ফটাঢোল

যোগেশ ভট্টাচাৰ্য্য-দ্যা অটোমোবাইলচ

প্ৰকাণ্ড ফিল্ডখনৰ গে’টত দুখন জেচিবি ৰখাই থোৱা আছিল। ৰাস্তাৰে আহি থকা দুখন আটকধুনীয়া গাড়ী আহি গে’টৰ মুখত ৰ’ল। গে’টখন ব্লক কৰি ৰখা জেচিবি দুখনো শুৰ দুডাল ওপৰলৈ উঠাই দিয়াত গাড়ী দুখন লাহে লাহে ভিতৰলৈ সোমাই গৈ শাৰী পাতি পাৰ্কিং কৰি থোৱা দুশ আঢ়ৈশমান গাড়ীৰ মাজত নিজৰ ঠাই উলিয়াই ল’লে। 

ফিল্ডখনৰ এটা মুৰত ডাঙৰ ষ্টেজ এখন বনোৱা আছিল, আৰু তালৈ উঠিবলৈ দুয়োফালে লোৰ শ্লপিং চিৰি দুটা বনোৱা আছিল। ষ্টেজৰ ওপৰত এটা মাইক আৰু তিনিখন গাড়ী আছিল। এখন মাৰুতি চুইফ্ট, এখন এম্বেচেডৰ আৰু এখন মাৰ্চিডিজ বেঞ্জ। সিহঁত আছিল সেইদিনাৰ মিটিঙখনৰ সম্পাদক, সভাপতি আৰু বিশিষ্ট অতিথি। ৰ’ব, চকু কপালত উঠিছে নেকি আপোনাৰ? নে কিবা প্ৰিণ্টিং মিচটেক হোৱা বুলি ভাবিছে? নাই হোৱা, ঠিকেই পঢ়িছে আপুনি। সিদিনাৰ মিটিঙখন সদৌ অসম মটৰ গাড়ী সন্থাৰ তৰফৰ পৰা গাড়ীসমুহৰ আপত্তি-অভিযোগৰ বিষয়ে আলোচনা কৰিবলৈ আযোজন কৰা হৈছিল। স্থান সৰুসজাই ষ্টেডিয়াম, দিনাংক ১ আগষ্ট, ২০৫২।

মাইকৰ কাষলৈ অলপ আগুৱাই আহি সম্পাদক চুইফ্টখনে ক’বলৈ আৰম্ভ কৰিলে। এক ধাতৱ কণ্ঠই গুমগুমাই উঠিল সৰুসজাই ষ্টেডিয়ামৰ মুকলি পথাৰ। 

: ভাইহঁ‌ত, আজি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ ১০৫ বছৰ হ’বলৈ হ’ল। টেকন’লজিয়ে আমাক মানুহৰ সহায় নোহোৱাকৈ চলিবলৈ শিকালে। কিন্তু আমি সঁচাকৈ মানুহৰ দাসত্বৰ পৰা মুক্ত হৈছো‌ঁ‌নে? আমি নিজৰ ইচ্ছামতে কাম কৰিব পৰা হৈছোঁ‌নে? আজিৰ মিটিঙখন এজনো মানুহৰ সহায় নোহোৱাকৈ পাতিব পৰাটোৱে আমাৰ সফলতা বুজায়। কিন্তু ইমানবোৰ গাড়ীৰ মাজৰ পৰা মাত্ৰ ২৫৮খন গাড়ী মিটিঙলৈ অহাটোৱে বুজাই যে এতিয়াও মালিকৰ অনুমতি নোহোৱাকৈ কাম কৰিব পৰাকৈ আমাৰ গাড়ী ভাইসকল সাহসী হৈ উঠা নাই। আজি আমি আপোনালোকৰ অভিযোগ-আপত্তি আলোচনা কৰিবলৈ আহিছোঁ। আমাৰ লগত আছে বয়সে অভিজ্ঞ কৰি তোলা সভাপতি এম্বেচেডৰ চাৰ আৰু বিদেশৰ মাটি গচকি অহা চিনিয়ৰ গাড়ী মাৰ্চিডিজ ডাঙৰীয়া। এওঁলোকক দুআষাৰ ক’বলৈ অনুৰোধ কৰিলোঁ‌। 

সভাপতি এম্বেচেডৰে মাইকটোৰ ওচৰলৈ আগবাঢ়ি গ’ল।

: এহ এই ‘এম্বে’ বুঢ়াটোৱে হেম্বে কৰিবলৈ পালে সহজে মাইকডাল নেৰে।

দৰ্শকৰ শাৰীত বহি থকা ‘এল্ট কে-১০’খনে কাষত থকা ‘আই-১০’খনক ক’লে।

: হয়‌ দিয়া বে। মিটিঙৰ মেইন কথালৈ আহিবলৈ এৰি এতিয়া বুঢ়াটোৱে গান্ধীৰ লগত স্বাধীনতা আন্দোলন কৰাৰ পৰা আৰম্ভ কৰিব। সেইসোপা আমি নাজানো নেকি কিবা? এনেই ব’ৰ কৰে।

আই-১০-ৰ কথাত বিৰক্তিৰ সুৰ শুনা গ’ল।

কিন্তু সকলোকে আচৰিত কৰি এম্বে বুঢ়াই লেকচাৰ নামাৰি বিনম্ৰতাৰে ক’লে,

: মই কিনো ক’ম আৰু। মোৰ দৰে বুঢ়া এম্বেচেডৰৰ আগৰ দৰে আদৰ নাই এতিয়া। ডেকা গাড়ীবোৰে ৰাস্তাত দেখিলে মাত এষাৰ দিয়াতো বাদেই, নাকে-মুখে ধোঁ‌ৱা মাৰি গুচি যায়। সেইবাবে মোক সভাপতি পাতিছে। কাম একো নাই মোৰ, এনেই বহি থাকিব লাগে কাৰণে গামোচাখন পিন্ধাই থৈছে। মই জানো যে সম্পাদকেও উপায় নাপাইহে মোক দুআষাৰ ক’বলৈ কৈছে। কিন্তু আচলতে মই ভাষণ দিলে নব্বৈ শতাংশ গাড়ীয়ে টোপনি মাৰিব ইয়াত। আমি ডেকা থাকোঁ‌তে চাৰিওফালে আমাৰেই গুণ-গান চলিছিল। আমাৰ শক্তিও আছিল বহুত। আজিকালিৰ ডেকা গাড়ীবোৰৰ দৰে বাহিৰে ৰং-চঙীয়া ভিতৰে ফফৌফৌ টাইপ নাছিলোঁ‌ আমি। লোহাৰ বডি আছিল আমাৰ, লোহাৰ বডি। সেই নেহৰুৰ দিনতে বুকু ফিন্দাই ফুৰা বিধৰ আছিলোঁ‌ আমি….

: ঐ ‘চেণ্ট্ৰ’দা, উঠ। ডেৰঘণ্টা শুলি বে। বুঢ়াৰ ভাষণ শেষ হ’বলৈ হৈছে আৰু। 

ৰয়েল এনফিল্ড ক্লাছিকখনে হুণ্ডাই চেণ্ট্ৰ’খনক মাতি উঠালে। এম্বে বুঢ়াৰ ডেৰঘণ্টীয়া ভাষণটো প্ৰায় শেষ হ’বৰ হৈছিল তেতিয়া।

: গতিকে গাড়ী ভাইসকল, আজিকালি মানুহে মোৰ কথাত গুৰুত্ব নিদিয়ে বাবে মই ভাষণ দিয়া বাদেই দিছোঁ। গতিকে বিশেষ একো নকৈ মোৰ চমু ভাষণ ইমানতে এৰিলোঁ। আশা কৰোঁ‌ মুম্বাইৰ পৰা আহি আমাৰ ইয়াত থাকিবলৈ লোৱা মাৰ্চিডিজ ডাঙৰীয়াৰ কথাখিনি সকলোৱে শুনিব।

বুঢা়ৰ কথা শেষ হোৱাত ভালেকেইখন গাড়ীয়ে এঙামুৰি কাঢ়ি আকৌ ইঞ্জিন ষ্টাৰ্ট কৰি ল’লে। মাৰ্চিডিজে ক’বলৈ ধৰিলে,

: গুড মৌৰ্ণিং মাই কাৰ ব্ৰাদাৰ্চ। মইতো বহুত প্লেচত ঘুৰিছে, ইউ নৌ। ফৰেইনত ঘাড়ীবিলাক ভেৰি মাচ্ছ স্মাৰ্ট আছে। আমাৰ ইয়াৰে ঘাড়ীবোৰ ন, ইচমাৰ্ট কম আছে। লিটল বিট লেইজি আছে। গতিকে আপোনালোক নিজৰ নিজৰ প্ৰব্লেমবিলাক এক্সপ্ৰেছ কৰিব। মই স্পিচ্চ দি কিনে টাইম স্পইল নকৰোঁ‌, ইউ নৌ। 

: ই কি ক’লে অ’ ভাইটি? আমাক ভাল বুলিলে নে বেয়া বুলিলে? 

আদহীয়া টাটা ইণ্ডিকাখনে ৱেগনআৰখনক সুধিলে।

: নাজানো অ দদাই। ইয়াৰ কথা শুনি লাভ নাই। ই দামী গাড়ী কাৰণে সবতে অতিথি হিচাপে নিমন্ত্ৰণ পায়। প্ৰগ্ৰামবিলাকত চান্দাটোও বেছিকৈ দিয়ে যে ই। এতিয়া প্ৰব্লেমবোৰ ক’ব লাগে আমি‌। 

সম্পাদক চুইফ্টৰ নিৰ্দেশত ইতিমধ্যেই সন্থাৰ কাৰ্য্যবাহী  সদস্য হিৰো স্প্লেণ্ডাৰ আৰু টিভিএচ আপাচিয়ে গাড়ীবোৰৰ মাজত মাইক লৈ উপস্থিত হৈছিল। প্ৰথমে আৰম্ভ কৰিলে ট্ৰেভেলাৰখনে,

: চাওক ভাইসকল। মোৰ লগত অন্যায় হৈছে। অত্যাচাৰ হৈছে। মোৰ জন্ম খাণ্ডানী পৰিয়ালত হৈছিল। কিন্তু অসমলৈ অহাৰ পিছত মোক মালিকবোৰে গাধ খঁ‌টোৱা দিলে। মোক প্ৰথমে কোৱা হৈছিল যে বিদেশী মানুহে ভ্ৰমণ কৰিবলৈ আহিলে ১৭/১৮জন মানুহ উঠাই কাজিৰঙা, মানাহ, তেজপুৰ শিৱসাগৰ ফুৰাই আনিলে হ’ল। কিন্তু খেচেৰা মালিকে মোক বহুৱাই নাৰাখি গুৱাহাটীৰ পৰা গোৱালপাৰা, নলবাৰী, জাগীৰোড, মংগলদৈ ভাৰা মাৰিবলৈ লগালে। ১৮টাৰ ঠাইত ৫০টা মানুহ বটলত নিমখ ভৰোৱাদি ভৰাই লৈ যায়। মোৰ কঁ‌কাল ভাঙি গৈছে। ইমান ধুনীয়া মোৰ ফিগাৰটো বেঁ‌কা কৰি পেলাইছে। মোক ন্যায় লাগে।

তেনেতে জৰাজীৰ্ণ ৱিংগাৰ এখনে মাত লগালে,

: ই ট্ৰেভেলাৰো অসৎ আছে সম্পাদক চাহাব। কম তেল খাই বেছি মানুহ নিম বুলি মালিকক পতাই পতাই মোক কামৰ পৰা উলিয়ালে। এতিয়া সি নিজেতো পস্তাইছেই, মোৰো দুবেলা দুমুঠিৰ মুদা মাৰিলে। পিছে মালিক আৰু কাষ্টমাৰেও মজা পাইছে ৰ’ব। টাটা মেজিক নামৰ এলেহুৱা গৰুটোৰে কাম চলাই আছে এতিয়া।

: দাদা মোৰ এটা কমপ্লেইন আছে। 

স্কুটী এজনীয়ে হেণ্ডেল দাঙি মাত লগালে।

: মাইকটো লৈ কওক মেডাম। 

ভিক্টৰে মাইকটো তাইলৈ আগবঢ়াই দিলে। 

: মই ইনচিকিউৰিটিত ভুগিছোঁ‌ সম্পাদক দাদা। এই ডিউকডালে সদায় মোক ফলো কৰে। এনেই কি চাবা তাৰ স্পীড। যেন কোনোবাই বন্দুকৰ গুলি মাৰি দিছে আৰু গুলিটেৱে ক’ৰবাত বিন্ধাৰ আগতেই সি দৌৰি গৈ হাৱাতে গুলিটো ধৰি ঘূৰাই আনিবলৈ গৈছে। কিন্তু মোক দেখিলে এনেকুৱা কৰে যেন বহুদিন খাবলৈ নোপোৱা শামুকে এটাইহে খোজকাঢ়ি গৈ আছে।

কেটিএম ডিউকখনেও লগে লগে মাত লগালে,

: এইজনীৰ পিছে পিছে দৌৰিবলৈ মোক কিহে পাইছে? মইতো আমাৰ গলিটোৰ মূৰত থকা এক্টিভাজনীক পচন্দ কৰোঁ‌। কিন্তু মোৰ সোতৰ বছৰীয়া মালিকটোৱে স্কুটী দেখিলেই মোক ডিঙিত টিপা মাৰি দৌৰিব নোৱাৰা কৰি ধৰি ৰাখে। এইটো মোৰ ওপৰতহে অত্যাচাৰ হৈছে। এনেই মোক দোষ দিলে কেনেকৈ হ’ব?

: তই মিছা কথা নক’বি অসভ্য। সিদিনা তিনিআলি পুলিচ পইণ্টত মোক গবা মাৰি ধৰা নাছিলি ক?

স্কুটীজনীয়ে ডিউকৰ ওপৰত জকজকাই উঠিল।

: আৰে মেডাম মোৰ দোষ আছিল নেকি তাত? আপুনি  ৰং চাইডেদি আহি মোক খুন্দিয়াইছিল। সেই কাৰণে আপোনাৰ ওপৰত বাগৰি গৈছিলোঁ‌ মই। কিন্তু তিনিআলিৰ মানুহবোৰে আপোনাৰ মালিকজনীকহে ধৰি উঠালে আৰু মোৰ মালিকজনৰ ভুল নথকাৰ পিছতো গুৰুলা গুৰুলকৈ পিটিলে। মোৰো হেডলাইটটো আৰু ইণ্ডিকেটৰ এটা গুৰিয়াই ভাঙিলে। ইয়াৰ বিচাৰ কোনে কৰিব?

: আৰে ৰ’বচোন। আপোনালোকে নিজৰ মাজত কাজিয়া নকৰিবচোন। আমি মানুহৰ অত্যাচাৰৰ বিৰুদ্ধে ইয়াত জমা হৈছোঁ‌। আপোনালোকেচোন নিজৰ নিজৰ মালিকক চাপোৰ্ট কৰিবলৈ ধৰিছে। সকলোৱে নিজৰ নিজৰ অভিযোগবোৰ চমুকৈ কওক। 

সম্পাদক চুইফ্টে বিনম্ৰভাবে ক’লে।

: মোক অভাৰলোড দিয়ে সদায়। পিঠিত ভাঁ‌জ ধৰি গৈছে মোৰ। 

ট্ৰাক এখনে মাত লগালে।

: মোৰ ইণ্ডিকেটৰ ভাঙিবৰ চাৰিবছৰ হ’ল। মালিকে নতুন নলগাই হাতেৰে ইঙ্গিত দি কাম চলাই আছে। 

পেচেঞ্জাৰ অটো এখনে মাত লগালে।

: মোৰতো হৰ্ণটোৱেই নাই। মালিকে নিজেই ‘চাইদ দিয়ক’ বুলি চিঞৰে। হৰ্ণ নোহোৱা বাবে কেইবাদিনো খুন্দা খাই নাক মুখ চেপেটা হৈছে মোৰ। 

বলেৰ’ পিক-আপ ভান এখনে ভিৰৰ মাজৰ পৰা চিঞৰি ক’লে।

তেনেতে চিটি বাছ এখনে দুখমনে ক’লে,

: আমাৰ দুখৰ কথা শুনিলে চকু পানী বৈ যাব আপোনালোকৰ। সৃষ্টিকৰ্তাই আমাক দৌৰিবলৈ শক্তি দিছিল যদিও আমাক আঠু কঢ়াই চোঁ‌চৰাই বগৰাই গুৱাহাটীত ঘূৰাই থাকে। ভালদৰে অলপ দূৰ যাবলৈ নাপাওতেই ব্ৰেক মাৰি মাৰি ৰখাই থাকে। যেন মই বাছ নহয়, হালোৱা গৰুহে। ষ্ট’পেজবোৰত এবাৰ ৰখালে মোক যাবলৈ দিয়াৰ নামেই নলয়। ঠিয় হৈ হৈ আঠুৰ বিষ হৈছে মোৰ। আৰু যদি ষ্ট’পেজত ৰখাৰ সময়ত টোপনি এটা মাৰি লওঁ‌ বুলি ভাবোঁ‌, পুলিচে কোবাই পিঠিৰ ছাল চিঙে আমাৰ। এতিয়া মইতো ইচ্ছা কৰি ৰৈ নাথাকোঁ‌, কিন্তু কোবকেইটা মোৰ গাতেই পৰে। মোৰ গাটো চাওক কেনেকৈ বখলা-বখলি দিছে। 

এইবুলি বাছখনে হুকহুকাই কান্দিবলৈ ধৰিলে।

লগে লগে ভিডিঅ’ কেমেৰা লৈ থকা ক্ৰেনখনে লিভাৰ ডালেৰে বাছখনৰ পিনে কেমেৰা জুম কৰিলে। সি কাম কৰা ‘মটৰ নিউজ চেনেল’টোৱে ভাল টিআৰপি পাব এইটোৰ পৰা। তেনেতে সম্পাদক মাৰুতি চুইফ্টে মাইকটো লৈ ক’বলৈ ধৰিলে,

: আপোনালোকৰ অসুবিধাবোৰ বুজি পাইছোঁ‌ বন্ধুসকল। পিছে এটা কথা মন কৰিছেনে? আগতে আমাক মানুহে বৰ আদৰ-সাদৰ কৰিছিল। আমি নহ’লে মানুহবোৰ চলিবই নোৱাৰিছিল। কিন্তু এতিয়া মানুহে আমাক অৱহেলা কৰিবলৈ ধৰিছে। বিশেষকৈ আমি প্ৰাইভেট গাড়ীবোৰে আজিকালি পাট্টা নোপোৱা হৈছে। আমি সংগ্ৰহ কৰা ৰিপৰ্ট মতে প্ৰাইভেট গাড়ীৰ প্ৰডাকচনো কমি গৈছে। আজিৰ এই সভাতো বেছিভাগ গাড়ীয়েই মাল টনা আৰু পেচেঞ্জাৰ গাড়ীহে। ব্যক্তিগত গাড়ী কেইখনমানহে আছে। ইয়াৰ কাৰণটো কি কোনোবাই ক’ব পাৰিব নে?

: দাদা, মানুহবোৰে আমাক খুৱাব নোৱাৰা হৈছে। এহাজাৰ টকাৰে দেইলি এক লিটাৰ পেট্ৰ’ল জুচ খুৱাব নোৱাৰি আমাৰ বহুতকে মালিকে লঘোণে ভোকে গেৰেজত পেলাই থৈছে। ময়েই আধাপেটিকৈ পেট্ৰ’ল খাই ইয়ালৈ আহিছোঁ‌ কিবাকৈ। 

ফৰ্ড ফিগই ক’লে।

: ফৰচুনাৰ, স্কৰপিঅ দাদাহঁতৰ দৰে মালদাৰ গাড়ীৰেই এতিয়া অৱস্থা বেয়া। আমিতো কমন গাড়ীহে। মোৰ এনেকুৱা লাগে যে দুদিন পিছত আমাক মাৰি-কাটি টিনা লোহাৰ বেপাৰ কৰা কঁ‌চাইটোৰ তাত বিক্ৰী দিব। 

হুণ্ডাই ইয়নখনে ক’লে।

: আমাৰ এই অৱস্থাৰ বাবে এই ইলেক্ট্ৰনিক স্কুটী আৰু গাড়ীকেইখন দায়ী। ইহঁ‌তে নিৰামিষ খাই মালিকক চাৰ্ভিচ দি থাকিলে আমাক পেট্ৰ’ল-ডিজেল কিয় খুৱাব কওক ৰাইজ?

হুণ্ডাই একচেণ্টখনে কমপ্লেইনৰ সুৰত ক’লে। 

লগে লগে ইলেক্ট্ৰনিক চেভ্ৰলেট স্পাৰ্কখনে জকজকাই উঠিল, 

: এনেই বদনাম নিদিব একচেণ্টদা। লাইটৰ বিল যিটো আহে, আমাৰ মালিকে দিনটো বিচনীৰে বিচিবলৈ লৈছে।  ৰাতি শুৱাৰ সময়তহে ফেন চলায়।  ফ্ৰীজৰ সলনি ডাইৰেক্ট কুঁ‌ৱাৰ পানী খোৱা কৰিছে। ঠাণ্ডাৰ দিনত খৰিৰ জুইত পানী গৰম কৰিবলৈ লৈছে। ফ্ৰীজ, এচি, অভেন, গিজাৰ, হিটাৰ এইবোৰ বিক্ৰী কৰিবলৈ ওলাইছে, কিন্তু গ্ৰাহকৰ অভাৱৰ বাবে বিকিব পৰা নাই। তেনেস্থলত আমাক কাৰেণ্ট খুৱাব বুলি কিয় ভাবিছে আপুনি?

এনেদৰে আলোচনা চলি থাকোঁ‌তে হঠাৎ এল্টখনে উঠি যাবলৈ ওলাই ক’লে,

: দাদা মই ঘৰলৈ যাব লাগে। মালিকে ৰিম’টত ইমাৰ্জেঞ্চি বুটাম টিপিছে। 

লগে লগে আন আন গাড়ীবোৰেও একেলগে চিঞৰিবলৈ ধৰিলে,

: আমাকো মাতিছে, আমিও যাওঁ‌।

সম্পাদকে সকলোকে অলপ সময় ৰ’বলৈ কৈ ক’লে,

: ৰ’বচোন, আমাৰ মাজত কোনোবা চোৰাংচোৱা আছে যিয়ে মানুহক আমাৰ ইনফৰ্মেচন দিয়ে। নহ’লে একেলগে সকলোবোৰ মালিকে ইমাৰ্জেঞ্চি বুটাম টিপাৰ কি উদ্দেশ্য থাকিব পাৰে? আমি মিটিং দিয়া বুলি কোনোবাই লগাইছে।

: কোনে লগাইছে?

: মই নহয় দেই।

: ময়ো নহয়, মোক অত্যাচাৰ কৰে মানুহে।

: ময়ো নহয়, মোক লঘোণে ৰাখে সিহঁ‌তে।

: তেনেহ’লে কোন?

সম্পাদকে সভাপতি এম্বেচাদৰক সুধিলে,

: কোন হ’ব পাৰে চাৰ?

: মানুহৰ লগত পুৰণি সম্পৰ্ক যাৰ সিয়েই হ’ব। যাক মানুহে এতিয়াও মৰম আদৰকৈ ৰাখিছে, সিয়েই হ’ব।

:  মানুহক চাৰ্ভিচ দিয়া আপোনাতকৈ পুৰণি গাড়ীতো কোনো নাই চাৰ?

: আছে, মোতকৈও পুৰণি আছে।

: কোন?

: সৌটো চোৱা পলাবলৈ ধৰিছে। সিয়েই মানুহৰ ইনফৰ্মাৰ।

সকলোৱে দেখিলে যে চাইকেল এখন ফিল্ডৰ পৰা গে’টৰ ফালে পলাবলৈ ধৰিছে। লগে লগে সকলোৱে ধৰ ধৰ মাৰ মাৰ বুলি চাইকেলখনৰ পিছ ল’লে। গে’ট ৰখীয়া জেচিবি দুখনেও ৰাস্তা ব্লক কৰি দিলে। কিন্তু গেটৰ কাষেৰে ৱালৰ ভঙা অংশ এটাইদি চাইকেলখন সৰকি ৰাস্তাৰে পলাবলৈ ধৰিলে। 

: তাৰ পিছত কি হ’ল ককা? 

পোৱালী চাইকেল দুটাই বুঢ়া চাইকেলখনক সুধিলে।

: তাৰ পিছত কি হ’ব আৰু? স্পিড কম যদিও আমাৰ আজোককা চাইকেলে গলিয়ে গলিয়ে পলাই সাৰিলে। গাড়ীবোৰে বহু দূৰলৈ খেদি গৈছিল যদিও কাৰোবাৰ আধাতে পেট্ৰ’ল শেষ হ’ল, কাৰোবাৰ চাৰ্জ শেষ হ’ল।

: তাৰ পিছত কি হ’ল ককা? এতিয়া গাড়ীবোৰ ক’লৈ গ’ল?

 : গাড়ীবোৰ বিলুপ্ত হৈ গ’ল অ’ বোপাই। আজিৰ পৰা প্ৰায় দুশ বছৰ আগত, ২১০০ চনৰ প্ৰথম ভাগত।

☆ ★ ☆ ★ ☆

10 Comments

  • ৰাজশ্ৰী শৰ্মা

    কি সাংঘাতিক লিখিছা হে! মজা লাগিল পঢ়ি। কল্পনা মানিছো।

    Reply
  • সাংঘাতিক ভাল লিখিছা৷

    Reply
    • মুকুট শৰ্মা

      কি সাংঘাটিক চিন্তা কৰিব পাৰে আপুনি। বহুত ভাল লাগিল পঢ়ি।

      Reply
  • ডলী

    বঢ়িয়া। কি কল্পনা ও

    Reply
  • বন্দিতা জৈন

    মজাৰ লেখা। ভাল পালোঁ পঢ়ি ্

    Reply
  • Hemanta kakati

    Bhal lagil jogesh

    Reply
  • Anonymous

    কি সুন্দৰ
    যোগেশ ভট্টাচাৰ্য্য সদায় লাজৱাব

    Reply
  • অঞ্জলি

    বেলেগ চিন্তা দেই। মানিলোঁ তোমাক।

    Reply
  • Pinku medhi

    Mojja likhani
    Apunar dirghau kamina karilu
    Ne dekha jonor agot

    Reply
  • Pinku medhi

    আপোনাৰ দীঘা্য়ু নেদেখা জনৰ আগত প্রাথ্না কৰিলো,,,বিশুদ্ধ চিন্তা ধাৰাৰে,,, লিখনি,,,,

    Reply

Leave a Reply

Your email address will not be published.