ফটাঢোল

শ্ৰীমান-শ্ৰীমতী- ৰাজশ্ৰী শৰ্মা

আমাৰ ঘৰৰ কাষৰে শৰ্মা পুৰণি চিন্তাৰ মানুহ, শৰ্মানী আধুনিক‌। শৰ্মা পূবে থাকিলে শৰ্মানী পশ্চিমে। শৰ্মাই ঘৰত ৰন্ধা খাই ভাল পায়, ইফালে শৰ্মানীয়ে ৰেষ্টুৰেণ্টত। ঘৰত আন কোনো  মানুহ নাই বাবে শৰ্মাই ৰাতি ঘৰ এৰি বাহিৰত থাকিবলৈ বেয়া পায়, আচলতে চোৰৰ ভয়, যিহে দিনকাল! ইফালে শৰ্মানীৰ ঘৰত থাকি মূৰ পকি গৈছে, হ’ল বুলিয়েই কিমান শুব, কিমান ফেইচ বুকত ব্যস্ত থাকিব, কিমান চিনেমা চাব বা কিমান শৰ্মাৰ লগত কাজিয়া কৰিব?

ছোৱালী দুজনীৰ গৰমৰ বন্ধ, স্কুলৰ প্ৰজেক্ট মানে ধৰক এটা এটা কৈ বুটৰ দাইল আঠা লগাই ইংৰাজী আখৰকেইটা বনাব লাগে, নহ’লে ভেন্দিৰে ৰং লগাই ফুল আঁকিব লাগে। হাতত ৰং লগাই সৰুজনীয়ে ঘৰৰ বেৰত চাপ মৰাৰ আগতেই কেনেবাকৈ বগা কাগজত  তাইৰ হাতেৰে চাপ কেইটা মান মাৰি কিবা মূৰ্গীৰ ছবি কেইখনমান আঁকিব লাগে ইত্যাদি ইত্যাদি। এইবোৰ চম্ভালি, লগতে সিহঁত দুজনীৰ কাজিয়া ভাঙি শৰ্মানীৰ অৱস্থা একেবাৰে শোচনীয়।

ইফালে মৰ কৰোণা ভাইৰাচডালৰ উৎপাতত ক’ৰবাত বাহিৰলৈ ওলাই যাবলৈও নাই, ঘৰতে বহি খাই বৈ শৰ্মানীৰ ওজন বাঢ়ি গৈ আছে। শৰ্মাৰ মতে একো কাম বন নকৰি অকল ছোৱালী দুজনীৰ হোমৱৰ্ক  কৰিলে ওজন নাবাঢ়ি আৰু কি হ’ব। শৰ্মাৰ এনেকুৱা কথা শুনিলে শৰ্মানীয়েও একেবাৰে ধুই দিয়ে শৰ্মাক। ৰাতিপুৱাৰ পৰা শৰ্মাই দিনটোত কৰা কাম বিলাক এফালৰ পৰা গাই যায় যেনে, ৰাতিপুৱা চাৰে আঠ বা ন বজাত চাহ খোৱা, তাৰপিছত এঘণ্টামান মোবাইল, তাৰপিছত ৰাস্তাত কাৰোবাৰ লগত লেকচাৰ, তাৰপিছত দুদিনৰ বিৰতিত বজাৰ, তাৰপিছত দুঘণ্টামান বিছনাত আৰাম কৰা ইত্যাদি ইত্যাদি..। (এইখিনি কোৱালৈ শৰ্মাই লাহে লাহে প্ৰস্থান কৰে ঘৰৰ বাহিৰলৈ)।

শৰ্মানীয়ে সাধাৰণতে ঘৰৰ আভ্যন্তৰীণ বিষয়বোৰ চম্ভালে যেনে ধৰক পাকঘৰত দুপৰীয়া কি তৰকাৰী ৰান্ধিব বা ছোৱালী দুজনীয়ে আবেলি কি খাব ইত্যাদি। শৰ্মায়ো কিছুমান জটিল ঘৰুৱা সিদ্ধান্ত লোৱাত সহায় কৰে যেনে কাৰোবাৰ বিয়াত যাওঁতে শৰ্মানীয়ে সেউজীয়া কাপোৰযোৰ পিন্ধিব নে হালধীয়াযোৰ নে কমলাযোৰ বা কাণফুলি কোনযোৰ মিলিব আদিত।

ঘৰৰ বাহিৰৰ সমস্যাবোৰত কিন্তু সদায় শৰ্মাই মাত মাতে, বহুত চিন্তা চৰ্চাও কৰে। যেনে, পেট্ৰল জি এচ্ টিত কেতিয়া সোমাব, নতুন কেন্দ্ৰীয় হেল্থ মিনিষ্টাৰে কৰোণাৰ বাবে কি কৰা উচিত, বৈদেশিক পৰিক্ৰমা মন্ত্ৰীজনাই ফ্ৰান্সলৈ যাওঁতে লগতে চাইনীজ ভাষাও শিকিব লাগিব নেকি, এলন্ মাক্সে সঁচাকৈ মংগল গ্ৰহত ৰাজত্ব কৰিব নেকি ইত্যাদি। শৰ্মানীও দুই এটা ঘৰৰ বাহিৰৰ কথা চিন্তা নকৰা নহয়, কৰে। যেনে ওচৰৰ মিশ্ৰ দম্পতীয়ে সদায় গধূলি এবাৰ হাতে-হাত ধৰি ফুৰি আহি নিশা কিয়বা কাজিয়া লাগে? মুখ্যমন্ত্ৰীৰ পত্নীৰ দৰে কাপোৰ এযোৰ তেওঁৰো আছে, সেইযোৰ পিন্ধি ক’ত ফুৰিবলৈ গ’লে ভাল হ’ব বা ক’ত অৰিজিনেল মূগাৰ কাপোৰ পোৱা যাব আদি।

এনেদৰে দিনবোৰ গৈ থাকে, শৰ্মাৰ কথাত শৰ্মানীৰ খং উঠে, কেতিয়াবা শৰ্মাৰো, কেতিয়াবা মাতবোল বন্ধ। পিছত খঙটো অলপ কমিলে পিচে শৰ্মাই মৰমৰ মাত এষাৰ দিয়ে, শৰ্মানীয়ে  সকলো পাহৰি যায়, সকলো আৰু আগৰ দৰেই হয়, পিচে শৰ্মানীৰ ওজনটোহে বাঢ়িহে গৈ থাকে। 

হঠাৎ এদিন শৰ্মাই ক’ৰবাত পঢ়ে যে আজিকালি বেছি ভাগ সমস্যা কম্পিউটাৰ চফটৱেৰৰ দ্বাৰা সমাধান কৰা হয় আৰু আজিকালি পাৰ্চনেল প্ৰব্লেমবোৰ সমাধান কৰিবলৈ ডাঙৰ ডাঙৰ  আই টি ফাৰ্ম আছে। শৰ্মাই মনতে কিবা এটা ভাবি শৰ্মানীক কয়, 

: আমি এনেকুৱা এটা চফটৱেৰ যদি অৰ্ডাৰ কৰোঁ য’ত এনেকুৱা কিবা চিষ্টেম থাকিব য’ত  তুমি দহ মিনিটৰ বেছি এনেই বহি থাকিলে এলাৰ্ম বাজিব। মানে এই শৰ্মা ঘৰত নাথাকিলেও তোমাক কোনোবাই মোৰ দৰেই সঁকিয়াই থাকিব যে তোমাৰ ওজন বাঢ়ি আছে। তেতিয়া তুমি এক্টিভ হৈ কিন্তু ক্ষীণাই আকৌ আগৰ দৰেই ধুনীয়াজনী হৈ পৰিবা আৰু মই সকলো সময়তে তোমাক কেটেৰা মাতোঁ বুলিও ক’ব নোৱাৰিবা। এটা চফটৱেৰ দুটা কাম।

এতিয়া শৰ্মানীৰ চকু কপালত, হাত দুখন মূৰত, কেৰাহিকৈ শৰ্মানীয়ে ওচৰত কিবা দলিয়াব পৰা সামগ্ৰী আছে নেকি সেয়াৰো সন্ধানত। শৰ্মা? তেওঁ কিছু আঁতৰত তিনি বছৰীয়া সৰু ছোৱালীজনীৰ আঁৰত সুৰক্ষিত অৱস্থানত।

☆ ★ ☆ ★ ☆

20 Comments

  • Pranita Goswami

    শ্ৰীমান শৰ্মাই ঘৰুৱা জটিল সিদ্ধান্তবোৰ সহজে সমাধান কৰে বুলি জানি ভাল লাগিল। হাঃ হাঃ, বঢ়িয়া লাগিল ৰাজশ্ৰী।

    Reply
    • ৰাজশ্ৰী শৰ্মা

      বা, দেশ দেশান্তৰৰ চিন্তাতে তৎ নাপায় যে।

      Reply
  • জিতু

    মজ্জা

    Reply
  • বন্দিতা জৈন

    ??, ভাল লাগিল। শৰ্ম্মানী

    Reply
  • ডলী

    শৰ্মা স্মাৰ্ত আছে।

    Reply
  • মুকুট শৰ্মা

    মজ্জা। ঘৰ ঘৰ কি কহানী।

    Reply
    • ৰাজশ্ৰী

      ধন্যবাদ জনালোঁ দেই।

      Reply
  • ৰঞ্জনা গোস্বামী

    বৰ ৰসাল ৰচনা

    Reply
    • ৰাজশ্ৰী

      ধন্যবাদ ৰঞ্জনা বা

      Reply
  • বাগ্মিতা

    এয়া শৰ্মানীৰ নিজৰ ঘৰৰ কাহিনী? মজ্জা লাগিল ৰাজশ্ৰী!

    Reply
    • ৰাজশ্ৰী

      হা হা, অ হে??.. থেংকিউ

      Reply
  • Anonymous

    বঢ়িয়া লাগিল। পিছে ভিনদেউৰ আইডিয়া বেয়া নাছিল।

    Reply
    • ৰাজশ্ৰী

      অ, তেওঁ আইডিয়াৰ ভাণ্ডাৰ একেবাৰে??

      Reply
  • Anonymous

    Porhi moja lagil baa,,

    Reply
  • Anonymous

    Borhia….upadhir logot nam keitau di dibo lagisil??

    Reply
  • Anonymous

    ভাল লাগিছে আণ্টি।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    শৰ্মাৰ বহুত কাম৷ অলপ সহায় কৰি দিবাহে৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *