ফটাঢোল

অলিম্পিক ২০২০: পদকধাৰী ভাৰতীয়সকল – ৰাকেশ শৰ্মা

টকিঅ’ অলিম্পিকৰ আৰম্ভণিৰ দিনাই ভাৰতে  ৰূপৰ পদক অৰ্জন কৰি সুন্দৰ আৰম্ভণি ঘটাইছিল। ভাৰতৰ এইবাৰৰ প্ৰদৰ্শন হৈছে অলিম্পিক ইতিহাসৰ  সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। ১টা স্বৰ্ণ, ২টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ৭টা পদক লাভ কৰিবলৈ সক্ষম হয় ভাৰত। ইয়াৰ পূৰ্বে ২০১২ চনৰ লণ্ডন অলিম্পিকত ৬টা পদক লাভ কৰিছিল যদিও, স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। ২০০৮ চনৰ বেইজিং অলিম্পিকৰ পিছত ভাৰতে ব্যক্তিগত শাখাত দ্বিতীয়টো স্বৰ্ণ পদক লাভ কৰে। অলিম্পিক ২০২০-ত ভাৰতৰ পদক জয় কৰা খেলুৱৈসকল আৰু তেওঁলোকৰ ইভেণ্টত দেখুৱওৱা প্ৰদৰ্শন এনেধৰণৰ-

১। নীৰজ চোপ্ৰা (জেভলিন থ্ৰ’): ১৯৯৭ চনৰ ২৪ ডিচেম্বৰত হাৰিয়ানাত জন্মগ্ৰহণ কৰা নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিকত ইতিহাস ৰচিলে। চমকপ্ৰদ প্ৰদৰ্শনেৰে ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত ভাৰতৰ হৈ একমাত্ৰ স্বৰ্ণ পদকটো অৰ্জন কৰে। উল্লেখযোগ্য যে ট্ৰেক এণ্ড ফিল্ডত স্বাধীন ভাৰতৰ এইটো প্ৰথম পদক। টকিঅ’ অলিম্পিকৰ গ্ৰুপ এ-ৰ কোৱালিফাইং ৰাউণ্ডত ৮৬.৬৫ মিটাৰ জেভলিন থ্ৰ’ কৰি গ্ৰুপত শীৰ্ষস্থান দখল কৰি ফাইনেলত প্ৰৱেশ কৰে। ফাইনেলত নীৰজে প্ৰথম এটেম্পত ৮৭.০৩ মিটাৰ, দ্বিতীয় এটেম্পত ৮৭.৫৮ মিটাৰ, তৃতীয় এটেম্পত ৭৬.৭৯ মিটাৰ আৰু ষষ্ঠ এটেম্পত ৮৪.২৪ মিটাৰ জেভলিন থ্ৰ’ কৰে। চতুৰ্থ আৰু পঞ্চম এটেম্পত মনোমত থ্ৰ’ কৰিব নোৱাৰাৰ বাবে ইচ্ছাকৃতভাৱে দুটা থ্ৰ’ বাতিল কৰায়। চোপ্ৰাৰ দ্বিতীয় এটেম্পৰ ৮৭.৫৮ মিটাৰ ৰেকৰ্ডটো সৰ্বশ্ৰেষ্ঠ থ্ৰ’ হিচাপে গণ্য কৰা হয় আৰু জেভলিন থ্ৰ’ত স্বৰ্ণ পদক অৰ্জন কৰে।     ২। মীৰাবাই চানু ( ভাৰোত্তোলন): টকিঅ’ অলিম্পিকত  ভাৰতৰ হৈ মীৰাবাই চানুৱে প্ৰথমটো ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল। চানুৱে মহিলাৰ ৪৯ কিলোগ্ৰাম ভাৰোত্তোলনত মুঠ ২০২ কিলোগ্ৰাম ( স্নেট্চ-৮৭ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্ক – ১১৫ কিলোগ্ৰাম) ভাৰোত্তোলন কৰি ৰূপৰ পদক লাভ কৰে। অলিম্পিকত ভাৰোত্তোলনত পদক লাভ কৰা চানু হৈছে দ্বিতীয়গৰাকী ভাৰতীয় আৰু ৰূপৰ পদক লাভ কৰা প্ৰথমগৰাকী মহিলা ভাৰোত্তোলক। ইয়াৰ পূৰ্বে ২০০০ চনত কৰ্নম মালেশ্বৰীয়ে ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

৩। ৰবি কুমাৰ দাহিয়া ( মল্লযুঁজ):  টকিঅ’ অলিম্পিকত পুৰুষ মল্লযুঁজৰ ৫৭ কিলোগ্ৰাম  ফ্ৰী ষ্টাইল শাখাত ভাৰতৰ ৰবিকুমাৰে ৰূপৰ পদক লাভ কৰে। প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ৰবিয়ে কলম্বিয়াৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে ১৩-২ পইণ্টত টেকনিকেল চুপাৰিয়ৰিটিত জয়ী হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কোৱাৰ্টাৰ ফাইনেলত বুলগেৰিয়াৰ প্ৰতিদ্বন্দীক ১৪-৪ ত টেকনিকেল চুপিৰিয়ৰিটিত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ছেমি ফাইনেলত ৰবি কুমাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়। অন্তিম মুহূৰ্তত কাজাখাস্তানৰ নুৰিছলাম চানায়েভক ভিক্টৰি বাই ফলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ফাইনেলত ৰাছিয়াৰ মল্লযুঁজাৰু জাভোৰ উগুৱেভৰ হাতত ৭-৪ ব্যৱধানত পৰাস্ত হৈ ৰূপৰ পদক আজুৰিবলৈ সক্ষম হয়।

৪। লাভলীনা বৰগোঁহাই (বক্সিং): অলিম্পিক-২০২০ত ভাৰতৰ প্ৰথমটো ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছিল অসমৰ জীয়ৰী লাভলীনা বৰগোঁহাইয়ে। মহিলা বক্সিঙৰ ৬৪-৬৯ কিলোগ্ৰাম শাখাত লাভলীনা ছেমি ফাইনেলত প্ৰৱেশ কৰাত ভাৰতৰ এটা পদক নিশ্চিত হৈছিল। লাভলীনাই ৰাউণ্ড অৱ ১৬ত জাৰ্মানীৰ বক্সাৰ নাদিন আপেটজক ৩-২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেৰ বক্সাৰ চেন নিয়েন চিনক ৪-১ পইণ্ট ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ছেমি ফাইনেলত লাভলীনা তুৰস্কৰ বক্সাৰ বুছেনাজ চুৰ্মেনেলিৰ হাতত ৫-০ পইণ্টত পৰাস্ত হোৱাত স্বৰ্ণ আৰু ৰূপৰ পদকৰ দৌৰৰ পৰা বাহিৰ হয় যদিও ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। লাভলীনা বৰগোঁহাই অলিম্পিকত পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা বক্সাৰ আৰু প্ৰথমগৰাকী অসমীয়া।

৫। পি.ভি.সিন্ধু (বেডমিণ্টন): পি.ভি. সিন্ধুৱে ভাৰতক দ্বিতীয়টো ব্ৰঞ্জৰ পদক উপহাৰ দিয়ে। গ্ৰুপ জে’ত ইজৰাইলৰ চেনিয়া পলিকাৰপভাক ২১-৭, ২১-১০ ছেটত আৰু হংকঙৰ চিউং ইয়াং ইক ২১-৯, ২১-১০ ছেটত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ মিয়া বিটচফেলড ক ২১-১০, ২১-১৩ ছেটত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেললৈ আগবাঢ়ে। কোৱাৰ্টাৰ ফাইনেলত জাপানৰ আকানে য়ামাগুছিক ২১-১৩, ২২-২০ ছেটত পৰাস্ত কৰি ছেমি ফাইনেললৈ উত্তীৰ্ণ হয়। ছেমি ফাইনেলত চাইনীজ টাইপেৰ শ্বাটলাৰ টাই জুং য়িঙৰ হাতত ২১-১৮, ২১-১২ ছেটত পৰাস্ত হয় যদিও ব্ৰঞ্জ পদকৰ দৌৰত থাকি যায়। ব্ৰঞ্জ পদকৰ খেলত চীনৰ প্ৰতিদ্বন্দী হি বিংজিয়াওক ২১-১৩,২১-১৫ ছেটত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। দুখন অলিম্পিকত দুটা পদক অৰ্জন কৰা সিন্ধু হৈছে প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ।

৬। ভাৰতীয় পুৰুষ হকী দল: ১৯৭২ চনৰ অলিম্পিকৰ পিছত ভাৰতে ৪৯ বছৰৰ মূৰত অলিম্পিক হকীত ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। ১৯৮০ চনৰ অলিম্পিকত ভাৰতে পুৰুষ হকীত স্বৰ্ণ পদক লাভ কৰিছিল যদিও খেলসমূহ ৰাউণ্ড অফ ৰবীন পদ্ধতিৰে খেলিছিল বাবে ছেমি ফইনেলৰ ব্যৱস্থা নাছিল। গ্ৰুপ ষ্টেজত নিউজিলেণ্ডক ৩-২, স্পেইনক ৩-০, আৰ্জেণ্টিনাক ৩-১,জাপানক ৫-৩ গ’লৰ ব্যৱধানত পৰাস্ত কৰিছিল যদিও অষ্ট্ৰেলিয়াৰ হাতত ৭-১ গ’লৰ ব্যৱধানত পৰাস্ত হৈছিল। গ্ৰুপত প্ৰথম চাৰিটা দলত নিজৰ স্থান নিগাজী কৰি ভাৰত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কোৱাৰ্টাৰ ফাইনেলত ভাৰতে গ্ৰেট ব্ৰিটেইনক ৩-১ গ’লত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ছেমি ফইনেলত বেলজিয়ামৰ বিৰুদ্ধে ৫-৩ গ’লৰ ব্যৱধানত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকৰ খেলৰ বাবে কোৱালিফাই কৰে। ব্ৰঞ্জৰ পদকৰ খেলত ভাৰতে জাৰ্মানীক ৫-৪ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ৪১ বছৰৰ বিৰতিৰ পিছত অলিম্পিকত পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

৭। বজৰঙ্গ পুনীয়া (মল্লযুঁজ): টকিঅ’ অলিম্পিকত ভাৰতৰ অন্তিমটো ব্ৰঞ্জৰ পদক অৰ্জন কৰে বজৰঙ্গ পুনীয়াই। পুৰুষ মল্লযুঁজৰ ৬৫ কিলোগ্ৰাম শাখাত বজৰঙ্গে প্ৰি কোৱাৰ্টাৰ ফাইনেলত কিৰ্গিস্তানৰ আৰ্নেজাৰ আকমাটেলিভক ৩-৩ (ডাবল পইণ্টৰ আধাৰত) পইণ্টত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কোৱাৰ্টাৰ ফাইনেলত ইৰাণৰ মৰ্টেজা ঘিয়াচিক ২-১ত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ছেমি ফাইনেলত আজাৰবাইজানৰ মল্লযুঁজাৰুৰ বিৰূদ্ধে ১২-৫ পইণ্টত পৰাস্ত হয়। ব্ৰঞ্জৰ পদকৰ খেলত বজৰঙ্গে কাজাখস্তানৰ প্ৰতিদ্বন্দী ডৌলট নিয়াজবেকভক ৮-০ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক আঁজুৰি আনে।

আৰ্চাৰী, শ্বুটিং, আৰু মল্লযুঁজত  ভাৰতে আশাপ্ৰদ ফলাফল প্ৰদৰ্শনত ব্যৰ্থ হয় যদিও এথেলেটিকচত ৪x৪০০ মিটাৰ দৌৰত আশাৰ ৰেঙণি দেখিবলৈ পোৱা গ’ল। কোৱালিফাইং হিটত চতুৰ্থ স্থানত সমাপ্তি কৰিলেও ভাৰতীয় ৰিলে দৌৰৰ দলটোৱে ৩:০০:২৫ ছেকেণ্ডেৰে এচিয়ান ৰেকৰ্ড স্থাপন কৰে। ইয়াৰোপৰি মহিলা গ’ল্ফাৰ অদিতি অশোক আৰু মহিলা হকীদলৰ উজ্জীৱিত প্ৰদৰ্শনে ভাৰতীয় ক্ৰীড়ানুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হয়। এইবাৰ অলিম্পিকৰ সফলতাই আগন্তুক দিনত ভাৰতলৈ আশাৰ বতৰা কঢ়িয়াই আনিব।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *