ফটাঢোল

ৱাইফ মোৰ শ্লিম -দিগন্ত কুমাৰ ভট্টাচাৰ্য

যোৱাবছৰৰ এদিন। কৰ’ণাৰ প্ৰথমভাগ সন্ত্ৰাস কিছু কমাৰ পাছতে জালুকবাৰীৰ ওচৰত চিনাকি এঘৰত বিয়াৰ নিমন্ত্ৰণ আছিল। বিয়া বা আন তেনেধৰণৰ নিমন্ত্ৰণ থাকিলে আমি সাধাৰণতে সেইদিনা ঘৰত বিশেষ একো নাখাওঁ। পাৰিলে খাৰ খাওঁ। খাৰ খালে হেনো হজম হোৱাৰ পাছত বেছিকৈ খাব পাৰি। সেইদিনাও আমি পুৱাৰে পৰা একো খোৱা নাছিলোঁ। দুপৰীয়া অকল ভাত, ডাইল আৰু খাৰ। আচলতে, আমি বহুত হিচাপ কৰি চলিবলগীয়া হয়। অহা-যোৱাৰ বাহিৰে উপহাৰৰ খৰচটোও থাকে। গতিকে, ভালকৈ পেট পূৰাই খাই নাহিলে অশান্তিয়ে আগুৰি ধৰে মনটো।

আবেলি বিয়ালৈ যাবলৈ ওলোৱাৰ সময়ত দেখিলোঁ, গাড়ীখনৰ ষ্টাৰ্ট নহয়হে নহয়। প্ৰায় দহবছৰ পুৰণি গাড়ী। কেতিয়াবা ভেম লাগিলে চাবি পকাই থাকিলেও বহুদেৰিলৈ শব্দ নোহোৱাকৈ পৰি থাকে। কোনোবা মেকানিক এজনক মাতি অনাৰ পাছত আকৌ মুহূৰ্ততে ঘেৰ ঘেৰকৈ ইঞ্জিন চলাবলৈ আৰম্ভ কৰি দিয়ে। মেকানিকেও ‘ইমান দূৰৰ পৰা আহিবলগীয়া হ’ল। গাড়ীখন চলিল নহয়। দুশ টকা দিব কমেও’ বুলি মুখখন ফুলায়। পুৰণি গাড়ীৰ মতি-গতি বুজা বৰ টান।  

সিদিনা অৱশেষত চিটিবাছত উঠিয়েই বিয়ালৈ যোৱাটো ঠিক কৰিলোঁ। দুপৰীয়াৰ সময়। কৰ’ণাৰ কাৰণে বাছবোৰত ভিৰ নাথাকিব বুলি ভাবিছিলোঁ, কিন্তু নহয়। এখনো গাড়ীত বহিবলৈ এটা ছীটো খালী নেদেখিলোঁ। এখনত কোনোমতে উঠিলোঁ শ্ৰীমতী আৰু মই। গণেশগুৰিৰ পৰা জালুকবাৰীলৈ গোটেই বাটছোৱা থিয় হৈ যোৱাৰ শংকাটো মনলৈ আহোঁতে পেটৰ ভোকটো দুগুণে বঢ়া যেন লাগিল। মাজৰ ষ্ট’পেজত খালী ছীট পোৱাৰো আশা দেখা নাই। দুয়োজনে থিয় হৈ গৈ আছোঁ।

: দুপৰীয়াৰ পৰা একো খোৱা নাই। ভোক লগা নাই তোমাৰ?

 শ্ৰীমতীলৈ চালোঁ।

: প্ৰায় আধামাইল খোজ কাঢ়িয়ে আহিলোঁ। দিনত ভালকৈ খোৱা নাই। মোৰ চাগে আজি এক কিল’মান ওজন কমিছে। অলপ শ্লিম হৈ গৈছোঁ যেন লাগিছে নে বাৰু মোক?

শ্ৰীমতীৰ কথাত তেওঁলৈ চালোঁ। মোৰ নালাগিল।

: লাগিছে। কাপোৰযোৰেৰে তোমাক আজি একদম খীন-মীন দেখাইছে 

কিবা এষাৰ নক’লে নহয়ে বাবেই ক’লোঁ মই।

হঠাতে এগৰাকী বয়সীয়াল তিৰোতা থিয় হ’ল আৰু তেওঁ বহি থকা ছীটটো আগবঢ়াই দিলে শ্ৰীমতীলৈ। আমাৰ এওঁ অলপ অপ্ৰস্তুত হ‘ল।

: আৰে বহক আপুনি, এনেকুৱা সময়ত বেছি দেৰি ঠিয় হৈ থকাটো ভাল নহয়।

তিৰোতাগৰাকীয়ে জোৰ কৰিলে।

শ্ৰীমতীয়ে একো নুবুজি ভেবা লাগি মানুহগৰাকীৰ মুখলৈ চাই ৰ‘ল।

: কিমান মাহ চলি আছে?

এওঁক মূৰৰপৰা ভৰিলৈ চাই সুধিলে তেওঁ।

: মানে? নাই, নাই, মই প্ৰেগনেণ্ট নহয়। আপুনিয়ে বহক, মই থিয় হৈয়ে যাব পাৰিম।

উশাহটো চেপি ধৰি পেটটো ভিতৰলৈ নিয়াৰ এক বৃথা চেষ্টা কৰি এওঁ আহি পুনৰ মোৰ কাষ পালে।

ইমান সময়ে মেক-আপৰ জোৰত উজ্জ্বল হৈ থকা শ্ৰীমতীৰ মুখখন হঠাতে শেঁতা হৈ পৰিল।

: কি যে মানুহ থাকে নহয়, কথা ক’ব নাজানে।

ফুচফুচাই ক’লে মোক।

: মানুহগৰাকীয়ে সহায়হে কৰিম বুলি ভাবিছিল। বেয়া পাইছা কিয়?

: নালাগে তেনেকুৱা সহায় মোক।… শুনা, আজি উভতি আহোঁতে কাম এটা কৰিম। গণেশগুৰিত বস্তু এটা কিনিম বুলি ভাবিছোঁ….

শ্ৰীমতীয়ে কৈ গ’ল।

: কি?

: ট্ৰেডমিল! আজিকালি সকলোৰে ঘৰতে থাকে।

: সেই যে মেচিনটো, তাৰ ওপৰত উঠি যে খোজ কাঢ়ে, দৌৰে মানুহবোৰে? তাতকৈ ঘৰৰ কাষৰ ৰাস্তাত খোজ কাঢ়িবা, পথাৰত দৌৰিবা।

 মই বুজাইছিলোঁ।

: তুমি একেবাৰে আউটডেটেড। বৰ্তমান দুনীয়াত কি হৈ আছে, কি নতুন বস্তু আহিছে, অকণমানটো খবৰ ৰাখিব পাৰা!

শ্ৰীমতীয়ে চিঞৰে। 

সেইদিনা ৰাতিয়েই ঘৰলৈ ট্ৰেডমিল এটা আহিল। ইনষ্টলমেণ্টত কিনি আনিলোঁ। এওঁ দুযোৰ ট্ৰেকছ্যুট আৰু স্প‘ৰ্টছ শ্বুও কিনিলে, লগতে এটা জুছ মেকাৰ। ট্ৰেডমিলত দৌৰাৰ পাছত ফলৰ ৰস খাবই লাগে হেনো, শৰীৰৰ কাৰণে বিৰাট উপকাৰী।

প্ৰথম দুদিনমান জোৰদাৰ ব্যৱহাৰ হ‘ল ট্ৰেডমিলটোৰ। শ্ৰীমতীয়ে পুৱা উঠি দৌৰিবলৈ আৰম্ভ কৰে। মোক মাজে মাজে দৌৰি থকাৰ সময়ত ফ’টো তুলিবলৈ মাতে। ময়ো ভিন্ন এংগোলৰ পৰা বেঁকা হৈ ফ’টো লওঁ। কেতিয়াবা ভিডিঅ’ ৰেকৰ্ডিং কৰিবও লাগে। ভিডিঅ’ ক্লিপবোৰ পাছত দিল্লীত থকা ভনীয়েকলৈ পঠিয়ায়। দহমিনিটমান দৌৰাৰ পাছত মোক সুধি থাকে “হেৰা, চোৱাচোন অলপ খীনোৱা যেন লাগিছে নে?”

: অলপ নহয় বহুতেই লাগিছে। দৌৰি থাকা।

ট্ৰেডমিলটোৰ নামত হোৱা খৰচৰ কথা চিন্তা কৰিয়েই তেনেদৰে কৈ মই মনটোক সান্ত্বনা দিওঁ। দৌৰি হোৱাৰ পাছত তেওঁ ঘামি-জামি ছোফাত বহে। আন বেলেগ বেমাৰ নহওক বুলিয়েই মই দৌৰাদৌৰিকৈ জুছ মেকাৰটোত চেপি ফলৰ ৰস এগিলাচ আনি দিওঁ। তাৰ পাছত প্ৰায় দুঘণ্টামানৰ জিৰণিৰ আৱশ্যক হয় তেওঁক। সেই অৱস্থাত কেনেদৰে মই তেওঁক “ভাত ৰান্ধিবলৈ যোৱা” বুলি ক’ব পাৰোঁ? ময়েই যাওঁ পাকঘৰলৈ।

এদিন পুৱা কাম কৰা বাইজনীলৈ চাই চাই শ্ৰীমতীয়ে কাণে কাণে ক‘লে মোক,

: হেৰা, তাইক চোৱাচোন। কেনে ধুনীয়াকৈ ফিগাৰ মেইনটেইন কৰিছে।

: মেইনটেইন কৰা কথা যে কৈছা, আচলতে কৰিম বুলি কৰা নাই। নিজে নিজে মেইনটেইনড্ হৈ গৈছে। ঘৰ সৰা-মঁচা এইবোৰ কম এক্সাৰচাইজ নে? এইবোৰ কাম কৰিলে সেই ট্ৰেডমিলত দৌৰি খীনাব নালাগে।

: শুনা না, মই কথা এটা ভাবিছোঁ………।

না ৱাৰ্ণিং, না ন‘টিচ পিৰিঅ‘ড। আমাৰ ঘৰত বাইগৰাকীৰ সেইদিনাই শেষ দিন হ‘ল। মই ভালেই পালোঁ। বাইগৰাকীৰ দৰমহা পোন্ধৰশ বাচিব প্ৰতি মাহে।

পাছদিনাৰপৰা এক বিশেষ উৎসাহেৰে শ্ৰীমতীয়ে পুৱা উঠিয়ে বাচন ধোৱা, ঘৰ সৰা-মচাত লাগি যোৱা হ’ল। পুৱাৰ চাহকাপলৈ অপেক্ষা কৰি কৰি মোৰ সপ্তাহৰ তিনিদিনেই অ‘ফিচলৈ দেৰি হোৱা হ‘ল।

দুখন চিটিবাছ সলাই ঘৰ আহি পাওঁতে মোৰ ৰাতি নটা বাজে। সেইখিনি সময়ত এওঁ ব্যস্ত থাকে জিটিভিত। দহটাৰপৰা ষ্টাৰ প্লাছত।

: হেৰা, আজি ভাত ৰান্ধিবা জানো? কালিৰ বাচনবোৰ দেখোন তেনেকৈয়ে পৰি আছে।

: ৰ‘বানা, আজিৰ এপিছ‘ডটো যে মিছ কৰিব নোৱাৰিম। তলৰ গগৈৰ ঘৈণীয়েকে কৈছে আজি হেনো নটাশা কাৰ্তিকৰ ঘৰলৈ আহিব। মই ক‘লোঁ হ‘বই নোৱাৰে, মাকে তাইক কিয় আহিবলৈ দিব? শেষত তাই বাজী মাৰিব খুজিলে, জানা। বেছি জনা দেখুৱায়, যেন স্ক্ৰিপ্ট তাইক সুধিহে লিখে ছিৰিয়েলবোৰত। চাওঁ ৰ‘বা কি হয়। আজি নহ‘লে বাহিৰৰ পৰাই কিবা অৰ্ডাৰ কৰি আনা।

 শ্ৰীমতীয়ে উপদেশ দিয়ে।

ওচৰৰ সৰু ৰেষ্টুৰেণ্ট এখনৰ মালিকজনৰ লগত মোৰ চিনাকি। তেওঁৰ ফোন নম্বৰটো টিপি কথা পাতিবলৈ বেলক‘নীলৈ ওলাই যাওঁ। ট্ৰেডমিলটো লিভিং ৰুমৰ পৰা নিৰ্বাসিত হৈ বেলক‘নীৰ এচুকত পৰি আছে। ট্ৰেডমিলৰ হেণ্ডেল দুডাল এতিয়া কাপোৰ মেলি দিয়া কামত ব্যৱহাৰ কৰা হয়। তিনিটা ফুলৰ টাব থোৱা হৈছে ট্ৰেডমিলটোৰ ওপৰত। মোৰ দেখি এনে লাগিল, টাবকেইটাৰ যেন আকাৰ সৰু হৈ গ‘ল হঠাতে। ফুলকেইজোপাও শুকাই-খীনাই লাহী হ‘ল। ট্ৰেডমিলটোত বহি বহিয়েই যেন শ্লিম হৈ গ‘ল বেচেৰাহঁত!

☆ ★ ☆ ★ ☆

12 Comments

  • সঞ্জীৱ।

    মজা লাগিছে।

    Reply
  • হাঁ হাঁ৷ এইটো মোৰেই কাহিনী৷ তামাম৷

    Reply
  • কাবেৰী মহন্ত

    ইমান সুন্দৰকৈ যিকোনো বিষয়বস্তুৰ মনোমোহা উপস্থাপন কৰিব পাৰা! So transparent, yet binding!
    খুউব ভাল লাগিল

    Reply
  • ৰিণ্টু

    বঢ়িয়া লাগিল দিগন্ত

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া

    Reply
  • দীপ

    ভাল লাগিল দাদা

    Reply
  • ৰাজশ্ৰী শৰ্মা

    আপোনা আপুনি বেলকনিত আলনাৰূপী ট্ৰেডমিলখনলৈ চকু গ’ল মোৰ।

    Reply
  • বন্দিতা জৈন

    😂😂😂। সুন্দৰ

    Reply
  • বাগ্মিতা

    কাহানী ঘৰ ঘৰ কি বুলিলেও ভুল নহ’ব দাদা। বৰ ভাল পালো পঢ়ি

    Reply
  • দিম্পল

    জুই দাদা জুই

    Reply
  • মুকুট ভট্টাচাৰ্য্য

    আমাৰটোত কিন্তু অকল কাপোৰ হে মেলে , ফুলৰ টাব নথয় দেই ..
    মজা লাগিল পঢ়ি 😂

    Reply
  • জয়ন্ত দাস

    মজা লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!