ফটাঢোল

বাওনা বৰুৱাৰ মহাজীৱনী- ড° সৰোজ কাকতি 

সভা এখন অনুষ্ঠিত কৰি ভক্তসকলক বুজালোঁ‌ প্ৰতিটো যুগতে মহাপুৰুষৰ আবিৰ্ভাৱ হয় আৰু তেওঁলোকক এচাম মানুহে এনেদৰে হাৰাশাস্তি কৰে। যীশুখ্ৰীষ্টৰ কথাকে নোচোৱা কিয়, তেওঁক দেখোন শেষত মাৰিয়ে পেলাল। আমাৰ মহাপুৰুষজনাৰ জীৱনলৈকে নোচোৱা কিয়? কিমান জ্বালা-যন্ত্ৰণাৰ মাজত দিন কটাবলগীয়া হৈছিল। ৰজাৰ সৈন্য বাহিনীয়ে তেওঁক পিছে পিছে খেদি ফুৰিছিল। জীৱনটো হাতৰ মুঠিত লৈ ইফালৰ পৰা সিফাললৈ পলাই ফুৰিছিল। মোৰ ক্ষেত্ৰতো যে এনেকুৱা ঘটনা নঘটিব তাৰ কি মানে আছে। ওহো নাই। ভক্তসকলে মোৰ কথা শুনি জয়ধ্বনি দিলে, “গুৰু দেৱ কি জয়।”সিহঁতৰ এই মৰম চেনেহত মনটো প্ৰফুল্লিত হৈ উঠিল। দামোদৰক পিছে মাতি আনি সুধিলোঁ‌ কেনেকৈ কি হ’ল। তাৰপৰা জানিবলৈ পালোঁ‌, তাক বন্দী কৰাৰ লগে লগে ‌গেঙৰ মানুহ আহি হাজিৰ হ’ল, ফৰেণচিক বিষয়াৰ হাতত টকাৰ বান্দিল আৰু মূৰত পিষ্টল দি ক’লে,

: এই ড্ৰাগচৰ পেকেট আটা হ’ব লাগিব, নহ’লে তোৰ মূৰটো আটা হ’ব। এইদৰেই হিৰোইনৰ পেকেট আটা হয়, নহ’লে বেচেৰাৰ উপায়টো নাই, ঘৰত গাভৰু জীয়েক আছে, ল’ৰা হাইস্কুলত পঢ়ি আছে। এনেতে ঘটিৰামে মাত লগালে,

: আমাৰ ধৰ্মগুৰুসকলে নানা গ্ৰন্থ প্ৰণয়ন কৰি গৈছে, আপুনি এনে কোনো গ্ৰন্থ ৰচনা কৰা নাই নেকি?             : কৰিছোঁ‌ বাপু ঘটিৰাম, নকৰিলে কেনেকৈ গুৰুগিৰী কৰিম। মই মৰাৰ পাছত এই গ্ৰন্থকেইখনেইতো ৰৈ যাব। আজি গুৰুজনা আমাৰ মাজত নাই কিন্তু তেৰাৰ গ্ৰন্থৰাজিতো আছে, এয়াই কথা। প্ৰথমে গ্ৰন্থ প্ৰকাশ কৰিবলৈ ওলাই বৰ সমস্যাত পৰিছিলোঁ‌, কি লিখিম, এইবোৰতো  মই আগতে লিখি পোৱা নাই। মই যিটো বিদ্যা জানো, যাৰ বলত ইমানখিনি ধন সম্পত্তি কৰিলোঁ‌ সেই বিষয়ৰ গ্ৰন্থ লিখিব পাৰোঁ‌। পিচে সেইখনতো বৰলোকসকলে গ্ৰহণ নকৰিব। অৱশ্যে মোৰ লাইনৰ মানুহখিনিয়ে বৰ ভাল পাব। কাৰণ তেনেকুৱা হাতপুথি আজিলৈ ওলোৱা নাই। ওলালেও গোপনেহে তাৰ বিক্ৰীৰ ব্যৱস্থা কৰিব লাগিব । এবাৰ ভাবিলোঁ‌ সকলো গুৰুৱে যে শাস্ত্ৰ ৰচনা কৰিব তেনে কোনো কথা নাই। ৰামকৃষ্ণ পৰমহংসদেৱে এখনো গ্ৰন্থ লেখা নাছিল কিন্তু তেওঁ কোৱা কথাখিনি গোটাই পাছত এখন গ্ৰন্থ কৰিলে। ৰামকৃষ্ণ কথামৃত। ময়ো দেখোন সেই কামটো কৰিব পাৰোঁ‌। মোৰ মুখ নিসৃতঃ বাণীবোৰ লিপিবদ্ধ কৰাই গ’লে হ’ল। ভবা মতেই কাম কৰিলোঁ‌। মোৰ বহা আসনৰ দুয়োফালে দুজন লিপিকাৰ নিয়োগ কৰিলোঁ‌। 

এসপ্তাহৰ পাছত তেওঁলোকক লেখাবোৰ পঢ়ি শুনাবলৈ দিলোঁ‌ দুয়োজন এম পাছ ল’ৰা। চাকৰি-বাকৰি নাছিল, মোৰ ওচৰলৈ চাকৰিৰ কথা সুধিবলৈ আহিছিল। পিছে ময়েই চাকৰি দিলোঁ‌। তুমি হয়তো ভাবিব পাৰা ল’ৰাবোৰতকৈ ছোৱালীসকলকহে মই অধিক মৰম কৰোঁ‌, তেনে অৱস্থাত এই দুজন ল’ৰাক কিয় মোৰ কাষত বহাকৈ চাকৰি দিলোঁ‌। সিহঁতক তেনেকৈ কাষত বহুৱাই ৰখাৰ ইচ্ছা সমূলি নাছিল। পিচে নিতৌ মোক দৰ্শন কৰিবলৈ অহা ভক্তসকলে স্ত্ৰীলিংগ ওচৰত দেখিলে বেয়া পায়। বোলে আমাৰ গুৰুদেৱে গাভৰু দুজনীকহে ওচৰত ৰাখিছে। হওতে আমাৰ শাস্ত্ৰৰ পৰা বাধা নাই। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তিনিওগৰাকী দেৱতাৰ ওচৰতে নাৰী থাকে। সেইটো নিয়মত মোৰ ওচৰতো নাৰী থাকিব পাৰে কিন্তু চকুচৰহাবোৰৰ কাৰণে এনেকৈ ছোৱালী ওচৰত ৰাখিব নোৱাৰি। এই ক্ষেত্ৰত আমাৰ বৰাৰপো অৰ্থাৎ মাধৱদেৱৰ আদৰ্শ মানি চলিব লাগে ।

( আগলৈ)

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *