ফটাঢোল

লাভলীনা নে দ্বীপলিনা-জয়ন্ত দাস

বিছনাখনৰপৰা কোনোবাই যেন পদুম বড়োক  টানিব ধৰিছে৷ টোপনিৰ পৰা সাৰপাই গ’ল সি৷ চকুকেইটা মোহাৰি মোহাৰি সন্মুখত ভগৱান নৰসিংহক দেখি যথেষ্ট ভয় খালে৷ জোৰকৈ চিঞৰি শ্ৰীমতীক মাতিলে যদিও কথাখিনি মুখৰ পৰা ওলাই নাহিল৷ নৰসিংহই আঙুলিৰে চুপচাপ থাকিবলৈ ইংগিত দি পদুমক দাংকোলাকৈ বিছনাৰ পৰা উঠাবলৈ ধৰিলে৷ 

“তাৰমানে পৃথিৱীত মোৰ সময় শেষ৷ ইমান সোনকালেই পত্নী পুত্ৰৰ পৰা আঁতৰাই নিব বুলি ভবা নাছিলোঁ৷ পিচে যমদূতৰ সলনি প্ৰভু নৰসিংহ কিয় আহিল মোক উঠাবলৈ?” কথাটো ভাবি পদুম বৰ আচৰিত হ’ল৷  

: প্ৰভু আপুনি কেতিয়াৰ পৰা যমৰাজ বিভাগত জইন কৰিলে? 

ভয়াৰ্ত চাৱনিৰে সি  নৰসিংহক প্ৰশ্ন কৰিলে৷

 : কোনে ক’লে মই যমৰাজৰ বিভাগত জইন কৰিছোঁ বুলি? দেৱৰাজ ইন্দ্ৰই মোৰ বছ আৰু তেঁৱেই মোক তোমাৰ ওচৰলৈ পঠিয়াইছে৷

: কিন্তু কিয় ছাৰ? মই কি অপৰাধ কৰিলোঁ?

: ছাৰ,  বুলি মাতি মোক তেলাব নালাগে৷ অপৰাধ-চপৰাধ বাদ দিয়া মাত্ৰ মোক এবাৰ লাভলীনাৰ লগত লগ কৰাই দিয়া৷ 

: প্ৰভু ভুল হৈছে নেকি আপোনাৰ?  লাভলীনা নহয় দ্বীপলিনা হে হ’ব লাগে নেকি? 

নৰসিংহৰ কথা শুনি পদুমে লগে লগেই মাত দিলে৷

: দ্বীপলিনা? কোন দ্বীপলিনা?

: সেই যে ধুনীয়াকৈ ছোৱালীজনী আৰু বৰ সুন্দৰ যে গানো গাব জানে তেওঁৰ কথা কৈছোঁ প্ৰভু৷

: হাৰে, তেওঁক লৈ মই কি কৰিম?

: নহয়, মানে ইন্দ্ৰদেৱৰ ৰাজসভাৰ অপ্সৰাসকল ধুনীয়া যে সেয়ে দ্বীপলিনাই মিলিব প্ৰভু আৰু এবাৰ যদি দ্বীপলিনাক দেৱৰাজে দেখা পাই তেতিয়াহ’লে ৰম্ভা, মেনকাহঁতৰ ফালে মুখ ঘূৰায়ে নাচাব৷

: কি মানুহহে তুমি? দেৱৰাজৰ সুন্দৰ সংসাৰখনত কিয় আউল লগাব আহিছা? তাতকৈ তুমিয়েই লৈ নোযোৱা কিয়?

: প্ৰভু তেনেকৈ কৈ কিয়নো মনত দুখ দিয়ে৷ ক’ত দ্বীপলিনা আৰু ক’ত মই৷ ইমান কপলীয়া নহয় হে মই৷ মোৰ জীৱন সেই শুকান জলকীয়াৰ লগতে  অতিবাহিত কৰিব লাগিব৷ অৱশ্যে আমাৰ গাঁৱৰে দিম্পল বোলা এজন ধুনীয়া ল’ৰা আছে৷ তাৰ কথা এবাৰ ভাবিব পৰা যায়৷

: কি ক’লা? দিম্পল৷ দিম্পল কলিতা৷ তাকতো দেৱৰাজে কলিৰ কৃষ্ণ নাম দিছে৷ কৃষ্ণৰ যদি ১৬০০ গোপিনী আছিল তেতিয়াহ’লে ইয়াৰ অতি কমেও ৩২০০ হ’ব৷ বৰং বেছিহে হ’ব, কম নহয়৷ ল’ৰাজন ভাল৷ সি অৱশ্যে খুব ভালকৈ ৰাখিব পাৰিব তাইক৷  পিচে ইয়াত এতিয়া কথাৰ মহলাই মাৰি থাকিবা নে লাভলীনাকো বিচাৰি যাবা?

নৰসিংহৰ কথা শুনি পদুমে কিছুসময়ৰ বাবে মূক হৈ থাকি ক’লে৷

: প্ৰভু,  লাভলীনাক ইমান সোনকালেই লগ পোৱাটো সহজ নহ’ব৷ তেওঁ যদি আজি গুৱাহাটীত, কাইলৈ আকৌ দিল্লীত৷ পৰহি উত্তৰ প্ৰদেশত৷ মুঠতে তেওঁ খুবেই ব্যস্ত৷ তাৰ বদলি হীমা দাসক লগ কৰাই দিলে হ’ব নেকি প্ৰভু?

নৰসিংহই হীমা দাসৰ নাম শুনাৰ লগেলগে  প্ৰচণ্ড ক্ৰোধত পদুমক একচৰ মাৰিলে আৰু দীঘল নখ কেইটাৰে যিটো পজ দিলে যেন হিৰণ্যকশিপুৰৰ দৰে পদুমৰো বুকু ফালি পেলাব৷

নৰসিংহৰ ক্ৰোধ দেখি পদুমে যথেষ্ট ভয় খালে৷ কি কৰিব কি নকৰিব একো ভাবি পোৱা নাই সি৷

: কি হ’ল? ব’লা সোনকালে? 

পুনৰ নৰসিংহৰ গৰ্জন৷

: কি হ’ব এতিয়া পদুমৰ? কিন্তু লাভলীনা যে অসমত নাই সি ভালকৈয়ে জানে৷ আজি দিল্লীত তেওঁৰ সম্বৰ্দ্ধনা অনুষ্ঠান আছে৷ বাতৰি কাকত আৰু টিভিৰ নিউজত এইকেইদিন অকল এইবোৰ খবৰেই প্ৰচাৰ কৰি আছে৷ 

: লাভলীনা বৰ্তমান দিল্লীত আছে৷ দুদিনমানৰ পিছত হে অসমলৈ উভতিব, তেতিয়াহে চাগে লগ কৰিব পাৰিম৷ গতিকে প্ৰভু আপুনি এইকেইদিন মোৰ পঁজাটোতেই জিৰণি লওক৷  

ভয়ে ভয়ে পদুমে হাতযোৰ কৰি প্ৰভু নৰসিংহক কথাখিনি ক’লে৷

: কি শুনালা হে৷ খেলুৱৈ এজনে এনেকৈ সম্বৰ্দ্ধনা, মেল-মিটিং গাই থাকিলে হ’বনে? এইটো ভাল কথা হোৱা নাই হে পদুম৷ বাৰু তোমাৰ ঘৰত নাথাকোঁ কিন্তু সময়খিনিনো কিদৰে পাৰ কৰিব পৰা যায়?  

নৰসিংহই কথাখিনি কৈ পদুম বড়োৰ ফালে চাই ৰ’ল৷

নৰসিংহৰ মনটো  কোমল হোৱাত পদুমৰ অকণমান সাহস উপজিল৷

: তেতিয়াহ’লে প্ৰভু, মোক আপোনালোকৰ দেশখনেই এবাৰ ফুৰাই লৈ আহক৷ সময়খিনিও পাৰ হ’ব আৰু ময়ো আপোনালোকৰ আদব-কায়দাবোৰ স্বচক্ষে দেখিবলৈ পাম৷ 

বৰ বিনম্ৰতাৰে পদুমে প্ৰভু নৰসিংহক  ক’লে৷

: নাই নহ’ব৷ মনিষৰ আগমন তাত বাৰণ কৰা আছে৷ তথাপিও তোমাক বাৰু কিছু কিছু ঠাই ফুৰাই লৈ আহিম৷ 

নৰসিংহই পদুমক এখন হাতেৰে দাঙি টিভি ধাৰাবাহিকত দেখা শক্তিমানৰ দৰে লৈ আকাশলৈ উৰা মাৰিলে৷

খন্তেক সময়ৰ পিছতেই দুয়ো আহি  এটা বিশাল ঘৰৰ ওচৰত উপস্থিত হ’ল৷ বিভিন্ন গছ-গছনি, ফুলনি আদিৰে আৱৰি থকা এক বৃহৎ চৌহদ৷ সুউচ্চ গেটত দুজন দাৰোৱান৷

: প্ৰভু, এয়াই নেকি দেৱৰাজ ইন্দ্ৰৰ বাসভৱন? 

পদুমে নৰসিংহৰ ফালে চাই প্ৰশ্ন কৰিলে৷

নৰসিংহই হাঁহিমাৰি ক’লে, 

: যোৱা ভিতৰত কি হৈ আছে চাই আহা৷ তেতিয়া গম পাবা, এইটো কাৰ বিলাসী ভৱন৷ আৰু শুনা, তোমাক কোনেও নেদেখে  আৰু একো বাধাও দিব নোৱাৰে গতিকে যি যি চাব বা জানিবৰ মন আছে সকলো ভালদৰে চাই বুজি আহিবা৷

পদুমে ‘আজ্ঞা প্ৰভু’ বুলি কৈ ঘৰটোৰ ফালে আগবাঢ়িল৷ বন্ধ গেটখনৰ মাজেৰেই সি অনায়াসে পাৰ হৈ গ’ল৷ ভিতৰৰ বৃহৎ চৌহদটোত মূল ভৱনটোৰ বাদেও আন বহুকেইটা সৰু ডাঙৰ ভৱন চকুত পৰিল৷ পদুমে চাৰিওফালে এবাৰ এনেয়ে চকু ফুৰাই মূল ঘৰটোৰ ফালেই আগবাঢ়িল৷ 

এজন সাধুবাবাই সন্মুখত কেইজনীমান সুন্দৰী ৰমণীক বিভিন্ন ধৰ্মীয় বাণী শুনাই আছে৷ আকৌ কেইজনীমানে বাবাজনৰ শৰীৰটো  তেওঁলোকৰ সুকোমল হাতেৰে মালিছ কৰি আছে৷ দুজনীয়ে সুস্বাদু বিভিন্ন ফল তেওঁক খুৱাই আছে৷ পদুম আচাৰ্যচকিত হ’ল৷ একো বুজিব নোৱাৰি পোনে পোনেই নৰসিংহৰ ওচৰলৈ লৱৰি আহিল৷

: প্ৰভু, এইবোৰ কি হৈছে মই একো ধৰিব পৰা নাই৷

: তুমি বৰ বুৰ্বক নৰমনিচ হে৷ বৰ অজলা হৈ আছা৷ সেয়ে তোমাৰ পত্নীয়েও তোমাক বৰ নগুৰ-নাগতি কৰে৷ শুনা সেই বাবাজন হৈছে ভণ্ডবাবা আৰু সেই যে ৰমণীবোৰ তেওঁৰ মনোৰঞ্জন আৰু শৰীৰৰ ভোক নিবাৰণৰ বাবেহে৷ বুজিলা এতিয়া?

: ধেত্তেৰি, এতিয়াহে বুজি পালোঁ প্ৰভু৷ সেইজন তাৰমানে আশাৰাম বাপু?

: ধুৰ্ সেইজন কেনেকৈ হ’ব? সি কেতিয়াবাই জেলত৷ এইজন নতুন আশাৰাম৷ কেইদিনমান পিছত সকলোৱেই ভালকৈ গম পাব৷ ব’লা ইয়াত আৰু সময় নষ্ট নকৰোঁ৷ অইন এঠাইলৈ যাওঁ৷

পুনৰ শক্তিমানৰ দৰে উৰি আহি আন এখন নতুন ঠাইত  উপস্থিত হ’ল৷ 

: প্ৰভু, ভোক লাগিছিল যদি মোক ঘৰতেই ক’ব লাগিছিল৷ এইখনত   দুয়োজনে ভালকৈ খালে মোৰ মাহটোৰ দৰমহাৰ পইচাকেইটাৰেও নুজুৰিব৷ ব’লক নহ’লে দাস কেবিনতেই চাহ চিঙৰা খাই  দিওঁ৷ 

দূৰৈৰ পৰা পদুমে ৰেডিচন পিংক নামৰ ফাইভ ষ্টাৰ হোটেলখন দেখি নৰসিংহ ক’লে৷

: মই ইয়ালৈ ভাত খাবলৈ তোমাক অনা নাইহে৷ দেখিছোঁ তোমাৰ এই পৃথিৱীখনৰ একোৱেই জ্ঞান নাই৷ চাওঁ আহা এইফালে৷ সেই মানুহজনক দেখিছা? 

নৰসিংহৰ কথা শুনি পদুমে অলপ লাজো পালে৷ মানুহজনৰ ফালে ভালকৈ চাই চিঞৰি উঠিল৷

: পাইছোঁ পাইছোঁ, ভালকৈয়ে চিনি পাইছোঁ৷ এওঁ আমাৰ ঘৰৰ ওচৰৰ হেমকান্ত কাকতি দা৷ ডি চি অফিচত কাম কৰে, বহু টকা৷ বৰ ভাল মানুহ৷

: তোমাৰ কাকতি দায়ে কান্ধত হাতখন ৰখা মানুহজনী কোন চিনি পাইছানে? আৰু আনখন হাতত সেইটো কিহৰ গিলাচ দেখা পাইছা?

: কোন হ’ব আৰু, সেয়া ডলী বৌৱেই হ’ব নিশ্চয়.. 

বুলি কৈ পদুমে আৰু অলপ ভালকৈ চাই চিঞৰি উঠিল৷ 

: প্ৰভু এইজনী বৌ নহয়চোন৷ অইন মহিলাহে৷

: ঠিকেই ধৰিছা, সেইজনী তোমাৰ ডলী বৌয়েৰা নহয় আৰু হাতত সেইটো বিলাতী মদৰ গিলাছ৷ এনেয়ে জুবিনে যন্ত্ৰ নামৰ গীতটোত গোৱা নাই!

“হাতত হুইস্কিকাষত লোকৰ ঘৈণীৰঙানীলা ৰঙৰ পোহৰ….”

: আমি দেৱগণে তোমালোকৰ এই লীলা-খেলাবোৰ ওপৰৰ পৰা চাই থাকি বৰ আমোদ পাওঁ৷ পিচে তুমি কিন্তু বৰ অকৰা মানুহ৷ এই আও-ভাওবোৰৰ বিষয়ে একোৱেই নাজানা৷

: এই পাপী ঠাইবোৰ বাদ দি মোক অলপ ভাল ঠাই দেখুৱাক হে প্ৰভু৷ 

নৰসিংহৰ কথা শুনি পদুমে অলপ সেমেনা-সেমেনি কৰি ক’লে৷

: হয় নেকি৷ ব’লা তেতিয়াহ’লে৷ 

পুনৰ শক্তিমানৰ দৰে নতুন ঠাইখনৰ ফালে আগবাঢ়িল৷

: বাৰু প্ৰভু আপুনি লাভলীনাক লগ কৰিবলৈ আহি মোক কিয় উঠাই আনিলে? 

মাজবাটতে পদুমে নৰসিংহক প্ৰশ্ন কৰিলে৷

: আচলতে অসমলৈ আহোঁতে দেৱৰাজে কৈ পঠিয়াইছিল প্ৰথমে লাভলীনাৰ  প্ৰশিক্ষক পদুম বড়োক উঠাই ল’ব৷ কিয়নো তেওঁক লগত ল’লে হেনো লাভলীনাক লগ পোৱাটো সহজ হ’ব৷ সেয়ে তোমাক উঠাই আনিলোঁ৷

নৰসিংহৰ কথাশুনি পদুমৰ বৰকৈ হাঁহি উঠিল৷ 

: প্ৰভু আপুনি বৰ ভুল কৰিলে৷ মই সেইজন পদুম বড়ো নহয়৷

: মানে? 

নৰসিংহৰ প্ৰশ্ন৷

: মানে মই লাভলীনাৰ প্ৰশিক্ষক পদুম বড়ো নহয়৷

: আচল পদুম হোৱা বা ডুপ্লিকেট পদুমেই হোৱা মুঠতে তোমাক নেৰোঁ৷  যি পদুমেই নোহোৱা, তুমিয়েই লাভলীনাক লগ কৰাই দিব লাগিব৷

‘আজ্ঞা প্ৰভু’ বুলি কোৱাৰ বাদে পদুমৰ হাতত আন কোনো উপায়ো নাছিল৷ নোৱাৰোঁ বুলি ক’লেই যদি নৰসিংহই তাৰ হাতখন এৰি দিয়ে তেতিয়াহ’লে চেতেপ সি৷

অলপ পিছতে পদুমে দেখিলে চাৰিওপিনে ওখ ওখ  পাহাৰেৰে আবৃত এখন সুবৃহৎ, সুশৃংখলিত চহৰ৷ পাহৰৰ ওপৰৰ পৰা এক বিশাল শিলাখণ্ডৰ কাষেৰে এটা নিজৰা বৈ আহিছে৷ আঁতৰৰ এটা পুখুৰীত পদুম ফুল ফুলি আছে৷ বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটিৰ কোলাহলে ঠাইটুকুৰা অনন্য মাত্ৰা প্ৰদান কৰিছে৷ শিলটোৰ ওপৰত বহি পদুমে ভাবিবলৈ ধৰিলে ঠাইখন যেন ইয়াৰ আগতেও কেতিয়াবা দেখিছে৷ 

: ইয়াতেই বহি থাকিবা নে চহৰখনৰ ভিতৰলৈও প্ৰৱেশ কৰিবা? 

বহু পৰলৈকে পদুম তাৰ পৰা উঠি নহাত নৰসিংহই ওচৰলৈ গৈ তাক ক’লে৷

লাহে লাহে তেওঁলোক মূল নগৰখনৰ ফালে আগুৱাই গ’ল৷ নদী এখনে যেন নগৰখনক দুফাল কৰি তুলিছে৷ পদুমে যেন এইবোৰ ঠাই আগতেও দেখিছে৷ বাৰে বাৰে চেষ্টা কৰিও ভালদৰে মনত পেলাব পৰা নাই৷

হঠাতে সি চিঞৰ উঠিল৷

: কাঞ্চনমতী, কাঞ্চনমতীচিনি পাই গ’লোঁ৷ সেইখন কাঞ্চনমতী নৈ৷ সৌৱা বগা দলং৷ অলপ আঁতৰত সেইটো ৰঙাটিলা, সেইফালে সেইটো ৰূপালী পাম৷ আহ! কি অপৰূপ৷ কিমান যে ধুনীয়া৷ তাৰমানে “অসীমত যাৰ হেৰাল সীমা”ৰ কমলনগৰ ধ্বংস হোৱা নাই৷ এতিয়াও আছে৷ তেতিয়াহ’লে অশোক, চন্দন, উমা, গৌৰীহঁত ক’ত?

নৰসিংহই পদুমক কাঞ্চনমতীৰ লগতে লাগি থকা এখন পাৰ্কৰ ওচৰত নমাই দিলে৷

সৰু সৰু ল’ৰা-ছোৱালী কিছুমানে আনন্দমনেৰে খেলি আছে পাৰ্কখনত৷ পদুমে মানুহবোৰৰ মাজলৈ দৌৰ মাৰি গ’ল৷ সিহঁতে পদুমক ঘূৰি ঘূৰি চালে৷ এইবোৰলৈ তাৰ কোনো ভ্ৰূক্ষেপ নাই৷ মাথোঁ এবাৰ গৌৰী-চন্দনহঁতক লগ পাব লাগে৷ অলপ আঁতৰত মণি আৰু আৰতিক খেলি থকা দেখিলে সি৷

মণিহঁত ইয়াতে আছে যেতিয়া, উমা চন্দনহঁতো নিশ্চয় ওচৰে-পাজৰেই আছে৷ সেইটো ভাবি সি ইফালে-সিফালে চাই হঠাতে চন্দনক দেখি চিঞৰি উঠিল৷ কাষত সেইজনী অপৰূপা গৌৰী৷ অলপ আঁতৰত সেয়া উমা আৰু চন্দন৷

কিন্তু চম্পা ক’ত? তাইক কিয় নেদেখোঁ৷ সদায় এবুকু দুখ বুকুত কঢ়িয়াই আঁতৰে আঁতৰে থাকে কিয় তাই? চম্পাৰ কথা ভাবি পদুমৰ মনটো বেয়া লাগিল৷

লাহে লাহে সি চন্দনৰ ওচৰ পালেগৈ৷ গৌৰীক আজি ইমান ওচৰৰ পৰা দেখা পাব সি৷ কিমান দিনৰ যে ইচ্ছা এটা পূৰণ হ’ব৷ বুকুখন অজান আকাংক্ষাত কঁপিবলে ধৰিলে৷

আহ! পৃথিৱীখন ইমান জোৰেৰে কঁপিছে কিয়? তাৰ মানে ভূমিকম্প আহিছে৷ ভূমিকম্পৰ জোকাৰণি এয়া৷

“ভূমিকম্প, ভূমিকম্প৷”

পদুমে চিঞৰি উঠিল৷

: এহ, ভূমিকম্প নহয়হে৷ মইহে ইমান দেৰিলৈকে শুই থকা বাবে আপোনাক উঠিবলৈ জোকাৰি দিছোঁ৷ নহ’লেচোন অফিচলৈ দেৰি হৈ যাব৷ 

পত্নীৰ কথাখিনিত পদুমৰ সম্বিত ঘূৰি আহিল৷ অলস ভাবে তেওঁৰ ফালে চালে আৰু মনতে ভাবিলে৷

“ইহঁতে শান্তিৰে সপোন এটাও দেখিবলৈ নিদিয়ে৷”

☆ ★ ☆ ★ ☆

One comment

  • ডলী

    সুন্দৰ। বহুত ধুনীয়া ব্যংগ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *