰি ভালকৈ এৰুৱাই থকাত ব্যস্ত। হঠাৎ পিঠিখনত কাৰোবাৰ হাতৰ পৰশ যেন অনুভৱ হোৱাত মূৰ তুলি চাই দেখে অনন্ত ৰৈ আছে। তাইক কিবা কোৱাৰ সুযোগ নিদি অনন্তই পূৰৱীৰ গালদুখনত তাৰ হাত দুখন থৈ মৰমৰ সুৰৰে ক’লে,
: তুমি মোৰ ভালৰ কাৰণে যি কৰা কৰা খালী এই বিষফল মানে ৰাশিফলবোৰ চাই মোক সৱৰে আগত বহুৱা সাজি লাইফটোত বিহ নাঢালিবা প্লিজ।
অনন্তৰ মৰমভৰা কথাত ফ্ৰীজাৰৰ পৰা উলিয়াই অনা আইচক্ৰীমটো গলাদি গলি পূৰৱীয়ে ঠেন-ঠেনাই মাত দিলে,
: মানে মই তোমাৰ পাৰ্চ এতিয়াও ব্যৱহাৰ কৰিব পাৰোঁ?
পূৰৱীৰ প্ৰশ্নত অনন্তৰ মুখেৰে কেৱল দীঘলীয়া সুৰত ‘হা…’ শব্দটোহে ওলাল।
☆ ★ ☆ ★ ☆
5:49 pm
হাঃ হাঃ, ৰাশিফলৰ পাৰ্শ্ব ক্ৰিয়া।
10:46 am
হাঃ হাঃ।
4:32 pm
???।বিষফল!!! মজা
8:16 pm
ভাল লাগিল।
1:28 pm
ধন্যবাদ সকলোকে