ৰামবাণ-অভিজিত কলিতা
নমস্কাৰ, ফটাটিভিৰ “ৰামবাণ” অনুষ্ঠানলৈ মই দীপলিনাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ৰামবাণত সমাধান কৰিবলৈ লোৱা বিষয়টো হ’ল- “লাভলীনাই অলিম্পিকত কিয় স্বৰ্ণ জয় কৰিব নোৱাৰিলে, বা “ভৱিষ্যতে স্বৰ্ণ জয় কৰিবৰ বাবে তেওঁ কিদৰে আগবাঢ়িব লাগিব”। এই গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা কৰিবৰ বাবে আমি আজি কেইজনমান বিশিষ্ট খেলুৱৈক ষ্টুডিঅ’লৈ আমন্ত্ৰিত কৰি আনিছোঁ। প্ৰথমতে আহকচোন আমি আমাৰ আজিৰ পেনেলিষ্টসকলৰ সৈতে চিনাকি হওঁ!
এয়া মোৰ কাষতে আছে ৰাজনীতি ক্ষেত্ৰখনৰ কৃতি খেলুৱৈ শতদল শৰ্মা। সৰুৰে পৰা স্কুল তথা নিজৰ গাঁৱত গ্ৰুপিজমৰ খেলেৰে তেওঁৰ খেলুৱৈ জীৱন আৰম্ভ কৰে। কিছুৱে ক’ব খোজে যে তেওঁ নিজ ঘৰতে পোন প্ৰথমে এই খেল খেলিবলৈ লয়, আৰু নিজৰ ককাই ভাই, বাই ভনী সকলোকে শোচনীয় ভাৱে পৰাস্ত কৰি সকলো পৈতৃক সম্পত্তিৰ একচেটিয়া অধিকাৰৰ পদক লাভ কৰে। তাৰ পাছত তেওঁ ক্ৰমান্বয়ে কলেজ, ছাত্ৰ সংগঠন, অভাৰ গ্ৰাউণ্ড উগ্ৰপন্থা, আৰু অৱশেষত ৰাজ্যৰ ৰাজনীতিত সদৰ্পে পদাৰ্পণ কৰে, আৰু ৰাজ্যৰ সকলোতকৈ খিলাড়ী পলিটিচিয়ান হিচাপে জনাজাত হৈ পৰে। আজিৰ দিনত ঘোঁৰা ব্যৱসায়কে ধৰি ৰাজনীতিৰ সকলো খেলত তেওঁ অপ্ৰতিদ্বন্দ্বী খেলুৱৈ হিচাপে পৰিগণিত হৈ আহিছে। শৰ্মা ডাঙৰীয়াই বক্সিঙৰ ৰাজনৈতিক এংগলটোৰ ওপৰত আলোকপাত কৰিব।
আমাৰ দ্বিতীয় গৰাকী পেনেলিষ্ট হ’ল শ্ৰীমতী জুপিতৰা শইকীয়া, এখেত আন এখন ক্ষেত্ৰৰ অতি ‘পহুচা হুৱা খিলাড়ী’। প্ৰবাদ আছে যে পঞ্চম শ্ৰেণীতে তেওঁ পাঁচজনকৈ বয়ফ্ৰেণ্ড গোটাই নিজৰ খেলুৱৈ সুলভ মানসিকতাৰ প্ৰমাণ দিছিল। আজি ৩৫ বছৰ বয়সত তেওঁ প্ৰেমৰ খেলখনত কিমান পদক অৰ্জন কৰিলে, সেই হিচাপ তেওঁৰ নিজৰে মনত নাই। কেইবাবাৰো বিবাহ আৰু বিচ্ছেদ কৰি তেওঁ এলুমনিৰ ধনেৰে কেইবাকোটিও টকাৰ সাম্ৰাজ্য গঢ়ি তুলিছে। শ্ৰীমতী শইকীয়াই বক্সিঙত “লাভ এংগল”টোৰ বিষয়ে মতামত দিব।
আমাৰ তৃতীয় গৰাকী পেনেলিষ্ট হ’ল – অসমৰ সাহিত্য জগতখনত ৰাজ্যৰ অপ্ৰতিদ্বন্দ্বী খেলুৱৈ গহীন গোহাঁই। গহীন ডাঙৰীয়াই নিজে বৰ বেছি কিতাপ পত্ৰ লিখা নাই যদিও, তেওঁ সাহিত্যৰ খেলত কাৰোবাক উঠোৱা আৰু ডুবুৱাত সিদ্ধহস্ত। এইখন খেলত তেওঁ ইমানেই পাৰদৰ্শী যে, তেওঁ ইচ্ছা কৰিলে কাৰোবাক অকাডেমী এৱাৰ্ড আনকি জ্ঞানপীঠো দিয়াব পাৰে। আৰু তেওঁৰ বিপৰীত দলৰ খেলুৱৈক একে কলমে সাহিত্য জগতৰ পৰা বৰিয়া বিস্তৰ বান্ধি পলাবলৈ বাধ্য কৰিব পাৰে। এইখন খেলত তেওঁ কেছ আৰু কাইণ্ডত কিমান পদক পাইছে, তাৰ সীমা সংখ্যা নাই।
পেনেলিষ্টসকলৰ চিনাকিৰ পাছত আমি আজিৰ বিষয়টোলৈ ঘূৰি আহোঁ- আমি জানো যে লাভলীনা বৰগোহাঞিয়ে প্ৰথমবাৰৰ বাবে এইখন ৰাজ্যৰ পৰা অলিম্পিকত মেডেল জয় কৰি আমাক সকলোকে গৌৰৱান্বিত কৰিছে। কিন্তু দক্ষতা থকা স্বত্বেও তেওঁ স্বৰ্ণ জয় কৰিব নোৱাৰিলে। মই প্ৰথমতে শ্ৰীমতী শইকীয়াক সুধিব বিচাৰিম, লাভলীনাই কিয় অলিম্পিকত সোণৰ পদক পোৱাত ব্যৰ্থ হ’ল? এই বিষয়ে আপোনাৰ মতামত কি?
: কোন লাভলীনা?
: মই অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঞিৰ কথা কৈছোঁ;
: অ’ আচ্ছা, সেই ছুটিকৈ চুলিৰ ছোৱালীজনী, এদিন টিভিত দেখা মনত পৰে। আৰে তেওঁ স্বৰ্ণ কেনেকৈ জয় কৰিব? অলপ সাজিকাচি যাব লাগে না, তেতিয়াহে জাজৰ চকুত পৰিব। তাতে তেওঁ গোটেই মুখখন ঢাকি কিবা প্লাষ্টিকৰ অদ্ভুত বস্তু এটা পিন্ধি লৈছে, তেওঁৰ সৌন্দৰ্য কেনেকৈ মানুহৰ চকুত পৰিব। টেলেণ্টৰ কাম নাই বুজিছে, কোনো কাম নাই, পেকেজিং লাগে, প্ৰদৰ্শন লাগে। মই ভাৱোঁ তেওঁ অলপ ভালকৈ গ্ৰুমিং কৰি, মেক অভাৰ কৰি বক্সিং ৰিঙলৈ যোৱা উচিত। পৃথিৱীৰ সকলোতে সৌন্দৰ্যৰ কদৰ আছে, লাগিলে মিছা সৌন্দৰ্যই নহওক কিয়? মোলৈ চাওক, মোৰ বিশেষ একো টেলেণ্ট নাই যদিও মই আজি কিমান সফল। গতিকে মই ক’ব খোজোঁ
: মানে মাডাম, অপুনি ক’ব খুজিছে, ভালদৰে সাজি কাচি নোযোৱাৰ বাবেই লাভলীনাই বক্সিঙত স্বৰ্ণ পাবলৈ সক্ষম নহ’ল।
: ৰ’বচোন মোক ক’বলৈ দিয়ক, সাজি কাঁচি যোৱাটো হ’ল প্ৰথম ঢাপ। তাৰ পাছতো বহুত কাম থাকে। তাৰ পাছত তেওঁ জাজসকলৰ চিম্পেথী গোটাব পাৰিব লাগিব, তেওঁ নিজকে দুৰ্বল যেন দেখুৱাই জাজ, বিশেষকৈ পুৰুষ জাজসকলৰ আশ্ৰয় বিচৰা যেন দেখুৱাব লাগিব। অবলা আৰু এক্সপ্লইটেড ট্ৰাম্পকাৰ্ডখন সময়ত খেলিব পাৰিলে, মই নেভাৱোঁ পৃথিৱীৰ কোনো পুৰুষৰ ক্ষমতা আছে, তাৰ পৰা ৰক্ষা পৰিব। বচ কাম হৈ গ’ল, . . . . . এই ক্ষেত্ৰত আই কণ্টেক্ট, অভিনয় আৰু চকুপানীৰ সঠিক সময়ত সঠিক ব্যৱহাৰ কৰিব জানিব লাগিব। আৰু কিছুমান ফাইন পইণ্ট আছে, সেইবোৰ এতিয়া আলোচনা নকৰোঁ, কিন্তু মোৰ মতে আজি মই কোৱা কথাখিনি মানি চলিলেই লাভলীনা কিয়, যিকোনো হেমা, জয়া, ৰেখা বা সুষমাই অলিম্পিক বক্সিঙত বা জীৱনৰ আন আন খেল বিলাকতো স্বৰ্ণ জয় কৰিব পাৰিব। এটা কথা মনত ৰখা উচিত যে দুনীয়াৰ সকলো পুৰুষ বুৰ্বক, আৰু তেওঁলোকে হিৰোগিৰি কৰাৰ চান্স অনবৰত বিচাৰি থাকে, সেই দুটা পান্স পইণ্ট মনত ৰাখিলে, আৰু ব্যৱহাৰ কৰিলে আমি পৃথিৱীৰ যিকোনো পুৰুষৰ দ্বাৰা যিকোনো কাম কৰাব পাৰোঁ- মই ভাৱোঁ আমাৰ মহিলা খেলুৱৈসকলে এইটো দিশতো গুৰুত্ব দিয়া উচিত।
: হয়, আপোনাক অশেষ ধন্যবাদ। আমি কথাবোৰ এইটো দিশৰ পৰা ভৱাই নাছিলোঁ,
: এক মিনিট, মই শ্ৰীমতী শইকীয়াৰ কথাত একেবাৰে সহমত নহয়, …..সকলো পুৰুষ বুৰ্বক বুলি….
: ৰ’ব শৰ্মা ডাঙৰীয়া, আপোনাকো আপোনাৰ মত প্ৰকাশৰ সময় দিয়া হ’ব, আমি এতিয়া লৈছোঁ এক সৰু বাণিজ্যিক বিৰতি,
: না না না, বিৰতি বাদ দিয়ক…. মোৰ কথা শুনক…
***
: বিৰতিৰ পাছত আমি পুনৰ আপোনালোকক আজিৰ ৰামবাণ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি কথা পাতি আছিলোঁ কেনেকৈ অলিম্পিকত স্বৰ্ণ জয় কৰিব পাৰি। শৰ্মা ডাঙৰীয়া এই বিষয়ে আপোনাৰ মতামত কি?
: পোন প্ৰথমে মই শ্ৰীমতী শইকীয়াৰ মন্তব্যৰ প্ৰতিবাদ কৰিছোঁ- পৃথিৱীৰ সকলো পুৰুষ বুৰ্বক বুলি কৈ তেওঁ নিজৰ ‘চেক্সিষ্ট’ চৰিত্ৰহে প্ৰতীয়মান কৰিছে। সি যি কি নহওক, মোৰ মতে অলিম্পিকত স্বৰ্ণ জয় কৰা একো কঠিন নহয়, যদিহে ৰাজনীতিৰ সঠিক পাশা এপাত সঠিক সময়ত সঠিক ঠাইত খেলা যায়। আৰু তাৰ সকলোতকৈ সহজ উপায় হ’ল- টকা। টকাৰে সকলো কিনিব পাৰি। এভ্ৰিৱান ইন দিছ ৱৰ্ল্ড ইজ বায়েবল, অল ইউ হেভ টু পে ইজ দ ৰাইট প্ৰাইচ। আপোনালোকে মোৰ জীৱনটোলৈকে চাওক, শাসক, বিৰোধী, বিসম্বাদী, উগ্ৰপন্থী, সকলো মোৰ জেপত, মই তেওঁলোকৰ হতুৱাই যি মন যায় তাকে কৰাব পাৰোঁ। কেনেকৈ? আৰু মোৰ যদি ফ্ৰী হেণ্ড দিয়ে, মই নিশ্চিত যে মই কেৱল বক্সিঙৰ জাজসকলকে নহয়, ইণ্টাৰনেচনেল অলিম্পিক কমিটী, ভাৰতীয় অলিম্পিক সংস্থা, আয়োজক দেশৰ মন্ত্ৰীসভা, সকলোকে মেনেজ কৰিব পাৰিম বুলি মোৰ বিশ্বাস আছে। অৱশ্যে ৰাজনীতিত কেৱল হৰ্চ ট্ৰেডিঙেই একমাত্ৰ খেল নহয়, সাম, দাম, দন্দ, ভেদ ৰ বাদেও আধুনিক ৰাজনীতিত আন কিছুমান অব্যৰ্থ অস্ত্ৰ আছে, আৰু সেইবিলাকৰ সফল প্ৰয়োগো আমি ইতিমধ্যে কৰিছোঁ- যেনে এই সকলো দেশতে কিছুমান আণ্ডাৰগ্ৰাউণ্ড মানুহ থাকে, আমি ৰাজনীতিকসকলৰ বাবে এইবোৰ একো একোটা আমোঘ অস্ত্ৰ। এই ধৰক গুৰুত্ব পুৰ্ণ বক্সিং মেটচ এখনৰ ঠিক আগে আগে ইখন দেশৰ বক্সাৰজনৰ মাক বা দেউতাকৰ হঠাৎ এটা দুৰ্ঘটনা হোৱাটোনো কি আচৰিত কথা, হৈয়েই থাকে দুৰ্ঘটনা। বাকীনো মই কি সবিশেষ বুজাম, আপোনালোকে জানেই।
গতিকে মই ভাৱোঁ, আমাৰ দেশে অলিম্পিকত আৰু বেছি পদক পাবৰ বাবে খেলাতকৈ বেছি এই ৰাজনীতিৰ দিশটোত গুৰুত্ব দিব লাগে। আমি ভাৰতীয়সকলৰ শাৰীৰিক গঠন কিছুমান খেলৰ বাবে উপযুক্ত নহয়, কিন্তু ৰাজনীতিৰ খেলত আমাক কোনেও বলে নোৱাৰে। সেয়ে আমি নিজৰ দুৰ্বলতাখিনি ঢাকি ৰাখি নিজৰ শক্তিশালী দিশটোত মনোনিবেশ কৰিলে সফলতাই নিশ্চিত ভাৱে আমাত চৰণ চুমিব।
: অশেষ ধন্যবাদ শৰ্মা ডাঙৰীয়া। আমাৰ দৃঢ় বিশ্বাস যে অলিম্পিকত জাত পাত, ধৰ্ম আদিৰ লবী আৰু অলপ গোপনীয় ৰাজনীতিৰ ব্যৱহাৰ কৰিলে, আমি বিশ্বজয় কৰিব পাৰিম। এইখিনিতে মই সুধিব খুজিছোঁ- এই দিশত আপোনাৰ চৰকাৰৰ ফালৰ পৰা কিবা পদক্ষেপ লোৱা হৈছে নেকি?
: হয়, হয়। এই দিশত আমি ইতিমধ্যে যথেষ্ট আগবাঢ়িছোঁ৷ এইবাৰ অলিম্পিকত আমি পোৱা সফলতাখিনিৰ মাইলেজ আমি কিদৰে ব্যৱহাৰ কৰিছোঁ- সেইটো কথা মন কৰিলেই আপুনি আমাৰ লক্ষ্যৰ কথা বুজি উঠিব। ভাৰত আৰু অসম অলিম্পিক সংস্থাবোৰত ইতিমধ্যে আমি নিজৰ বিশ্বাসী মানুহ সুমুৱাৰ উদ্যোগ লৈছোঁ, আৰু আন্তৰ্জাতিক অলিম্পিক সংস্থাতো আমাৰ লবী যথেষ্ট আগবাঢ়িছে। আমি আশা কৰিছোঁ- অহাবাৰ অলিম্পিকতে আমি আমাৰ কাৰনামা দেখুৱাবলৈ সক্ষম হ’ম।
: শৰ্মা ডাঙৰীয়া, আমি ফটাটিভিৰ ফালৰ পৰা আপোনাক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ- আমি আশা কৰোঁ অতি সোনকালেই আপোনাৰ সুদক্ষ ৰাজনীতিৰ বলত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া শক্তি হিচাপে পৰিগণিত হ’ম।এইবাৰ মই গহীন গোহাঁই ছাৰৰ ওচৰলে আহিব খুজিছোঁ- ছাৰ কওকচোন, আপুনি যিদৰে বিশেষ একো সাহিত্যকৰ্ম সৃষ্টি নকৰাকৈয়ে অসমৰ সাহিত্যজগতৰ শ্বাহেনশাহ ৰূপে পৰিগণিত হ’ল- তেনেকৈয়ে বিশেষ একো প্ৰতিভা বা অনুশীলন অলিম্পিকত বস্তাই বস্তাই সোণৰ পদক পোৱাৰ উপায় কি? আজি আমি আপোনাক লৈ গৌৰৱ কৰোঁ- মাত্ৰ এখন কোনেও কিনি নপঢ়া উপন্যাস লিখি আপুনি সাহিত্য জগতৰ সকলো বঁটা বাহন আঁজুৰি আনিলে, আৰু আমি ভিতৰুৱাকৈ গম পোৱা মতে এইবাৰ সাহিত্যৰ নোবেল বঁটাৰ বাবেও লবী কৰি আছে। কেনেকৈ? আপোনাৰ এই দক্ষতা আৰু অভিজ্ঞতাই দেশৰ ক্ৰীড়াক্ষেত্ৰখনত কিদৰে সহায় কৰিব পাৰে।
: পোন প্ৰথমেই মই আপোনাক ধন্যবাদ দিম, ক্ৰীড়া সম্বন্ধীয় এই আলোচনা চক্ৰলৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে। আপাততঃ আমি সাহিত্য জগতৰ মানুহবিলাকৰ খেলৰ সৈতে কোনো সম্পৰ্ক নাই বুলিয়েই মানুহে ভাৱে, কিন্তু বহুতে নেজানে যে, অলিম্পিকতকৈয়ো বেছি প্ৰতিদ্বন্দীতাপূৰ্ণ খেল অসমৰ সাহিত্য জগতখনত হয়। আৰু মই গৌৰৱ কৰিব পাৰোঁ যে মই সেই খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ, যি আজিলৈকে এখনো খেলত পৰাজিত হোৱা নাই। আচলতে এনেধৰণৰ যিকোনো খেলতে সকলোতকৈ প্ৰয়োজন হোৱা বস্তুটো হ’ল কানেকচন। এই ধৰক আমাৰ শৰ্মা ডাঙৰীয়া, তেওঁ আজি অতি প্ৰভাৱশালী খেলুৱৈ, কিন্তু কালিলৈ যদি তেওঁৰ দল নিৰ্বাচনত হাৰি যায়, তেনে তেওঁৰ প্ৰভাৱ তেনেই কমি যাব। কিন্তু মোৰ ক্ষেত্ৰত তেনে নহয়, যিদলৰ চৰকাৰেই নাহক কিয়, সাহিত্যৰ খেলখনত মোৰ পাৰফৰমেন্সত কোনো হেৰা ফেৰি নহয়। কাৰণ? কাৰণ মোৰ সকলো দলৰ লগত সমানেই কানেকচন আছে, মই ফোন এটা কৰিলে অসমৰ যিকোনো প্ৰভাৱশালী লোকেই না কৰিব নোৱাৰে। অৱশ্যে মই তাৰ বাবে বহু অনুশীলন কৰিছোঁ। সাংবাদিকতাৰ জগতখনত জড়িত থকাৰ সময়তে মই তেওঁলোকক ব্লেকমেইলিং কৰিব পৰা এসোপা তথ্য জমা কৰি ৰাখিছোঁ। আনকি এতিয়াও মই সৃষ্টি কৰা একশ্ৰেণী সাংবাদিক এক্টিভ ম’ডত আছে, তেওঁলোকৰ পৰাও মই বহু কথা গম পাওঁ, আৰু তথ্য হিচাপে সংৰক্ষণ কৰোঁ। মোৰ লেখালৈ লক্ষ্য কৰিলে আপুনি দেখা পাব যে এই সকলোবোৰ আচলতে প্ৰপাগাণ্ডামূলক লেখা, এই লেখাবিলাকৰ জড়িয়তে মই কোনো এক নিৰ্দিষ্ট ব্যক্তিক, সমাজৰ চকুত হয় ওপৰলৈ উঠাওঁ, নহ’লে ডুবাওঁ। গতিকেই এইসকল লোকে মোৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখে। এই বঁটা বাহনবিলাকৰ জড়িয়তে মই নিজকে প্ৰায় অসমীয়া জাতিৰ অভিভাৱক হিচাপে প্ৰতিষ্ঠিত কৰিছোঁ- সুদীৰ্ঘ দিন ধৰি সুচতুৰ ভাৱে মই নিজৰ ফটাঢোল কোবাই, নিজকে এই সাহিত্যৰ খেলখনৰ লাইফ টাইম এচিভাৰ হিচাপে পৰিগণিত কৰাইছোঁ। আজিৰ দিনত মোৰ একলম লেখাৰ মূল্য এখন চৰকাৰী আইনতকৈয়ো বেছি। আৰু তাৰ বিনিময়ত মই পদকো পাইছোঁ অলেখ, মান সন্মান, টকা পইচা, গাড়ী-সম্পত্তি, ক্ষমতা, আৰু আন কিছু ধৰণৰ মৰম-চেনেহ ভৰা পদকেৰে মোৰ জীৱন উপচি আছে।
এতিয়া আপোনাৰ প্ৰশ্নলৈ আহোঁ- হয়, মোৰ জীৱনৰ প্ৰতি যিটো এপ্ৰ’চ্চ, সেইটোকে অনুকৰণ কৰি আমি ভাৰতক পৃথিৱীৰ শ্ৰেষ্ঠতম ক্ৰীড়া শক্তি ৰূপে প্ৰতিষ্ঠা কৰিব পাৰোঁ; কিন্তু তাৰ বাবে দীৰ্ঘদিনৰ নিৰলস প্ৰচেষ্টা লাগিব, বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰখনৰ সকলো প্ৰভাৱশালী ব্যক্তিৰ সৈতে win win কানেকচন বনাব লাগিব। বিশেষ কিছুমান ব্যক্তিক পৰিকল্পিত ৰূপে গামোচা আৰু মালা পিন্ধাব লাগিব, পৃথিৱীৰ সকলো আন্দোলনকাৰী ছাত্ৰ সংগঠনৰ লীডাৰসকলক হাতৰ মুঠিত ৰাখিব লাগিব, আৰু মেডিয়াৰ যোগে সময়ৰ শৰ সময়ত মাৰি থাকিব লাগিব।
এইদিশত আমাৰ সৰ্বপ্ৰথম কাম হ’ল- পৃথিৱীৰ সকলো বিখ্যাত মেডিয়া হাউচকে আমাৰ দেশৰ মেডিয়াৰ আদৰ্শত গঢ়ি তোলা। ধৰক আমেৰিকাৰ এজন লোকে আজিৰ তাৰিখত অলিম্পিকত কিবা এটা খেলত সোণৰ পদক পালে। আমি যদি আমেৰিকাৰ মেডিয়াক মেনেজ কৰি, মেডিয়াত অলিম্পিক বিজয়ীজনক এক্কেবাৰে পাত্তা নিদি; কোনে কাৰ ঘৈণীৰ লগত অবৈধ সম্পৰ্ক কৰিলে, কোনে কাক কাটিলে-মাৰিলে, ড্ৰাগচ খাই কোন পগলা হ’ল- এইবোৰ নিউজ দেখুৱাই থাকিব পাৰোঁ- তেনে অলিম্পিক বিজয়ীজন নিশ্চয় হতাশ হ’ব, আৰু স্পনচৰো নাহিব। তেতিয়া তেওঁৰ পিছৰ প্ৰজন্মই খেলৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলাব, তেওঁলোকে বুজি উঠিব যে অলিম্পিকত পদক পাই একো লাভ নাই, না বিখ্যাত হ’ব পাৰি, না পইচা ঘটিব পাৰি। এনেদৰেই ক্ৰমান্বয়ে তেওঁলোকে ক্ৰীড়া ক্ষেত্ৰত দুৰ্বল হৈ পৰিব আৰু সেই সুযোগতে আমি অলিম্পিক দখল কৰি ল’ম।
: ছাৰ, আপোনাক শ্ৰদ্ধা জনাবলৈ আমাৰ ভাষাৰ অভাৱ, কেৱল স-ভক্তিৰে আপোনাৰ চৰণলৈ চাই আছোঁ। আজি মোৰ বুকু আবেগত ফুলি উঠিছে, যি মাটিয়ে আপোনাৰ দৰে প্ৰতিভাক জন্ম দিব পাৰিছে, সেই মাটি অলিম্পিকৰ সোণেৰে উপচাই পেলোৱা কি ডাঙৰ কথা। আমাৰ সময় পিচে শেষ হৈ আহিছে, আপোনালোকৰ দৰে মণিষীৰ সংগত এই সময়খিনি কিদৰে অতিবাহিত হ’ল, মোৰ লগতে দৰ্শকেও গমেই নেপালে। আমি আশাবাদী, চৰকাৰ আৰু ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিসকলে আপোনালোকৰ উপদেশসমূহৰ বিষয়ে বিচাৰ বিবেচনা কৰিব।
এইখিনিতে এটা সৰু অনুৰোধ কৰোঁ, . . . আপোনালোকে জানেই আমি যি কৰোঁ টি আৰ পিৰ বাবে কৰোঁ- আৰু আজিকালি আলোচনা চক্ৰত কাজিয়া নহ’লে টি আৰ পি পোৱা নেযায়। গতিকে আমাৰ চেনেলৰ খাতিৰত মই শ্ৰীযুত শৰ্মা আৰু শ্ৰীমতী শইকীয়াক অনুৰোধ জনাম যাতে, সেই ‘পৃথিৱীৰ সকলো পুৰুষ বুৰ্বক’ ষ্টেটমেণ্টটো আকৌ উত্থাপন কৰি আপোনালোকে কুকুৰ মেকুৰীৰ দৰে কাজিয়া কৰে, প্ৰয়োজনত অশ্লীল শব্দও ব্যৱহাৰ কৰিব পাৰিব, আমি টুইট টুইট কৰি দিম। বাট ন’ হাৰ্ড ফিলিংচ প্লীজ।
: এহ মজা, মই লেতেৰা ভাষাৰে কাজিয়া কৰি বিৰাট ভাল পাওঁ। শুনক হে শ্ৰীমতী শইকীয়া, আপুনি পৃথিৱীৰ সকলো পুৰুষ বুৰ্বক বুলি কোৱা কথাষাৰ উঠাই লওক, কি বুলি ভাৱিছে আপুনি নিজকে? আপোনাৰ দৰে মহিলাক আমি কি বুলি কওঁ জানেনে, বেশ্যা, বেশ্যা বুলি কওঁ। বেশ্যা হৈ আপুনি সকলো পুৰুষক বুৰ্বক বুলি ক’বলৈ আহিছে, উঠাই লওক।
: কি? কি ক’লি তই? মোক বেশ্যা বুলি ক’বলৈ আহিছ? তইহে বেশ্যা, আৰু এই গহীন গোহাঁয়ো বেশ্যা। মোৰ চেহেৰা আছে, মই নিজৰ স্বাৰ্থৰ কাৰণে সেই চেহেৰা ব্যৱহাৰ কৰোঁ- আৰু সেইবাবে মই বেশ্যা। চাল্লা তহঁতেওতো সেইটো কামকে কৰ নহয়। মগজ, সততা সকলো বিক্ৰী কৰ, গতিকে তহঁতো বেশ্যা। আচলতে তহঁতক বেশ্যা বুলি ক’লে পেটৰ দায়ত দেহ বিক্ৰী কৰা মানুহকেইজনীৰ অপমানহে হ’ব। তেওঁলোক তহঁতবোৰতকৈ বহুত বেছি সৎ! টুইট, টুইট চাল্লা, তোৰ টুইট টুইটো, টুইট টুইট, কথা ক’বলে আহে, টুইটে(মিউটেদ)
: তোৰ মুখৰ কথাই তোৰ পৰিচয় দিছে বুজিছ? তোৰ দৰে মহিলাৰ পৰা এনে ভাষাই আশা কৰা যায়। অভদ্ৰ সৱ….মই একো কোৱা নাই, মোক কাজিয়ালৈ মতাও নাই, তই কিয় মোৰ নাম ল’বি? চাওকচোন শৰ্মা….তাই আকৌ সকলো পুৰুষকে বুৰ্বক বুলি….(মিউটেদ)
: হয়, গোহাঁই ছাৰ, এইৰ দৰে মানুহক….(মিউটেড)
: আজিলৈ আমাৰ ‘ৰামবাণ’ অনুষ্ঠান ইমানতে সামৰিছোঁ- অহা সপ্তাহত আকৌ এই একেসময়তে আন এটা গুৰুত্বপূৰ্ণ সমস্যাৰ ৰামবাণ ইলাজ লৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে, আজিলৈ আহোঁ- শুভৰাত্ৰী।
☆ ★ ☆ ★ ☆