ফটাঢোল

ফটাপ্ৰশ্ন

১) বন্দিতা জৈন : মানুহৰ বুদ্ধি থাকিলে কয় বুদ্ধিত বৃহস্পতি। বাকী বাৰৰ নাম বা ভগৱানৰ নাম কিয় নকয়? বুদ্ধিৰ বাবে গণেশকো মনা যায়৷

উত্তৰ : এইটো প্ৰশ্নৰ উত্তৰ আগতে দিয়া হৈছে

২) সমুজ্জ্বল কাশ্যপ : পৃথিৱীৰ সকলো গাড়ীৰ টায়াৰ ক’লা কিয়? বেলেগ ৰঙৰো হ’ব পাৰিলে হয়! কিয় নহ’ল?  

উত্তৰ : সমাজৰ প্ৰকৃত ভাৰ বোৱা লোকসকলৰ গাৰ ৰং ক’লা হয়েই।

৩) জয়ন্ত কুমাৰ ডেকা : সাধাৰণতে সৰুকালত গালি-শপনি দিওঁতে মাকে ছোৱালীক এটা ডায়ল’গ প্ৰায়ে দিয়ে…..”পঢ়া-শুনা ভালদৰে নকৰিলে পাণ দোকানিৰ লগত বিয়া পাতি দিম” ল’ৰাই কিন্তু ডায়ল’গটো শুনে এইধৰণেহে….” পঢ়া-শুনা নকৰিলে পাণ দোকানি হ’ব লাগিব, ‌বিয়া পাতিবলৈ ছোৱালী নাপাবি৷” 

মাথোঁ পঢ়া-শুনাৰ বাবেই এনেদৰে দিয়া ডায়ল’গ দুটাৰ অন্তৰ্নিহিত উদ্দেশ্যে কি বাৰু? আৰু ইয়াত “সম অধিকাৰ” বিধ থাকে নে?

উত্তৰ : বাদ দিয়ক হে সম অধিকাৰ, কথাষাৰৰ অন্তৰ্নিহিত আবেগ কো সমঝো। মুঠতে পঢ়, পিছত যি হয় হ’ব। আৰু পাণ দোকান দিয়া একো লাজৰ কাম নহয়, আৰু পাণ দোকানিসকলে ছোৱালী নেপাই বৰলা ভাতো খাব লগা হোৱা নাই।

৪) বিনীতা বৰশইকীয়া (তাবিনী য়াছেং) :

ক)পৃথিৱীত বসতি কৰা জীৱৰ শ্ৰেষ্ঠ প্ৰাণীবিধৰ বাৰু যমজ সন্তান ওপজে৷ কিন্তু আজিকালি পিয়াঁজবোৰেও জীৱশ্ৰেষ্ঠক নকল কৰিবলৈ লৈছে৷ কিয় এনে কাৰ্যত লিপ্ত হৈছে বাৰু কন্দুৱা গুটিবোৰ?

উত্তৰ : ভাগ্য ভাল সিহঁ‌তে জীৱশ্ৰেষ্ঠক অনুকৰণ কৰিছে, কেনেবাকৈ, শহা, মেকুৰী, বিছা, ভেকুলী আদিক অনুকৰণ কৰিলে কি হ’লহেঁতেন।

খ) ” নাচাওঁ তোমাক এবাৰো      নাচাপোঁ কাষ এধানো …”

গীতিকাৰে আগতেও গম পাইছিল নেকি ‘কৰ’ণা’ আহিব বুলি?

উত্তৰ : সেইফাঁ‌কি কৰ’ণাৰ দুখত নহয়, কাৰোবাৰ কৰুণা নোপোৱাৰ অভিমানত হে লিখা যেন অনুভৱ হয়।

৫) জয়ন্ত শৰ্মা : প্ৰজাতি ভেদে শালিকা,  ঘৰচিৰিকা, হেটুলুকা আদি চৰাইৰ নামাকৰণ কৰা প্ৰথম গণকজন কোন?

উত্তৰ : এনেকুৱা প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ বৰ অসুবিধা পাওঁ, সদায় নিজৰ গৌৰৱ কৰি ভাল নেলাগে নহয়।

৬) ৰঞ্জনা গোস্বামী : ফটহুকাই, ‘দেখাক দেখি কুকুৰেও পাতে একাদশী’ৰ এটা উদাহৰণ দিয়কচোন।

উত্তৰ : ৰব মোৰ ভতুৱা কুকুৰটোৱে একাদশীৰ উপবাস ৰখাৰ ফটো এখন দি আছোঁ আপোনাক।

৭) কমলা দাস : সাধু কথাত যে ঔ কুঁৱৰী বা ঔ কোঁৱৰে ঔ টেঙাটোৰ ভিতৰত সোমাই আছিল, সেই ঔ টেঙাটো কিমান ডাঙৰ আছিল বাৰু?

উত্তৰ : উত্তৰটো নিশ্চয়কৈ নিৰ্ভৰ কৰিব, ঔ কোঁ‌ৱৰ বা কুঁ‌ৱৰীৰ শাৰীৰিক গঠন, সক্ষমতা, আৰু নমনীয়তাৰ ওপৰত। অৱশ্যে  চুপাৰনেচাৰেল এংগলটোও উপেক্ষা কৰিব নোৱাৰি।

৮) সঞ্জীৱ কুমাৰ মহন্ত : ফটহু কাই, গণতন্ত্ৰৰ আধুনিক সংজ্ঞাটো জানিব বিচাৰোঁ আপোনাৰ পৰা, অনুগ্ৰহ কৰি জনাব।

উত্তৰ : নেতাৰ দ্বাৰা, নেতাৰ বাবে, নেতাৰে পৰিচালিত এক ধৰণৰ শাসন ব্যৱস্থা।

৯) ৰূপাঞ্জলী ডেকা : হাঁহিলে যে কিছুমানৰ গালত এটা কুঁ‌ৱা হেন গাত হয় আৰু তাক দিম্পল বুলি কোৱা হয়। সেইজন দিম্পল কোন বাৰু?

উত্তৰ : হেৰি আপুনি সেইটোক কুঁ‌ৱা যেন হে বুলিলে, দুনীয়াৰ আধাতকৈয়ো বেছি প্ৰেমিক সেইটো গাঁততে ডুবি হাবু ডুবু খাই থাকে। পিচে সেইজন দিম্পল আমাৰ চম্পাজন নহয়, তেওঁ কাৰোবাৰ গালত পৰিব পৰা প্ৰাণী নহয়েই৷

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *