কৌতুক- কাবেৰী মহন্ত
গিৰিয়েক ঘৈণীয়েক ডাক্তৰৰ ওচৰলৈ আহিল।
ডাক্তৰ : কি বেমাৰ কওকচোন?
গিৰিয়েক : পাহৰিলোঁ নহয়।
ঘৈণীয়েক : এইটোৱেই বেমাৰ। সৱ কথা পাহৰা হৈছে।
ডাক্তৰ : বয়স কিমান?
গিৰিয়েক : পাহৰিলোঁ। ১৫ মান হ’ব চাগে।
ঘৈণীয়েক : ৪০ বছৰ লিখক।
ডাক্তৰ : সময়মতে টোপনি যায় নে?
ঘৈণীয়েক : নাযায়, কেতিয়াবা অফিচৰ কামত পলম হয়, কেতিয়াবা শুবলৈও পাহৰি যায়।
ডাক্তৰ : ঠিক আছে। মই দৰব লিখি দিওঁ। এঘণ্টাৰ মূৰে মূৰে খাব লাগিব। আৰু টোপনিটো মেইন। সময়মতে দৰব খুৱালে আৰু ঠিকমতে টোপনি মাৰিলে এসপ্তাহত বেমাৰ ভাল হৈ যাব। এখেতেতো পাহৰিবই, আপুনিয়েই মনত পেলাই দিব।
ঘৈণীয়েক : কিন্তু এওঁ যে সপ্তাহৰ পাঁচদিন অফিচৰ কোৱাৰ্টাৰত থাকে। শনিবাৰেহে ঘৰলৈ আহে।
ডাক্তৰ : মোবাইলটো কিহৰ বাবে ৰাখিছে? এঘণ্টাৰ মূৰে মূৰে ফোন কৰি মনত পেলাব নোৱাৰিব নে?
ঘৈণীয়েক : অঁ, পাৰিম পাৰিম। ধন্যবাদ।
ডাক্তৰ : ঠিক আছে, এসপ্তাহ পিছত আহিব। মনত ৰাখিব, টোপনি মেইন।
এসপ্তাহ পিছত ডাক্টৰৰ চেম্বাৰত..
ডাক্তৰ : পাহৰা বেমাৰটো কমিল নে?
ঘৈণীয়েক : নাই কমা নহয়।
ডাক্তৰ : এঘণ্টাৰ মূৰে মূৰে ঔষধ খাইছে নে?
ঘৈণীয়েক : হয় খাইছে। মই ফোন কৰি কৰি মনত পেলাই দিছোঁ।
ডাক্তৰ : টোপনি ভালদৰে মাৰিছে নে?
ঘৈণীয়েক : হয়, মই ওৰে ৰাতি নিজে সাৰে থাকিও এওঁক এঘণ্টাৰ মূৰে মূৰে ফোন কৰি শুইছে নে নাই খবৰ লৈছোঁ।
☆ ★ ☆ ★ ☆
9:38 am
????
12:57 pm
মজা।