কি যে বিড়ম্বনা ঐ-ৰঞ্জিত কুমাৰ শৰ্মা
অ’ফিচৰ পৰা ওলাই ৰাস্তাত খোজ দিয়াৰ সময়তে আন্ধাৰে চাৰিওফালে বেৰি ধৰিলে৷ হাতত থকা টৰ্চলাইটটো জ্বলালোঁ৷ টৰ্চ লাইটৰ পোহৰতে ঘৰ পাব লাগিব, উপায় নাই৷ ৰাস্তাত বিজুলী-চাকিৰ পোহৰ নাই৷ লোড শ্বেডিং হোৱা নাই৷ এঘণ্টামান আগতে এজাক বতাহ আহিছিল, ধমুহা নহয়৷ অৱশ্যে দুই-এটা বিজুলী ঢেৰেকনি মাৰি মজলীয়া ধৰণৰ বৰষুণ এজাকো আহিছিল৷ তাতেই এলেকাটোত বিজুলী যোগান বন্ধ হৈ পৰিল৷ ক’ৰবাত বিজুলী তাঁৰ বা খুঁটা আদিৰ ক্ষতি হ’ব পাৰে, ট্ৰেন্সফ’ৰ্মাৰতো বিজুতি হ’ব পাৰে! যিয়েই নহওক, মুঠতে বিদ্যুৎ বিভাগৰ বিজুলী যোগান ডেৰঘণ্টামান আগৰ পৰাই নাই৷ নিশা এতিয়া দহ বাজিছে৷ অ’ফিচত থাকোঁতে জেনেৰেটৰ চলি আছিল, গতিকে পোহৰৰ অভাৱ হোৱা নাছিল৷ টৰ্চৰ পোহৰতে ঘৰলৈ বুলি আগুৱালোঁ৷
গাড়ী-মটৰ নথকা লোক, খোজ কাঢ়িয়েই অ’ফিচলৈ অহা-যোৱা কৰোঁ৷ খোজ কাঢ়িলে দহ মিনিটমানৰ ভিতৰতে ঘৰটো পাওঁ৷ ঘৰ মানে ভাড়াঘৰ৷ অফিচৰ ওচৰতে লৈ থৈছোঁ ভাড়াঘৰটো৷ কোম্পানীৰ চাকৰি, কামৰ সময়ৰ ধৰা-বন্ধা নাই৷ কেতিয়াবা নিশালৈ কাম কৰিব লাগে৷ অ’, আৰু এটা কথা- সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ নকৰিলেও ভাগ্যখন একেবাৰে বেয়া বুলি ক’ব নোৱাৰি৷ নহ’লেনো অ’ফিচ আৰু ভাড়াত লোৱা হ’লেও থকা ঘৰটোলৈ অহা-যোৱা পথৰ কাষতে স্থানীয় বিধায়কজনৰ ঘৰটোও থাকিব লাগেনে? এয়া ভগৱানৰে ইচ্ছা নহয় বুলি কেনেকৈনো কওঁ? ইমান অকৃতজ্ঞ হ’ব নোৱাৰোঁ দেই৷ কথাটো হ’ল, মই যিটো পথেৰে অ’ফিচলৈ অহা-যোৱা কৰোঁ সেই পথটোৰে সংলগ্ন উপপথ এটাৰে ত্ৰিশ মিটাৰমান গ’লেই স্থানীয় বিধায়কজনৰ অট্টালিকাটো পোৱা যায়৷ অট্টালিকা মানে মাত্ৰ তিনি মহলীয়া৷ আমাৰ দৰে মানুহে তাকেই অট্টালিকা বুলিয়েই কওঁ দিয়কচোন৷ নিজৰ গাঁৱতনো ক’ত তেনেকুৱা ঘৰ দেখিছিলোঁ! গতিকে আমাৰ বাবে অট্টালিকাই৷
বিধায়কৰ ঘৰত জেনেৰেটৰৰ শক্তিৰে লাইট জ্বলিছে৷ একেবাৰে ওপৰত থকা লাইটৰ পোহৰৰ কিছু ৰেঙণি মোৰ সন্মুখত ৰাস্তাতো পৰিছে৷ গতিকে ক্ষন্তেক সময়ৰ বাবে হ’লেও মোৰ টৰ্চটোৱেও জিৰণি পালে৷ এজাক বৰষুণেই আহক বা বতাহেই আহক বিদ্যুৎ সেৱা বন্ধ হৈ পৰাটো চহৰখনৰ বাবে নতুন কথা নহয়৷ কৰ্মসূত্ৰে ইয়ালৈ অহা দিন ধৰি দেখি আহিছোঁ৷ ধুমুহা-বৰষুণৰ কথাতো বাদেই, কেতিয়াবা বতাহত গছৰ পাত লৰিলেও বিদ্যুৎ নোহোৱা হয়৷ কেতিয়াবা সূৰ্যৰ পোহৰ প্ৰখৰ হ’লেও বিদ্যুৎ নোহোৱা হয়৷ তদুপৰি বিদ্যুৎ কৰ্তন, মানে লোড শ্বেডিঙো কেতিয়াবা কৰা হয়৷ কৰিবই লাগিব দিয়কচোন, বিভাগটোৱেইনো কাক কিমান মেনেজ কৰিব? দীঘলীয়া সময়ৰ বাবে বিদ্যুৎ নোহোৱা হোৱাৰ বাহিৰে পাঁচ-দহ মিনিটৰ বাবে মাজে-সময়ে যে বিদ্যুতে লুকা-ভাকু খেলে সেইটোক বিভাগীয় ভাষাত হেনো ‘ফল্টি’ বুলি কয়৷ এই ‘ফল্টি’টো তেওঁলোকে মানে বিভাগৰ লোকসকলেহে ভালদৰে জানে৷ আমি খাৰখোৱা আৰু ‘নন টেকনিকেল’ মানুহে সেইবোৰ কি বুজি পাম? অৱশ্যে চহৰখনত বাৰ বছৰ, মানে এযুগেই থাকিলোঁ যদিও এই ‘ফল্টি’ৰ সমাধান নেদেখিলোঁ৷ বিধায়কজনো হেনো জিকিয়েই থাকে, মানে নিৰ্বাচনত উঠিলেই হ’ল, জিকিবই৷ কিন্তু এনে এজন জনপ্ৰিয় মানুহেও ‘ফল্টি’টোৰ নিৰাময় কৰিবলৈ বিভাগটোৰ বিষয়াসকলৰ সৈতে বাৰু আলোচনা কৰা নাইনে? কৰিছে নিশ্চয়৷ অৱশ্যে সমস্যাটোৰ সমাধান কৰিব নোৱাৰিবও পাৰে, কিন্তু সেইটো তেওঁৰ বিফলতা হ’ব নোৱাৰে৷ তেওঁতো আৰু বিদ্যুৎ উৎপাদন নকৰে? তেওঁৰ আন বহুত কামো থাকে নহয়!
আন্ধাৰ ৰাতি অকলশৰীয়া ‘মই’ নিজৰ লগতে কথা পাতি পাতি আহি থাকোঁতে ঘৰৰ সন্মুখেই পালোঁ৷ গে’টখন খুলিবলৈ চেষ্টা কৰিলোঁ যদিও নোৱাৰিলোঁ৷ আৰে, আজি কি হ’ল? আনদিনা দেখোন মই ঘৰ সোমোৱাৰ পিচতহে গে’টত তলা লগাওঁ৷ গাঁৱৰ ঘৰত গে’ট মানে নঙলাহে আছিল৷ এতিয়া চহৰত ভাড়াঘৰৰ মালিকৰ নিৰ্দেশ যেতিয়া গে’টত তলা লগাবই লাগিব৷ কিন্তু…! আজি শ্ৰীমতীয়ে ইমান সোনকালে গে’টত তলা লগালে কিয়? বোধহয় বিদ্যুৎ নথকাৰ বাবেই! টৰ্চটোৰ পোহৰত ম’বাইল ফোনটো উলিয়াই শহুৰৰ জীয়েকক ফোন লগালোঁ৷ ফোন পাই তেওঁ হাতত এটা টৰ্চ লৈ ওলাই আহি তলাটো খুলি দিলে৷ গে’টখন খুলি ভিতৰলৈ সোমালোঁ৷ গে’টত পুনৰ তলা লগাই থকা পত্নীক সুধিলোঁ,
: কি হ’ল, কাৰেণ্ট নথকাৰ বাবে আজি গে’টত সোনকালে তলাটো লগালা নেকি?
তেওঁ অলপ লাহেকৈ ক’লে,
: নহয়, মালিক আহিছে৷ সেইবাবে৷
তেতিয়াহে টৰ্চৰ পোহৰত মন কৰিলোঁ, চৌহদত দেখোন এখন চাৰিচকীয়া গাড়ী! বুজিলোঁ, আমাৰ ভাড়াঘৰৰ মালিক আহিছে৷
: বাহিৰৰ লাইটটো জ্বলাই থোৱা নাছিলা কিয়?
: তেওঁলোকে জ্বলাবলৈ মানা কৰিছে৷ ঘৰলৈ আহক, সকলো গম পাব৷
আগে আগে ঘৰৰ বাৰান্দাত উঠা পত্নীয়ে ক’লে৷
সকলো বুজিলোঁ৷ পত্নীক আৰু সুধিবলগা নাই, একো সুধিবলৈ মনো নগ’ল৷ তেওঁক কলোঁ,
: ভাতমুঠি দিয়া৷ বিছনাখন পালেই হয় আৰু৷ কাইলৈ পুৱা সাত বজাতে অ’ফিচৰ কামত ওলাব লাগিব৷
: বেডৰুমতেই দিওঁ, তাতেই খাওক৷ এখন ফেন আৰু এটা লাইটেৰে হ’ব৷ হ’ল বুলিনো ইনভাৰ্টাৰ কিমান চলিব? তাতে আকৌ আজি তেওঁলোকৰ ৰুমতো ফেন চলিছে৷ আজি ৰাতিটো কাৰেণ্ট নাহিবই কিজানি!
ভৰি হাত ধুই শ্ৰীমতীৰ কথামতেই শোৱনি কোঠাতেই ভাতসাঁজ খালোঁ৷ ভাত খাই থাকোঁতে তেওঁ কোৱা কথাখিনিৰ পৰা যিখিনি বুজিলোঁ সেইখিনি হ’ল এনেকুৱা- নিশা আঠ মান বজাত ঘৰৰ মালিক পৰিবাৰসহ আহি পাইছে৷ নিশাৰ সাঁজ বাহিৰতে খাই আহিছে৷ লগত পোহনীয়া কুকুৰটোকো লৈ আহিছে৷ ইপিনে তেওঁলোক আহি পোৱাৰ পাছতে বতাহ-বৰষুণত বিজুলী বাতিয়ে চকু মুদিলে৷ গতিকে আমাৰ ইনভাৰ্টাৰেৰে তেওঁলোকো চলিব লগা হৈছে৷ তেওঁলোকে মোৰ শহুৰৰ জীয়েকক কোৱামতে তেওঁলোক দুয়োজনকে নিশা ফেন মানে বিজুলী পাংখাৰ বতাহ নহ’লেও চলে, কিন্তু কুকুৰটোকহে পোহৰ আৰু গৰমৰ দিনত ফেনৰ বতাহ লাগে৷ নহ’লে হেনো ‘টাইগাৰ’-এ (কুকুৰটো) বৰ চিঞৰ-বাখৰ কৰে, মানে আমাৰ ভাষাত ভুকে৷
আমি যিটো ঘৰ ভাড়ালৈ লৈছোঁ সেই ঘৰটোৰ মালিক সম্প্ৰতি গুৱাহাটীত থাকে৷ তেওঁলোকৰ গুৱাহাটীতো ফ্লেট আছে৷ মালিকজনে আৰক্ষী বিভাগত চাকৰি কৰিছিল৷ ডি এছ পি হৈ এবছৰমান পূৰ্বে অৱসৰ লৈছে৷ ইয়াত অ’ চি হৈ থাকোঁতে এই ঘৰ-মাটি কিনিছিল৷ আমি থকা ঘৰটোতে সংলগ্ন হৈ পাছফালে আৰু দুটা কোঠাৰ সৈতে এটা পাকঘৰ আছে৷ অৰ্থাৎ ঘৰটোক দুটা ভাগত ভাগ কৰা আছিল যাতে দুজনক বা দুটা সৰু পৰিয়ালক ভাড়া দিব পৰা যায়৷ বিক্ৰীকৰ বিভাগৰ বিষয়া এজনে মাটি কিনি ঘৰটো নিৰ্মাণ কৰাইছিল৷ পিচে তেওঁ বদলি হোৱাৰ পাছত ঘৰ-মাটি বিক্ৰী কৰি দিয়ে৷ সুবিধা পাই বৰ্তমানৰ মালিকে কিনি থৈছিল৷ ঘৰটোৰ পাছফালৰ অংশটো মালিকে কাকো ভাড়া দিয়া নাই৷ তেওঁ বা তেওঁলোক কেতিয়াবা আহিলে সেই অংশতে থাকে৷ তেওঁলোক এনিশা বা কাৎচিতহে দুনিশাৰ বাবে আহে৷ শুনামতে এই চহৰখনতো হেনো তেওঁৰ কিবা ব্যৱসায় আছে, সেয়ে মাজে-সময়ে আহে৷ আহিলে আমাৰো ঘৰ ভাড়াটো লৈ যায়৷ বিদ্যুতৰ বিল অৱশ্যে তেওঁ মোক পঞ্চাশ শতাংশ ৰেহাই দিয়ে৷ তেওঁ থকা অংশটোত যিহেতু ইনভাৰ্টাৰ ৰখা নাই আৰু বিজুলী সংযোগো মূল ঘৰটোৰ সৈতে একেলগেই আছে সেয়ে তেওঁ ইয়ালৈ আহিলে প্ৰয়োজনত কেতিয়াবা আমাৰ ইনভাৰ্টাৰেৰেই চলে৷ তাকে লৈ আমিও কোনোদিনে মূৰ ঘমোৱা নাই৷ অৱশ্যে আগতে আজিৰ দৰে পৰিস্থিতিৰো সৃষ্টি হোৱা নাছিল৷
ভাতসাঁজ খাই বিছনাত উঠিলোঁ৷ পত্নীক ক’লোঁ,
: ফেনখন বন্ধ কৰিলেও হয় নেকি? বেছি গৰম লগা নাই দেখোন? কাৰেণ্টো নাই৷
: নালাগে নালাগে, শুই থাকক৷ ৰাহি কৰি কি হ’ব? এতিয়া চলি আছে চলি থাকক৷ পাছত কি হয় দেখা যাব৷ ফেনখন বন্ধ কৰি দিলে ছোৱালী সাৰ পাব৷ তাইৰ টোপনি ভাঙিব নালাগে৷
: এৰা, ঠিকেই কৈছা৷ কাৰেণ্ট আহি যাবও পাৰে!
শ্ৰীমতীৰ কথাতে হয়ভৰ দি চকুদুটা মুদিলোঁ৷ কম পোহৰৰ নীলা ৰঙৰ বাল্বটো জ্বলি আছিল৷ কিছু সময় পাছতে টোপনি আহিল৷
‘ভুক ভুক, ভৌ… ভউউ…!’
কাণৰ ওচৰতে কৰ্কশ চিঞৰ শুনি সাৰ পাই গলোঁ৷ কি হ’ল টলকিবই নোৱাৰিলোঁ৷ তেনেতে আকৌ চিঞৰ— ‘ভৌ ভৌ, ভুউউউ…!’
এই চিঞৰৰ পাছতে শুনিলোঁ পুৰুষ-মহিলাৰ দ্বৈত কণ্ঠৰ সংলাপ,
: ন’ টাইগাৰ ন’৷ নাপায়, নাপায়৷ তেনেকৈ নিচিঞৰে নহয়৷
এইবাৰ ভুকভুকনিটো কিছু কমিল৷ চিঞৰৰ সলনি মৃদু শব্দ শুনা গ’ল- ‘ভুউউ…., কুউউ…কু কু কু…!’
বোধহয় মৰমত কাবু হ’ল ‘টাইগাৰ’৷ তাৰ পাছতে মোৰ কাণত সোমাল মহিলাৰ কণ্ঠস্বৰ— ‘অ’ মোৰ বাবাটো…!’
ইপিনে আমাৰ কোঠাটোতো পোহৰ কম যেন পালোঁ৷ কম পোহৰ দিয়া নীলা বাল্বটো থকা বেৰলৈ চালোঁ, সেইফালৰ পৰা পোহৰ অহা নাই৷ কাষৰ বিছনাখনতহে পোহৰ অকণ দেখিলোঁ৷ তাৰ পৰাই ক্ষীণ পোহৰ কোঠাটোলৈও বিয়পিছে৷ সেই পোহৰতে দেখিলোঁ শ্ৰীমতীয়ে বিছনাত বহি ছোৱালীজনীক বিচনী এখনেৰে বিচি আছে৷ পৰিস্থিতিটো বুজি পোৱাত পলম নহ’ল৷ ইনভাৰ্টাৰৰ চাৰ্জ নোহোৱা হৈছে৷ সেয়ে লাইটৰ পোহৰো নোহোৱা হ’ল আৰু ফেনো নচলা হ’ল৷ সেয়ে আন্ধাৰ আৰু গৰম সহ্য কৰিব নোৱৰা মালিকৰ ‘টাইগাৰ’ সাৰ পালে৷ সেয়ে সি ভুকিছে আৰু তাক বুজাইছে আমাৰ ঘৰৰ মালিক-মালিকনীয়ে৷ মালিকনীৰ ‘বাবাটো’ প্ৰভুভক্ত, প্ৰভুৰ বুজনিত শান্ত হ’ল বোধকৰোঁ! ইপিনে আমাৰ সংসাৰখনৰ মালিকনীয়ে টৰ্চ লাইটটোকে আঁঠুৱাৰ তলত ওপৰমুৱাকৈ জ্বলাই থৈ ছোৱালীক বিচি আছে৷ তাৰমানে মোতকৈ আগতেই তেওঁ সাৰ পাইছে! বিছনাখনৰ কাষতে থকা মেজৰ পৰা খেপিয়াই ম’বাইল ফোনটো আনি সময়টো চালোঁ৷ পুৱা চাৰি বাজিছে৷ কি যে বিড়ম্বনা ঐ!
: উঠিলে কিয়? শুবলৈ চেষ্টা কৰক৷
মোৰ মনৰ অৱস্থা উপলব্ধি কৰি পত্নীয়ে ক’লে৷ তাৰ বাহিৰেনো কি কৰিব? তেওঁ নিজেও নিৰুপায়৷
: এতিয়া আৰু টোপনি নহ’ব৷ তাতকৈ হাত মুখ ধুই ওলাইয়েই যাওঁ৷ প্ৰাতঃভ্ৰমণকে কৰি আহোঁ৷ আজি অলপ আগতীয়া হ’ব, একো নহয় দিয়া৷ উভতি আহি গাটো ধুই লৈ কিবা অকণমান খাওঁ মানে যাবলৈ সময়েই হ’ব৷ আজি সাত বজাতে ওলাই যোৱাৰ কথা নাছিল জানো? তুমিও সোনকালে গাটো ধুই ল’বা, নহ’লে দমকলৰ পৰা পানী আনি গা ধুব লগা হ’ব পাৰে৷
শ্ৰীমতীক কথাখিনি কৈ হাত মুখ ধোৱাৰ পাছত হাফ পেণ্ট আৰু টি-ছাৰ্ট এটা পিন্ধি, ভৰিত জোতাযোৰ সুমুৱাই লৈ প্ৰাতঃভ্ৰমণৰ বাবে ওলাই গ’লোঁ৷ মূল পথটো পোৱাৰ সময়তে ফুটপাথত শুই থকা কুকুৰ এটাই মূৰ তুলি চালে৷ তাক আমনি নকৰাকৈ আগবাঢ়িলোঁ৷
☆ ★ ☆ ★ ☆
1:06 am
ভাল লাগিল। ব্যঙ্গই ভাৱগধুৰো কৰিলে।
12:16 am
ধন্যবাদ জনালোঁ৷
9:37 pm
ভাল লাগিল।
11:15 pm
ধন্যবাদ জনালোঁ৷