ষ্টেণ্ডাৰ্ড-চন্দামিতা শৰ্মা
অইন দিনাতকৈ টোপনিৰ পৰা অলপ সোনকালে সাৰ পালোঁ।
উফ্ যি হে গৰম!!
মানুহ মাৰিব এইবাৰ এই গেলা গৰমটোৱে!
আপোন গাঁওখনলৈ মনত পৰিল।
এ.চিটো চলাই গোটেই ৰাতিটো শুলে উঠাৰ পিছত মোৰ মূৰটো কিবা গধুৰ গধুৰ লাগে যদিও মহানগৰীৰ গৰমত বহু সময়ত সেইটো নচলোৱাকৈ বেলেগ উপায়ো নাই। গতিকে এনেয়ে সেইটো চলাওঁ তাতে আকৌ শ্ৰীমতীয়ে এ.চি নহ’লে শুব নোৱাৰে।
তেওঁ বাৰু বিচনীৰ বা লৈ ডাঙৰ হোৱা, কিন্তু তেওঁৰ মতে এতিয়াৰ দিনত এ.চি চলাই নোশোৱাটো একদম “ষ্টেণ্ডাৰ্ড ” নথকা কথা!
কিন্তু কালি ৰাতি অলপ চৰ্দি লগাৰ দৰে হোৱা বাবে ভয়তে এ.চি টো অলপ সময় চলাই পিছত বন্ধ কৰি থৈছিলোঁ। যি হে দিনকাল পৰিছে!
কিবা এটা হ’ব লাগিলে, হৈছে আৰু!
এনেয়ে শ্ৰীমতীয়ে এ.চি নোহোৱাকৈ শোৱাটো এক অসম্ভৱ কথা কিন্তু কালি তেওঁ নিজেও খুব এটা আপত্তি নকৰিলে।
কালিৰ কথাটো অলপ বেলেগ।
বিছনাখনত ফেনখনৰ বতাহ খুব ভালকৈ নালাগিলেও তেওঁ টোপনি গ’ল। সাতে-পাঁচে মিলি ৰাতিৰ টোপনিটো মোৰহে ভালদৰে নহ’ল।
অকণমান বাহিৰলৈ ওলাই যাওঁ নেকি! কিজানিবা অকণ ঠাণ্ডা বতাহ পাওঁৱেই। আঁঠুৱাখন অলপ দাঙি উঠিবলৈ লৈ কাষত মহা আৰামেৰে শুই থকা পত্নীলৈ চালোঁ, দুৰ্ঘোৰ টোপনিত। এনেয়ে ইমান গৰমত শুই নাথাকে। মই মৰ্ণিংৱাকলৈ যোৱাৰ সময়ত এবাৰ চকু মেলি, পুনৰ শুই থাকে।
আজি ইমান গৰমতো ইমান গধুৰ নে টোপনি! মই মৰিছোঁ গৰমত আৰু তেওঁ একেবাৰে লালকাল টোপনিত।
আচৰিত!
এনেয়ে মই মৰ্ণিং ৱাক কৰি ঘূৰি অহাৰ পিছত কিবাকৈ এঙামুৰি দি উঠি বিছনাতে বহি দিনটোত কৰিবলগীয়া কামৰ বিৱৰণ দাঙি ধৰি ধৰি ডিঙি শুকাই যোৱাৰ উপক্ৰম হয়, কিবাকৈ মই আগবঢ়াই দিয়া পানী গিলাচ খাইহে ৰক্ষা পায়।
লকডাউনৰ বাবে জোনাকী মানে ঘৰুৱা কামৰ সহায়িকাজনীয়ো অহা নাই কিন্তু আজি দেখোন সম্পূৰ্ণ বিপৰীত।
হঠাতে মোৰ আৰ্কিমিডিছৰ দৰে ইউৰেকা ইউৰেকা বুলি চিঞৰিবৰ মন গ’ল। উত্তৰটো পালোঁ যেতিয়া লাহেকৈ বিছনাৰ পৰা নামিলোঁ। শোৱক বেচেৰী!
কালি গোটেই দিনটো কম কষ্ট কৰিলেনে! সেই ৰাতিপুৱাৰ পৰা ৰাতি শোৱাপাটিত পৰালৈকে, কিমান যে আয়োজন!
নতুন বস্তু পালে হয়েই এনেকুৱা।
এবাৰ ভাবিলোঁ ময়ো জানো কম উত্তেজিত হোৱা নাছিলোঁ যেতিয়া সেই হায়াৰ ছেকেণ্ডাৰী পঢ়ি থাকোঁতে এদিন যেতিয়া সন্ধিয়া টাউনৰ অফিচৰ পৰা আহোঁতে দেউতাই চিকচিকীয়া নতুন হিৰো চাইকেলখন লৈ আনিছিল।
আস্ কিযে শিহৰণ জাগিছিল চাইকেলখন চুই চাওঁতে। এনে লাগিছিল যেন ৰাতিয়েই গোটেই গাঁওখনত এপাক মাৰি আহিম। পিছদিনা গোটেই ৰাতিপুৱাৰ পৰা হেঁপাহ পলুৱাই চলাইহে ৰাতি ভালকৈ টোপনি মাৰিছিলোঁ।
: হেৰি চাহৰ পানী মই বহাম ৰ’ব।
দৰ্জাখন লাহেকৈ খুলিবলৈ লওঁতে অত্যন্ত আদৰুৱা মাতেৰে ভাঁহি অহা শব্দত ৰৈ গ’লোঁ।
মুখেৰে একো নামাতি কেৱল হাঁহি এটা বিৰিঙাই সন্মতিসূচক ভাৱে মূৰটো হলাই আগফালৰ বেলকনিলৈ গ’লোঁ। অলপ আৰামেৰে বহি পুৱাৰ সতেজতাৰ আমেজ ল’ম বুলি ভাবোঁতেই মাছ বেপাৰীৰ তীক্ষ্ণ চিঞৰত মুদেই অফ্ হৈ গ’ল।
ধেত্, এইফালে মৰিছোঁ ভালকৈ টোপনি নহাৰ জ্বালাত, সি আকৌ মোক চিতল মাছ খোৱায়।
: আজি নালাগে যা। বাইদেউৰা দুদিন নাথাকে।
বেলকনিৰ পৰাই যথাসম্ভৱ মাতটো কোমল কৰি পুৱাই গোকাট মিছা মাতিলোঁ।
: বাবু, একেবাৰে টাটকা। ৰাখক। বাচি দি যাম নহয়, বাইদেউ নাথাকিলে কি হ’ল, আপুনি ভাজি খাব।
মাছ বেপাৰীৰ কথাত খং গৈ মূৰৰ ওপৰত উঠিলেও মাতটো যথাসম্ভৱ সৰু কৰি ক’লোঁ,
: আজি নালাগে। গা বেয়া।
: হ’ব দিয়ক আৰু। আপোনালৈয়ে আনিছিলোঁ। নালাগে যেতিয়া হ’ব বাৰু কিন্তু গা বেয়া যদি সেই নাকত সুমুৱাই দিয়া ডালেৰে পৰীক্ষা কৰাব।
মুখেৰে বেয়া শব্দ এটা বাহিৰ হ’ব খুজিছিল কিন্তু নিজকে সম্বৰণ কৰিলোঁ। মই হে জানো মোৰ পকেটৰ অৱস্থা কি! চিতল মাছৰ টুকুৰাকেইটা কেনেবাকৈ তেওঁ দেখা পাব লাগিলে সাংঘাতিক ঘটনা! এনেয়ে কালি বজাৰৰ লিষ্ট দেখি যিহে অৱস্থা হৈছিল, আজি যদি সেই একে পুনৰাবৃত্তি ঘটে তেন্তে যে অৱস্থা কাহিল হ’ব সেয়া নিশ্চিত।
চিতল মাছেৰে মোৰ মগজুয়ে ঢুকি নোপোৱা কিবা বিশেষ ধৰণৰ ব্যঞ্জন বনাম বুলি ক’লে হ’ল আৰু! এনেয়ে মোৰ আপত্তি নাই কিন্তু সেই যে পেটত পৰাৰ আগলৈকে বিশাল আয়োজনটো, সেইটোলৈকেহে ভয়।
তাতে আকৌ কালি বহুদিনৰ পৰা ভাবি থকা পৰম আকাংক্ষিত বস্তুটো কিনিবলৈ পাইছে, খোৱাবস্তুৰ বিভিন্ন ধৰণৰ পৰিৱেশনৰ নিচা ফটাই নাই। নহ’লেনো ইমান সুখনিদ্ৰাত থাকেনে!
গেছত চচপেনটো উঠাই দি পানী গৰম কৰিলোঁ। অলপ নেমুটেঙা চেপি খাব লাগিব, নহ’লে লাইক কমেণ্টৰ নামত ৰাতি পেটত যিসোপা পৰিছে পেটে গম পাই গৈছে। সকলো বস্তুৰে সহ্যৰ সীমা থাকে নহয়! লকডাউনৰ বাবে উৰুকাৰ বজাৰ সদৃশ হোৱা বজাৰত ভিৰৰ মাজত লাইনত থাকি থাকি ঘামি-জামি লেবেজান হোৱা দেহাৰে কিবাকৈ দুপৰীয়া বাৰটাত ঘৰ সোমায়েই গম পাই গৈছিলোঁ আজি শ্ৰীমতী সম্পূৰ্ণ ৰেডী। এইকেইদিন কম দুখত দিন পাৰ কৰা নাই! লেডীজ ক্লাবৰ হোৱাটচ্ এপ গ্ৰুপটোত কম লাজ পাই থকা নাছিল জানো!
সদায়েই সেই পুৱা সাতটাৰ পৰা ৰাতি ডিনাৰলৈকে কিমান জাকজমকীয়া ফটোৰ বাহাৰ, কিন্তু শ্ৰীমতীয়ে হে জিকমিকনি থকাকৈ একো এটা পঠাব পৰা নাছিল।
এইকেইদিনটো ভালদৰে কিবা এটা ৰান্ধিবলৈ আৰু খাবলৈকে মনেই নকৰা হৈছে, ফটো আপলোড কৰিব নোৱাৰিলে কিহৰ খানা!
পিচে কালিৰ পৰা কথা সলনি হৈছে। সেয়ে কালি বিৰাট আয়োজন চলিছিল। নচলিব নে, নতুন বস্তুৰ শুভাৰম্ভ সদায়েই জাকজমকীয়া হোৱাটো দৰকাৰ!
ফ্ৰীজৰ পৰা নেমুটেঙা এটা উলিয়াই কটাৰীৰে দুফাল কৰি এভাগ পুনৰ ফ্ৰীজত ভৰাই থ’লোঁ। আনভাগ লাহেকৈ চেপি কুহুমীয়া পানীৰ লগত মিহলাই লাহে লাহে গলাধঃকৰণ কৰিবলৈ লওঁতেই ভাঁহি আহিল লেনিয়াই লেনিয়াই কোৱা এষাৰ মাত,
: হেৰি ৰ’বচোন মই দেখোন ক’লোঁৱেই চাহকাপ মই বাকিম বুলি। আপুনি অকণমান ফ্ৰেচ হৈ লওক।
: একো নহয়। মই পানী গৰম কৰিলোঁ যেতিয়া একেলগে চাহ দুকাপ বহাই দিলোঁ। ওঁঠত সুন্দৰ হাঁহি এটা বিৰিঙাই লাহেকৈ ক’লোঁ কিন্তু মনতে ভাবিলোঁ ৰক্ষা চাহকাপ কৰিলোঁ যেতিয়া বাচনকেইটা ধোৱাৰ পৰা ৰক্ষা পাম। কাৰণ লকডাউনৰ বাবে ঘৰৰ কাম ফিফটি ফিফটিত চলি আছে!
একাপ চাহ শ্ৰীমতীলৈ আগবঢ়াই নিজৰ কাপত এশোঁহা মাৰিবলৈ লওঁতেই তেওঁ মাত লগালে,
: বৰ সুন্দৰ হৈছে হে চাহকাপ।
তাৰমানে এতিয়া দুপৰীয়াৰ সাঁজো মোৰ ভাগত নেকি! হে হৰি!
আৰু কিবা এষাৰ ক’বলৈ মুখখন মেলিবলৈ লওঁতেই তৎক্ষণাত মই কৈ উঠিলোঁ,
: আজি নহ’লে এসাঁজ গৰমৰ দিনৰ বাবে স্পেছিয়েল বনোৱা, ৰেটিং একেকোবে হাই হৈ যাব। দেখা নাই অসমৰ পঁইতা ভাত আৰু আলু পিটিকাই ইণ্টাৰনেশ্যনেল ফেন হৈ গৈছে।
মূৰত তেতিয়া মোৰ প্ৰেচাৰ কুকাৰত ৰৈ যোৱা বগা চিকচিকীয়া ভাতৰ ছবি!
অলপ বুদ্ধি খটুৱাই ক’লোঁ, কাৰণ কালি ডিচিশ্যন হৈ গৈছে যে অকল ৰান্ধিলে নহ’ব তাৰ লগৰ আনুসাংগিক যেনে গেছৰ বাৰ্ণাৰ চাফা কৰি থোৱা, বাচন ধোৱা, সকলো দায়িত্ব ল’ব লাগিব। কিবাকৈ দুপৰীয়াৰ সাঁজ চলি গ’লে কালি শ্ৰীমতীৰ ‘সম্পদ’ৰ গৃহপ্ৰৱেশ উপলক্ষে আয়োজন কৰা বিশেষ ভোজনৰ ৰোৱা-থোৱাৰে ৰাতিৰ সাঁজ চলি যাব। আচলতে বিশেষ ভোজনতকৈ বিশেষভাবে খাদ্য পৰিৱেশনৰ ফটো ছেশ্যন বুলিলেহে ভাল হ’ব।
দুপৰীয়া পঁইতা ভাতমুঠি ধৰিব পাৰিলে ৰন্ধা-বঢ়াও কম হ’ব আৰু লগতে মই আটাইতকৈ বেয়া পোৱা বাচন ধোৱা কামটোৰ ভিৰো অলপ কমিব!
শ্ৰীমতীৰ মুখৰ পিনে চালোঁ, কিবা গভীৰ চিন্তাত নিমগ্ন। কিবাকৈ মোৰ প্ৰপ’জেলটো নাকচ নকৰেতো!
: বঢিয়া আপুনি সুন্দৰ আইডিয়া এটা দিলে। চাম নহয় মিছেচ কাকতিয়ে কেনেকৈ প্ৰথম স্থান দখল কৰে। হেৰি আজি দুপৰীয়া পাকঘৰটো মোৰ, আপুনি খালি মোক ফাইনেল টাইমত সহায় কৰি দিব।
ফাইনেল টাইম মানে পৰিৱেশনৰ পিছৰ ফটো ছেশ্যন!
: হ’ব হ’ব। খালি ফটোকপিৰ তলত লিখি দিব লাগিব “টু বিট্ দ্যা হিট্।”
মই উৎফুল্লিত মনেৰে ক’লোঁ।
: মানে?
: মানে ধৰা এই গৰমকো পৰাস্ত কৰিব পৰা, তেনেকুৱা ধৰণৰ কথা আৰু!
শ্ৰীমতীক সন্তুষ্টি দিব পৰা জাতীয় উত্তৰ এটা দি চাহকাপত এশোঁহা মাৰিলোঁ।
: থেংকিউ। এতিয়া এটা কাম কৰোঁ ৰ’ব। আপুনি সেইটো আনকচোন।
ডাইনিং টেবুলৰ ওপৰত থকা কালিৰে পৰা প্ৰাণৰ পুতলী হৈ পৰাটোলৈ আঙুলিয়াই দিলে। অলপো পলম নকৰি শ্ৰীমতীৰ কথাত একেজাঁপে গৈ তেওঁৰ ‘সম্পদ’টো আনি হাতত দিলোঁ।
চাহকাপ আলহী আহিলে চাহ দিয়া ধৰণৰ এখন সুন্দৰ প্লেটত সজাই বিভিন্ন এংগলৰ পৰা পৰীক্ষা কৰিলে আৰু শেষত মুখত এটা মিচিকিয়া হাঁহি বিৰিঙাই মোৰ পিনে চাই সোঁহাতৰ বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলি লগলগাই কৰা সেই বিশেষ ভংগীয়ে মোক বুজাই দিলে যে এভ্ৰিথিং পাৰফেক্ট। লগে লগে ময়ো চুই দিলোঁ সেই বিশেষ গোলাকৃতিৰ ঠাইখিনি আৰু লগে লগে আগবঢ়ই দিলোঁ শ্ৰীমতীৰ পিনে।
তেওঁৰ মুখত একোমোৰা সন্তুষ্টিৰ হাঁহি।
তলমূৰকৈ বহি ব্যস্ত হৈ থকা শ্ৰীমতীৰ পিনে এবাৰ চাই নিজৰ মোবাইলটোত পিটপিটাই থাকোঁতে দেখিলোঁ ফেচবুকত এখন সুন্দৰ ফটো, একাপ ধোৱা বলি থকা চাহৰ লগত এষাৰি সুন্দৰ বাক্য –
“এটা সতেজ পুৱাৰ আৰম্ভণি।”
“বঢ়িয়া”, নিজকে ক’লোঁ।
নক’মনে পুৱাই পুৱাই শ্ৰীমতীৰ উৎফুল্লিত মুখ! মোবাইলটো টেবুলৰ ওপৰত থৈ বাতৰিকাকতখন হাতত তুলি ল’লোঁ।
: হেৰা, দেখিছেনে লগে লগে পূৰা ৫০ টা লাইক আৰু ২০ টা কমেণ্ট! মিছেচ কাকতিয়ে দিয়া চাহ আৰু বিস্কুটৰ ফটোখনতকৈ বহুত বেছি লাইক আৰু কমেণ্ট। আজি মাৰকচোন ফুটনি ময়ো চাই লওঁ। কালিলৈকে কি বাহাদুৰি! কালি আবেলিৰ পৰা গম পাই গৈছে যে এই অমুকীও কোনোমতে পিছ পৰি থকা বিধৰ নহয়।
: ঠিকেই কৈছা। তুমিনো কিহত পিছ পৰা!
বাতৰিকাকতখনৰ পৰা লাহেকৈ মূৰটো দাঙি উত্তৰ দিলোঁ।
: নহয় জানেনে, কি ফুটনি চাব কেইজনীমানৰ, মোৰ হেনো মোবাইলৰ ফটোৰ কোৱালিটি বেয়া। এতিয়াও সেই পুৰণি ধৰণৰ কেমেৰা থকা মোবাইল ব্যৱহাৰ কৰি আছোঁ। আপোনাক ধন্যবাদ দেই ইনষ্টলমেণ্টত হ’লেও যে আইফোনটো আনি দিছে। এতিয়া কিমান ফুটনি মাৰি থাকে ময়ো চাই ল’ম। দেখিলেনে আজি দিয়াৰ লগে লগে কিমান লাইক! সিদিনাটো মোক নাৰ্ভাছ কৰিবলৈ মিছেচ বৰুৱাই কি কৈছিল জানেনে?
: কিনো?
: আমি যে তিনি নম্বৰ ছাঁদখন ঢালাই কৰিলোঁ গতিকে পইচাৰ টান চলি আছে, সেইবাবে হেনো পইচা বচাবলৈ আপুনি হেনো বজাৰত পোৱা আটাইতকৈ কম দামী চাহপাত আনে।
কোনোমতে শুকান চৰ্চৰণি খোৱাৰ পৰা বাচিলোঁ কিন্তু প্ৰয়োজনতকৈ ডাঙৰকৈ প্ৰায় চিঞৰি সোধাৰ দৰে সুধিলোঁ,
: কি? কিন্তু কিয়?
: কিয় মানে! মোৰ মোবাইলৰ কেমেৰাটো অলপ কমজোৰ নহয় জানো! সেয়ে ফটো উঠোঁতে চাহকাপৰ ৰঙটো ক’লা দেখা গৈছিল যে!
শ্ৰীমতীয়ে অলপ দুখ লগাকৈ দিয়া উত্তৰত একো নামাতিলোঁ।
মইহে গম পাইছোঁ ঘৰ সজাৰ নামত মোৰ অৱস্থা যে চাবলগীয়া হৈছে, তাতে আকৌ ভূতৰ ওপৰত দানহ পৰা দি শ্ৰীমতীৰ “ষ্টেণ্ডাৰ্ড” মিলোৱা প্ৰক্ৰিয়া।
বাতৰিকাকতখন জপাই সৰু টেবুলখনৰ ওপৰত থৈ চকীখনতে চকু দুটা মুদি অলপ সময় শোৱাৰ দৰে কৰিলোঁ। হঠাৎ শ্ৰীমতীয়ে কাৰোবাৰ লগত ফোনত উত্তেজিত হৈ পতা কথাত খপজপকৈ চকু মেলি ঘটনাৰ উমান ল’বলৈ চেষ্টা কৰিলোঁ।
পিচে ৰ’ব লগা নহ’লেই মোৰ পিনে উত্তেজিত হৈ আহি থকা শ্ৰীমতীক দেখি চকীখনতে পোন হৈ বহিলোঁ। কি হৈছে সুধিম বুলি মুখখন মেলিবলৈ লওঁতেই বজাৰৰ মোনাখন হাতত দি ক’লে,
: আপুনি সোনকালে বজাৰলৈ যাওক। মই হোৱাটছএপত লিষ্টখন দি আছোঁ। এতিয়া লিষ্ট লিখি থকাৰ সময় নাই। দুপৰীয়া ২ বজালৈহে সময়, আপুনি সোনকালে যাওক। আজি বাৰু ঘৰটো ময়ে ঝাৰু দিম।
ঘটনা কি? কোনোবা বিশেষ আলহী আহিব নেকি? মন্ত্ৰী-বিধায়কৰ লগতটো মোৰ চিনাকি নাই! ছোৱালীও সৰু হৈ আছে, বিয়াৰ বয়স হোৱা নাই, তেন্তে?
: হেৰা কি হৈছেনো? কোৱাচোন কোন আহিব ইমান স্পেছিয়েল গেষ্ট যে ২টা বজাৰ পিছত অন্ন গ্ৰহণ নকৰে!
মই আচৰিত হৈ সুধিলোঁ।
: আপুনিও যে আৰু! কিবোৰ বলকি আছে? কোন আহিব এই লকডাউনৰ সময়ত! আজি গ্ৰুপ এটাত কম্পিটিশ্যন এখন আছে, মোক মিছেচ শৰ্মাই ভাল পাই বাবেহে খবৰটো দিছে, নহ’লেনো গম পোৱালৈকে দেৰিয়েই হৈ গ’লহেঁতেন। বাকীকেইজনীৰ কি হিংসা দেখিলেনে, মোক খবৰেই দিয়া নাই। ছেঃ ময়ো যে আৰু ইমান সময় আপোনাৰ লগত কথা কৈ টাইম বৰবাদ কৰি আছোঁ। সোনকালে যাওক।
মোৰ মূৰটোৱে ভাবিয়েই পোৱা নাই কিনো এনে কম্পিটিশ্যন আছে যাৰ বাবে শ্ৰীমতীয়ে উশাহ ঘূৰাই নোপোৱাৰ দৰে অৱস্থা হৈছে?
বাইকৰ চাবিটো হাতত লৈ সোঁহাতত হেলমেট আৰু বাঁও হাতত মোনাখন লৈ চিৰিয়েদি নামিব ধৰোঁতেই শ্ৰীমতীয়ে মাত লগালে,
: সেউজীয়া ফ্ৰেচ মটৰ আনিব কিন্তু। মই লিষ্টত লিখিবলৈ পাহৰিলোঁ।
সেউজীয়া ফ্ৰেচ্ মটৰ! এতিয়া এই জুলাই মাহত!
: হেৰা, এতিয়া তেনেকুৱা মটৰ নাপাই নহয়, সেইবোৰ ৰবি শস্যহে।
মই অকণমান জ্ঞান উজাৰিলোঁ৷
: হেৰি, ৰবি নে সোম বাদ দিয়ক। আপুনি যে ঘোকাট গাঁৱৰ পৰা অহা তাক আৰু কিমান প্ৰমাণ কৰে। টিনৰ টেমাত পাই তেনেকুৱা মটৰ। যাওক এতিয়া সোনকালে।
শ্ৰীমতীৰ কলিজা দংশন কৰা উত্তৰত একো নামাতি খৰখেদাকৈ নামি বাইক ষ্টাৰ্ট দিলোঁ।
টিনত পোৱা মটৰ কোনোমতে বিচাৰি উলিওৱাৰ সময়তে মোবাইলৰ বিপ্ বিপ্ শব্দত,
কৰ্ণফ্ল’ৰ, পিঠাগুৰি, গাজৰ, বিলাহী, চ্চীজ, এগপ্লেণ্ট, পিপাৰ, পেষ্টো, বাটন্ মাছৰুম আদি সামগ্ৰীৰ নামেৰে ভৰপূৰ লিষ্ট এখন মোৰ চকুৰ আগত ভাঁহি উঠিল। মানিবেগটো চুই চালোঁ, শুকাই একেবাৰে তৰাং নৈখনৰ লেখীয়া হৈছেগৈ।
ঘড়ীটোলৈ চাই যিমান পাৰোঁ সিমান সোনকালে ঘৰলৈ উভতিলোঁ।
টাৰ্গেট দুই বজা!
লাহেকৈ গেটখন খুলি ভিতৰ সোমাবলৈ লওঁতে দেখিলোঁ, শ্ৰীমতী একেবাৰে উৎকণ্ঠিত চেহেৰাৰে গে’টৰ পিনে চাই আছে।
: সকলো পালেনে?
শ্ৰীমতীয়ে প্ৰথম মহলাৰ বেলকনিৰ পৰাই চিঞৰি সুধিলে।
মহাসাগৰৰ অটল সমুদ্ৰত মাণিক বিচাৰি পোৱাৰ দৰে সোঁহাতৰ তৰ্জনী আৰু মধ্যমা আঙুলি দুটা ইংৰাজী V আখৰৰ দৰে কৰি দাঙি ধৰিলোঁ। নক’লোঁ আৰু এইহেন লকডাউনৰ সময়ত দুঘণ্টাৰ বাবে খোলা দিয়া দোকানৰ সমুখত লাইনত কি অৱস্থা হয়। আফ্টাৰ অল্ কম্পিটিশ্যনৰ কথা!
বেগটো আনি শ্ৰীমতীৰ হাতত তুলি দিলোঁ। পুৱাই নেমুটেঙাৰ পানী পৰা পেট, তাতে আকৌ ঠেলা-হেঁচা কৰি সামগ্ৰী গোটোৱা পৰ্ব, সকলো মিলি সহজ ভাষাত “পেট ম্যে চুহা দৌৰ ৰহা হ্যে।”। শ্ৰীমতীৰ মুখলৈ চালোঁ, গভীৰ চিন্তান্বিত। তেওঁৰ পৰা ব্ৰেকফাষ্টৰ আশা এৰিলোঁ। হাত মুখ ধুই নিজে চিৰা কেইটামান ধুলোঁ, দুয়োৰে বাবে। ভাগ্যে ছোৱালীজনী এতিয়া মামাকৰ ঘৰত। মামীয়েকে লৈ গৈছে চায়েন্স আৰু মেথছ্খিনি চাই দিবৰ বাবে।
শ্ৰীমতীলৈ চালোঁ, এখন হাতেৰে কাণত ফোন ধৰি কাৰোবাৰ লগত কথাত আৰু আনখন হাতেৰে লেপটপত গুগলত কিবা চাৰ্চ কৰাত সাংঘাতিকৰূপে ব্যস্ত। চিৰা আৰু গাখীৰেৰে ভৰা বাটিটো তেওঁৰ সম্মুখত থৈ নিজৰ ভাগৰখিনি খাবলৈ ল’লোঁ। ফোনটো কাণৰ পৰা আঁতৰাই এইবাৰ লেপটপৰ স্ক্ৰীণত চকু ৰাখিয়েই এবাৰ ৱালৰ ঘড়ীটোলৈ চাই পটাপট বাটিৰ চিৰা শেষ কৰাত লাগিল।
অলপ সময়ৰ পিছতে, আৰ্কিমিডিছৰ দৰে ইউৰেকা ইউৰেকা বুলি নিচিঞৰিলেও শ্ৰীমতীৰ মুখৰ অভিব্যক্তি দেখি গম পালোঁ তেওঁ যে বিচাৰি থকা বস্তুটো পালে।
: হেৰি, মই যে ফেচবুকৰ নাৰী জাতিৰ অভ্যুত্থানৰ অৰ্থে খোলা গ্ৰুপ এটাৰ মেম্বাৰ, সেয়াটো আপুনি জানেই। আজি তাতে এটা কম্পিটিশ্যন হ’ব। কম্পিটিশ্যনটো হৈছে ৰাহি হোৱা খাদ্য বা আমি সচৰাচৰ পেলনীয়া বুলি ভাবি পেলাই দিয়া খাদ্য সামগ্ৰীৰে তৈয়াৰী ব্যঞ্জন।
মই কিবা কোৱাৰ আগতেই তেওঁ কৈ গ’ল। লগে লগে মোৰ মনত পৰিল সৰুতে মায়ে ৰন্ধা পানীলাউৰ বাকলি ভাজি আদিৰ দৰে ব্যঞ্জন। লগে লগে মই মুখ মেলিলোঁ,
: হেৰা সৰুতে মায়ে আমাক ৰঙালাউৰ বাকলি, পানীলাউৰ বাকলি আদিৰ ভাজি খুৱাইছিল।
: আপুনি কোনটো শতিকাৰ মানুহহে। ইমান ডাঙৰ কম্পিটিশ্যনত মোক সেই ‘ঘাটিয়া’ আইডিয়া দিবলৈ আহিছে। যত সৱ সেই ঘোকাট গাঁৱৰ প্ৰভাৱ।
শ্ৰীমতীয়ে পৰম বিৰক্তিৰে কোৱা কথাত একো মাত নামাতিলোঁ।
: হেৰি এতিয়া উঠক। মই ৰেছিপিটো কৈ যাম আপুনি কৰি যাব।
শ্ৰীমতীৰ কথাত মোৰ ভৰিৰ তলৰ মাটিখিনি অলপ পৰৰ বাবে কঁপি উঠা যেন লাগিল।
: কি হ’ল? একেথিৰে বহি ৰ’ল যে! আহক আহক, সময় বৰ কম।
ইতিমধ্যে গোটেই সামগ্ৰীৰ দোকানখন (?) ডাইনিং টেবুলৰ ওপৰত। লাহেকৈ উঠি গ’লোঁ।
: হেৰা ৰুটি দেখোন! ইয়াৰে কি কৰিবা? ছেঃ গমেই নাপালোঁ নহয়, ইবিধ নাই যেতিয়া খাবয়ে পাৰিলোঁহেঁতেন অকণমান চেনি মাজত লৈ।
শ্ৰীমতীয়ে ৰুটি তিনিখনৰ ওচৰত কেচি এখন লৈ কিবা জোখমাখ কৰি থকা যেন দেখি মাত লগালোঁ।
: উফ্, কিনো কৈ আছেহে! এটা কাম কৰকচোন, ৰুটি তিনিখন সমানে দুভাঁজ কৰক।
: কৰিলোঁ।
: এতিয়া দুভাঁজ কৰা ৰুটি তিনিখন পুনৰ দুভাঁজ কৰকচোন।
: উম কৰিলোঁ।
: বঢ়িয়া। এতিয়া ত্ৰিভুজ আকাৰ আকাৰ হ’ল নহয়। এতিয়া কেঁচিৰে কাটি লওক।
শ্ৰীমতীৰ নিৰ্দেশ দিয়া মতে ৰুটি কেইখন ত্ৰিভুজ আকাৰত কাটি উলিয়ালোঁ।
একেবাৰে ত্ৰিভুজ আকৃতিৰ সৰু সৰু টুকুৰা।
মই ধৰিবই পৰা নাই সুন্দৰ ৰুটি কেইখনৰ অৱস্থা কি হ’বলৈ গৈ আছে।
শ্ৰীমতীৰ ফালে চালোঁ, তেওঁ সিদ্ধ কৰি লোৱা আলু, আৰু মটৰ পিটিকি আছে।
: হেৰি বাটন মাছৰুমখিনি অলপ সৰহকৈ দিয়া পিয়াঁজ আৰু 155 গ্ৰাম বিলাহীৰ লগত ভাজকচোন। এতিয়া তাত 40 গ্ৰাম আদা-নহৰুৰ পেষ্টখিনি দিয়ক। বঢিয়া। কেঁচা জলকীয়া পাঁচটাও নহয় ছটা দীঘলকৈ কাটি দিবলৈ নাপাহৰিব।
শ্ৰীমতীৰ মুখৰ পিনে চালোঁ, কি হ’বলৈ গৈ আছে তেওঁহে জানে!
কালিও সেই নতুন ‘সম্পদ’বিধ মানে আইফোনটো অনাৰ নামত কমখন প্ৰিপাৰেশ্যন গৈছেনে। হৰেক ৰকমৰ খাদ্য, তাৰপিছত ডিনাৰ ছেটত সজোৱা আৰু তাৰপিছত ফটো ছেশ্যন, কিমান দীঘল পৰিক্ৰমা! কালি অতিক্ৰম কৰি আহিছোঁহে।
: হেৰি হ’লনে? তাত অলপ ছয়া চছ, জলকীয়াৰ গুৰি আৰু টমেট’ চছ মিহলাওক। হ’ব আৰু বেছি কাঢ়াকৈ ভাজিব নালাগে। এতিয়া তাত এই আলু আৰু মটৰৰ পিটিকাখিনি দি ভালদৰে লৰাওক। গেছ বন্ধ কৰক আৰু অকণমান এইফালে আহক। ওপৰত অকণমান জালুকৰ গুৰি ছটিয়াই দিছে নহয়।
একো নামাতি শ্ৰীমতীৰ ওচৰলৈ গ’লোঁ।
: হেৰি, মই কৈ থাকিম আৰু আপুনি সকলোখিনি মই কোৱা মতে ইয়াত মিহলাই যাব।
কথাখিনি কৈ প্ৰকাণ্ড কাঁচৰ বাটি এটা মোৰ পিনে আগবঢ়াই দিয়া শ্ৰীমতীৰ কথামতে মই সাজু হ’লোঁ।
শ্ৰীমতীৰ নিৰ্দেশ অনুসৰি বাটিটোত 54 গ্ৰাম কৰ্ণফ্ল’ৰ, 28 গ্ৰাম পিঠাগুৰি, 108 গ্ৰাম ময়দা আৰু লগতে চাহচামুচৰ হিচাপত এচামুচকৈ জিৰা, ধনিয়া, গৰম মছলা, কচুৰী মেথী, চাট মচলাৰ গুৰি, কাশ্মিৰী মিৰ্চ আদিৰ গুৰি জোখত মিহলাই লৈ, 298 মিলিলিটাৰ হিচাপত পানী মিহলাই ঘোল এটা প্ৰস্তুত কৰিলোঁ।
শ্ৰীমতীৰ মুখৰ পিনে চালোঁ, অভিব্যক্তিয়ে কয় তেওঁ সন্তুষ্ট।
মই এইবাৰ একেথিৰে চাই ৰ’লোঁ। ত্ৰিভুজ আকৃতিৰ ৰুটি এটুকুৰা ওপৰত পিটিকাখিনি চামুচেৰে হেঁচা মাৰি তাৰ ওপৰত এখন চ্চীজৰ শ্লাইচ দি আন এখন ত্ৰিভুজাকাৰ খণ্ডেৰে হেঁচা দি তাৰপিছত অলপ আগেয়ে জোখত প্ৰস্তুত কৰা ঘোলত লেটিয়াই কেৰাহীত গৰম কৰা তেলত ডুবাই ডুবাই ভাজিলে।
মই মাথোঁ প্ৰত্যক্ষ কৰি থাকিলোঁ কাৰণ সকলো মোৰ মগজুয়ে ঢুকি পোৱাৰ পৰিসীমাৰ বাহিৰত।
ইয়াত ৰাহি হোৱা বা পেলনীয়া বস্তু কি বুজিবৰ বাবে বহুত চেষ্টা কৰিলোঁ।
: হেৰা, তুমি তেতিয়া কম্পিটিশ্যনৰ টপিকটো ভুলকৈ দেখা নাইতো? মানে কিবা ৰাহি হোৱা বা সাধাৰণতে পেলনীয়া বুলি ভবা বস্তুৰে প্ৰস্তুত কৰা ডিশ্ব নাছিল জানো?
একপাকত মনৰ খুদুৱনিক দমাই ৰাখিব নোৱাৰি সুধিয়েই পেলালোঁ।
: ওম, সেয়াই। ইয়াত কালিয়েই খাবলৈ বনোৱা কিন্তু ফ্ৰীজত নোখোৱাকৈ থাকি যোৱা ৰুটিৰ সদব্যৱহাৰ কৰিছোঁ।
বিলাহী এটা ফুলৰ আকৃতিত কাটি পৰিৱেশন কৰিবলগীয়া থালখনত সজাই থকাৰ পৰা শ্ৰীমতীয়ে মাত লগালে।
মোৰ নিচিনা অঁকৰা এটাকনো ইয়াতকৈ আৰু কি বেছি ভালকৈ বুজাব! নাই, মই মূৰ ঘূৰাই নপৰিলোঁ। মূৰ ঘূৰাই পৰিবলৈ হ’লে মগজুৱে ঢুকি পোৱা হ’ব নালাগিব জানো!
যোৱা বছৰ গুজৰাট ভ্ৰমণত যাওঁতে আহমদাবাদত কিনা এখন সুন্দৰ টেবুল ক্লথেৰে টেবুল এখনৰ ওপৰৰ ভাগ ঢাকি দিলে। এতিয়া ৰাহি হোৱা বস্তুৰে(?) প্ৰস্তুত কৰা খাদ্যখিনি সজাই দি মোৰ ফালে চাই ইংগিত দিলে।
কলেজত থাকোঁতে ফটোগ্ৰাফীত প্ৰাইজ পোৱাৰ সুবাদতে এতিয়া ফাইনেল কামখিনি মোৰ ভাগত। এংগল মিলাই চাৰিওফালৰ পৰা ক্লিক কৰি গ’লোঁ, আফটাৰ অল্ পেলনীয়া বুলি ভবা বস্তুৰে তৈয়াৰী “স্পেছিয়েল ‘ডিশ্ব “!
এতিয়া মাথোঁ অপেক্ষা আৰু অপেক্ষা। সন্ধিয়া সাত বজাত ৰিজাল্ট ওলাব, শ্ৰীমতীৰ উৎকণ্ঠাভৰা মনক বাৰে বাৰে সাহস দিছোঁ।
সন্ধিয়া চাদৰ ওপৰত অকণমান খোজ কৰাৰ অভ্যাস এটা লকডাউনৰ পৰা গঢ় লৈ উঠিছে যদিও আজি এই উত্তেজনাপূৰ্ণ মুহূৰ্তত শ্ৰীমতীক অকলে এৰিবৰ মন নাই, তথাপি সোনকালে খোজ কঢ়াটো শেষ কৰি সাত বজাৰ আগে আগে ঘূৰিম।
হাতৰ ঘড়ীটোলৈ চাই ফটাফট খোজ কাঢ়ি আছোঁ। হঠাতে বাজি উঠা ফোনটোৰ স্ক্ৰীণত হাইস্কুলীয়া দিনৰে বন্ধু এজনৰ নাম ভাঁহি উঠিল। লগে লগে ৰিচিভ কৰি ব্যস্ত হ’লোঁ কথা পতাত। ছোৱালী জোকোৱাৰ পৰা আৰম্ভ কৰি সংসাৰ পতালৈ বাৰে ভচহু কথা। কথাত মচগুল হৈ থাকোঁতে মনত পৰিল সাত বজাৰ কথা।
ঘড়ীটোলৈ চালোঁ সাতটা দহ। ইচ্, বৰ বেয়া হ’ল। লগৰজনক জৰুৰী কাম এটা থকা বুলি ফোনটোৰ সংযোগ বিচ্ছিন্ন কৰি দৌৰাদৌৰিকৈ নামি আহিলোঁ।
দৰ্জাখন লাহেকৈ খুলি ভিতৰ সোমোৱাৰ লগে লগে ভাঁহি আহিল উচুপনিৰ শব্দ।
অহ! কি বা হ’ল, মনটো বেজবেজাই গ’ল। উচুপনিৰ শব্দ অনুসৰণ কৰি বেডৰূম পালোঁগৈ।
শ্ৰীমতী বিছনাত পেট পেলাই তলমূৰকৈ শুই উচুপি আছে। বুজি পালোঁ সকলো। লাহেকৈ তেওঁৰ চুলিকেইডাল মোহাৰি দিলোঁ আৰু কি বুলি সান্ত্বনা দিম বুলি ভাবি থাকোঁতে তেওঁ উঠি বহি আৰু বেছিকৈহে কান্দোনত ভাগি পৰিল।
: হেৰা নাকান্দিবাচোন। যি হ’ল, হ’ল আৰু!
সান্ত্বনা দিবলৈ মুখখন মেলি কথাষাৰ শেষ নৌহওঁতেই শ্ৰীমতী জকজকাই উঠিল।
: প্ৰাইজ কোনে পালে জানে?
শ্ৰীমতীয়ে ৰঙা পৰা দুচকুৰে মোলৈ চাই সুধিলে ।
: কোনেনো?
জানিবলৈ প্ৰবল ইচ্ছা থাকিলেও ভাৱ প্ৰকট নকৰাকৈ সুধিলোঁ।
: আমাক গাখীৰ দিয়া গুৱালৰ ঘৈণীয়েকে! তাই কলডিলৰ যে পেলাই দিয়া বাকলিবোৰ থাকে তাৰে কিবা সুস্বাদু চাটনি তৈয়াৰ কৰিছিল আৰু লগত জিকাৰ বাকলিৰে প্ৰস্তুত কৰা কিবা খাদ্য। স্বাস্থ্যকৰ হেনো! ছিঃ আইটেম বনোৱাৰ সামগ্ৰী নাচাই কিয়! বিচাৰকবোৰ হেনো ইমপ্ৰেছ হৈ গৈছিল, অত্যন্ত কম আৰু সাধাৰণতে ঘৰতে পোৱা বস্তুৰে বনোৱা বাবে।
সেইবোৰ ষ্টেণ্ডাৰ্ড নথকা চাগে! এনেকুৱা ষ্টেণ্ডাৰ্ড নথকা মানুহ গ্ৰুপটোত থকা বুলি জনাই নাছিলোঁ। নহ’লে সেই ষ্টেটাচ নিমিলা গ্ৰুপটোত জইনেই নকৰিলোঁহেঁতেন।
দুগুণ জোৰেৰে উচুপি উচুপি শ্ৰীমতীয়ে কৈ উঠিল।
মুখেৰে একো নামাতিলোঁ। কি নো ক’ম! মইহে জানো যে গাখীৰ দিয়া ল’ৰাটো আৰু তাৰ ঘৈণীয়েক বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰীধাৰী, দুয়ো “লাগি থাকিলে মাগি নাখায়” কথাষাৰ মানি চলা চৰিত্ৰৰ।
তথাপিও মনৰ কথা মনতে ৰাখি শ্ৰীমতীক ক’লোঁ,
: হেৰা, একো নহয় দিয়া আৰু হ’ব নহয় এনে কম্পিটিশ্যন। তেতিয়া পূৰা প্লেনিং কৰি ৰেডী হ’লেই হ’ল। মই নিশ্চিত তুমিয়েই জিকিবা তেতিয়া। এতিয়া উঠাচোন , চাওঁ আৰু নাকান্দিবা।
মোৰ কথাত সাহস পাই ৰঙা পৰা চকুহাল মোহাৰি মোহাৰি, শেষত ওঁঠত মিচিকিয়া হাঁহি এটা বিৰিঙাই শ্ৰীমতীয়ে লাহেকৈ ক’লে,
: পৰহিলৈ আছে আৰু এটা কম্পপিটিশ্যন, এই একে টপিকৰ ওপৰত অইন এটা গ্ৰুপত। পিচে আপুনি লগত আছে যেতিয়া চিন্তা নাই।
শ্ৰীমতী ইতিমধ্যে লেপটপ খুলি পৰহিলৈ ৰেডী হোৱাত ব্যস্ত আৰু মই!
মোৰ মগজুত এতিয়া একাদিক্ৰমে লিষ্ট, দোকানৰ আগত লাইন, ঘাম, প্ৰত্যেক উপাদানৰে সঠিক জোখমাখ, মছলা গুৰি, পিয়াঁজ কাটিলে ওলোৱা চকুপানী, আদা-নহৰুৰ পেষ্টৰ গ্ৰামৰ হিচাপ আদিৰ অগাদেৱা। হেতা লৰোৱা, বিভিন্ন ডিজাইনত সজোৱা আৰু শেষত ফটো ছেশ্যন। আকৌ সেই একে দীঘলীয়া পৰিক্ৰমা!
মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈয়ো চাগে ইমান চিন্তা কৰিবলগা নহয়!
লাহেকৈ চকু দুটা মুদি অলপপৰ ৰ’লোঁ। এইবাৰ কিন্তু সকলো কথা মোৰ মগজুয়ে ঠিকেই ঢুকি পাইছে।
গতিকে!
মূৰ ঘূৰাই পৰিম চাগে! তাৰমানে কিছুপৰ চিন্তাৰ পৰা অব্যাহতি!
লাহেকৈ চকুদুটা মুদি বিছনাত পৰিলোঁ আৰু অপেক্ষা কৰিলোঁ সেই সোণালী ক্ষণলৈ।
অলপপৰ পিছত মোৰ চাৰিওফালে অনুভৱ কৰিলোঁ অটল সমুদ্ৰৰ পৰা ভাঁহি অহাৰ দৰে কিছুমান শব্দ,
হেৰি…এইবাৰ…বঢ়িয়া…ষ্টেণ্ডাৰ্ড..থকা…..ৰেছিপি…পাইছোঁ… কি… কি… আইটেম …। মই চকুদুটা জোৰেৰে মুদি দিলোঁ। ক্ৰমান্বয়ে কাণত পৰা শব্দবোৰ সৰু হৈ আহিল আৰু সৰু…, আৰু সৰু…।
☆ ★ ☆ ★ ☆
11:22 pm
ভাল হৈছে লিখনিটো
10:55 pm
খুব ভাল লাগিল৷