ফটাঢোল

অথঃ শইকীয়া সংবাদ – লক্ষ্যদ্বীপ গগৈ

আমাৰ শইকীয়াই তেওঁৰ ঘৰৰ মেকুৰীজনীৰ উৎপাতৰ পৰা বিৰক্ত হৈ তাইক ঘৰৰ পৰা দূৰৈত এৰি থৈ আহিল। কিন্তু তেওঁ আহি ঘৰ সোমোৱাৰ আগে আগেই মেকুৰীজনীও আহি ঘৰ সোমালহি। শইকীয়াই দ্বিতীয়বাৰৰ কাৰণে মেকুৰীজনীক আৰু অলপ বেছি দূৰৈত থৈ আহিল কিন্তু এইবাৰো মেকুৰীজনী শইকীয়া আহি ঘৰ সোমোৱাৰ আগতেই ঘৰ পালেহি। তৃতীয়বাৰ শইকীয়াই উপায় নাপাই মেকুৰীজনীক দূৰৈৰ বাগান এখনৰ মাজত এৰিবলৈ লৈ গ’ল।
কেইবাঘণ্টাৰ পাছত শইকীয়াই ঘৰলৈ ফোন কৰি সুধিলে যে মেকুৰীজনী আকৌ ঘৰ ওলালহি নেকি?
তেতিয়া শইকীয়ানীয়ে ক’লে যে মেকুৰীজনী কেতিয়াবাই আহি ঘৰ পালেহি আপুনি ক’ত আছে?
শইকীয়াই তেতিয়া খঙৰে কলে “বদমাছ মেকুৰীজনীক পঠিয়াই দে মই নিজেই ৰাস্তা পাহৰি থাকিলোঁ।”

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *