ফটাঢোল

ব্যংগ চিনেমাৰ শক্তিশালী পৰিভাষা : নিউটন-নয়নমণি হালৈ

২০১৭ চনত মুক্তি পোৱা পৰিচালক অমিত মাচুৰকাৰৰ ‘নিউটন’ চিনেমাখন এখন সাৰ্থক ব্যংগ চিনেমা৷ সাহিত্যৰ নিচিনাকৈ চিনেমাতো সমাজ সংস্কাৰ, দায়বদ্ধতা আৰু মানুহৰ মনত জাগৰণ আনিবলৈ ব্যংগই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ চিনেমা জগতৰ কিংবদন্তী পুৰুষ চাৰ্লি চেপলিনৰ চিনেমাৰ পৰিভাষাও আছিল মূলতঃ ব্যংগ৷ হাঁহিৰ চলেৰে তেওঁ মানুহলৈ বাৰ্তা পঠিয়াব পাৰিছিল। সম্প্ৰতি বলিউডতো এনে বহুতো হাস্যব্যংগ চিনেমা নিৰ্মাণ হ’বলৈ ধৰিছে, যাৰ বিষয়বস্তু অতিকে স্পৰ্শকাতৰ অথচ ব্যংগৰ মাধ্যমেৰে তাক তচনচ কৰি দিয়া হৈছে৷ ‘নিউটন’ এনে এখন চিনেমা৷ এইখন চিনেমাই ভাৰতীয় গণতন্ত্ৰৰ সৌন্দৰ্যশালী ৰূপটোৰ আঁৰৰ পয়ালগা ছবি এখন উন্মোচন কৰি দিছে শক্তিশালী ব্যংগ মাধ্যমেৰে৷ 

ভাৰতৰ সংবিধানে ভাৰতীয় নাগৰিকৰ বাবে যি ছয়টা মৌলিক অধিকাৰ অৰ্পণ  কৰিছে, তাৰ প্ৰথমটোৱেই হৈছে ‘সমতাৰ অধিকাৰ’। অৰ্থাত্‍ দেশৰ প্ৰতিজন নাগৰিক সমান, প্ৰতিজনৰে সমান অধিকাৰ। কিন্তু বাস্তৱত এয়া সম্ভৱ হৈ উঠিছেনে! প্ৰতিজন নাগৰিক, প্ৰতিটো অঞ্চল, প্ৰতিটো সম্প্ৰদায়, জনজাতি, আদিবাসী, অৰণ্যবাসী সকলোৱে সংবিধান প্ৰদত্ত মৌলিক অধিকাৰসমূহ ভোগ কৰিব পাৰিছেনে! সকলোৰে বাবে শিক্ষা, স্বাস্থ্য, বাসস্থান, খাদ্য এয়া সম্ভৱ হৈ উঠিছেনে! অথচ আমাৰ দেশৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাই সুদীৰ্ঘ সত্তৰটা বছৰ অতিক্ৰম কৰিছে৷ পৃথিৱীৰ ভিতৰতে সুন্দৰ আৰু বৃহত্তম গণতান্ত্ৰিক দেশ এখনত আমাৰ জনপ্ৰতিনিধিসকলে দেশৰ প্ৰতিটো স্তৰৰ নাগৰিকৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিছেনে! যদি পৰা নাই তেন্তে কোৰোণটো ক’ত! কিয় সময়ে সময়ে এই দেশৰ একোটা প্ৰজন্মই বিদ্ৰোহ ঘোষণা কৰিব লগা হৈছে! কিয় হাতত বন্দুক তুলি ল’ব লগা হৈছে তথাকথিত গণতান্ত্ৰিক চৰকাৰৰ বিৰুদ্ধে! নিউটন ছবিখনত এইসমূহ প্ৰশ্নৰ উত্তৰ নাই, কিন্তু এই প্ৰশ্নসমূহ সঠিকভাৱে অৱতাৰণা কৰা হৈছ। আৰু প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিবলৈ দৰ্শকক এৰি দিয়া হৈছে।  

এনে এটা ৰাজনৈতিকভাৱে সংবেদনশীল বিষয়বস্তুৰ চিনেমাখন হাস্যব্যংগৰ মাধ্যমেৰে আগুৱাই লৈ যোৱা সহজসাধ্য নাছিল, কিন্তু এখন শক্তিশালী চিত্ৰনাট্য আৰু অভিনয়ৰ বাবে সেয়া সম্ভৱপৰ হৈ উঠিছে৷ তৰল যেন লগা অথচ তীক্ষ্ণ সংলাপে এইখন চিনেমাক এখন শক্তিশালী ৰাজনৈতিক ব্যংগ চিনেমা কৰি তুলিছে৷ চিনেমাখনৰ প্ৰায় প্ৰতিটো দৃশ্য আৰু সংলাপতে লুকাই আছে ধাৰাল কটাৰীৰ দৰে শানিত ব্যংগ আৰু ক’ৰবাত আমাৰ গণতন্ত্ৰৰ ফোপোলা স্বৰূপ এটা দুখ লগাকৈ উদং হৈ পৰিছে৷ 

এইবাৰ আহো চিনেমাৰ কাহিনীলৈ। চিনেমাৰ নায়ক, যাৰ নাম ‘নিউটন’, তেওঁ এজন সহজ-সৰল ‘ইমানদাৰ’ যুৱক (ৰাজকুমাৰ ৰাও), যাক নিৰ্বাচনী ভোটগ্ৰহণ কেন্দ্ৰ এটালৈ প্ৰিজাইদিং অফিচাৰ হিচাপে পঠিয়াই দিয়ে। কিন্তু ভোটগ্ৰহণ কেন্দ্ৰটো য’ত অৱস্থিত, সেয়া দণ্ডকাৰণ্যৰ নক্সাল অধ্যুষিত এলেকা। য’ত মাত্ৰ কেইজনমান ভোটাৰ আছে আৰু নামতহে তাত ভোটগ্ৰহণ কেন্দ্ৰ এটা আছে৷ চৰকাৰী সেনা আৰু মাও বিদ্ৰোহীসকলৰ ছায়াযুদ্ধই কেইবাটাও দশক ধৰি দেশ অস্থিৰ কৰি ৰখাৰ খবৰ আমি সকলোৱে জানো। গতিকে তালৈ নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ যোৱা মানে স্বাভাৱিকতে এজন সাধাৰণ ব্যক্তিয়ে জীৱটো হাতৰ মুঠিত লৈ যোৱা। কিন্তু নিউটনে কোনোপধ্যে দায়িত্বৰ পৰা গা-এৰা দিব নোখোজে। ইয়াৰ আগতে আমি দেখিবলৈ পাওঁ‌ যে নিউটনৰ ঠাইত যিজন ব্যক্তিৰ তাত দায়িত্ব পৰিছিল তেওঁ ইতিমধ্যে ঠাইৰ নাম শুনিয়ে চিকিত্‍সকৰ ভুৱা নিদানপত্ৰ দেখুৱাই তাৰ পৰা অব্যাহতি লৈছে। নিউটনে নতুনকৈ চাকৰিত জইন কৰিছে, তাৰোপৰি তেওঁৰ আছে সমাজ শুধৰণিৰ অদম্য ইচ্ছা৷ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাবলৈ কোনো ৰাস্তা-ঘাট নাই, নিউটনকে ধৰি আন দুজন প’লিং বিষয়াক হেলিকপ্তাৰেৰে লৈ যোৱা হয়, তাৰ পৰা আঠ কিঃমিঃ অৰণ্যৰ মাজৰ ৰাস্তাৰে লৈ গৈ তাত  তেওঁলোকক সেনাৰ চাউনি এটাত নি ৰখা হয়। ইয়াৰ পৰাই আৰম্ভ হয় কাহিনীৰ চোক৷      

সেনা বিষয়া আত্মা সিং (পংকজ ত্ৰিপাঠী)ৰ মতে যি কৰিব লগা আছে ইয়াতেই কৰ, চাহ নাস্তা খাই ঘৰলৈ গুচি যা। কাগজে-পত্ৰই ভোটদান দেখুৱাই দিয়া হ’ব। এনেও তাত কোনেও ভোট দিবলৈ নাহে, কাৰণ মাওবাদী বিদ্ৰোহীয়ে নিৰ্বাচন ‘বয়কট’ কৰিছে। তাৰ মানুহে কি নিৰ্বাচন, কি ভোট এইবোৰ একো নাজানে। গতিকে এই ডেকা বয়সতে জীৱনটো বাজি লগাই তাত যোৱাৰ কোনো সকাম নাই। কিন্তু নিউটন কোনোপধ্যে মান্তি নহয়। তেওঁ কোনোধৰণৰ অনিয়মক প্ৰশ্ৰয় দিব নোখোজে। তেওঁক যি দায়িত্ব দিয়া হৈছে, সেয়া নকৰাকৈ তেওঁ ঘূৰি নাযায়। অৱশেষত সেনাৰ এটা প্লেটুন, দুজন স্থানীয় ‘ছাৰেণ্ডাৰ মাওবাদী’, যিয়ে চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰি সেনাৰ হৈ কাম কৰি আছে আৰু প্ৰয়োজনত নিজৰে জ্ঞাতি-ভাইৰ বিৰুদ্ধে অস্ত্ৰ লৈছে (ঠিক আমাৰ একালৰ ছালফাৰ দৰে), দুজন প’লিং অফিচাৰ আৰু এগৰাকী স্থানীয় বুথ কৰ্মী মাল্কো (অঞ্জলি পাটিল, এইটোৱে চিনেমাখনৰ মূল নাৰীচৰিত্ৰ)ক লৈ আৰম্ভ হ’ল যাত্ৰা।

আৰু ভোটগ্ৰহণ কেন্দ্ৰত কি হ’ল! চৰকাৰ আৰু মাও বিদ্ৰোহীৰ মাজৰ যি ছায়াযুদ্ধ আজিও চলি আছে, তাৰ ভুক্তভোগী হৈছে কোন! তাত আমি দেখিবলৈ পাওঁ‌ আধুনিক শিক্ষা আৰু ধ্যান-ধাৰণাৰ পৰা শতযোজন দূৰত অৱস্থান কৰা এজাক মানুহক। বাহিৰৰ প্ৰযুক্তি, যান্ত্ৰিক কোলাহল, ম’বাইল, টিভি, গাড়ী-মটৰ এইবোৰৰ বিলাসত উটি গৈছে দেশৰ চহৰবোৰ, অথচ একেই দেশৰ একেই নাগৰিক যি নিৰন্ন, উন্নয়নৰ নামত আঁচ এডালো য’ত পৰা নাই। এয়া যেন আমাৰ ঘৰৰ কাষৰে আমি চাব নিবিচৰা আন এখন ছবি৷ উন্নয়ণৰ পৃথিৱীৰ এখন সম্পূৰ্ণ বিপৰীত ছবি। এয়া যেন আমাৰ দেশৰ গৰিমাময় গণতন্ত্ৰৰ ওপৰত এটা প্ৰচণ্ড চেকা। এয়া গণতন্ত্ৰৰ লজ্জা। বৃহত্‍ লজ্জা।

ধৰি বান্ধি ভোট দিবলৈ অনা সেই এমুঠিমান মানুহে ভোটিং মেচিন জীৱনত দেখাই নাই। এজনে সোধে,

: ভোট দিলে পইছা পাম নেকি? 

নিউটনে বুজায়,

: এয়া আপোনালোকৰ সাংবিধানিক অধিকাৰ। 

এজনে কয়,

 : ভোট দি আমাৰ কি লাভ হ’ব? 

নিউটনে কয়,

: আপোনালোকে ৰাস্তা-ঘাট, বিজুলী, পানী, সামাজিক ন্যায় এইবোৰ পাব৷ আপোনালোকে যাক ভোট দিব, তেওঁ‌ দিল্লীলৈ যাব আৰু আপোনালোকৰ কাৰণে এইবোৰ কৰিব।

আমোজনক কথাটো হ’ল নিউটনে যেতিয়া এইবোৰ কথা কৈ থাকে এজন দৰ্শকৰ দৃষ্টিত নিউটন এজন ‘জোকাৰ’ বনি গৈ থাকে আৰু কেনেবাকৈ অনিয়মৰ আশ্ৰয় লৈ কাগজে পত্ৰই কামটো কৰা দেখুৱাব খোজা লোকনাথ, আত্মা সিং আদি চৰিত্ৰহে দৰ্শকৰ চিনাকি হৈ উঠে। আৰু এয়াই হৈছে ‘নিউটন’ ছবিৰ সকলোতকৈ ডাঙৰ অথচ কৰুণ ব্যংগ।

নিউটনৰ ভাষণত যেতিয়া আত্মা সিং বিৰক্ত হৈ উঠে, তেতিয়া মুখ মেলি চাই থকা মানুহজাকক আত্মা সিঙে বুজায়,

: এই যে ভোটিং মেচিনটো দেখিছ এইটো এটা ‘খিলোনা’, ইয়াত হাতী আছে, চাইকেল আছে, গাজৰ আছে, মূলা আছে, লোটা আছে, নোটা আছে, তহঁ‌তে কেৱল ইয়াত টিপি দিব লাগে। 

শুনিবলৈ বেয়া হ’লেও আত্মা সিঙৰ সংলাপে আমাৰ নিৰ্বাচনী ব্যৱস্থাৰ আন এটা ফোঁ‌পোলা ৰূপ উদঙাই দেখুৱাই দিয়ে।   

মাওবাদী আৰু চৰকাৰৰ যুঁ‌জত বছৰৰ পিছত বছৰ এচাম মানুহে সকলো অধিকাৰৰ পৰা বঞ্চিত হৈ গৈছে, তেওঁ‌লোকৰ সকলো মৌলিক অধিকাৰ খৰ্ব কৰি কিদৰে তেওঁ‌লোকক দেশৰ ভিতৰতে অস্পৃশ্য কৰি তোলা হৈছে, ‘নিউটন’ত এয়া সুন্দৰকৈ প্ৰতিফলিত হৈছে৷ 

কিছুমান সৰু সৰু দৃশ্যাংশ আৰু সংলাপে পৰিচালকৰ গভীৰ সমাজবীক্ষা আৰু দায়বদ্ধতা ফুটাই তুলিছে উঠিছে। একমাত্ৰ নাৰী চৰিত্ৰ মাল্কোৱে এবাৰ জংঘলৰ ৰঙা পৰুৱা এটা মুখত লৈ কয়,

: আমি এইটোৰ চাটনি বনাই খাওঁ‌।

আচৰিত হৈ নিউটনে কয়,

: ইণ্টাৰেষ্টিং।

উত্তৰত মাল্কোৱে কয়,

: এইটো ইণ্টাৰেষ্টিং নহয়, ইণ্টাৰেষ্টিং এইটোহে যে আপোনালোক মাত্ৰ কেইঘণ্টামানৰ দূৰত্বত থাকে, অথচ আমাৰ বিষয়ে একো নাজানে। 

এটা ভুৱা এম্বুচ দেখুৱাই সেনাৰ দলটোৱে নিৰ্বাচনী বিষয়াসকলক ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা উলিয়াই আনে। কাৰণ সন্ধিয়াৰ পিছত তাত প্ৰাণৰ সংশয় আহে, আৰু আন্ধাৰত যুঁ‌জ দিবলৈ সেনাৰ হাতত নাইট ভিজন গ্লাছ নাই (হায়!)। আৰু যেতিয়া নিউটনে এই কথা গম পায়, তেতিয়া আত্মা সিঙে কয়,

: আপোনাৰ এই ‘তামাচা’ৰ বাবে মই মোৰ সাহসী জোৱানসকলক হেৰুৱাব নোখোজো। 

তেতিয়া নিউটনে কেৱল কয়,

: ‘তামাচা নহয় এয়া নিৰ্বাচন’৷ 

অথচ আমি গোটেই চিনেমাখনতে দেখা পাওঁ‌ নিৰ্বাচনী ব্যৱস্থাটোৱেই তাত কিদৰে ‘তামাচা’লৈ পৰিণত হৈ গৈছে।

ছবিৰ শেষত নিৰ্বাচনৰ ছয়মাহ পিছৰ তিনিটা দৃশ্যাংশ দেখুওৱা হৈছে, য’ত আমি দেখিবলৈ পাওঁ‌ সম্পূৰ্ণ জংঘল এখন নিঃশেষ কৰি খনন চলিছে, হুৰহুৰাই বুলডজাৰ আৰু ট্ৰাক চলি আছে। সেনাবিষয়া আত্মা সিঙে ঘৈণীয়েক, জীয়েকৰ লগত শ্বপিং কৰিছে আৰু মাল্কোৱে নিউটনক তেওঁ‌ৰ অফিচলৈ বিচাৰি গৈছে। নিউটনে মাল্কোক উত্‍সাহেৰে এখন মানপত্ৰ দেখুৱাইছে, যিখন তেওঁ‌ক সময়মতে অফিচত অহা আৰু সময়মতে অফিচৰ কাম সম্পাদন কৰা বাবে বিভাগটোৱে তেওঁ‌ক পুৰস্কাৰ স্বৰূপে দিছে। অৰ্থাত্‍ ছবিৰ একেবাৰে শেষ দৃশ্যতো পৰিচালকে খোঁ‌চ মাৰিবলৈ নেৰিলে। যিখন দেশত অনিয়মেই নিয়ম, মিছা কথা, দুৰ্নীতিয়ে য’ত নীতি, তাত কেৱল নিয়মত চলা বাবেই এজন মানুহক পুৰস্কৃত কৰা হৈছে! (ঠিক অলপতে যেনেকৈ ড্ৰাগছ বেপাৰীক ধৰা বাবে আমাৰ অসমৰে এজন গৃহৰক্ষীয়ে কনিষ্ঠবলৰ চাকৰি পালে৷) ইয়াতকৈ ডাঙৰ ব্যংগ আৰু কি হ’ব পাৰে!  

চিনেমা মানেই মনোৰঞ্জন৷ কিন্তু কিছুমান চিনেমাই মগজুত বহুত প্ৰশ্নৰ উদ্ৰেক কৰি থৈ যায়, চিন্তা কৰাবলৈ বাধ্য কৰায়৷ এনে চিনেমাই সমগ্ৰ চিনেমা মাধ্যমটোকে আচলতে সন্মানীয় পৰ্যায়লৈ লৈ যায়৷ 

‘নিউটন’ এনে এখন চিনেমা৷ হিন্দী ভাষাৰ শ্ৰেষ্ঠ চিনেমাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এই চিনেমাখন ‘অস্কাৰৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চিনেমা’ শিতানলৈও ভাৰতৰ পৰা মনোনীত হৈছিল।

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী

    ভাল লাগিল

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল পঢ়ি। সুন্দৰ ৰিভিউ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *