ফটাঢোল

লোককথা- জয় বৰা

(১)

বাইবেলৰ পৰা মোহাৰি দিয়া লিলিথৰ কথাৰে:-

আমি সকলোৱে জানো যে বাইবেলৰ মতে ঈশ্বৰে পৃথিৱীৰ মাটিৰে প্ৰথম আদমক সৃষ্টি কৰিছিল৷ তাৰ পিছত আদমৰ কামিহাড়ৰ পৰা সৃষ্টি কৰে ইভক। 

 কিন্তু তাৰ মাজত আৰু এটা সৰু ঘটনা আছিল৷ সেইটো পৰৱৰ্তী কালত কেথলিক চাৰ্চবোৰৰ প্ৰতিবাদত বাইবেলৰ পৰা আঁতৰাই পেলোৱা হৈছিল!

ঈশ্বৰে প্ৰথমে কেৱল আদমকে সৃষ্টি কৰা নাছিল৷ একেই সময়তে পৃথিৱীৰ মাটিৰে সৃষ্টি কৰিছিল এগৰাকী নাৰীকো৷ তাইৰ নাম লিলিথ৷ তায়েই আদমৰ প্ৰথম পত্নী৷ লিলিথ আছিল একেবাৰে স্বাধীনচেতীয়া নাৰী৷ তাইৰ বুদ্ধি আৰু শক্তি দুয়োটাই আছিল আদমতকৈ বেছি৷ তাই আদমৰ আদেশ মানি চলিবলৈ অস্বীকাৰ কৰিলে৷ দুয়োৰে মাজত কাজিয়া লাগিল৷ লিলিথে ঈশ্বৰক স্পষ্টকৈ জনালে, 

: মই আৰু সি আমি দুয়ো মাটিৰে নিৰ্মিত৷ মোৰ বুদ্ধি আৰু শক্তি তাতকৈ বেছি৷ মই কিয় তাৰ কথা মানি চলিম? সি কিয় মোৰ ওপৰত কৰ্তৃত্ব কৰিব? বিছনাতেই বা মই কিয় তাৰ তলত থাকিম? সি মোৰ তলত থাকিব লাগিব৷”

এইপিনে কেথলিক নিয়ম মতে, নাৰীয়ে সদায় পুৰুষৰ আদেশ পালন কৰা উচিত, আৰু নাৰীৰ স্থান পুৰুষৰ তলত৷ সেয়ে ঈশ্বৰে তেতিয়া লিলিথক অভিশাপ দিলে৷ লিলিথে তেতিয়া আদমক এৰি থৈ গুচি গ’ল৷ হিব্ৰু বাইবেলৰ আটাইতকৈ বিতৰ্কিত চৰিত্ৰ লিলিথে আদমক এৰি চাকিউবাছ হৈছিল হয়, কিন্তু তাৰ পিছতেই গুচি গৈছিল সামায়েলৰ ওচৰলৈ৷ এইখিনিতে কৈ থওঁ‌ যে চাকিউবাছ হ’ল এক ধৰণৰ প্ৰেতিনী, যিয়ে জীৱন্ত পুৰুষক শুই থকা অৱস্থাত বা তেনেকুৱা কোনো উদাসীনতাৰ সুযোগ লৈ বিভিন্ন ধৰণে প্ৰলুব্ধ কৰে, উত্তেজিত কৰে৷ তাৰপিছত তেওঁৰ লগত এক প্ৰকাৰ জোৰ কৰিয়েই সঙ্গম কৰে৷ পুৰুষজনৰ ইচ্ছাৰ বিৰুদ্ধে হ’লেও সেই অৱস্থাত তেওঁৰ একো কৰিবৰ উপায় নাথাকে৷ চাকিউবাছৰ দৰে ইনকিউবাছো হ’ল অশৰীৰী প্ৰেত, যিয়ে জীৱন্ত নাৰীৰ সৈতে সেইবোৰ কাম কৰে৷ খ্ৰীষ্টানসকলৰ বাইবেলত বা ইহুদীৰ জোহাৰতো চাকিউবাছ, ইনকিউবাছৰ কথা উল্লেখ আছে৷ ইহঁতে মৃত্যুৰ পিছত কোনো অতৃপ্তিৰ ফলত এইবিলাক কৰে৷

এইপিনে আদমৰ কামনা-বাসনা চৰিতাৰ্থ কৰিব কোনে? তেতিয়া ঈশ্বৰে আদমৰ কামিহাড়ৰ পৰা সৃষ্টি কৰিলে ইভক৷ আদমৰ দেহৰ পৰাই জন্ম লাভ কৰা ইভ প্ৰথমৰ পৰাই হ’ল স্বামীৰ আজ্ঞাবাহী, ঠিক যেনেকুৱা আদমে বিচাৰিছিল৷ হিব্ৰু বাইবেলত এই কথাৰ উল্লেখ আছে৷ অথচ সিংহভাগ মানুহেই লিলিথৰ বিষয়ে নাজানে৷ লিলিথ যেন আমাৰ পুৰুষশাসিত সমাজত এটা নিষিদ্ধ অধ্যায়৷ 

(২)

অহংকাৰী শেৱালীৰ কথাৰে:- বহু দিনৰ আগৰ কথা।সেই সময়ত গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকতি সকলোয়ে মানুহৰ দৰে কথা ক’ব পাৰিছিল। এবাৰ সূৰ্যদেৱে পৃথিৱী ভ্ৰমনৰ বাবে মন মেলিলে। তেতিয়া সূৰ্য্যদেৱৰ ৰথৰ সাৰথিয়ে ক’লে যে,

: প্ৰভু আপুনি যদি মৰ্ত্যলৈ যায় তেন্তেচোন সৰ্বনাশ হ’ব! কাৰণ আপোনাৰ উত্তাপত ধৰিত্ৰী জ্বলি ছাঁই হৈ যাব।” 

তেতিয়া সূৰ্য্যদেৱে ক’লে,

: তুমি ঠিক কৈছা। একো নাই। মই যাম। মোৰ উত্তাপ কমাই যাম।

কথামতে কাম! পিছদিনা সূৰ্যদেৱে নিজৰ উৰণীয়া ৰথত উঠি আকাশমাৰ্গৰে পৃথিৱীৰ ভ্ৰমণ আৰম্ভ কৰিলে। সূৰ্যদেৱে ঘূৰি-ফূৰি ভাগৰ লগাত সাৰথিক ভাল ঠাই এখন চাবলৈ ক’লে। যাতে তেওঁ তাতে অলপ বিশ্ৰাম ল’ব পাৰে। অলপ পাছত সূৰ্য্যৰ সাৰথিয়ে এখন সুন্দৰ ফুলৰ বাগিচাত ৰথখন নমালে। বাগিচাখনত বিশ্বৰ সকলো প্ৰকাৰৰ ফুল আছিল। সূৰ্য্যদেৱে ইমান সুন্দৰ ফুলৰ বাগিচা আগতে ক’তো দেখা নাছিল। মুগ্ধ হৈ সূৰ্য্যদেৱে বাগিচাখন এফালৰ পৰা চাই চাই আৰু ফুলবোৰৰ সৈতে‌ কথা পাতি পৰিচয় হৈ গৈ আছিল।

: হেৰা সুন্দৰ ফুলৰ পাহিটি! তোমাৰ বাৰু নামটো জানিব পাৰিমনে? তোমাৰ ফুলৰ পাহিটি দেখি মই মুগ্ধ হৈছোঁ‌।

: প্ৰণাম সূৰ্য্যদেৱ। মই গোলাপ। মই ফুলবোৰৰ ৰাণী।

: তোমাৰ লগত কথা পাতি বৰ ভাল পালোঁ পুষ্পৰাণী। সদায় এইদৰে থাকিবলৈ মই তোমাক বৰ দিছোঁ‌।

: ধন্য হ’লোঁ‌ সূৰ্য্যদেৱ। আপুনি মোৰ প্ৰজাসকলৰ লগত পৰিচয় হ’লে সুখী হ’ম।

: নিশ্চয় পুষ্পৰাণী

এইদৰে সূৰ্য্যদেৱে সকলো প্ৰকাৰৰ ফুলৰ লগতে চিনাকি হ’ল ‌আৰু সকলোৰে কথাত সন্তুষ্ট হৈ সকলোকে একো একোটা বৰ দি যাবলৈ ধৰিলে। এইদৰে গৈ গৈ বাগিচাখনত আটাইতকৈ সুন্দৰ সুগন্ধৰে আমোল-মোলাই থকা এজোপা ফুলগছৰ তলত সূৰ্য্যদেৱ ৰৈ দিলে। ফুল গছজোপাৰ সুগন্ধত সূৰ্য্যদেৱ মন্ত্ৰ-মুগ্ধ হৈ পৰিল। সূৰ্য্যদৱে ৰ’ব নোৱাৰি‌ ফুল গছজোপাক‌ সুধিলে,

: হে সুগন্ধি অধিকাৰী! তোমাৰ সুগন্ধত মই মুগ্ধ হৈছোঁ‌। তোমাৰ নামটো‌ বাৰু জনাবানে?

সূৰ্য্যদেৱে যিজোপা ফুলগছৰ সুগন্ধত মন্ত্ৰ-মুগ্ধ হৈছিল সেই‌ ফুলগছজোপা হৈছে আমাৰ চিনাকি ‘শেৱালি ফুল’। শেৱালি ফুল বৰ অহংকাৰী আছিল। আৰু সূৰ্য্যদেৱৰ পৰা প্ৰশংসা লাভ কৰি শেৱালিফুল দুগুণ অহংকাৰী হৈ পৰিল। ইমানেই অহংকাৰী হ’ল যে সূৰ্য্যদেৱৰ কথাত গুৰুত্বই নিদিলে আৰু গপত গঙ্গাটোপ হৈ ৰৈ থাকিল। সূৰ্য্যদেৱে মায়াৰে শেৱালি ফুলৰ মনৰ কথা গম পাই খঙত জ্বলি উঠিল! আৰু ‌সূৰ্য্য দেৱৰ শৰীৰৰ পৰা ওলোৱা অগ্নিত শেৱালি ফুলৰ গছৰ সকলো ফুল জ্বলি ছাঁই হৈ গ’ল। তেতিয়া “মই উদয় হোৱাৰ আগতেই তই ফুলি সৰি যাবি। ভৱিষ্যতে মই তোৰ মুখ নাচাওঁ”  বুলি শেৱালি ফুলক   অভিশাপ দিলে। আৰু তেতিয়াৰ পৰাই সূৰ্য্য উদয় হোৱাৰ আগতেই শেৱালি ফুল ফুলি সৰি যায়।

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *