সেইফালে সোমাই দিয়ক-উৎপলা শইকীয়া
ঘটনাটো অৱশ্যে মোৰ নিজৰ নহয়। জীৱনৰ বেছিখিনি সময় কৰ্মস্থলীতে কটাও বাবে মোৰ জীৱনত ঘটিব বা নঘটিবলগীয়া প্ৰায়বোৰ ঘটনা সাধাৰণতে অফিচৰ লগতে সম্বন্ধিত হয়। মোৰ কৰ্মস্থলীৰ বিষয়ে সকলোৱে জানেই। A ৰ পৰা আৰম্ভ কৰি H লৈ মুঠ ৮ টা ব্লকৰ লগতে গণসেৱা ভৱন আৰু Disaster Management ৰ ব্লকটো লৈ সব্বমুঠ ১০ টা বৃহৎ বিল্ডিঙেৰে পৰিবেষ্টিত এক পৰিৱেশ।
চাকৰি পোৱাৰ আগত অফিচটোৰ সমুখেৰে চিটিবাছত অহাযোৱা কৰোঁতেও অফিচটোৰ পিনে বৰ বিশেষ মন নিদিছিলোঁ। অৱশ্যে তেতিয়ালৈ বহু কথা নাজানিছিলোঁও মই। বাছেৰে পাৰ হ’লেই ভাবি গৈছিলোঁ, সেইফালে চাই লাভ নাই। “ইট ইজ নট ফৰ মেংগ’ পিপল” মই নিজেতো “আম আদমী”ৰ শাৰীতো নপৰোঁ, পৰিলেও কিবাকৈ “লেতেকু পিপল”ত পৰিম। বাৰীচুকত অযত্নপালিত লেতেকু জোপাৰ দৰেই আমাৰ দৰে মানুহবোৰ। নদন বদন বাৰীখনৰ চুক এটাত গছগছনিৰ সংখ্যা বঢ়োৱাৰ দৰেই দেশৰ লোকপিয়লত সংখ্যা এটা বঢ়াই কিবাকৈ জী থকা শ্ৰেণীৰ প্ৰতিনিধি মই। ভাবিছিলোঁ এইটোত যেতিয়া যিকোনো মানুহ, মানে “আম আদমী”য়ে সোমাবই নোৱাৰি, মোৰ দৰে “লেতেকু পিপল”ৰ ইয়াত আৰু কিডাল কাম।
পিচে বিধিৰ বিপাকত সেই অফিচৰে কৰ্মৰ শ্ৰেণীবিন্যাসৰ জখলাডালত কিবাকৈ থাপ মাৰি ধৰি সোমাই নিয়মীয়া কৰ্মচাৰী হ’লোঁ।
এইযে পাতনিতে ক’লোঁ, বাহিৰৰ দুটা বিল্ডিং বাদ দি ভিতৰত মুঠ ৮ টা ব্লক, নতুনকৈ যোৱা মানুহৰ বাবে গোটেই ভিতৰখন একদম ভুলভুলঈয়া টাইপৰ। সোমায়ে পোৱা দুটা ব্লক ক্ৰমে A আৰু F, বাওঁফালৰ A টোক যদি সচিবালয়ৰ ব্ৰেইন বুলি কোৱা হয় সোঁফালৰ F টো আকৌ তাৰ হৃদপিণ্ড স্বৰূপ। মোৰ দৰে জনমত গৈ নোপোৱা মেংগ’ নাইবা লেতেকু পিপল জাতীয় নতুন লোক এজনে প্ৰথম গৈ ব্ৰেইনেৰেই সোমাওক বা হৃদপিণ্ডৰে সোমাওক ভিতৰত গৈ অগ্নাশয়, যকৃত এইবোৰৰ পাকত সোমাই খেলিমেলি হ’বযে সি খাটাং।
কাৰণ মোৰ A ব্লকত জইন কৰি যেতিয়া C ব্লকৰ ডিপাৰ্টমেণ্টত পোষ্টিং হৈছিল, প্ৰথম ১৫ -২০ দিনমান মোৰ নিজৰে খেলিমেলি লাগিছিল। ব্লকবোৰ ইটোৰ লগত সিটোৰ বহু মিল আছিল। যাৰ ফলত মই নিজে কোনোবাদিনা একে নিচিনা লগা বেলেগ ব্লকৰ বেলেগ ডিপাৰ্টমেণ্টত সোমাইছিলোঁগৈ। অৱশ্যে চহী কৰিবৰ পৰত এটেনডেন্স চিটৰ ৰং বা তাত মোৰ নাম নথকা দেখি কোনোৱে বুজি নাপাওঁতেই পলাইছিলোঁ নহ’লে কেতিয়াবা ধৰা পৰিলে চিনিয়ৰ কোনোবাজনে “এইফালে গৈ বাওঁহাতে সোমালেই তোমাৰ ডিপাৰ্টমেণ্টটো পাবা” বুলি অলপ আগবঢ়াই দি আহিছিল। খুব লাজ পাইছিলোঁ তেনেবোৰ সময়ত। নিজকে দুনীয়াৰ বুৰ্বক যেন লাগিছিল। পিচে নতুনকৈ বান্ধৱী হোৱা লগৰ দুজনীক কওঁতে সিহঁতৰো একে গতি বুলি গম পাই মোৰ অহেতুক লাজভাগ আঁতৰিল।
আজিৰ লটিঘটিৰ নায়কজনো সেই তাহানিতে নতুনকৈ সোমোৱা আমিবোৰৰ দৰেই আছিল। মোৰ বৰ্তমানৰ ডিপাৰ্টমেণ্টটোৰ মই বহা চিটৰ লগতে এখন আইনাৰ দুৱাৰ। আমাৰ দুৱাৰখনৰ ঠিক সমুখতে ফাইনেঞ্চ কমিচনাৰৰ Establishment ৰ দুৱাৰখন। সমুখতে বহাৰ সু-বাদতে মই প্ৰায়ে দুটা চাকৰি কৰাৰ দৰে হয়। প্ৰথমটো নিজৰটো আৰু দ্বিতীয়তে ব্যক্তিগত প্ৰতিষ্ঠানবোৰৰ “কাষ্টমাৰ কেয়াৰ এক্জিকিউটিভ”ৰ দৰে নতুন দৰ্শনাৰ্থীৰ বহুবাৰ মাৰ্গদৰ্শন কৰিব লগাত পৰে। আমাৰ কমিচনাৰ ছাৰৰ তালৈ অহাসকলে বাৰু ঠাইতে অফিচটো পাই বাবে লগতে সিখন দুৱাৰেদি সোমাই যায় কিন্তু বেলেগ ব্লক বিচাৰি সুধিবলৈ অহাসকলক ব্লকলৈ যোৱা মেপ বুজাই দি মনতে তেখেতক কওঁ “আমি সদায় আহি থকা প্ৰাণীয়ে দুই তিনিমাহলৈ বাট ভুল কৰি বেলেগত সোমাওঁ, তুমিবা আৰু ক’ত গৈ সোমোৱা তাৰ কি ঠিকনা, যোৱা কোনোবা নহয় কোনোবাই আকৌ মোৰ দৰেই মাৰ্গদৰ্শন কৰিবই বোপাই/আই।
সেইদিনা মই কিবা এটা দৰকাৰী কাম কৰি থাকোঁতেই ডিপাৰ্টমেণ্টলৈ এজন ধুনীয়া ষ্টাইলিচ যুৱক সোমাই আহিল। তেওঁ ভিতৰলৈ ঠেলিব লগা দুৱাৰখন বাৰে বাৰে বাহিৰৰ পৰা টানোতেই আমি দেখি বুজিছিলোঁ, বাপু নিশ্চয় নতুনকৈ আহিছে ইয়ালৈ। মোৰ লগত একেশাৰীতে দুজন সহকৰ্মীৰ টেবুল। তাৰে এজনে ভিতৰলৈ ঠেলিবলৈ ইংগিত দিয়াত যুৱকজন ভিতৰলৈ সোমাই আহিল। যিহেতু সহকৰ্মীৰ ইংগিতত ভিতৰ সোমাল গতিকে আগন্তুকে চিধাই গৈ তেওঁকে অফিচলৈ অহাৰ কাৰণ কৈ কমিচনাৰৰ চেম্বাৰত কেনেকৈ সোমাব পাৰিব সোধপোচ কৰিলে। মোৰ সেই সহকৰ্মীজন বিহাৰী সম্প্ৰদায়ৰ। তেওঁৰ অসমীয়াটো অলপ আমাতকৈ বেলেগ। যুৱকজনৰ হাতত এখন আবেদন। সেইখন মোৰ সহকৰ্মী বিকাশক দেখুৱালে। বিকাশে কমিচনাৰৰ ৰূমৰ দুৱাৰৰ ফালে চাই তেখেতক চমুকৈ ক’লে “আপুনি সেইফালে সোমাই দিয়ক” ইফালে মই ইতিমধ্যে মোৰ নোটটো টাইপ মাৰি প্ৰিণ্ট দিবলৈ লৈ দেখিলোঁ মোৰ প্ৰিণ্টাৰত কাগজ নাই। প্ৰিণ্টাৰক প্ৰিণ্টিঙৰ কামাণ্ড দি কাগজ উলিয়াবলৈ টেবুলৰ ড্ৰয়াৰলৈ হাউলিছিলোঁহে। কাগজ প্ৰিণ্ট হোৱাৰ শব্দ শুনি আচৰিত হৈ চিধা হৈ চাই দেখোঁ কাগজ এখন প্ৰিণ্ট হৈ ওলায়েই আহিল। মোৰ আচৰিত হোৱাৰ পাল। হাৰে, কাগজ নোহোৱাকৈ কেনেকৈ প্ৰিণ্ট হ’ল। ইপিনে মোৰ চিন্তা শেষ নহওঁতেই যুৱকৰ চিন্তাক্লিষ্ট মুখৰ পৰা মোৰ টেবুলৰ সমুখত ” ইচচচ্ শেষ” বুলি এটা স্বতঃস্ফূর্ত শব্দ বাহিৰ হ’ল। মই কাগজ ল’বলৈ হাউলি দিয়া বাবে কি হ’ল তলকিব পৰা নাছিলোঁ। ইফালে সহকৰ্মীসকলে কথাটোৰ ৰস পাই মুখ টিপি হাঁহি আছিল। মই চকুৰ ইংগিতত কেচ কি বুলি সোধাত প্ৰতি ইংগিতত আহিল বোলে তোৰ প্ৰিণ্টাৰত প্ৰিণ্ট হৈ ওলোৱাখন চা।
আগন্তুকে বিকাশৰ উত্তৰত কি বুজি জানো, সেইফালৰ দুৱাৰেদি নিজে গৈ সোমোৱাৰ সলনি হাতৰ এপ্লিকেচনখনহে আনি মোৰ প্ৰিণ্টাৰত সুমুৱাই দিলেহি। মই তেৰাৰ মুখৰ শেষ বুলি শব্দটোত প্ৰথমে আচহুৱা ফিল কৰিলোঁ, বোলো এওঁ দেখোন কিবা সুধিবলৈহে আহিছিল মোৰ টেবুলৰ ওচৰত আহি শেষ কৈছেহি- মই আকৌ কি শেষ কৰিলোঁ। প্ৰিণ্টাৰৰ পৰা কাগজ লওঁতেহে ওলাল উৰহী গছৰ ওৰটো।
যুৱকজনে নিজৰ এপ্লিকেচনখন প্ৰিণ্টাৰৰ পেজ ল’ডত দি দিয়াৰ ফলত মোৰ গোটেই নোটটো তেওঁৰ এপ্লিকেচনত প্ৰিণ্ট হৈ ওলাল। ইফালে এপ্লিকেচনখনত কোনোবা এম এল এয়ে এডৰা লিখি দিছিল। কথাটো দেখি মোৰ যিমান কি কৰিম কি নকৰিম লাগিল তাতকৈ বেছি সেই বেচেৰা যুৱকজনৰ তথৈবচ গতি।
পিছত সোধাপোচাত গম পোৱা গ’ল তেখেত বৰ্তমানৰ শিক্ষামন্ত্ৰী মহোদয়ৰ অলপ খাচ চিনাকি। সেয়ে তেখেতৰ পুনৰ এপ্লিকেচনখন বনোৱাই ফৰৱাৰ্ড কৰি অনাত বিশেষ অসুবিধা নহ’ল। পিছৰবাৰ আহোঁতে তেখেতে আমাৰ ডিপাৰ্টমেণ্টত সোমাই নতুন এপ্লিকেচন যে আনিলে তাকো জনাই গ’ল। যাবৰ পৰত বিকাশে ক’লে- “দাদা ভাগ্য ভাল যে আপুনি মানুহটো প্ৰিণ্টাৰেদি সোমাই নিদিলে” মানুহজনে অলপ লাজো পালে যদিও আমাৰ সকলোৰে লগত প্ৰথম দিনাৰ ঘটনাটো মনত পেলাই নিজেও হাঁহিত ফাটি পৰিল।
☆ ★ ☆ ★ ☆
10:20 am
হয় হয়, এনেকুৱা হয়।
3:24 pm
?? ভাল লাগিল পঢ়ি
11:18 pm
এ মজা!