নাম -বৈদুৰ্য বৰুৱা
: হেই জিতু…জিতু দা…জিতু দা নহয়নে?
জিতুৱে চালে মাতটোৰ ফালে।
: জিতু…জিতু…আপুনি জিতু দা…?
ছোৱালীজনীয়ে তাৰফালে চাই হাতখন জোকাৰি আকৌ চিঞৰিলে দূৰৰ পৰাই। সি কিছু আচৰিত হ’ল। কিন্তু ধৰিব নোৱাৰিলে ছোৱালীজনীয়ে তাকেই মাতিছে নে বেলেগক মাতিছে। সি ৰৈ আছিল তাৰ বাইকখনৰ ওপৰতে বহি ফুটপাথৰ দোকান এখনৰ কাষত। সি সদায় ইয়াতে ৰয়।চানগ্লাছ এখন পিন্ধি কমলা পচন্দৰ পেকেট এটা মুখত মাজে মাজে ঢালি এইখিনিতে তহল দি থাকে। পবিত্ৰ, ৰফিকহঁতো আহে। এইখিনিতে সিহঁতে আড্ডা মাৰে। ওচৰতে দুই তিনিখন কলেজ আছে। কলেজৰ ল’ৰা-ছোৱালীবোৰ এইফালেই বেছিকৈ অহা-যোৱা কৰে। গতিকে স্বাভাৱিকতে পুৱা আৰু পাছবেলা এইখিনিত ল’ৰাৰ আড্ডা বেছি। ক’বলৈ গ’লে এইখিনি ঠাইৰ প্ৰতি সিহঁতৰ আকৰ্ষণ সেইখিনিতেই। এই ঠাইখিনিৰ যি বুজাব নোৱাৰা এক ৰোমাণ্টিক আকৰ্ষণ আছে সেই কথা সিহঁতৰ বয়সেহে জানে! আজিও জিতু ৰৈ আছিল। ৰফিকহঁত আহি পোৱা নাছিল। তেনেতে সি দেখিলে সিহঁতৰ পৰা কেইখোজমান আগত ৰৈ যোৱা এখন চিটিবাছৰ পৰা এজনী ছোৱালী ঠেলা হেঁচা কৰি নামি পৰিছে। কান্ধত দুটা ডাঙৰ ডাঙৰ বেগ। হাতত এটা চুটকে’চ। পিন্ধনত জীনচ্, স্প’ৰ্টিং, চকুত চানগ্লাছ। তাই বাছৰ পৰা নামিয়েই ফুটপাথৰ কাষত চুটকে’চটো থৈ চানগ্লাছখন কপাললৈ উঠাই ইফালে সিফালে চালে। তেনেতেই তাইৰ তাৰ ওপৰত চকু পৰিল।এপলক তালৈ চাই প্ৰায় লগে লগেই তাই তাৰফালে হাতখন জোকাৰি উৎফুল্লিতভাবে চিঞৰি উঠিল।
: হেই…জিতু…আপুনি জিতুদা নহয়নে বাৰু…
:হয়।
জিতুৱে যদিও ছোৱালীজনী চিনি নাপালে তথাপিও তাইৰ ফালে আগবাঢ়ি গ’ল। চানগ্লাছজোৰ সি কপালৰ ওপৰলৈ উঠাই ল’লে।
“কোন হ’ব পাৰে বাৰু ছোৱালীজনী…কোন…কোন…! চিনি পাইছে নেকি বাৰু মোক?” ছোৱালীজনীয়ে তালৈ হাঁহো হাঁহো কৰি চালে। এজনী মৰম লগা মিঠা বৰণীয়া যুৱতী। প্ৰথম দৃষ্টিতে মনটো মুহি নিয়ে।
: ওঁওঁ কিয় নাপাম! পিচে ক’ৰ পৰা আহিলা? সি মিছাকৈয়ে কৈ উঠিল।
: নক’ব আৰু। নাইট চুপাৰখনত আহিলোঁ। হ’ল নহয় ৰাস্তাতে বেয়া। ছটা বজাত পাবহি লগা বাছ পাইছেহি দহটা বজাত। বাছষ্টেণ্ডৰ পৰা চিটিবাছত আহিলোঁ। ইয়াতে নমাই দিলে- বোলে ইয়াৰ পৰাই অটো এখন লৈ ল’ব জৰাবাৰীত নমাই দিব। তাত কাৰোবাক সুধিলেই জৰাবাৰীৰ নৱনীতা গাৰ্লছ হোষ্টেল কোনটো দেখুৱাই দিব। নতুন ঠাই, প্ৰথম আহিছোঁ। তেনেতেই আপোনাক দেখি গ’লোঁ। আপুনি কি ইয়াতে থাকে নেকি?
: ওঁ মই ইয়াতে থাকোঁ।
: কিমানদিনৰ মূৰত যে দেখাদেখি হ’ল। বাকী সকলো ভালেই চাগে আপোনাৰ।
: আছোঁ দিয়া।
: আপুনি কিন্তু দেখিবলৈ একেই হৈ আছে দেই। তাই কৈ উঠিল।
: তুমিয়ো কিন্তু একেই হৈ আছা। জিতুয়েও এনেই কৈ উঠিল। সি পেটে পেটে ভাবি থাকিল ক’ত পাইছিল আগতে ছোৱালীজনীক! সি লগ ক’ত পাইছিল!কোন হ’ব পাৰে বাৰু ছোৱালীজনী! কোন…কোন…?
: বিয়া-চিয়া পাতিলে নেকি?
সি ভাবি থকাৰ মাজতেই ছোৱালীজনীয়ে তাক সুধি উঠিল।
: নাঃ নাঃ। আমাকনো কোনে ছোৱালী দিব। হেঃহেঃ।
সি কৈ উঠিল।
: আহিবনা আমাৰ সেইফালে। বিচাৰি দিম নহয়। তায়ো হাঁহি হাঁহি তাক কৈ উঠিল।
: তাকে যাম বুলিয়ো সময় উলিয়াব পৰা নাই। হাঃ হাঃ। সিয়ো ধেমালিৰ চলেৰে হাঁহি উঠিল। জিতুৰ বুকুখন যেন ধৰফৰাই উঠিল। কোন বাৰু তাই! কোন বাৰু তাই! নাম কি তাইৰ, ক’ত তাইৰ ঘৰ, ক’ত তাইক লগ পাইছিল? কোন হ’ব পাৰে বাৰু ছোৱালীজনী! কোন…কোন?
জিতুৰ নিজকে চৰিয়াবৰ মন গ’ল।
: আচ্ছা। জিতুদা মই আহোঁ। লগ পাম দিয়ক। লগ পাই ভাল লাগিল বহুদিনৰ মূৰত। আমাৰ সেইফালে আহিলে সোমাবচোন জিতুদা। তেনেতে সি দেখিলে ছোৱালীজনীয়ে কিছু আগবাঢ়ি গৈ অটো এখন ৰখাবলৈ হাত ডাঙিছে। নাই নাই। ছোৱালীজনী কোন সি জানিব লাগিব। তাক চিনি পায়। অথচ সি চিনি নাপায়। কোন হ’ব পাৰে বাৰু তাই। কোন…কোন…?
: এই এই। ৰ’বা ৰ’বা। মই থৈ আহিম। মই থৈ আহিম তোমাক। জিতু কিছু চটফট কৰি উঠিল।
এই নালাগে নালাগে। নালাগে মই পাৰিম। তাই চিঞৰি উঠিল।
: কি কোৱা তুমি! মই থাকোঁতে তুমি অটোত যাবা। ৰ’বা ৰ’বা।
: নাই নাই। আপোনাৰ দিগদাৰ হ’ব। আপুনি টেনচন নল’ব। মই পাৰিম।
: তোমাৰ কাৰণে মই মোৰ ঠাইতেই যদি এইকণ সহায় কৰিব নোৱাৰোঁ কথা হ’ল নেকি! ৰ’বা ৰ’বা। সি তাইক প্ৰায় অভিভাৱকসূচকভাবেই নিৰ্দেশ দিয়াৰ দৰে কৈ আকৌ বাইকখনৰ ওচৰলৈ আহি বাইকখন ষ্টাৰ্ট কৰিলে।
: আপুনিযে জিতুদা একদম একেই আছে। কিযে বস্তু। ছোৱালীজনীৰ হাতত যেন আৰু একো উপায়েই নাথাকিল ঠিক তেনে এটা ভাবত কৈ তালৈ চালে। জিতুয়ে লগে লগে বাইকখন লৈ ছোৱালীজনীৰ কাষ পালেগৈ। তাইৰ দুয়োটা ডাঙৰ বেগ সি প্ৰায় জোৰজবৰদস্তিকৈয়ে নিজৰ কান্ধত দুয়োফালে ওলোমাই ল’লে।
: আপুনিও যে আৰু। মিছামিছি…। ছেঃ মাত লগাই ভুলহে কৰিলোঁ।
: কি কোৱা তুমি? উঠা উঠা। জিতুৱে কৈ উঠিল। ছোৱালীজনীয়েও চুটকে’চটো দুয়োটাৰে মাজত লৈ পিছফালে বহিল। তাৰ বাইক আগবাঢ়িল। জিতু আৰু তাই বাটত একো কথা নাপাতিলে বুলিয়েই ক’ব পাৰি। দুই এটা কথা জিতুৱে কৈ গৈছিল যদিও তাই মাত্ৰ হুঁ-হাঁ কৰি গ’ল। মাজে মাজে তাই পাইছোঁহি পাইছোঁহি। এই জিতুদা যে…জিতুদা…জিতুদাৰ বাইকত বুলি কাৰোবাৰ লগত ফোনত কথা পাতি গ’ল। জিতুয়ে মাত্ৰ এটা কথায়েই ভাবি গ’ল- ছোৱালীজনীক সি আগতে ক’ত লগ পাইছিল! কি নাম তাইৰ? ক’ত থাকে, কি কৰে? কোন হ’ব পাৰে এই ছোৱালীজনী! কোন…কোন…?
: এই ৰ’ব ৰ’ব। পালোঁহি, ইয়াতে…ইয়াতে ৰখাওক। বহুদূৰ অহাৰ পাছত ছোৱালীজনীয়ে চিঞৰি উঠিল তাক। এটা তিনিমহলীয়া ঘৰৰ আগত জিতুৰ বাইক ৰৈ গ’ল। নৱনীতা গাৰ্লছ হোষ্টেল। সি কান্ধৰ পৰা বেগ দুটা নমাই মাটিতে থ’লে।
: লিফ্টটোৰ বাবে ধন্যবাদ। ছেঃ! মিছামিছি মোৰ বাবে আপুনি কষ্ট খালে।
: নাই নাই। কি কোৱা? তাই বাইকৰ পৰা নামিল। চুটকে’চটো হাতত লৈ বেগ দুটা কান্ধত ল’লে।
: আহোঁ দিয়ক জিতুদা।
তাই তাক হাতখন দেখুৱাই গে’টখন ঠেলি ভিতৰলৈ সোমাবলৈ আগবাঢ়িল। জিতুৰ বুকুখন ধৰফৰাই উঠিল। ছোৱালীজনী কোন, নাম কি, ক’ত থাকে জনাটো অতি দৰকাৰ।
: তুমি মানে ইয়াতে থাকিবা? কোন কলেজত এডমিশ্বন ল’লা? সি একেলগে সুধি উঠিল।
: নাই মই নাথাকোঁ। মোৰ ভণ্টিজনী ইয়াতে পঢ়ে। ইয়াতে থাকে। মই তাইৰ খবৰ লব’লৈ আহিলোঁ। আজি কিজানি উভতিম ঘৰলৈ। তাই কৈ উঠিল। তাই আকৌ ভিতৰলৈ যাবলৈ ওলাল।
: আজিকালি ক’ত থাকা তুমি? জিতুৱে আওপকীয়াকৈ তাইৰ ঘৰৰ ঠিকনাটো ল’বলৈ চেষ্টা কৰিলে।
: আগৰ ঠাইতে আছোঁ। আকৌ জিতুৰ বুকুখন হমহমাই উঠিল। আগৰ ঠাইত মানে কোন ঠাইত! কোন হ’ব পাৰে বাৰু এই ছোৱালীজনী?কোন…কোন…? তাই যাবগৈ আজি। তাইৰ নাম ঠিকনা এতিয়াই ল’ব লাগিব। এতিয়াই।
: আমাৰ বাৰু লাষ্ট ক’ত কেতিয়া দেখা হৈছিল তোমাৰ মনত পৰেনে! সি সৰ্বশেষ চেষ্টা এটা কৰিলে। তাইৰ নাম ঠিকনা সি জানিবই লাগিব।
: ওহোঁ নপৰে। এয়াই আমাৰ প্ৰথম আৰু শেষ দেখা।
: মানে? কিন্তু.. কিন্তু তুমি মোক কেনেকৈ চিনি পোৱা?
: চিনি নাপাওঁ। নামটো জানিলোঁ।
: কেনেকৈ!
: আপোনাৰ বাইকখনৰ নাম্বাৰপ্লে’টত আপোনাৰ নামটো লিখা আছে। তালৈ এটা মিচিকিয়া হাঁহি এৰি ছোৱালীজনী ভিতৰলৈ সোমাই গ’ল।
☆ ★ ☆ ★ ☆
1:33 pm
বৰ ভাল লাগিল পঢ়ি।
3:14 pm
বিৰাট ভাল লাগিল পঢ়ি দাদা।
3:30 pm
বঢ়িয়া লাগিল দেই৷
3:37 pm
হা হা হা??মজা লাগিল ।
4:02 pm
খুব সুন্দৰ।
6:31 pm
হা হা হা। হাঁহিটো একেবাৰে শেষত মুখৰ পৰা ফুটি ওলাই আহিল দেই।