কৌতুক- ৰিণ্টুমনি দত্ত
দত্ত – তুমি জানানে, পৃথিৱীত তিনি ধৰণৰ মানুহ থাকে।
স্মিতা – মানে?
দত্ত – অঁ।
স্মিতা – কি কি?
দত্ত – একাংশই নিজে ভুল বুলি জানি ভুলটো স্বীকাৰ কৰি লয়। তেওঁলোকক কোৱা হয় সৎ।
আন একাংশই নিজে ভুল নে শুদ্ধ নিশ্চিত নোহোৱা বাবে নিজকে ভুল বুলি মানি লয়। এওঁলোক বুদ্ধিমান।
কিন্তু আন একাংশ এনেকুৱা মানুহ আছে যিসকলে নিজে এশ শতাংশ শুদ্ধ বুলি জনাৰ পাছতো একমাত্র শান্তিৰ বাবে ভুল মানি লয়।
স্মিতা – এওঁলোকক কি বুলি কয়?
দত্ত – গিৰীয়েক (HUSBAND)।
☆ ★ ☆ ★ ☆